ৱমেন (ইংৰাজী ভাষা: Woman), যিখন ইয়াৰ ফৰাচী শীৰ্ষক 'ল’এটাৰ্নেল টেণ্টাট্ৰিচ' নামেৰেও জনাজাত, হ'ল ১৯১৮ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান নিৰ্বাক নাট্যধৰ্মী চলচ্চিত্ৰ। মৰিচ টুৰ্ণিয়াৰৰ দ্বাৰা পৰিচালিত এইখন এখন ৰূপকধৰ্মী চলচ্চিত্ৰ য’ত বিভিন্ন সময়ৰ মাজেৰে নাৰীৰ কাহিনী প্ৰদৰ্শন কৰা হৈছে। সেই সময়ত জনপ্ৰিয় হোৱা এই ছবিখন পেৰামাউণ্ট পিকচাৰ্ছ বা ইউনিভাৰ্চেল পিকচাৰ্ছৰ দৰে ডাঙৰ বিতৰকৰ পৰিৱৰ্তে ষ্টেটছ ৰাইটছ প্লেনত বিতৰণ কৰা হৈছিল।১২৩

ছবিখনৰ কিছুমান দৃশ্য মেইনৰ বাৰ হাৰ্বাৰত শ্বুটিং কৰা হৈছিল। ইয়াতেই টুৰ্ণিয়াৰৰ এজন কেমেৰামেন জন ভেন ডেন ব্ৰুকে আটলাণ্টিক মহাসাগৰৰ পাৰত এটা দৃশ্য গ্ৰহণ কৰি থকা অৱস্থাত প্ৰাণ হেৰুৱাইছিল। তেওঁৰ মৃতদেহ সাগৰৰ ঢৌৱে উটুৱাই লৈ গৈছিল আৰু কেতিয়াও উদ্ধাৰ কৰা নহ’ল।১
কাহিনী
এখন চলচ্চিত্ৰ আলোচনীত বৰ্ণনা কৰা অনুসৰি,৪ এহাল আধুনিক পুৰুষ আৰু মহিলাই কাজিয়াত লিপ্ত হয়। পত্নীৰ প্ৰতি প্ৰতিক্ৰিয়া স্বৰূপে স্বামীয়ে ইতিহাসৰ সেই সকলোবোৰ মহিলাৰ কথা মনত পেলায় যিয়ে নিজৰ স্বামী বা প্ৰেমিকক প্ৰতাৰণা কৰিছিল। এক অশান্ত মানসিক অৱস্থাত তেওঁ বাগিচাত আদমৰ সৈতে অতি অহংকাৰী ইভৰ কথা মনত পেলায়, যিয়ে নিজৰ আচৰণৰ দ্বাৰা আদিম মানৱসদৃশ আদমৰ পতনৰ কাৰণ হৈছিল।
তাৰ পিছত তেওঁ বিশ্বাসঘাটক মেছালিনাৰ দ্বাৰা ক্লডিয়াছক কৰা কুৎসিত প্ৰতাৰণাৰ কথা চিন্তা কৰে। ইয়াৰ পিছতে তেওঁ মনোমোহা হেলোৱাইজৰ দ্বাৰা পিটাৰ এবেলাৰ্ডৰ অকাৰণ সৰ্বনাশৰ কথা মনত পেলায়। এই খণ্ডটোৰ পিছত তেওঁ চাইৰিন (চেলকিছৰ দ্বাৰা অনুপ্ৰাণিত যেন লগা কাহিনী) আৰু মাছমৰীয়া জনৰ কথা মনত পেলায়, য’ত পত্নীয়ে নিজৰ স্বামী আৰু সন্তানক ত্যাগ কৰি বহু বছৰ ধৰি লুকুৱাই থোৱা নিজৰ ছিলৰ ছালখন পিন্ধি পুনৰ পানীত সাতুৰিবলৈ গুচি গৈছিল।
আমেৰিকাৰ গৃহযুদ্ধৰ সময়ৰ এটা বিশেষ বিৰক্তিকৰ খণ্ডত এগৰাকী যুৱতীয়ে এটা অলংকাৰৰ বাবে এজন আহত সৈনিকক বলিদান দিয়ে। ইয়াৰ পিছত আধুনিক মহিলাগৰাকীয়ে উভতি আহি ৰেড ক্ৰছৰ এখন পোষ্টাৰ লগায় আৰু আধুনিক পুৰুষজনে আজিৰ বহু মহিলাক কম-বেছি পৰিমাণে অনুপ্ৰেৰণাহীন হিচাপে দেখা পায়।
উপসংহাৰত উল্লেখ কৰা হৈছে যে কেনেকৈ প্ৰথম বিশ্বযুদ্ধই পুৰুষক মহিলাৰ প্ৰকৃত মূল্য উপলব্ধি কৰাইছিল আৰু মহিলাসকলে ৰেড ক্ৰছ তথা অন্যান্য কামৰ জৰিয়তে বিজয়ৰ বাবে কাম কৰি আছে। ইউৰোপত নাৰ্ছ এডিথ কেভেলৰ আত্মবলিদানেৰে ছবিখনৰ সমাপ্তি ঘটে।
তথ্যসূত্ৰ
- ↑ Progressive Silent Film List: Woman at silentera.com
- ↑ The American Film Institute Catalog Feature Films: 1911-20 by The American Film Institute, c.1988
- ↑ The AFI Catalog of Feature Films: Woman
- ↑ (November 30, 1918). Reviews: Woman. Exhibitors Herald. Exhibitors Herald Company. পৃ. 23
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱমেন (১৯১৮ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৯৮৭১০ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।