কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
স্কুল মাষ্টাৰ (১৯৫৮ চলচ্চিত্ৰ)
স্কুল মাষ্টাৰ (School Master) ১৯৫৮ চনৰ বি.আৰ. পন্থুলু প্ৰযোজিত আৰু পৰিচালিত এখন ভাৰতীয় কানাড়া ভাষাৰ এখন ছবি। ইয়াত পন্থুলুৱে মুখ্য ভূমিকাত অভিনয় কৰিছে। অন্য গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ডিক্কি মাধৱ ৰাও, এম ভি ৰাজাম্মা, উদয়কুমাৰ, শিৱাজী গণেশন, মিথুন গণেশন আৰু বি সৰোজা দেৱীয়ে।
-
স্ত্ৰী ২
স্ত্ৰী ২: সৰকাটে কা আতংক ( Stree 2: Sarkate Ka Terror) হৈছে ২০২৪ চনত নিৰ্মিত অমৰ কৌশিকৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ কমেডী হৰৰ ছবি, নীৰেন ভাটৰ দ্বাৰা লিখা আৰু মেডক ফিল্মছ আৰু জিঅ' ষ্টুডিঅ'ৰ যৌথ প্ৰযোজনা। ই মেডক হৰৰ কমেডী ইউনিভাৰ্ছৰ চতুৰ্থ কিস্তি আৰু স্ত্ৰী (২০১৮)ৰ ছিকুৱেল হিচাপে কাম কৰে।
-
স্ত্ৰীৰ পত্ৰ (চলচ্চিত্ৰ)
স্ত্ৰীৰ পত্ৰ ( Strir Patra ) ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত পূৰ্ণেন্দু পত্ৰীৰ পৰিচালনাত ১৯৭২ চনত নিৰ্মিত এখন বঙালী ছবি। মুখ্য চৰিত্ৰত অভিনয় কৰিছে মাধৱী মুখাৰ্জীয়ে। ১৯১৪ চনত প্ৰথম প্ৰকাশিত ঠাকুৰৰ এই কাহিনীটোক অগ্ৰণী নাৰীবাদী পাঠ বুলি গণ্য কৰা হয়।
-
স্নো হোৱাইট এণ্ড দ্য চেভেন ডোৱাৰ্ফছ (১৯৩৭ চনৰ চলচ্চিত্ৰ)
স্নো হোৱাইট এণ্ড দ্য চেভেন ডোৱাৰ্ফছ (ইংৰাজী: Snow White and the Seven Dwarfs; জন্ম: ১৯৩৭) — হ’ল ওৱাল্ট ডিজনিৰদ্বাৰা প্ৰযোজিত আৰু আৰ.কে.অ’ ৰেডিঅ’ পিকচাৰ্ছৰদ্বাৰা মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল ফেণ্টাচী চলচ্চিত্ৰ।
-
স্পিৰিচুৱেল (সংগীত)
স্পিৰিচুৱেল (বা নিগ্ৰো স্পিৰিচুৱেল) প্ৰায় আফ্ৰিকান আমেৰিকানসকলে সৃষ্টি কৰা খ্ৰীষ্টধৰ্মীয় গীত। স্পিৰিচুৱেল বা 'আধ্যাত্মিক' গীতসমূহ প্ৰথমে আছিল এক মৌখিক পৰম্পৰাৰ অংশ যিয়ে একেলগে খ্ৰীষ্টান মূল্যবোধ আৰু দাস প্ৰথাৰ বৰ্বৰতা ব্যক্ত কৰিছিল।
-
স্বপংয়ঙ মানাও পয়
স্বপংয়ঙ মানাও পয় বা শ্বপৌং য়ৌং মানও পয় অসমৰ পূব প্ৰান্তত বসবাস কৰা চিংফৌ জনগোষ্ঠীৰ জাতীয় উৎসৱ৷ চিংফৌসকলে তেওঁলোকৰ পূৰ্বপুৰুষ শ্বপৌং য়ৌঙৰ স্মৃতি চাৰণাৰ্থে এই উৎসৱ পালন কৰে৷ ’মানও’ শব্দৰ অৰ্থ নৃত্য আৰু ’পয়’ মানে উৎসৱ৷ সাধাৰণতে বসন্ত ঋতুৰ আগমনৰ লগে লগে ফাগুণৰ ১তাৰিখৰ পৰা ৩ তাৰিখলৈ এই উৎসৱ পালন…
