অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাজিনী গাবাৰা পূজা

ৰাজিনী গাবাৰা পূজা ডিমাছাসকলৰ এক লোক উৎসৱ। এইগৰাকী দেৱীৰ জনপ্ৰিয় নাম ৰণচণ্ডী দেৱী। ৰণচণ্ডী এখন দৈৱপ্ৰাপ্ত তৰোৱাল। এইখন তৰোৱাল এটি সাপৰ পৰা সৃষ্টি হৈছে বুলি তেওঁলোকে বিশ্বাস কৰে। তৰোৱালখনৰ সৈতে এটি জনশ্ৰুতি বিজড়িত হৈ আছে।

হালনাগাদ: ১৬ অক্টোবৰ ২০২১ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ৰাজিনী গাবাৰা পূজা ডিমাছাসকলৰ এক লোক উৎসৱ।১ এইগৰাকী দেৱীৰ জনপ্ৰিয় নাম ৰণচণ্ডী দেৱী। ৰণচণ্ডী এখন দৈৱপ্ৰাপ্ত তৰোৱাল। এইখন তৰোৱাল এটি সাপৰ পৰা সৃষ্টি হৈছে বুলি তেওঁলোকে বিশ্বাস কৰে। তৰোৱালখনৰ সৈতে এটি জনশ্ৰুতি বিজড়িত হৈ আছে। "দিকপতি"য়ে সপোনত প্ৰাপ্ত তৰোৱালখন ৰণচণ্ডী মন্দিৰত স্থাপন কৰে বুলি তেওঁলোকে বিশ্বাস কৰে।

"দিকপতি"ৰ বিষয়ে "তিৱা সংস্কৃতিৰ ৰূপৰেখা" দ্বিতীয় খণ্ডত উল্লেখ কৰা আছে।২ উল্লিখিত দিকপতি ত্ৰিলোচন ৰজাৰ পুত্ৰ আৰু ত্ৰিলোচনৰ পিতাকৰ নাম ত্ৰিপুৰ। এওঁ ত্ৰিবেগ ৰাজ্যৰ পঞ্চদশজন ৰজা। এই পূজাত কুলৰ দেৱতাৰ পূজা'কুনাঙে'(গাওঁবুঢ়া)কৰিব লাগে। ৰাইজে তেওঁকহে এই পূজা কৰিবলৈ মনোনীত কৰে।

প্ৰতি বছৰে নতুন খেতি কৰাৰ আগতে ৰাজিনী গাবাৰা আৰু হৰণী গাবাৰা পূজা পালন কৰে।৩পূজাৰ দোকমোকালিতে গা-পা ধুুই পৱিত্ৰ মনে ন বস্ত্ৰ পৰিধান কৰি গাঁৱৰ প্ৰৱেশ পথ বন্ধ কৰি দিয়ে। কুনাঙে দুডাল বাঁহ গছ ক্ৰছ কৰি অৰ্ধবৃত্তাকাৰত মাাটিত পোতে। তেওঁ কণী এটি ভাঙি তাত ছটিয়াই দিয়ে। বলিকটা দাৰে সাতটি ঘাপ মাৰে। ডুলুুৱে গাাঁৱৰ এটা মূৰৰ পৰা আন এটি মূৰলৈ 'গেনা' পালন কৰিবলৈ জাননী প্ৰেৰণ কৰে। 'গেনা' শব্দটো আদিভাষাৰ।৪ ইয়াৰ অৰ্থ হ'ল উৎসৱৰ কেইদিন কোনেও কৃষিকৰ্ম, ধান খুন্দা আদি কৰিব নোৱাৰে। পথৰ সন্মুখত এটা বাঁহৰ খুটা পুতি গাঁৱলৈ অহাৰ পথ বন্ধৰ জাননী দিয়ে। ওলোমাই ৰখা জাননী দেখিও যদি কোনো মানুহ গাঁৱত প্ৰৱেশ কৰে,তেওঁক সমুচিত দণ্ড বিহাৰ ব্যৱস্থা আছে।৫ এই পূজাৰ পদ্ধতি অন্যান্য পূজাৰ দৰেই।৬ মূল পূজা দিনৰ বেলা হয়। গঞা ৰাইজে ভোজ ভাত খাই শেষ কৰাৰ পাছত ৰাতি পূজাৰ বাবে আয়োজন কৰে। ফুটুকলানিৰ মাজত এই পূজাৰ বাবে স্থান নিৰ্বাচিত কৰি লয়। কোনো মহিলাই বা কিশোৰীয়েও এই পূজা কাৰ্য চাব নেপায়। ৰাজিনী গাবাৰা পূজাৰ সময়ত কোনো মানুহে ভুলতো গাঁৱত প্ৰৱেশ কৰিব নাপায়। এনে ৰীতি ভঙ্গকাৰীক সেই গাঁৱত আগন্তুক কৃষ্ণ পক্ষলৈকে নজৰ বন্দী কৰি ৰখা হয়।৭

তথ্যসূত্ৰ

  1. ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোক সংস্কৃতি(তৃতীয় খণ্ড). কৈলাস কুমাৰ ৰাজখোৱা. পৃ. ১৯০
  2. ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোক সংস্কৃতি(তৃতীয় খণ্ড). কৈলাস কুমাৰ ৰাজখোৱা. পৃ. ১৯০
  3. ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোক সংস্কৃতি(তৃতীয় খণ্ড). কৈলাস কুমাৰ ৰাজখোৱা. পৃ. ১৯০
  4. ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোক সংস্কৃতি(তৃতীয় খণ্ড). কৈলাস কুমাৰ ৰাজখোৱা. পৃ. ১৯০
  5. ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোক সংস্কৃতি(তৃতীয় খণ্ড). কৈলাস কুমাৰ ৰাজখোৱা. পৃ. ১৯০
  6. ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোক সংস্কৃতি(তৃতীয় খণ্ড). কৈলাস কুমাৰ ৰাজখোৱা. পৃ. ১৯০
  7. ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোক সংস্কৃতি(তৃতীয় খণ্ড). কৈলাস কুমাৰ ৰাজখোৱা. পৃ. ১৯০

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজিনী গাবাৰা পূজা” প্ৰবন্ধৰ সংশোধন ৩০৩৯০০ (১৬ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।