অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাছিয়াৰ লোকনৃত্য

ৰাছিয়ান লোকনৃত্য ৰাছিয়ান সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। কিছুমান অনন্য বৈশিষ্ট্যৰ পৰা অনুমান কৰিব পাৰি যে, ইয়াৰ বহুতো উপাদান ৰাছিয়াৰ আদিম জনসাধাৰণে বিকশিত কৰিছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
ৰাছিায়ন লোক-নৃত্যৰ সংগীত সমলয়
ৰাছিায়ন লোক-নৃত্যৰ সংগীত সমলয়ছবি: Aril888 · CC BY-SA 4.0

ৰাছিয়ান লোকনৃত্য ৰাছিয়ান সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। কিছুমান অনন্য বৈশিষ্ট্যৰ পৰা অনুমান কৰিব পাৰি যে, ইয়াৰ বহুতো উপাদান ৰাছিয়াৰ আদিম জনসাধাৰণে বিকশিত কৰিছিল।

ইতিহাস

সোণালী গম্বুজৰ সম্মুখত ৰাছিয়ান প্লেয়াস্কা
সোণালী গম্বুজৰ সম্মুখত ৰাছিয়ান প্লেয়াস্কাছবি: Klavdy Lebedev · Public domain

দশম শতিকাৰ পৰাই বহুতো ৰাছিয়ান নৃত্য লোকসমাজত পৰিচিত হৈ পৰে। ৰাছিয়াই বিভিন্ন সময়ত আন দেশৰ বিভিন্ন আগ্ৰাসনৰ সাক্ষী হৈছিল। ইয়াৰ ভৌগলিক অৱস্থান আৰু আকাৰৰ বাবে দেশখনে প্ৰব্ৰজন আৰু ব্যৱসায়ৰ জৰিয়তেও বেলেগ দেশৰ বহুতো বিচিত্ৰ সংস্কৃতিৰ সংস্পৰ্শলৈ আহিছিল। পাছলৈ ইউৰেছিয়ান সাংস্কৃতিক সংগীত আৰু নৃত্যৰ মিশ্ৰণে ৰাছিয়াৰ লোকনৃত্যৰ বিকাশত সহায় কৰিছিল।১

প্ৰাচীন যুগৰ ৰাছিয়ান নৃত্যবোৰৰ প্ৰায়বোৰেই নিম্ন শ্ৰেণীৰ লোকে পৰিৱেশন আৰু অনুশীলন কৰিছিল। সাধাৰণতে উচ্চ শ্ৰেণীৰ লোকে নিজে নৃত্যত অংশগ্ৰহণ নকৰি কেৱল সেই পৰিৱেশন উপভোগ কৰিছিল।

মূল ৰাছিয়ান লোকনৃত্য পৰম্পৰাই দেশখনৰ সংস্কৃতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু ই ৰাছিয়াৰ বহু জনগোষ্ঠীৰ সৈতে অহৰহ যোগাযোগ চলি আহিছে।২ ৰাছিয়াৰ লোকনৃত্যৰো অন্যান্য ধৰণৰ কলাত্মক প্ৰকাশৰ সৈতে আন্তঃসম্পৰ্ক আছে।৩ তেনে এটা উদাহৰণ Ballets Russes, য’ত দেখা যায়, ইয়াৰ অংশবোৰত ৰাছিয়ান লোকনৃত্য আৰু সংগীতৰ প্ৰভাৱ পৰিছে।

সাজ-পাৰ

Kosovorotka হৈছে পৰম্পৰাগত ৰাছিয়ান চাৰ্ট, পূব স্লাভৰ Vyshyvankaৰ আৰ্হিত। ৰঙা আৰু বগা ৰংবোৰ প্ৰায়ে ৰাছিয়াৰ লোক সাজ-পোছাকৰ এটা প্ৰধান অংশ।
Kosovorotka হৈছে পৰম্পৰাগত ৰাছিয়ান চাৰ্ট, পূব স্লাভৰ Vyshyvankaৰ আৰ্হিত। ৰঙা আৰু বগা ৰংবোৰ প্ৰায়ে ৰাছিয়াৰ লোক সাজ-পোছাকৰ এটা প্ৰধান অংশ।ছবি: Koshele4ek · Public domain

কনচাৰ্ট নৃত্যৰ বাবে সাজ-পোছাক অতি বিশদভাৱে আৰু সুন্দৰভাৱে ডিজাইন কৰা হয়। সাধাৰণতে নৃত্যৰ বাবে কাপোৰ-কানি নিৰ্দিষ্ট অনুষ্ঠানৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়, যেনে বন্ধৰ দিন৷ এই অনুষ্ঠানসমূহৰ মাজতো ভিন্নতা থাকে। মহিলাসকলে উৎসৱৰ দিনৰ হেডড্ৰেছ বা মূৰত মৰা কাপোৰ, এম্ব্ৰয়ডাৰী চাৰ্ট, বেল্ট আৰু জকমকীয়া এপ্ৰ’ন পিন্ধে। পুৰুষে চাৰ্ট, বেল্ট, লিপিট খাই থকা ট্ৰাউজাৰ আৰু ওখ ৰঙা বুট জোতা পিন্ধে। ৰঙা ৰংটো বহুতো সাজ-পোছাকত অন্তৰ্ভুক্ত কৰা হৈছে, কাৰণ ইয়াক ৰাছিয়াৰ পৰম্পৰাগত সৌন্দৰ্যৰ সৈতে জড়িত কৰা হৈছে। ৰাছিয়ান নৃত্যত মহিলা আৰু ছোৱালীয়ে প্ৰায়ে নিজৰ লগত জেপত ৰুমাল লৈ ফুৰে। ছোৱালী আৰু মহিলাসকলে প্ৰায়ে প্ৰদৰ্শনৰ সময়ত পৰম্পৰাগত ৰাছিয়ান মূৰত পিন্ধা পোছাক কোকোস্নিক(kokoshnik) পিন্ধা দেখা যায়।৪

