অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাজীৱ গান্ধী আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়

আঞ্চলিক প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়, ছাৱাই মাধোপুৰ বা ৰাজীৱ গান্ধী আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয় (Rajiv Gandhi Regional Museum of Natural History) ভাৰতৰ চতুৰ্থ আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়, য’ত ভাৰতৰ পশ্চিম অঞ্চলৰ উদ্ভিদ, জীৱ-জন্তু আৰু ভূতত্ত্বৰ প্ৰদৰ্শন হয়।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৫ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আঞ্চলিক প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়, ছাৱাই মাধোপুৰ বা ৰাজীৱ গান্ধী আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয় (Rajiv Gandhi Regional Museum of Natural History) ভাৰতৰ চতুৰ্থ আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়, য’ত ভাৰতৰ পশ্চিম অঞ্চলৰ উদ্ভিদ, জীৱ-জন্তু আৰু ভূতত্ত্বৰ প্ৰদৰ্শন হয়। প্ৰতিষ্ঠানখন ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ পৰা ৯ কিলোমিটাৰ (৫.৬ মাইল) দূৰত্বত ৰামসিংপুৰা গাঁৱৰ ওচৰত অৱস্থিত।

ইতিহাস

ৰাজীৱ গান্ধী আঞ্চলিক প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠান, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনছাৰীয়ে ২০০৭ চনৰ ২৩ ডিচেম্বৰত অনুষ্ঠিত কৰে আৰু ২০১৪ চনৰ ১ মাৰ্চত ৰাজ্যৰ বিত্তমন্ত্ৰী নমো নাৰায়ণ মীনাই উদ্বোধন কৰে।১

সংগ্ৰহালয়টো পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনস্থ। ই ৰামসিংপুৰা, ৰন্থাম্ভোৰ ৰাষ্ট্ৰীয় উদ্যান, ছাৱাই মাধোপুৰৰ ওচৰত ৭.২ একৰ মাটিত বিস্তৃত আৰু প্ৰতিষ্ঠানটোৰ পৰামৰ্শদাতা হৈছে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়।২ মহীশূৰ, ভূপাল আৰু ভুৱনেশ্বৰৰ পিছত এইটো দেশৰ ভিতৰতে চতুৰ্থ এনে সংগ্ৰহালয়।

বিৱৰণ

সংগ্ৰহালয়ৰ অভ্যৰ্থনা স্থানৰ বিপৰীতে থকা এটা হলত এটা পুথিভঁৰাল আছে, য’ত দৰ্শকে পশ্চিম ভাৰতৰ বন্যপ্ৰাণী, ৰাজস্থানৰ জৈৱ বৈচিত্ৰ্য আৰু বহুতো বিষয়ৰ কিতাপ পঢ়িব পাৰে। ইয়াত ৩০০ লোক বহিব পৰাকৈ এটা প্ৰেক্ষাগৃহ আছে। প্ৰেক্ষাগৃহটো আলোচনা চক্ৰ আৰু বন্যপ্ৰাণী বিষয়ক তথ্যচিত্ৰ প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা হয়। সংগ্ৰহালয়টোৱে দেশৰ প্ৰাকৃতিক ঐতিহ্য আৰু ইতিহাসৰ চিত্ৰণ আৰু পৰৱৰ্তী বছৰবোৰত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ লক্ষ্য বান্ধি লৈছে।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Regional Museum of Natural History, Sawai Madhopur. National Museum of Natural History, Government of India
  2. ↑ Engagement of Consultant for RMNH, Sawai Madhopur and Gangtok. National Museum of Natural History, Government of India
  3. ↑ (26 August 2011). Natural history museum at Ranthambhore soon. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ৰাজস্থানৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজীৱ গান্ধী আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৪৬৯৭৭২ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।