ৰিপাব্লিক টিভি (Republic TV) এক ইংৰাজী ভাষাৰ ভাৰতীয় বাতৰি চেনেল যি এআৰজি আউটলায়াৰ এছিয়ানেট নিউজৰ মালিকানাধীন।১ এই কোম্পানী অৰ্ণৱ গোস্বামীৰ দ্বাৰা সমৰ্থিত। এই চেনেল ৬ মে' ২০১৭ত উদ্বোধিত হ'ল।
ইতিহাস
টাইম্ছ নাও নামৰ ইংৰাজী বাতৰি চেনেলৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে সেই চেনেল ত্যাগ কৰাৰ পিছত ১৬ ডিচেম্বৰ ২০১৬ ত তেওঁ ৰিপাব্লিক নামৰ এক নতুন বাতৰি চেনেল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে।২৩ ১৪ নৱেম্বৰত তেওঁ টাইম্ছ নাওত শেষবাৰৰ বাবে নিজৰ প্ৰধান কাৰ্যক্ৰম "দ্য নিউজআৱাৰ ডিবেট"-ত ভাগ ল'লে।৪
কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা অভিজ্ঞ ৰাজনীতিবিদ সুব্ৰমণ্যম স্বামীয়ে তথ্য আৰু প্ৰচাৰ মন্ত্ৰ্যালয়ৰ আগত আপত্তি দৰ্শালে যে ৰিপাব্লিক নামে এম্ব্লেম্ছ এণ্ড নে'ম্ছ (প্ৰিভেন্সন অৱ ইম্প্ৰপাৰ য়ুজ) এক্ট ১৯৫০-ক উলংঘা কৰে। ফলস্বৰূপে চেনেলটোৰ নাম ৰিপাব্লিক টিভি ৰখাৰ সিদ্ধান্ত লোৱা হ'ল।৫
ৰিপাব্লিক টিভি এআৰজি আউটলায়াৰ মিডিয়া প্ৰাইভেট লিমিটেডৰ অংশ যিটোক মূলত: ৰাজ্যসভাৰ বিজেপি সাংসদ তথা নেচ'নেল ডেম'ক্ৰেটিক এলায়েন্সৰ কেৰালা শাখাৰ উপসভাপতি৬ ৰাজীৱ চন্দ্ৰশেখৰণে বিত্তীয় সাহায্য আগবঢ়ায়৭। তেখেতে তাতে ৩০কোটি টকা বিনিয়োগ কৰিছে। আন মুখ্য বিনিয়োগকাৰীসকল হৈছে অৰ্ণৱ গোস্বামী আৰু তেওঁৰ পত্নী,শিক্ষাবিদ ৰামদাস পাই,ৰমাকান্ত পাণ্ডা যিসকলে গোস্বামীৰ আন এটা কোম্পানী এছএআৰজি মিডিয়া হোল্ডিংগ প্ৰাইভেট লিমিটেডৰ জৰিয়তে বিনিয়োগ কৰিছিল৮। ৰাজীৱ চন্দ্ৰশেখৰণে বিজেপিৰ লগত যুক্ত হোৱাৰ পিছত ২০১৮ৰ ৩১ মাৰ্চত সমিতিৰ পৰা পদত্যাগ কৰে|৬
২০০৫ চনৰ পৰা ২০১২ চনলৈ টাইমছ নাওৰ মুখ্য বিত্ত বিষয়া হিচাপে কাৰ্যনিবাহ কৰা এছ সুন্দৰমক ৰিপাব্লিক টিভিতো একেই পদ দিয়া হয়৯|বাকী যোগদানকাৰীসকল আছিল জ্যেষ্ঠ ঘোষক আৰু তামিল বাতৰি চেনেল থান্থাৰা টিভিৰ উপনিয়োজক সম্পাদক এছএ হৰিহৰণ১০; অৱসৰপ্ৰাপ্ত সেনাবিষয়া আৰু দূৰদৰ্শন ব্যক্তিত্ব মেজৰ গৌৰৱ আৰ্য১১,টাইমছ নাওৰ জন্মু কাশ্মীৰৰ পূৰ্বৰ সংবাদদাতা আদিত্যৰাজ কৌল; জেণ্টলমেন আৰু বিজনেছ বেৰণৰ লিখক আৰু প্ৰতিষ্ঠাপক সম্পাদক মিনহাজ মাৰচেণ্ট১২ আৰু অভিনেতা অনুপম খেৰ১৩|ৰিলায়েন্স ব্ৰ'ডকাষ্ট নেটৱৰ্কৰ মুখ্য বাণিজ্যিক বিষয়া বিকাশ খানচন্দানীক মুখ্য কাৰ্যবাহী বিষয়াৰ পদ দিয়া হয়। দ্য নিউজ মাইনুটৰ সহপ্ৰতিষ্ঠাপক চিত্ৰ সুব্ৰমণিয়ামক সম্পাদকীয় উপদেষ্টা পদত বহুওৱা হয়।
দৰ্শনৰ মানদণ্ড
মুকলিৰ প্ৰথম সপ্তাহতে ৰিপাব্লিক টিভিয়ে ২.১১ মিলিয়ন দৰ্শনেৰে ভাৰতৰ আটাইতকৈ বেছিকৈ চোৱা ইংৰাজী বাতৰি চেনেল হিচাপে পৰিগণিত হৈছিল১৪। আৰু ব্ৰ'ডকাষ্ট অ'ডিয়েন্স ৰিচাৰ্ছ কাউন্সিলৰ তথ্য অনুসৰি ৫১.৯ শতাংশ দৰ্শন গণনা কৰা হৈছিল।১৫.
