ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ (Ramakrishna Mission Swami Vivekananda's Ancestral House and Cultural Centre) ভাৰতৰ কলকাতাৰ ১০৫ বিবেকানন্দ ৰোডত অৱস্থিত। এই ঘৰতে স্বামী বিবেকানন্দৰ (তেতিয়া নৰেন্দ্ৰনাথ দত্ত বুলি কোৱা হৈছিল) ১৮৬৩ চনৰ ১২ জানুৱাৰীত জন্মগ্ৰহণ কৰে।১ সমগ্ৰ শৈশৱ আৰু যুৱাৱস্থা তেওঁ ইয়াতে কটাইছিল।২ এই গৃহটো সাংস্কৃতিক কেন্দ্ৰ ৰূপে ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে উদ্বোধন কৰে।৩
ইতিহাস
১৮৮৪ চনত পিতৃ বিশ্বনাথ দত্তৰ মৃত্যুৰ পিছত সেই ঘৰত তেওঁলোকৰ সৈতে থকা নৰেন্দ্ৰনাথৰ খুৰীয়েকে সম্পত্তিৰ সম্পূৰ্ণ দখল দাবী কৰে। তেওঁ নৰেন্দ্ৰনাথৰ মাতৃ ভুৱনেশ্বৰী দেৱী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ তৰে।৪ নিম্ন আদালতত বিবেকানন্দই এই গোচৰত জয়ী হয় যদিও গোচৰটোৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰা হয়।৫ উচ্চ ন্যায়ালয়ত বহু বছৰ ধৰি এই গোচৰ চলি থাকিল। ১৯০২ চনত বিবেকানন্দৰ মৃত্যুৰ মাত্ৰ কেইদিনমান আগতেই ইয়াৰ সামৰণি পৰে। এই গোচৰৰ চূড়ান্ত ৰায় অনুসৰি বিবেকানন্দক তেওঁৰ পূৰ্বপুৰুষৰ ঘৰৰ সম্পূৰ্ণ আইনী অধিকাৰ প্ৰদান কৰা হয়।
সংস্কাৰ
সময়ৰ লগে লগে বিবেকানন্দৰ পূৰ্বপুৰুষৰ ঘৰখন জৰাজীৰ্ণ হৈ পৰে। ১৯৬২ চনত ৰামকৃষ্ণ মিছন কৰ্তৃপক্ষই এই সম্পত্তি অধিগ্ৰহণ কৰি সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লয়। ১৯৯৯ চনৰ মে’ মাহত ৰামকৃষ্ণ মিছনে পশ্চিম বংগ চৰকাৰৰ জৰিয়তে সেই মাটি আৰু কাষৰীয়া ভূমিখণ্ড অধিগ্ৰহণ কৰে। এই প্ৰকল্পৰ বাবে এখন সমিতি গঠন কৰা হৈছিল। এই সমিতিখনে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাজহুৱা দানৰ পৰা ২০ কোটি ₹ (২৩ লাখ মাৰ্কিন ডলাৰ) ধন সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰে ৯৯ মিলিয়ন ₹ (১১ লাখ মাৰ্কিন ডলাৰ) কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। ২০০৪ চনত সংস্কাৰৰ পিছত ঘৰটোক সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হয়।৬
গেলাৰী
তথ্যসূত্ৰ
- ↑ Chattopadhyay Rajagopal. (1 January 1999). Swami Vivekananda in India: A Corrective Biography. Motilal Banarsidass. পৃ. 28–. ISBN 978-81-208-1586-5
- ↑ Ramakrishna Mission Swami Vivekananda's Ancestral House and Cultural Centre, Swamiji's House. BM Ramakrishna Mission Swami Vivekananda’s Ancestral House and Cultural Centre, Swamiji’s House
- ↑ Bhawan Singh Rana; Mīnā Agravāla Meena Agrawal. (2005). The Immortal Philosopher Of India Swami Vivekananda. Diamond Pocket Books (P) Ltd. পৃ. 41–. ISBN 978-81-288-1001-5
- ↑ Chaturvedi Badrinath. (1 June 2006). Swami Vivekananda: The Living Vedanta. Penguin Books India. পৃ. 2–. ISBN 978-0-14-306209-7
- ↑ Datta Ancestral Home - Birthplace of Vivekananda. Press Information Bureau (Government of India)
- ↑ Ancestral House of Swami Vivekananda. Indfy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৫৭৫১ (১৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।