ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গন্ধমাদন পৰ্বত
গন্ধমাদন পৰ্বত পৰ্বতৰ আটাইতকৈ ওখ শৃংগ গন্ধমাদন, ৰামেশ্বৰমৰ সমীপৱৰ্তী পাম্বন দ্বীপত অৱস্থিত। ই মূল ভাৰত আৰু শ্ৰীলংকাৰ মাজত পালক জলদ্বীপত আছে। ইয়াত ভগৱান হনুমান বাস কৰে বুলি বহুতে বিশ্বাস কৰে।
-
গুনুং উঁকিৰ মন্দিৰ
গুনুং উঁকিৰ মন্দিৰ বা কাংগাল মন্দিৰ বা শিৱলিংগ নামেৰেও জনাজাত অষ্টম শতিকাৰ আৰম্ভণিৰ শিৱাই হিন্দু মন্দিৰ, ইণ্ডোনেছিয়াৰ মধ্য জাভাত মাগেলাং ৰিজেন্সিৰ চালাম মহকুমাৰ কাডিলুৱিহ গাঁৱৰ কাংগাল গাঁৱত অৱস্থিত।
-
গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকা
গুৱাহাটী অসমৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰ'প'লিটান এলেকা আৰু কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ 'প্ৰৱেশদ্বাৰ' বুলিও কোৱা হয়। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী।
-
গ্ৰীষ্মকালীন পেৰালিম্পিক ২০২৪ত ভাৰত
২০২৪ চনৰ ২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈকে পেৰিছত অনুষ্ঠিত হোৱা ২০২৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতে অংশগ্ৰহণ কৰে। ১৯৬৮ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত দেশখনে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছিল আৰু ১৯৮৪ চনৰ পৰা গ্ৰীষ্মকালীন পেৰালিম্পিকৰ প্ৰতিটো সংস্কৰণতে অংশগ্ৰহণ কৰি আহিছে।
-
চন্দ্ৰগিৰি নদী
চন্দ্ৰগিৰি নদী (Chandragiri River) , কৰ্ণাটকত পয়স্বিনী নদী আৰু কেৰালাত পেৰুমপুঝা নামেৰেও পৰিচিত। ই ভাৰতৰ কেৰালা ৰাজ্যৰ কাছৰগোড় জিলাৰ আটাইতকৈ দীঘল নদী। এই নদীখন চেম্নাডৰ এক ঐতিহাসিক সম্পদ হিচাপে পৰিগণিত। নদীখনৰ নাম মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ নামেৰে ৰখা হৈছিল।
-
চম্পাৱতী নৈ
চম্পাৱতী নৈ ভাৰত উপমহাদেশৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ। চম্পাৱতী নৈৰ তিনিটা উপনৈ আছে - ভূৰ নদী (মোৰা ভূৰ নদীকে ধৰি), লোপানী আৰু ঢল পানী, যিবোৰ ভূটানৰ পাহাৰৰ পৰা উৎপত্তি হৈছে।
-
চিত্ৰকূট
চিত্ৰকূট হ'ল মন্দাকিনী নদীৰ পাৰত অৱস্থিত ভাৰতৰ আটাইতকৈ প্ৰাচীন তীৰ্থস্থানসমূহৰ ভিতৰত এখন। উত্তৰ প্ৰদেশত ৩৮.২ কিঃমিঃ ক্ষেত্ৰত অৱস্থিত শান্ত আৰু সুন্দৰ চিত্ৰকূট হৈছে প্ৰকৃতি আৰু ভগৱানৰেই অনুপম দান। চাৰিওফালে বিয়পি থকা বিন্ধ্য পৰ্বতমালা আৰু বনেৰে আৱৰা চিত্ৰকূটক অনেক আশ্চৰ্য্যৰ পাহাৰ বুলি কোৱা হয়।
-
চিল্কা হ্ৰদ