-
স্বাতী সেন
স্বাতী সেন (ইংৰাজী: Swati Sen) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁৰ জন্ম মহাৰাষ্ট্ৰৰ নাগপুৰত হৈছিল। তেওঁ মূলতঃ উদেধ বুন নামৰ ছবিখনৰ চৰিত্ৰৰ বাবে পৰিচিত, যিখন ছবিয়ে ২০০৮ চনৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ ৰূপালী ভালুক (চিলভাৰ বিয়েৰ) লাভ কৰিছিল।
-
স্বালোকচিত্ৰ
স্বালোকচিত্ৰ (selfie) নিজে নিজকে বা নিজদিশে তোলা এখন আলোকচিত্ৰ যিখন সাধাৰণতে আৰু সহজতে আজিকালি উপলব্ধ ডিজিটেল কেমেৰা (digital camera) বা কেমেৰা থকা ভ্ৰাম্যভাষ যন্ত্ৰৰে তুলিব পাৰি।
-
স্বৰগম
সৰগম হৈছে স্বৰ গোৱাৰ প্ৰক্ৰিয়া, যি সাধাৰণতে ভাৰতীয় সংগীতত ব্যৱহৃত হয়, বন্দিশৰ শব্দৰ পৰিৱৰ্তে, বিভিন্ন অলংকৰণ যেনে মীড়, গমক, কণ আৰু খটকাৰ সৈতে, খেয়াল প্ৰদৰ্শনৰ অংশ হিচাপে। এইটো সাধাৰণতে মধ্যম-গতিত কৰা হয়, আলাপ আৰু তানৰ মাজত সেতু হিচাপে।
-
স্বৰলিপি
স্বৰলিপি হৈছে ভাৰতীয় ধ্ৰুপদী সংগীতৰ বাবে শ্বীট মিউজিকত ব্যৱহৃত যিকোনো পদ্ধতি যিয়ে শ্ৰুতিগতভাৱে উপলব্ধি কৰা সংগীতক লিখিত নোটৰ জৰিয়তে প্ৰকাশ কৰে।
-
স্বৰ্গ নৰক (চলচ্চিত্ৰ)
স্বৰ্গ নৰক ( Swarg Narak ) ১৯৭৮ চনত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। বিজয়া প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ দাচাৰী নাৰায়ণ ৰাৱে পৰিচালনা আৰু ৰাজেশ ৰোশনে সংগীত ৰচনা কৰিছিল। এই ছবিখন একেজন পৰিচালকে নিৰ্মাণ কৰা তেলেগু ছবি “স্বৰ্গম নৰকম”ৰ (১৯৭৫) পুনৰ্নিৰ্মাণ।
-
স্লিপিং বিউটি (১৯৫৯ চনৰ ছবি)
স্লিপিং বিউটী (ইংৰাজী: Sleeping Beauty; জন্ম: ১৯৫৯) — ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী চলচ্চিত্ৰ। ৱাল্ট ডিজনী প্ৰডাকচনচৰদ্বাৰা নিৰ্মিত আৰু বুয়েনা ভিষ্টা ফিল্ম ডিষ্ট্ৰিবিউচনৰদ্বাৰা মুক্তিপ্ৰাপ্ত এই ছবিখন ১৬৯৭ চনৰ চাৰ্লছ পেৰল্টৰ একে নামৰ সাধুকথাৰ ওপৰত আধাৰিত।
-
সৰমায়া আৰ্টছ ফাউণ্ডেশ্যন
