অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মন যায় (চলচ্চিত্ৰ)

মন যায় (ইংৰাজী: I Feel Like) হৈছে, ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। 'মৈৰঙঠম মুভিজ'ৰ বেনাৰত নিৰ্মিত আৰু এম মণিৰাম পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানেন্দ্ৰ পল্লব, নৱদ্বীপ বৰগোহাঁই, নিশিতা গোস্বামী, ৰিম্পী…

হালনাগাদ: ৬ আগষ্ট ২০২৬ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মন যায় (ইংৰাজী ভাষা: I Feel Like) হৈছে, ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চলচ্চিত্ৰ। 'মৈৰঙঠম মুভিজ'ৰ বেনাৰত নিৰ্মিত আৰু এম মণিৰাম পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানেন্দ্ৰ পল্লব, নৱদ্বীপ বৰগোহাঁই, নিশিতা গোস্বামী, ৰিম্পী দাস ইত্যাদি। ছবিখনে '৫৬-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে১।

কাহিনী

ছবিখনৰ কাহিনী গঢ় লৈ উঠে তিনিচুকীয়া চহৰৰ চাৰিজন নিবনুৱা শিক্ষিত যুৱক মানব (জুবিন গাৰ্গ), নয়ন (পবিত্ৰ মাৰ্ঘেৰিটা), তপন (জ্ঞানেন্দ্ৰ পল্লব) আৰু অকনক (নৱদ্বীপ বৰগোহাঁই)ক কেন্দ্ৰ কৰি। টকা দিব নোৱাৰাৰ ফলত মানব, নয়নহঁতে চাকৰি হেৰুৱাব লগা হয়। হতাশাৰ বলি হৈ তেওঁলোকে (নয়নৰ বাহিৰে) সহজে ধন ঘটাৰ উদ্দেশ্যি এজন ধনী ব্যৱসায়ীক অপহৰণ কৰে, পিছে ঘটনাৰ পাকচক্ৰত পৰি তেওঁলোকে ব্যৱসায়ীজনক হত্যা কৰি পেলায়।

অভিনয় শিল্পী

সংগীত

ছবিখনৰ সংগীত পৰিচালনা কৰে জুবিন গাৰ্গে। ছবিখনৰ মন যায় শীৰ্ষক গীতটিয়ে লাভ কৰে বিপুল জনপ্ৰিয়তা।

গীতৰ তালিকা

  • আবেলিৰ ৰ'দালি
  • অনুৰাগ এতিয়া
  • মন যায়
  • হাঁহি হেৰুৱায়
  • ব'হাগ
  • মৰম দিলা মোক

তথ্যসূত্ৰ

  1. ↑ pib.nic.in/archieve/others/2010/jan/r2010012302.

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰজুবিন গাৰ্গ অভিনিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মন যায় (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৩৯০১ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।