অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰুদ্ৰ (২০২৫ চলচ্চিত্ৰ)

ৰুদ্ৰ (Rudra) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, ৰূপক গগৈৰ দ্বাৰা পৰিচালিত তথা ৰচিত, অসমীয়া ভাষাৰ এখন একশ্যন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। শ্যাম প্ৰডাকচনজৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ আৰু অৰ্চিতা প্ৰকাশে।

হালনাগাদ: ২৬ অক্টোবৰ ২০২৫ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ৰুদ্ৰ (Rudra) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, ৰূপক গগৈৰ দ্বাৰা পৰিচালিত তথা ৰচিত, অসমীয়া ভাষাৰ এখন একশ্যন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ।১ শ্যাম প্ৰডাকচনজৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ আৰু অৰ্চিতা প্ৰকাশে।২ ছবিখনৰ সংগীত ৰচনা কৰিছে দিগন্ত ভাৰতী আৰু ইবচন লাল বৰুৱাই। ছবিখন অসমৰ আইন-শৃংখলা পৰিস্থিতি আৰু বিদ্ৰোহী সংগঠনৰ কাহিনীৰ আলমত নিৰ্মাণ কৰা হৈছে।৩

অভিনয় শিল্পী

  • ৰুদ্ৰৰ চৰিত্ৰত ৰবি শৰ্মা
  • যশৱৰ্ধনৰ চৰিত্ৰত আদিল হুছেইন
  • সংকল্পৰ চৰিত্ৰত জয় কাশ্যপ
  • সুৰভীৰ চৰিত্ৰত নন্দিনী কাশ্যপ
  • চʼনিয়াৰ চৰিত্ৰত অৰ্চিতা প্ৰকাশ
  • ৰঞ্জিতৰ চৰিত্ৰত মিনৰো শ্ৰ
  • তপন খুৰাৰ চৰিত্ৰত ঈশান হাজৰিকা
  • দেৱদাস মামাৰ চৰিত্ৰত ৰাজীৱ ক্ৰʼ
  • ৰঞ্জনৰ চৰিত্ৰত নিলোৎপল বৰুৱা
  • ইন্দ্ৰৰ চৰিত্ৰত হিমাংশু গগৈ
  • হিমাংশু প্ৰসাদ দাস
  • আধ্যাশ্ৰী উপাধ্যায়

প্ৰযোজনা

অসমৰ বিভিন্ন স্থানৰ লগতে হাইদৰাবাদতো ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল।

চিত্ৰগ্ৰহণৰ সময়ত এটা একুৰিয়াম ব্লাষ্টৰ দৃশ্যগ্ৰহণ কৰাৰ সময়ত অভিনেতা ৰবি শৰ্মাই মুখত আঘাত পাইছিল।৪ ততাতৈয়াকৈ তেওঁক দিছপুৰস্থিত জি.এন.আৰ.চি. চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসালয়ৰ পৰা মুকলি হোৱাৰ পাছত নিৰ্মাতাসকলে পুনৰ ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে।৪

সংগীত

ৰুদ্ৰৰ চাউণ্ডট্ৰেকটি ৰচনা কৰিছে সংগীত শিল্পী দিগন্ত ভাৰতী আৰু ইবচন লাল বৰুৱাই।৫

মুক্তি

প্ৰথমে ২০২৫ চনৰ ১ মেʼ তাৰিখে ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল যদিও ২০২৫ চনৰ ২৭ জুন তাৰিখেহে ছবিখন মুক্তি পায়।৬

তথ্যসূত্ৰ

  1. ↑ Rudra Movie. Times of India
  2. ↑ 'Rudra' movie review: Ravi Sarma’s career-best performance with no body doubles, and real stunts. India Today NE
  3. ↑ অসমৰ বাহিৰে-ভিতৰে ৰূপালী পৰ্দাত “ৰুদ্ৰ”ৰ গৰ্জন. ETV Bharat
  4. ↑ Ravi Sarma severely injured during the shoot of upcoming Assamese film Rudra. ETV Bharat
  5. ↑ Rudra (Original Motion Picture Soundtrack). JioSaavn
  6. ↑ ইয়াকেই কয় যোগাত্মক প্ৰতিযোগিতা! ৬ জুনত 'ৰুদ্ৰ' নাহে আপোনাৰ কাষলৈ. ETV Bharat

সম্পৰ্কিত শ্ৰেণী

২০২৫ বৰ্ষৰ চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰভাৰতীয় থ্ৰিলাৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুদ্ৰ (২০২৫ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৪৫৩৯০ (২৬ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।