অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰেহানা চুলতান

ৰেহানা চুলতান ( Rehana Sultan ) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৭০ চনৰ প্ৰশংসিত ছবি দস্তকৰ মূল চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (FTII) স্নাতক।

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰেহানা চুলতান ( Rehana Sultan ) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৭০ চনৰ প্ৰশংসিত ছবি দস্তকৰ মূল চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

তেওঁ পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (FTII) স্নাতক।১ চেতনা (১৯৭০) ছবিখনত অভিনয় কৰা আন এক সাহসী চৰিত্ৰৰ বাবেও তেওঁ বিশেষভাবে পৰিচিত, যিখন ছবিয়ে তেওঁক টাইপকাষ্ট কৰি পেলায় আৰু আশাব্যঞ্জক আৰম্ভণিৰ সত্ত্বেও তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰৰ অন্ত পেলায়।২৩

তেওঁ কয় যে "মোৰ ছবিবোৰত যৌনতা বলপূৰ্বক জাপি দিয়া হোৱা নাছিল, বৰঞ্চ কাহিনীৰ অংশ আছিল। আজি মই অনুভৱ কৰোঁ যে এই দৃশ্যবোৰ ব্যৱসায়িক কাৰণত ব্যৱহাৰ কৰা হৈছিল। মই মাত্ৰ ক'ব পাৰো যে বাবুদা (চেতনাৰ পৰিচালক) তেওঁৰ সময়তকৈ আগবাঢ়ি আছিল।"৪

জীৱনী

১৯৫০ চনৰ ১৯ নৱেম্বৰত জন্মগ্ৰহণ কৰা ৰেহানা চুলতানে এলাহাবাদৰ এটা বাহাই পৰিয়ালত ডাঙৰ-দীঘল হয়, ১৯৬৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু একে বছৰতে পুনেৰ FTIIত অভিনয় পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত হয়।৫ বিশ্বনাথ আয়েংগাৰৰ ডিপ্লোমা ফিল্ম ‘ছাদী কি পেহলী ছালগিৰা’ত (১৯৬৭) কামুক চৰিত্ৰত অভিনয় কৰাৰ লগতে স্নাতক হোৱাৰ পিছত৬ তেওঁ ৰাজিন্দৰ সিং বেদীৰ এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘দস্তক’ত (১৯৭০) সুযোগ লাভ কৰে। এনেকৈয়ে তেওঁ চলচ্চিত্ৰ উদ্যোগত মুখ্য ভূমিকাত অভিনয় কৰিবলৈ পোৱা ইনষ্টিটিউটৰ প্ৰথমগৰাকী অভিনেত্ৰী হিচাপে পৰিগণিত হয়।৭

২০১২ চনত দ্য টেলিগ্ৰাফ (কলকাতা) কাকতক দিয়া এক সাক্ষাৎকাৰত মানুহৰ মাজত তেওঁ মুছলমান বুলি বিভ্ৰান্তি আঁতৰাবলৈ চেষ্টা কৰিছিল। ৰেহানা চুলতান, স্পষ্টভাৱে, মুছলমান শব্দৰ নাম। সেয়ে সাংবাদিকজনে তেওঁক এনে এটা প্ৰশ্ন কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Subhash K.Jha. (25 November 2005). Rehana Sultan who was a trailblazing 'sexy actress'. The Telegraph newspaper
  2. ↑ Anupama Chopra. (28 September 2011). Why Silk Smitha is Bollywood's favourite bad girl. NDTV Movies
  3. ↑ Soutik Biswas. (20 March 2017). Rehana Sultan: The trail-blazing actress Bollywood forgot. BBC News
  4. ↑ Dubey, Bharati. (6 August 2012). Rehana Sultan: Bollywood's first 'bold actress' wants to act again. The Times of India
  5. ↑ (29 October 2008). Down the memory lane with Rehana Sultan. movies.indiainfo.com website
  6. ↑ The Sunday Standard, Bombay, India, 10 June 1973
  7. ↑ Merits - FTII

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেহানা চুলতান” প্ৰবন্ধৰ সংশোধন ৪৯২১০৫ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।