ৰাষ্ট্ৰীয় ডেংগু দিৱস ( National Dengue Day) হৈছে এক ডেংগু সজাগতা দিৱস। ভাৰতত প্ৰতি বছৰে ১৬ মে’ তাৰিখে 'ৰাষ্ট্ৰীয় ডেংগু দিৱস' পালন কৰা হয়।১ এয়া ডেংগু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক জ্ঞান দিয়াৰ উদ্দেশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক পদক্ষেপ।২ ভাৰতত আন দেশতকৈ ডেংগুৰ হাৰ বেছি। নগৰায়ন, ভ্ৰমণ, বাণিজ্য, জলবায়ু পৰিৱৰ্তন, ভাইৰাছৰ বিৱৰ্তন আদি বিভিন্ন কাৰকৰ বাবে এই ৰোগ হ’ব পাৰে। ফলপ্ৰসূ ভেকচিন আৰু ঔষধৰ চিকিৎসাৰ অনুপস্থিতিয়েও বিশ্বব্যাপী ডেংগুৰ বোজা বৃদ্ধি কৰিছে।
ডেংগু কি
ডেংগু হৈছে ডেংগু ভাইৰাছৰ দ্বাৰা হোৱা এক সংক্ৰমণ, যিটো সংক্ৰমিত মহৰ কামোৰৰ দ্বাৰা মানুহলৈ বিয়পে, মূলতঃ এই মহ ইডিছ এজিপ্টি প্ৰজাতিৰ। ই এক সংক্ৰমণজনিত ৰোগ যিয়ে বিশ্বৰ গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চল বিশেষকৈ সৰু-ডাঙৰ চহৰ অঞ্চলৰ লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হয়।৩
তাৎপৰ্য
যিহেতু ডেংগু ১০০খনতকৈও অধিক দেশত এক স্থানীয় ৰোগ হৈ আছে, সেয়েহে মানুহে এই ৰোগৰ পৰিণতি আৰু ইয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ ল’বলগীয়া ব্যৱস্থাসমূহ বুজাটো গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় পৰ্যায়ত এই ৰোগ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় ডেংগু দিৱস উৎসৰ্গিত আৰু চৰকাৰে ৰোগ নিৰীক্ষণ কাৰ্যসূচী আৰু ডেংগু ধৰা পৰিলে মানি চলিবলগীয়া কাৰণ, লক্ষণ, আৰু প্ৰট’কলৰ বিষয়ে জনশিক্ষাক জোৰ দিবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে।৪
তথ্যসূত্ৰ
- ↑ National Dengue Day 2023: Meaning, Symptoms, Prevention, Treatment. BQ prime
- ↑ What is National Dengue Day? Learn more about the symptoms of the disease, prevention and more. Live mint
- ↑ National Dengue Day: Experts emphasise preventive measures, timely medical intervention to prevent disease. Health world.com
- ↑ National Dengue Day 2023: Date, significance and everything you need to know. CNBC tv18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় ডেংগু দিৱস” প্ৰবন্ধৰ সংশোধন ৬০২৯৮৭ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।