সৰমায়া আৰ্টছ ফাউণ্ডেশ্যন (Sarmaya Arts Foundation) হৈছে ভাৰতীয় উপমহাদেশৰ কলা, শিল্পকলা আৰু জীৱন্ত পৰম্পৰাৰ এক অলাভজনক কিউৰেটেড ভঁৰাল। সৰমায়া ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানটোৰ নেতৃত্বত আছে পাল আব্ৰাহাম আৰু পবিত্ৰ ৰাজাৰাম।
-
সৰস্বতী মন্দিৰ
সৰস্বতী মন্দিৰ (Saraswati Mandir) বা সাৰিকা সদন বা নৰ্মদ হাউচ হৈছে ভাৰতৰ গুজৰাটৰ চুৰাটত অৱস্থিত এটা লেখক-গৃহ সংগ্ৰহালয়। ১৮৬৬ চনত গুজৰাটী কবি নৰ্মদে নিৰ্মাণ কৰা এই ঘৰটো ২০১৫ চনত সংস্কাৰ কৰি নৰ্মদলৈ উৎসৰ্গিত এক সংগ্ৰহালয় আৰু স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰা হয়।
-
হ'ৰচ্ গ্ল'ৰী
হ'ৰচ্ গ্ল'ৰী(Whores' Glory, অৰ্থ: পতিতাৰ মহিমা) হ'ল মাইকেল গ্লাওগাৰৰ দ্বাৰা নিৰ্মিত ২০১১ চনৰ এখন ডকুমেণ্টৰী চলচ্চিত্ৰ। ইয়াত থাইলেণ্ড, বাংলাদেশ আৰু মেক্সিকোৰ যৌনকৰ্মী তথা পতিতালয়ৰ জীৱন দেখুওৱা হৈছে।
-
হকীকত (১৯৬৪ চলচ্চিত্ৰ)
হকীকত ( Haqeeqat) ১৯৬৪ চনৰ চেতন আনন্দৰ ৰচনা, পৰিচালনা আৰু প্ৰযোজনাত হিন্দী ভাষাত নিৰ্মিত এখন ভাৰতীয় যুদ্ধবিষয়ক নাট্যধৰ্মী ছবি। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ধৰ্মেন্দ্ৰ, বলৰাজ সাহনী, প্ৰিয়া ৰাজবংশ, সুধীৰ, সঞ্জয় খান আৰু বিজয় আনন্দে। ছবিখনৰ সংগীত মদন মোহনৰ আৰু গীতৰ কথা কাইফী আজমীৰ।
-
হগ্ৰা নাচ
হগ্ৰা নাচ হৈছে সোণোৱাল কছাৰীসকলৰ এক নৃত্য। এই নৃত্য মূলতঃ উপাস্য দেৱতাৰ পূজা আৰু ধৰ্মীয় জীৱনৰ লগত জড়িত। কাহিনী গীতৰ লগত সংগতি ৰাখি কৰা ই একধৰণৰ নাটকীয় পৰিৱেশন।
-
হনুমান পাতাল বিজয়
হনুমান পাতাল বিজয় (হিন্দী: हनुमान पाताल विजय) ১৯৫১ চনত হোমী ৱাডিয়াই তেওঁৰ বসন্ত পিকচাৰ্ছ জৰিয়তে ভাৰতীয় পৌৰাণিক কাহিনীৰ ভিত্তিত পৰিচালনা কৰা এখন হিন্দী ছবি। এই ভক্তিমূলক ছবিখনত মীনা কুমাৰীয়ে অভিনয় কৰিছিল আৰু এছ. এন. ত্ৰিপাঠীয়ে হনুমানৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
হলি চেম্পছন
হলি জয় চেম্পছন ( ইংৰাজী: Holy Joy Sampson; জন্ম: ৪ ছেপ্টেম্বৰ, ১৯৭৩), যাক নিকোলেট ফষ্টাৰ, আন্দ্ৰেয়া মাইকেলছ বা জো নামেৰেও জনা যায়। চেম্পছন এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তাই মূলসুঁতিৰ চলচ্চিত্ৰৰ লগতে পৰ্ণগ্ৰাফিক চলচ্চিত্ৰতো অভিনয় কৰিছিল। তাৰোপৰি তাই কেইবাটাও টেলিভিছন শ্ব'ত অভিনয় কৰিছিল।
