ৰাজা ৰাম মোহন ৰায় বঁটা ভাৰতৰ প্ৰেছ কাউন্সিলে ভাৰতৰ সাংবাদিকতাত সৰ্বাধিক উৎকৃষ্টতা প্ৰদৰ্শন কৰাসকলক প্ৰতি বছৰে প্ৰদান কৰা বঁটা।১ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যে ১৬ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠানত ইয়াক উপস্থাপন কৰা হৈছিল। ভাৰতৰ প্ৰেছ কাউন্সিলে ২০১২ চনত স্থাপন কৰা আৰু ২০১৩ চনৰপৰা প্ৰদান কৰা বিভিন্ন ক্ষেত্ৰত "সাংবাদিকতাত উৎকৃষ্টতাৰ বাবে ৰাষ্ট্ৰীয় বঁটা"ৰ ভিতৰত অন্যতম, আন ক্ষেত্ৰসমূহৰ ভিতৰত গ্ৰাম্য সাংবাদিকতা, উন্নয়ন প্ৰতিৱেদন, ফটো সাংবাদিকতা, শ্ৰেষ্ঠ বাতৰি কাকত কলা, ক্ৰীড়া প্ৰতিৱেদন, লিংগভিত্তিক প্ৰতিৱেদন, আৰু বিত্তীয় প্ৰতিৱেদন ইত্যাদি।১
প্ৰথমটো ৰাজা ৰাম মোহন ৰায় বঁটা ইণ্ডিয়া টুডেৰ সন্তোষ কুমাৰ আৰু মালয়াল মনোৰামাৰ চি.কে. শিৱানন্দনক তদন্তমূলক সাংবাদিকতাত তেওঁলোকৰ অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা দিয়া হয়।২৩ ভাৰতীয় প্ৰেছ কাউন্সিলৰদ্বাৰা পৰিচালিত এই বঁটাটো সাংবাদিকতাত এজন সাংবাদিকে লাভ কৰিব পৰা ভাৰতৰ আটাইতকৈ সন্মানীয় বঁটা হিচাপে গণ্য কৰা হয়। ২০২০ চনলৈকে মুঠ ৮ জন ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে।১
বঁটা প্ৰাপক
- 2012: নাই
- 2013: সন্তোষ কুমাৰ, ইণ্ডিয়া টুডে, চি.কে. শিৱানন্দন, মালায়াল মনোৰমা
- 2014: নাই
- 2015: নাই
- 2016: এছ নিহাল সিং, প্ৰখ্যাত সাংবাদিক
- 2017: ছাম নিজাপ্পা, সাংবাদিক, শৰৎ মিশ্ৰ, সাংবাদিক
- 2018: এন ৰাম, দ্য হিন্দু
- 2019: গুলাব কোঠাৰী, ৰাজস্থান পত্ৰিকা
- 2020: আন্নে ভবানী কোটেশ্বৰা প্ৰসাদ
তথ্যসূত্ৰ
- ↑ National Awards for Excellence in Journalism. www.presscouncil.nic.in. Press Council of India
- ↑ NAEJ Awardees 2013. www.presscouncil.nic.in. Press Council of India
- ↑ (16 November 2013). 17 journalists bag Press Council Of India award. www.hindustantimes.com. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজা ৰাম মোহন ৰায় বঁটা” প্ৰবন্ধৰ সংশোধন ৬২১১৩৮ (২৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।