অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰূপৰেখা বেনাৰ্জী

ৰূপৰেখা বেনাৰ্জী ( Ruprekhay Banerjee) এগৰাকী ভাৰতীয় সংগীতকাৰ। তেওঁ ভাৰতৰ জনপ্ৰিয় টেলিভিছন শ্ব’ ফেম গুৰুকুলৰ তিনিগৰাকী চূড়ান্ত প্ৰতিযোগীৰ অন্যতম, য’ত আন দুজন আছিল ৰেক্স ডিছুজা আৰু কাজী তৌকিৰ। ২০০৫ চনৰ ২০ অক্টোবৰত তেওঁ তৌকিৰৰ সৈতে শীৰ্ষ পুৰস্কাৰ লাভ কৰে।

হালনাগাদ: ৮ মে’ ২০২৫ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ৰূপৰেখা বেনাৰ্জী ( Ruprekhay Banerjee) এগৰাকী ভাৰতীয় সংগীতকাৰ। তেওঁ ভাৰতৰ জনপ্ৰিয় টেলিভিছন শ্ব’ ফেম গুৰুকুলৰ তিনিগৰাকী চূড়ান্ত প্ৰতিযোগীৰ অন্যতম, য’ত আন দুজন আছিল ৰেক্স ডিছুজা আৰু কাজী তৌকিৰ। ২০০৫ চনৰ ২০ অক্টোবৰত তেওঁ তৌকিৰৰ সৈতে শীৰ্ষ পুৰস্কাৰ লাভ কৰে।১

কৰ্মজীৱন

২০০৫ চনত চনী টিভিৰ উদ্যোগত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় সংগীত প্ৰতিযোগিতা মুম্বাই ফেম গুৰুকুলৰ বিজয়ী হয়। বিচাৰক জাভেদ আখতাৰ, কে কে আৰু শংকৰ মহাদেৱনে তেওঁক বিভিন্ন পৰ্যায়ত মূল্যায়ন কৰিছিল।২

২০০৬ চনত জো জীতা ৱহী ছুপাৰ ষ্টাৰৰ বিশেষ খণ্ডৰ বাবে নিৰ্বাচিত হয়। এই প্ৰতিযোগিতাৰ বিচাৰক আছিল বিশাল দাদলানী, শেখৰ ৰবিজানী আৰু ফাৰাহ খান।৩

২০০৭ চনত ভোজপুৰী, আৰু বাংলা আদি আঞ্চলিক ভাষাত ৰেকৰ্ডিং আৰম্ভ কৰে। ফেম গুৰুকুলৰ পিছত অহৰহ কাম কৰি বহু সংগীত পৰিচালকৰ সৈতে গীত ৰেকৰ্ডিং কৰি আহিছে। তেওঁ কেৱল বাংলা ভাষাতে নহয়, হিন্দী, ভোজপুৰী আৰু গুজৰাটী ভাষাৰ চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত বাণীবদ্ধ কৰিছে। বিক্ৰম ঘোষ, অশোক ভদ্ৰা, শংকৰ মহাদেৱন, ইন্দ্ৰজিৎ দে, নবীন চট্টোপাধ্যায়, ৰাজু মুখাৰ্জী, প্ৰসেনজিত চেটাৰ্জী, অৰূপ ওম, জয় চৰকাৰ, ৰূপাংকৰ বাগচী, গৌতম ঘোষাল, ইন্দ্ৰদীপ দাসগুপ্ত, সুভদীপ চেটাৰ্জী আৰু পূৰ্বায়ন চেটাৰ্জীকে ধৰি বহুতে সংগীত পৰিচালকৰ সৈতে কাম কৰিছে।৩

তথ্যসূত্ৰ

  1. ↑ Qazi, Ruprekha clinch Fame Gurukul contest. Indiaglitx
  2. ↑ Biography:Ruprekha Banerjee. ruprekhasinger.com
  3. ↑ Milestones. ruprekhasinger.com

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপৰেখা বেনাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫০৬৯০০ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।