-
হাউছা সংগীত
নাইজেৰিয়া, নাইজাৰ, ঘানা, চুদান, কেমেৰুণ আৰু পশ্চিম আৰু মধ্য আফ্ৰিকাৰ আন বহু দেশৰ অন্যতম বৃহৎ জনগোষ্ঠী হাউছা। তেওঁলোকৰ লোকসংগীতে নাইজেৰিয়ান সংগীতৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু গ'জে, এক ডোঙাযুক্ত ফিডলৰ দৰে উপাদানসমূহৰ অৱদান আগবঢ়াইছে।
-
হাচা-কেকান
হাচা কেকান বা হাচ্চা কেকান (Hacha Kekan) অসমৰ এক অন্যতম জনগোষ্ঠী কাৰ্বিসকলৰ জাতীয় অনুষ্ঠান। ই কৃষি কৰ্মৰ সৈতে জড়িত। অন্যান্য প্ৰায়বোৰ জাতীয় উৎসৱৰ দৰে ইও নৃত্য-গীতপ্ৰধান উৎসৱ। পাহাৰীয়া কাৰ্বি জনগোষ্ঠীৰ লোকসকলে শস্য চপোৱা কাম শেষ কৰাৰ পাছত মাঘ মাহত সমূহীয়াকৈ এই উৎসৱ পালন কৰে।
-
হাজা গেৰবা
হাজা গেৰবা অসমত বসবাস কৰা ডিমাছা জনগোষ্ঠীৰ এক পৱিত্ৰ পূজা৷ গাঁৱৰ পৰিসীমাৰ মাজত যাতে বেমাৰ-আজাৰ নহয় আৰু মানুহ সুখ-সন্তোষে থাকিব পাৰে, তাৰবাবেই এই পূজা কৰা হয়৷ ’গেৰবা’ৰ অৰ্থ ভগৱানক ভোগ দিয়া৷ পূজাৰ দিনা গাঁৱৰ সকলো পুৰুষ গোট খাই গাঁৱত অনিষ্ট কৰিব পৰা অপদেৱতা বা ৰাক্ষসজনৰ উদ্দেশ্যে ভক্তিভাবে সেৱা…
-
হাজিয়া চ'ফিয়া
হাজিয়া চ'ফিয়া (Ayasofya, Ἁγία Σοφία; অৰ্থাৎ “পবিত্ৰ জ্ঞান”) হৈছে তুৰ্কীৰ ইস্তানবুল চহৰত অৱস্থিত এটা ঐতিহাসিক স্থাপত্য। এইটো মূলতে এটা বাইজেণ্টাইনত খ্ৰীষ্টান ধৰ্মৰ গীৰ্জা হিচাপে ৫৩৭ খ্ৰীষ্টাব্দত জুষ্টিনিয়ান প্ৰথমে নিৰ্মাণ কৰিছিল।
-
হালে নৃত্য
হালে নৃত্য ( Halay) তুৰস্কৰ জাতীয় নৃত্য আৰু দেশখনৰ মধ্য, দক্ষিণ, পূব আৰু দক্ষিণ-পূব অঞ্চলৰ লোকনৃত্য শৈলীৰ এটা আঞ্চলিক ৰূপ। ইয়াক প্ৰধানকৈ তুৰস্ক আৰু কুৰ্দসকলে পৰিবেশন কৰে। হালে আৰু অনুৰূপ নৃত্য সমগ্ৰ মধ্যপ্ৰাচ্য আৰু ওচৰৰ অঞ্চলসমূহৰ একাধিক প্ৰাচীন লোকনৃত্য পৰম্পৰা আৰু সংস্কৃতিৰ এক অংশ।
-
হাৰুল
হাৰুল (हारुल) হৈছে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ জৌনছাৰৰ অন্তৰ্গত হাটটি জনগোষ্ঠীৰ লোকগীত আৰু নৃত্যৰ এক বিশেষ ৰূপ। নটীৰ সৈতে সাদৃশ্য ভাগ কৰি হাৰুলত ইতিহাসৰ বৰ্ণনা, দেৱভূমিৰ দেৱ-দেৱীৰ বীৰ কাহিনী আৰু জনগোষ্ঠীটোৰ সংস্কৃতিৰ ইতিহাসত সংঘটিত হোৱা পৰিঘটনাসমূহ সন্নিবিষ্ট কৰা হৈছে।
-
হাৰ্ট ইজ...