চিল্কা হ্ৰদ উৰিষ্যাৰ চিল্কা হ্ৰদটো ভাৰতৰ অন্যতম বৃহৎ নিমখীয়া পানীৰ হ্ৰদ, ই ৪০ মাইল (৬৫ কিমি) দীঘল, ৫ ৰ পৰা ১৩ মাইল (৮ ৰ পৰা ২০ কিমি) বহল, আৰু প্ৰায় ৬ ফুট (২ মিটাৰ) গভীৰ। এই হ্ৰদটো ভাৰতৰ পূব উপকূলৰ উৰিষ্যা ৰাজ্যৰ পুৰী, খোৰধা আৰু গঞ্জাম জিলাত বিয়পি আছে, দয়া নদীৰ মুখত, বংগোপসাগৰলৈ প্ৰবাহিত হৈছে।
-
ছান ৰাজ্য
ছান ৰাজ্য (မိူင်းတႆး, Möng Tai; ရှမ်းပြည်နယ်, ) হৈছে ম্যানমাৰৰ এখন প্ৰশাসনিক বিভাগ। ছান ৰাজ্যৰ উত্তৰে চীন (ইউন্নান)ৰ সৈতে, পূৱে লাওছ (লুং নামথা আৰু বোকেও প্ৰদেশৰ সৈতে) আৰু দক্ষিণে থাইলেণ্ড (চিয়াং ৰাই, চিয়াং মাই আৰু মে হঙ চন প্ৰদেশৰ সৈতে) আৰু পশ্চিমে ম্যানমাৰৰ পাঁচটা প্ৰশাসনিক বিভাগৰ সৈতে সংযোগ…
-
জম্মু আৰু কাশ্মীৰ (দেশীয় ৰাজ্য)
জম্মু আৰু কাশ্মীৰ অথবা কাশ্মীৰ আৰু জম্মু (Jammu and Kashmir) ১৮৪৬ চনৰ পৰা ১৮৫৮ চনলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে সহযোগী মিত্ৰতাত আবদ্ধ এখন দেশীয় ৰাজ্য আছিল। ১৮৫৮ চনৰ পৰা ১৯৪৭ চনৰ ভাৰত বিভাজনলৈকে আৰু এক বিবাদিত অঞ্চলত পৰিণত হোৱা লৈকে ব্ৰিটিছ মুকুটৰ সৰ্বোচ্চতা বা সংৰক্ষণৰ অধীনত আছিল।
-
দক্ষিণ মালাবাৰ
দক্ষিণ মালাবাৰ (South Malabar) হৈছে ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ এক ভৌগোলিক অঞ্চল, যি বৰ্তমানৰ কেৰালা ৰাজ্যৰ কিছুমান অংশ সামৰি আছে। দক্ষিণ মালাবাৰৰ অন্তৰ্গত অঞ্চলসমূহ হ'ল বৰ্তমানৰ কোঝিকোড জিলাৰ কোঝিকোড আৰু থামাৰাশ্বেৰী তালুক, ৱায়ানাড জিলাৰ মানন্তভাড়ী তালুক বাদে বাকী সমগ্ৰ অংশ, মালাপ্পুৰম জিলাৰ…
-
দেউৰী স্বায়ত্বশাসিত পৰিষদ
দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্ত্বশাসিত অঞ্চলৰ পৰিষদ। দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ত্ব শাসনৰ বাবে অসম চৰকাৰে ২০০৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৭ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে।
-
দৰিকা নদী
দৰিকা নদী হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য নদী। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চণ্টক চাহ বাগিছাৰ পূবত থকা নগা পাহাৰৰ নামনি অংশৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে।
-
নগাঁও জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
নগাঁও জিলা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ সদৰ ঠাই নগাঁও। নগাঁও জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। নগাঁও জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।
-