সমালোচনা
এই চেনেলটোক পক্ষপাতিত্বমূলক তথা বলপূৰ্বক মতামত প্ৰদান কৰে বুলি অভিযোগ কৰা হয়। কিছুমানে বাতৰি পৰিৱেশনৰ ধৰণটো বহুত হুলস্থূলীয়া বুলি অভিযোগ কৰে।১৬১৭১৮১৯
তথ্যসূত্ৰ
- ↑ Rajeev Chandrasekhar resigns from Asianet’s board
- ↑ Arnab Goswami has announced his new venture ‘Republic’
- ↑ Arnab Goswami's new venture. Business Standard
- ↑ Arnab Goswami announces new venture; Times Now gets a new chief editor. Firstpost
- ↑ (31 January 2017). Arnab Goswami changes channel name to Republic TV, gives in to Subramanian Swamy. Firstpost
- ↑ Rajeev Chandrasekhar resigns as board director of Republic TV, says decision taken as he is now BJP MP - Firstpost. www.firstpost.com
- ↑ What the Nation Wants to Know but Arnab’s Republic Won’t Tell You. The Quint
- ↑ Kaushik, Krishn. (13 January 2017). Kerala NDA vice-chairman Rajeev Chandrasekhar investor, director in Arnab Goswami’s Republic. The Indian Express
- ↑ (23 February 2017). S Sundaram joins Republic as CFO. exchange4media.com
- ↑ (27 February 2017). Arnab’s Republic adds S.A.Hariharan from Thanthi TV to its Editorial team. tvnews4u.com
- ↑ (15 March 2017). Major Gaurav Arya collaborates with Arnab’s Republic TV. newslaundry.com
- ↑ Minhaz Merchant on Twitter. Twitter
- ↑ Sen, Rajyasree. (24 May 2017). Anupam Kher’s People a welcome break from the screaming jingoism of Republic TV. Livemint
- ↑ Ahluwalia, Harveen. (18 May 2017). Arnab Goswami’s Republic TV topples Times Now in debut week: Barc data. Livemint
- ↑ Republic TV has 51.9% viewership in debut week: BARCH gives data to paid subs despite NBAs request. indiantelevision.com
- ↑ Bajpai, Shailaja. (11 May 2017). On the run. The Indian Express
- ↑ Kohli-Khandekar, Vanita. (8 May 2017). Arnab's Republic a reflection of what India has become- noisy and chaotic. Business Standard
- ↑ (27 May 2017). Arnab Goswami's Republic TV is losing the battle of babble; why not try something completely different?. Firstpost
- ↑ ScoopWhoop. (2017-01-13). Revealed! Here’s Who Are Funding Arnab Goswami’s ‘Republic’. ScoopWhoop
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিপাব্লিক টিভি” প্ৰবন্ধৰ সংশোধন ৬২২৯৫০ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।