হাৰ্ট ইজ..., (ইংৰাজী: Heart Is...) ( হাৰ্টী প'ৱজ (ইংৰাজী: Hearty Paws নামেৰে খ্যাত) দক্ষিণ কোৰিয়াৰ পৰা ২০০৬ চনত মুক্তিপ্ৰাপ্ত এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালক অ'হ ডা-গ্যুঁ (ইংৰাজী: Oh Da-gyoon)।
-
হাৱা (২০০৩ চলচ্চিত্ৰ)
হাৱা (অৰ্থ: বতাহ) হৈছে ২০০৩ চনৰ এখন ভাৰতীয় হিন্দী-ভাষাৰ ভৌতিক চলচ্চিত্ৰ, যিখন গুড্ডু ধানোৱাৰ দ্বাৰা পৰিচালিত। তবুৰ মুখ্য ভূমিকা থকা এই চলচ্চিত্ৰখন ১৯৮৩ চনৰ আমেৰিকান চলচ্চিত্ৰ দ্য এণ্ট্ৰি-ৰ এক অপচাৰকাৰী পুনৰুৎপাদন। এই চলচ্চিত্ৰখন হিমাচল প্ৰদেশৰ মনালীত দৃশ্যায়িত কৰা হৈছিল।
-
হিমাচল প্ৰদেশৰ পৰম্পৰাগত লোকনৃত্য
হিমাচল প্ৰদেশৰ পৰম্পৰাগত লোকনৃত্য অতি জটিল। এই নৃত্যসমূহ হিমাচলৰ জনজাতীয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংগ। এই নৃত্যকলাই হিমাচলৰ সংস্কৃতি আৰু পৰম্পৰাক প্ৰতিফলিত কৰে। হিমাচল প্ৰদেশত নৃত্য অবিহনে সাধাৰণতে কোনো উৎসৱ পালন কৰা নহয়। হিমাচলত নাটি আদি নৃত্য স্থানীয়ভাৱে পৰিবেশিত হয়।
-
হিল পেলেচ, কোচি
হিল পেলেচ (Hill Palace) ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ ত্ৰিপুনিথুৰা অঞ্চলত অৱস্থিত এখন পুৰাতাত্ত্বিক সংগ্ৰহালয় আৰু ৰাজপ্ৰাসাদ। এইখন কেৰালা ৰাজ্যৰ আটাইতকয়ে ডাঙৰ পুৰাতাত্ত্বিক সংগ্ৰহালয়। এসময়ত ই কোচিন সাম্ৰাজ্যৰ ৰজাসকলৰ ৰাজকীয় প্ৰশাসনিক কাৰ্যালয় আৰু চৰকাৰী বাসস্থান আছিল।
-
হিষ্টেৰিয়া: এ ফেষ্টিভেল অৱ উইমেন
হিষ্টেৰিয়া: এ ফেষ্টিভেল অৱ উইমেন আছিল টৰণ্টোত পুনৰাবৃত্তিমূলক কলা উৎসৱ। ২০০৩ চনত নাইটউড থিয়েটাৰৰ সহযোগত বেড টাইমছ থিয়েটাৰ কোম্পানীত বাড্ডিজৰ ময়নান কিঙে ইয়াক প্ৰতিষ্ঠা কৰে।