অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাজমতী (গীত)

ৰাজমতী (নেপালী: राजमति) এক বিফল প্ৰেমৰ সন্ধানৰ বিষয়ে লিখা এটা পৰম্পৰাগত নেপালী বেলাড, আৰু ই নেপালৰ নেৱাৰ সমাজৰ আটাইতকৈ পৰিচিত গীত। সেতুৰামৰ দ্বাৰা লিখা এই গীতটো ১৯০৮ চনত ৰচনা কৰা হৈছিল।

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰাজমতী (নেপালী: राजमति) এক বিফল প্ৰেমৰ সন্ধানৰ বিষয়ে লিখা এটা পৰম্পৰাগত নেপালী বেলাড, আৰু ই নেপালৰ নেৱাৰ সমাজৰ আটাইতকৈ পৰিচিত গীত।১ সেতুৰামৰ দ্বাৰা লিখা এই গীতটো ১৯০৮ চনত ৰচনা কৰা হৈছিল। ১৯ শতিকাৰ আৰম্ভণিৰ এক সত্য ঘটনাৰ আধাৰত ৰচিত এই গীতটো কলিকতাৰ (কলকাতা) ষ্টুডিঅ'ত বাণীবদ্ধ কৰা হৈছিল৷

নেপাল ভাষাৰ গীতটোৱেও খ্যাতি লাভ কৰিছিল কাৰণ ১৮৫০ চনত নেপালৰ প্ৰধানমন্ত্ৰী জং বাহাদুৰ ৰানাৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত লণ্ডনত গীতটো পৰিবেশন কৰা হাছিল।২৩

ইয়াক প্ৰথমবাৰৰ বাবে গ্ৰামোফোন ডিস্কত ৰেকৰ্ডিং কৰিছিল ১৯০৮ চনত কলকাতাত মাষ্টৰ সেতুৰাম শ্ৰেষ্ঠই।৪ গীতটোৰ কাহিনীৰ আধাৰত একে নামেৰে নিৰ্মিত এখন চলচ্চিত্ৰ ১৯৯৫ চনত মুক্তি দিয়া হৈছিল।৫

প্ৰকৃত ৰাজমতীৰ প্ৰমাণ

শিল্পী উদয় চৰণ শ্ৰেষ্ঠই ১৯৯৫ চনত ৰাজমতীৰ এখন ছবি অংকন কৰিছিল। ১৯৯৩ চনৰ পৰা তেওঁৰ অংকন আৰম্ভ কৰিছিল আৰু প্ৰায় ৬ মাহ কাম কৰি দুবছৰৰ পিছত তেওঁ তৈল চিত্ৰখন সমাপ্ত কৰিছিল। ১৯৯৬ চনত নেপাল সম্ভত নৱবৰ্ষ উপলক্ষে সমধ্যাটাইমছত (Samdhyatimes) এই কৰ্মৰ এখন পোষ্টাৰ প্ৰকাশ পাইছিল। গৱেষণাৰ সময়ত শিল্পীগৰাকীয়ে নেপাল চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ পৰা প্ৰমাণ পাইছিল।

তথ্যসূত্ৰ

  1. ↑ Grandin, Ingemar (1989). Music and media in local life: Music practice in a Newar neighbourhood in Nepal. Linköping University., 9789178704804. Page 89
  2. ↑ Lienhard, Siegfried (1992). Songs of Nepal: An Anthology of Nevar Folksongs and Hymns. New Delhi: Motilal Banarsidas. . Page 42
  3. ↑ Bisht, Kapil. (November 2011). A walk into the heritage. ECS Nepal Page 66
  4. ↑ Rajamati Kumati, राजामती कुमती, Original Song By Seturam, Tasvir Ma Nepal, retrieved 4 March 2025
  5. ↑ (29 April 201). Rajamati. Nepali Movies

সম্পৰ্কিত শ্ৰেণী

লোক-সংস্কৃতিনেপালৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজমতী (গীত)” প্ৰবন্ধৰ সংশোধন ৪৯২০৩৬ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।