অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৰতীয় পেনোৰামা

ভাৰতীয় পেনোৰামা (Indian Panorama) হৈছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ৰ এক মূল উপাদান; যাৰ উদ্যোগত শ্ৰেষ্ঠ হিচাপে বিবেচিত ভাৰতীয় ছবিসমূহক ছবিকলাৰ প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰা হয়।

হালনাগাদ: ৩ জুন ২০২২ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় পেনোৰামা (Indian Panorama) হৈছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ৰ এক মূল উপাদান; যাৰ উদ্যোগত শ্ৰেষ্ঠ হিচাপে বিবেচিত ভাৰতীয় ছবিসমূহক ছবিকলাৰ প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰা হয়।১

সংক্ষিপ্ত ইতিহাস

ভাৰতীয় পেনোৰামাৰ জন্ম হৈছিল ১৯৭৮ চনত। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এক অংশ হিচাপেই পেনোৰামাক পৰিচয় কৰোৱা হৈছিল। ভাৰতীয় ছবি আৰু ভাৰতৰ সমৃদ্ধিশালী সংস্কৃতি তথা ঐতিহ্যক ছবিসমূহৰ মাধ্যমেৰে প্ৰচাৰ-প্ৰসাৰ কৰাটোৱেই আছিল পেনোৰামাৰ মূল উদ্দেশ্য। তেতিয়াৰ পৰাই পেনোৰামাই বছৰটোৰ শ্ৰেষ্ঠ ভাৰতীয় ছবিসমূহ প্ৰদৰ্শনৰ দিহা কৰি আহিছে।১

বাছনি প্ৰক্ৰিয়া

ভাৰতীয় পেনোৰামাৰ সংগঠক হৈছে ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ চলচ্চিত্ৰ মহোৎসৱ দপ্তৰ। তেওঁলোকৰ উদ্যোগত ভাৰতীয় পেনোৰামাই প্ৰত্যেক বছৰৰ শ্ৰেষ্ঠ ছবিসমূহক কাহিনী আৰু অ-কাহিনী শাখা দুটাত শ্ৰেণীভুক্ত কৰে। এই ছবিসমূহত চলচ্চিত্ৰীয়, বিষয়বস্তুগত আৰু নান্দনিক উৎকৃষ্টতা থাকিব লাগিব। ছবিসমূহৰ প্ৰদৰ্শনী অ-লাভজনক অৰ্থাৎ Non-profit Screening। শেহতীয়া নিয়ম অনুসৰি, কাহিনীমূলক শাখাত ২৬খন ছবি আৰু অ-কাহিনীমূলক শাখাত সৰ্বমুঠ ২১খন ছবি বাছনি হয়। কাহিনী আৰু অকাহিনীমূলক দুয়োটা শাখাত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শ্ৰেষ্ঠ ভাৰতীয় ছবিখনো সন্নিৱিষ্ট হৈ থাকে। বাছনি হোৱা এই ছবিসমূহ পেনোৰামাই তাৰপিছত ভাৰত আৰু অন্য দেশত অনুষ্ঠিত হোৱা ছবি মহোৎসৱবোৰত প্ৰদৰ্শন কৰে।১

প্ৰদৰ্শনী

ছবিসমূহ নিম্নোক্ত স্থলীসমূহত প্ৰদৰ্শিত হ'ব পাৰে-

  • ভাৰতৰ বাহিৰে-ভিতৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত,
  • দ্বি-পাক্ষিক সংস্কৃতি-বিনিময় কাৰ্যসূচীৰ অধীনস্থ ভাৰতীয় ছবি সপ্তাহত,
  • সাংস্কৃতিক বিনিময় প্ৰট'কলৰ বাহিৰত অনুষ্ঠিত বিশেষ ভাৰতীয় ছবি মহোৎসৱত,
  • ভাৰতত অনুষ্ঠিত হোৱা বিশেষ ভাৰতীয় পেনোৰামা মহোৎসৱত।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Indian Panorama

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় পেনোৰামা” প্ৰবন্ধৰ সংশোধন ৩২৩১৭০ (৩ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।