ৰাজকুমাৰী (বঙালী ভাষা: ব়াজকুমাব়ী) হ’ল সলিল সেনৰদ্বাৰা ৰচিত আৰু পৰিচালিত ১৯৭০ চনৰ এখন ভাৰতীয় বঙালী ভাষাৰ মচলা ছবি। লোকনাথ চিত্ৰমন্দিৰৰ বেনাৰত দেবেশ ঘোষ আৰু ৰঞ্জনা ঘোষৰদ্বাৰা প্ৰযোজিত এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে উত্তম কুমাৰ আৰু তনুজাই।১ আনহাতে সহায়ক চৰিত্ৰত অভিনয় কৰিছে ছায়া দেৱী, পাহাৰী সন্যাল, ভানু বেনাৰ্জী, জহৰ ৰয়, দীপ্তি ৰয় আৰু তৰুণ কুমাৰে আৰু অতিথি শিল্পী হিচাপে আছে হেলেন। ছবিখনৰ কাহিনী এগৰাকী ৰাজকুমাৰী মঞ্জুক কেন্দ্ৰ কৰি গঢ়ি উঠিছে, যি মাকৰ তত্ত্বাৱধানত কঠোৰ নীতি-নিয়মৰ মাজত আবদ্ধ। তাই নিৰ্মল নামৰ এজন বীমা এজেণ্টৰ প্ৰেমত পৰে, কিন্তু বিয়াৰদিনাই নিৰ্মল এটা দুৰ্ঘটনাৰ সন্মুখীন হৈ দৃষ্টিশক্তি হেৰুৱাই পেলোৱাত পৰিস্থিতি অপ্ৰত্যাশিত হৈ পৰে।
সেনৰদ্বাৰা ৰচিত এই ছবিখন আংশিকভাৱে আমেৰিকান ছবি ৰোমান হলিডে (১৯৫৩)ৰদ্বাৰা অনুপ্ৰাণিত।২ ই সেন আৰু কুমাৰৰ মাজত দ্বিতীয়টো সহযোগিতা আৰু লগতে উত্তম কুমাৰ আৰু তনুজাৰ মুখ্য যুটী হিচাপে তৃতীয়খন ছবি।৩ ছবিখনৰ অধিকাংশ দৃশ্যগ্ৰহণ কলকাতাত কৰা হৈছে আৰু কিছু অংশৰ চিত্ৰগ্ৰহণ মুম্বাইত কৰা হৈছে। ছবিখনৰ সংগীত পৰিচালনা কৰিছে আৰ ডি বৰ্মন-এ, যি আছিল বাংলা ছবিৰ জগতত তেওঁৰ আত্মপ্ৰকাশ।৪ গীতৰ কথা গৌৰীপ্ৰসন্ন মজুমদাৰৰ। কৃষ্ণ চক্ৰৱৰ্তীয়ে ছবিখনৰ চিনেমাটোগ্ৰাফী চম্ভালিছিল আৰু বৈদ্যনাথ চেটাৰ্জীয়ে সম্পাদনা কৰিছিল।
ৰাজকুমাৰী ১৯৭০ চনৰ ২ অক্টোবৰত দুৰ্গা পূজাৰ সৈতে সংগতি ৰাখি ছবিগৃহত মুক্তি দিয়া হৈছিল। মুক্তিৰ পিছত ই সমালোচকৰপৰা নেতিবাচক সমালোচনা আৰু মন্থৰ বাণিজ্যিক সঁহাৰি লাভ কৰিছিল যদিও জনমানসৰ অনুকূল প্ৰচাৰে ইয়াক বক্স অফিচত সফলতা লাভ কৰাত সহায় কৰিছিল। ছবিখনৰ প্ৰতিটো গীত মুক্তিৰ লগে লগে অতি জনপ্ৰিয় হৈছিল, যিবোৰ পিছলৈ বৰ্মনে নিজৰ হিন্দী এলবামসমূহত পুনৰ ব্যৱহাৰ কৰিছিল।৫
কাহিনী
