ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক বা ৰাষ্ট্ৰীয় নিমখ সত্যাগ্ৰহ স্মাৰক (National Salt Satyagraha Memorial) বা দাণ্ডী স্মাৰক ভাৰতৰ গুজৰাটৰ ডাণ্ডী নামৰ এখন গাঁৱত অৱস্থিত এক স্মৃতিসৌধ। এই স্মাৰকৰ দ্বাৰা দাণ্ডী যাত্ৰাৰ অংশগ্ৰহণকাৰীসকলক সন্মান জনোৱা হয়। এই দাণ্ডী যাত্ৰা আছিল ঔপনিৱেশিক ভাৰতৰ এক অহিংস কাৰ্য যিটোত ১৯৩০ চনত মোহনদাস কৰমচান্দ গান্ধীয়ে নেতৃত্ব দিছিল। ১৫ একৰ (৬১,০০০ মিটাৰ বৰ্গফুট) জুৰি বিস্তৃত এই স্মৃতিসৌধটো উপকূলীয় চহৰ ডাণ্ডীত অৱস্থিত, য'ত ১৯৩০ চনৰ ৫ এপ্ৰিলত দাণ্ডী যাত্ৰাৰ অন্ত পৰে আৰু সাগৰৰ পানী উতলাই নিমখ উৎপাদন কৰি ব্ৰিটিছৰ নিমখৰ ওপৰত একচেটিয়া অধিকাৰ ভংগ হয়।১ আনুমানিক ৮৯ কোটি টকা (১১ মিলিয়ন মাৰ্কিন ডলাৰ) ব্যয়ৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল।২
ইতিহাস

ৰাষ্ট্ৰীয় নিমখ সত্যগ্ৰহ স্মৃতিসৌধৰ বিকাশৰ প্ৰকল্পটো হাই লেভেল মেমৰিয়েল কমিটি(High Level Dandi Memorial Committee, HLDMC)ৰ কল্পনা আৰু পৰামৰ্শত নিৰ্মিত হৈছিল আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়এ ইয়াক সমৰ্থন কৰিছিল৩ আৰু লগতে আই আই টি মুম্বায়ে ডিজাইন সমন্বয় সংস্থা হিচাপে সেৱা আগবঢ়াইছিল।৪ ২০১৯ চনৰ ৩০ জানুৱাৰীত মোহনদাস কৰমচান্দ গান্ধীৰ মৃত্যু বাৰ্ষিকীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই স্মৃতিসৌধ উদ্বোধন কৰে।৫
স্মৃতিসৌধ

এই স্মৃতিসৌধটো ইংৰাজী "A" আখৰৰ আকৃতিৰ ৪০ মিটাৰ (১৩০ ফুট) ষ্টীলৰ ফ্ৰেম, যিয়ে দুখন হাতৰ প্ৰতীক বুজায়। সাগৰৰ উপকূলৰ প্ৰতিকূল বতৰৰ পৰা ৰক্ষা কৰিবলৈ ইয়াক জাৰণ নোহোৱা পদাৰ্থৰে গঠিত কৰা হয়। কীৰ্তিচিহ্নটোৰ শিখৰত নিমখৰ স্ফটিকটোক প্ৰতিনিধিত্ব কৰা ২.৫ টন (২৫০০ কিলোগ্ৰাম) ওজনৰ কাঁচৰ ঘনকটোৱে নিমখ চিহ্নিত কৰে। ঘনকটো ৰাতি লেজাৰ লাইটৰ দ্বাৰা আলোকিত কৰা হয় যিয়ে এটা পিৰামিডৰ দৃশ্য সৃষ্টি কৰে। ঘনকটোৰ ছাউনিৰ তলত, গান্ধীৰ এটা ৫ মিটাৰ (১৬ ফুট) ওখ মূৰ্তি আছে। ২০১৪ চনত মুম্বাইত এই মূৰ্তিটো ষাঠিটা পৃথক পৃথক টুকুৰা গোটাই এটা মূৰ্তিত একত্ৰিত কৰি ডাণ্ডীলৈ লৈ যোৱা হৈছিল আৰু ইয়াক সম্পূৰ্ণ কৰিবলৈ দুবছৰতকৈও অধিক সময় লাগিছিল। এই ভাস্কৰ্য সদাশিৱ সাথে নামৰ এজন শিল্পীৰ দ্বাৰা নিৰ্মিত। ৬
তথ্যসূত্ৰ
- ↑ nssm.in/about.html
- ↑ "Historical Saifee Villa, Prathna Mandir not part of Dandi memorial project". The Times of India. 6 April 2018. Retrieved 10 August 2019
- ↑ Ministry of Culture, GOI
- ↑ National Salt Satyagraha Memorial Homepage. www.dandimemorial.in
- ↑ Press Information Bureau, Government of India, Prime Minister's Office
- ↑ "National Salt Satyagraha Memorial Homepage". www.dandimemorial.in. Retrieved 10 August 2019
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক” প্ৰবন্ধৰ সংশোধন ৫৮৩৬৫০ (১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।