ৰাছিয়াৰ পৰম্পৰাগত স্কোৱেৰ নৃত্য
ৰাছিয়াৰ পৰম্পৰাগত স্কোৱেৰ নৃত্যছবি: ImagineCup · CC BY 2.0

বৈশিষ্ট্য

উগ্ৰ আৰু কোমল সংগীত দুয়োটাই ৰাছিয়ান নৃত্যৰ মূল ভিত্তি।৫৬ সম্ভৱতঃ ৰাছিয়ান পুৰুষ নৃত্যৰ আটাইতকৈ বিখ্যাত বৈশিষ্ট্যসমূহ হ'ল ৰাছিয়ান স্কোয়েট (আঁঠু বেঁকা কৰা উপাদান), ষ্টম্পিং আৰু স্প্লিট জাম্প (ৰাছিয়ান স্প্লিট বা ৰাছিয়ান জাম্পও)। চীনা নৃত্যতো স্প্লিট জাম্প একে ৰূপত আছে।৭৮ এই ধৰণৰ বৈশিষ্ট্য থকা নৃত্যসমূহত সাধাৰণতে দ্ৰুত সংগীত ব্যৱহাৰ কৰা হয়, যাৰ ফলত সময়ৰ লগে লগে ইয়াৰ ছন্দ সলনি হয়৷৯১০ ৰাছিয়ান স্কুৱেট কাৰ্য আৰু আঁঠুৰ বেঁকা কৰা ভংগীমা সাধাৰণতে পুৰুষ নৃত্যশিল্পীয়ে কৰে।১১ ৰাছিয়ান নৃত্যত পুৰুষ নৃত্যশিল্পীসকলেও জাৰ্মানী Schuhplattlerৰ দৰেই ভৰিৰ গেৰোহা, ভৰিৰ আগফাল, উৰু, আঁঠু আৰু বুকুত হাত দুখন পথালিকৈ ধৰি ঠেলি, হাত চাপৰি বজোৱা আৰু আঘাত কৰাটো সাধাৰণ কথা। কিন্তু বহুত বেছি দ্ৰুত টেম্পোত।১২১৩ ৰাছিয়ান বৃত্ত নৃত্য Horovodত প্ৰাচীন স্লাভিক পৰম্পৰাৰ আৰু বালকান, গ্ৰীচৰ Choros, মধ্যপ্ৰাচ্যৰ সংস্কৃতি আৰু চীনৰ স্পৰ্শ আছে৷১৪

তথ্যসূত্ৰ

  1. ↑ (2015-12-30). Traditional Russian Folk Dance. RusMoose.com
  2. ↑ Traditions of Russian Folk Dance:: Manners, Customs and Traditions:: Culture & Arts:: Russia-InfoCentre. www.russia-ic.com
  3. ↑ MOSCOW STATE DANCE THEATRE GZHEL. www.russianmusicandvideos.com
  4. ↑ Guzeva, Alexandra. (2018-07-18). 8 fascinating facts about kokoshnik – the quintessential Russian headdress
  5. ↑ WeiT Media. (2017-03-19). "Танцуют все!". "Калинка" (ансамбль "Сибирский сувенир")
  6. ↑ vik22vik. (2012-12-06). БЕРЁЗКА- BERIOZKA- ENSEMBLE FOLKLORIQUE RUSSE
  7. ↑ Artist Profile: Hsiao-Hung Lin - Shen Yun Performing Arts. de.shenyun.com
  8. ↑ Shen Yun Official Account. (2018-09-02). Shen Yun 2019 Official Trailer
  9. ↑ WeiT Media. (2017-04-30). "Танцуют все!". Русский народный танец. "The First Crew"
  10. ↑ WeiT Media. (2017-04-02). "Танцуют все!". Народная хореография. Формейшн "Вера"
  11. ↑ Timokhin, Yuri. Kalinka song and dance. RusClothing.com
  12. ↑ (2012). Encyclopedia of Contemporary Russian Culture. Routledge. পৃ. 215. ISBN 978-1283882927
  13. ↑ WeiT Media. (2017-04-30). "Танцуют все!". Русский народный танец. "The First Crew"
  14. ↑ Snodgrass, Mary Ellen, author. (2016). The Encyclopedia of World Folk Dance. পৃ. 130. ISBN 9781442257481

সম্পৰ্কিত শ্ৰেণী

নৃত্যলোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাছিয়াৰ লোকনৃত্য” প্ৰবন্ধৰ সংশোধন ৫৯৬৭৪০ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।