মঞ্জুৰ মাক (ছায়া দেৱী) অতিশয় কঠোৰ অনুশাসনৰ পক্ষপাতী আছিল। মঞ্জুৱে (তনুজা) এদিন নিৰ্মলৰ গান শুনে আৰু তেওঁৰ প্ৰেমত পৰে। নিৰ্মলে (উত্তম কুমাৰ) মঞ্জুৰ মাকৰ ওচৰলৈ গৈ ক’লে যে তেওঁ মঞ্জুক গান শিকাব বিচাৰে। কিন্তু মঞ্জুৰ মাকে তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। প্ৰতিদিনে মঞ্জুৱে চিলাই কাম শিকিবলৈ নিৰ্মলৰ ভগ্নীৰ ঘৰলৈ গৈছিল আৰু তাতেই তেওঁলোকৰ প্ৰেমৰ কাহিনী গঢ়ি উঠিছিল। মঞ্জুৰ মাকে তাইক চিলাই কাম কৰিবলৈ বাধা দিয়ে। যেতিয়া মঞ্জুৰ মাকে সকলো কথা জানিব পাৰিলে, তেতিয়া নিৰ্মল আৰু মঞ্জুৱে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়। কিন্তু দুৰ্ভাগ্যবশতঃ নিৰ্মল এটা গাড়ী দুৰ্ঘটনাত পতিত হৈ অন্ধ হৈ পৰে। মঞ্জুৰ বিবাহ স্থগিত হৈ যায়। মঞ্জুৱে ভাবিলে যে নিৰ্মলে তাইক প্ৰতাৰণা কৰিছে আৰু সেইবাবেই তাই তেওঁক বিচাৰিবলৈ আৰম্ভ কৰে। তেওঁক বিচাৰি নাপাই মঞ্জুৱে আন এজনৰ সৈতে বিবাহৰ সিদ্ধান্ত লয়। কিন্তু বিবাহৰদিনাই তাই জানিব পাৰে যে নিৰ্মল তেওঁৰ ভগ্নীৰ ঘৰতে আছে। অৱশেষত মঞ্জুৱে সকলো সত্য জানিব পাৰিলে। শেষত সত্যৰ জয় হয় আৰু তেওঁলোকে আৱেগিক হৈ পৰি ইজনে সিজনক সাবটি ধৰে।৬
অভিনয় শিল্পী
- উত্তম কুমাৰ: নিৰ্মল চৌধুৰী (এজন বীমা এজেণ্ট) / ইন্দ্ৰজিৎ (এজন পেছাদাৰী গায়ক)ৰ চৰিত্ৰত৭
- তনুজা: মঞ্জৰী ওৰফে মঞ্জু (কমলাপুৰৰ ৰাজকুমাৰী)ৰ চৰিত্ৰত৮
- ছায়া দেৱী: অনুৰাধা দেৱী ওৰফে ৰাণী মাৰ চৰিত্ৰত
- পাহাৰী সন্যাল: প্ৰমথেশ বেনাৰ্জী (অনুৰাধাৰ ককায়েক)ৰ চৰিত্ৰত
- তৰুণ কুমাৰ: ৰাণী মাৰ মেনেজাৰৰ চৰিত্ৰত
- ভানু বেনাৰ্জী: প্ৰসন্ন ভট্টাচাৰ্যৰ চৰিত্ৰত
- জহৰ ৰয়: প্ৰজাপতিৰ চৰিত্ৰত
- দীপ্তি ৰয়: লাৱণ্য (নিৰ্মলৰ বায়েক)ৰ চৰিত্ৰত
- অসিত বৰণ: প্ৰশান্ত (লাৱণ্যৰ স্বামী)ৰ চৰিত্ৰত
- অজয় গাংগুলী: মথুৰেশৰ চৰিত্ৰত
- শৈলেন গাংগুলী: উকীলৰ চৰিত্ৰত
- হেলেন: "কি যে ভাবি" শীৰ্ষক আইটেম চংটিত অতিথি শিল্পী হিচাপে
সংগীত
ছবিখনৰ সংগীত পৰিচালনা কৰিছে আৰ ডি বৰ্মন-এ। এয়া আছিল বাংলা চলচ্চিত্ৰ জগতত তেওঁৰ আত্মপ্ৰকাশ,৯ লগতে উত্তম কুমাৰৰ সৈতেও এয়া আছিল তেওঁৰ প্ৰথম কাম।১০ এলবামটোত গৌৰীপ্ৰসন্ন মজুমদাৰে লিখা ছটা গীত অন্তৰ্ভুক্ত কৰা হৈছে।১১১২
পৰৱৰ্তী সময়ত বৰ্মনে নিজেই তেওঁৰ কেইবাখনো হিন্দী চলচ্চিত্ৰত এই গীতসমূহৰ সুৰ পুনৰ ব্যৱহাৰ কৰিছিল,৯ যেনে— "গুন গুণ গুণ কুঞ্জে আমাৰ" গীতটিৰ সুৰত কটি পতংগ (১৯৭১) ছবিৰ "প্যাৰ দিৱানা হোতা হ্যায়", "এ কি হ’ল"ৰ সুৰত অমৰ প্ৰেম (১৯৭২) ছবিৰ "য়ে ক্যা হুয়া", "কি যে ভাবি এলমেলো"ৰ সুৰত জৱানি দিৱানি (১৯৭২) ছবিৰ "য়ে জৱানি হ্যায় দিৱানি", "কি বলিতে এলে"ৰ সুৰত বন্ধে হাত (১৯৭৩) ছবিৰ "দেখো য়ে মেৰে বন্ধে হাত" আৰু "বন্ধ দ্বাৰৰ অন্ধকাৰে"ৰ সুৰত য়াদোঁ কি বাৰাত (১৯৭৩) ছবিৰ "আপকে কামৰে মে কোই" গীতসমূহ ৰচনা কৰা হৈছিল। এই আটাইকেইটা গীতই অতি জনপ্ৰিয় হিচাপে পৰিগণিত হৈছিল।১৩
তথ্যসূত্ৰ
- ↑ (2024-05-23). কাজলেৰ মা তনুজাকে জড়িয়ে উত্তমকুমাৰ কেন বলেছিলেন, 'তুমি আমাৰ বুকে থাকবে..'. TV9 Bangla
- ↑ (2017-11-04). Rajkumari (1970). Dustedoff
- ↑ (2016-04-07). 'I live in the present': Tanuja. দ্য হিন্দু
- ↑ RAJKUMARI R D BURMAN BENGALI FILM N 77167 RARE 78 RPM RECORD 10" INDIA EX. eBay
- ↑ Bilingual E-archive Digital Platform for Bengal's Cinema. Bengal Film Archive
- ↑ dustedoff. (2017-11-04). Rajkumari (1970). Dustedoff
- ↑ Sengupta, Somen. (2023-10-08). Kishore Kumar Sings For Uttam Kumar – A Short lived Golden Saga.. The Statesman
- ↑ (2023-09-23). Tanuja Birthday: 5 Bengali Films Of The Actress Every Fan Should Watch · 🎥 LatestLY. LatestLY
- ↑ Ray Chaudhuri, Shantanu; Vittal, Balaji. (2019-01-04). 25 Fun Facts And Trivia On R. D. Burman. Film Companion
- ↑ (2009-04-11). He who brought back romance. The Telegraph
- ↑ Banerjee, Subhadeep. (2025-06-27). বাংলা ছবিতে আৰ ডি বৰ্মণেৰ হাতেখড়ি উত্তম কুমাৰেৰ হাত ধৰেই. TheWall
- ↑ সংবাদদাতা, নিজা. Uttam Kumar: অনলাইনে দুই 'কুমাৰ'! ১২ দিন ধৰে ৰোজ ৰাতে উত্তম-কিশোৰ. আনন্দবাজাৰ পত্ৰিকা
- ↑ Ghosh, Tanushree. (2024-06-27). R. D. Burman Birthday: Remembering Pancham and his seven Bengali 'puja' songs which became Hindi superhits. Moneycontrol
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজকুমাৰী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৮৯৪৬২ (১৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।