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ (Namrup Thermal Power Station) অসমৰ ডিব্ৰুগড় জিলাৰ নামৰূপ অৱস্থিত তাপ বিদ্যুৎ কেন্দ্ৰ। ইয়াৰ লগতে নতুনকৈ নামৰূপ প্ৰতিষ্ঠাপন শক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে। মুঠ ১৬২.৯ মেগাৱাট ক্ষমতাসম্পন্ন গেছ ভিত্তিক দুয়ো তাপ বিদ্যুৎ কেন্দ্ৰ অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনত।
-
নিকোবৰ দ্বীপপুঞ্জ
নিকোবৰ দ্বীপপুঞ্জ পূব ভাৰত মহাসাগৰৰ এটা দ্বীপপুঞ্জৰ শৃংখল। দক্ষিণ-পূব এছিয়াত সুমাত্ৰাত আচেহৰ পৰা ১৫০ কিলোমিটাৰ (৯৩ মাইল) উত্তৰ-পশ্চিমে অৱস্থিত আৰু থাইলেণ্ডৰ পৰা পূবে আন্দামান সাগৰৰ দ্বাৰা পৃথক।
-
নীলেশ্বৰম
নীলেশ্বৰম (Nileshwaram), যাক নীলেশ্বৰ বা নীলেশ্বৰম বুলিও কোৱা হয়, ভাৰতৰ কেৰালা ৰাজ্যৰ কাছাৰগোড় জিলাৰ এখন পৌৰসভা আৰু গুৰুত্বপূৰ্ণ নগৰ। কাছাৰগোড় জিলাৰ তিনিখন পৌৰসভাৰ ভিতৰত নীলেশ্বৰম অন্যতম; আন দুখন হৈছে কাছাৰগোড় আৰু কাঞ্জনগড়। নীলেশ্বৰম কাভ্বায়ী বেকৱাটাৰ আৰু নীলেশ্বৰম নদীৰ মোহনাৰ ওচৰত অৱস্থিত।
-
নৰমুণ্ড চিকাৰ
নৰমুণ্ড চিকাৰ অভিযান হৈছে লোককৃষ্টিৰ অন্তৰ্ভুক্ত এটি তাৎপৰ্যপূৰ্ণ পৰম্পৰা, য'ত মানুহৰ সৈতে যুদ্ধ কৰি পৰাজিতসকলৰ মূৰ কাটি সন্মান বা ট্ৰফীৰ নিচিনাকৈ গৌৰৱত লৈ যোৱা হয়। উত্তৰ-পূব ভাৰততো বিংশ শতিকালৈকে এই প্ৰথা প্ৰচলন আছিল।
-
পট্টচিত্ৰ
পটচিত্ৰ বা পট্টাচিত্ৰ হৈছে পৰম্পৰাগত, কাপোৰত স্ক্ৰল চিত্ৰকলাৰ জৰিয়তে প্ৰস্তুত কৰা এক কাৰুকাৰ্য। এই কলা পূব ভাৰতৰ ৰাজ্য ওড়িশা, পশ্চিম বংগ আৰু বাংলাদেশৰ কিছু অংশত দেখিবলৈ পোৱা যায়। পটচিত্ৰ শিল্পৰূপ ইয়াৰ জটিল বিৱৰণৰ লগতে ইয়াত লিপিবদ্ধ পৌৰাণিক আখ্যান আৰু লোককথাৰ বাবে জনাজাত।
-
পাটাছাৰকুছি
পাটাছাৰকুছি অসমৰ বজালী জিলাত অৱস্থিত এখন চহৰ।
-
পান্না ধাই
পান্না ধাই বা ধাত্ৰী পান্না (Panna Dai) ষোড়শ শতিকাৰ ৰাণা সংগ্ৰাম সিংহৰ চতুৰ্থ পুত্ৰ দ্বিতীয় উদয় সিংহৰ ধাইমাক আছিল আছিল। তেওঁ আছিল খীচি জনগোষ্ঠীৰ ১৫৩৫ চনত ৰাণী কৰ্ণাৱতীয়ে জৌহৰ ব্ৰত ধাৰণ কৰাৰ পিছত উদয় সিংহক পান্নাৰ তত্বাৱধানত এৰি দিয়া হৈছিল।
-
পুনাখা
পুনাখা ( Punakha) ভূটানৰ ২০ খন জিলাৰ ভিতৰত এখন আৰু ই পুনাখা জংখাগৰ প্ৰশাসনিক কেন্দ্ৰ। ১৯৫৫ চনলৈকে পুনাখা ভূটানৰ ৰাজধানী আৰু চৰকাৰৰ সচিবালয়ৰ স্থান আছিল, তাৰ পিছত ৰাজধানী থিম্ফুলৈ স্থানান্তৰ কৰা হয়। পুনাখাৰ দূৰত্ব থিম্ফুৰ পৰা প্ৰায় ৭২ কিলোমিটাৰ, ৰাজধানীৰ পৰা গাড়ীৰে প্ৰায় ৩ ঘণ্টা সময় লাগে।
-
পেহেলগাম
পেহেলগাম (Pahalgam) ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন নগৰ। লিড্ডাৰ নদীৰ পাৰত ই কাশ্মীৰ উপত্যকাৰ উচ্চত অৱস্থিত। পেহেলগাম হৈছে অনন্তনাগ জিলাৰ এঘাৰটা তহচিলৰ ভিতৰত অন্যতম পেহেলগাম তহচিলৰ মুখ্য কাৰ্যালয়।
-
পেৰেণ জিলা
পেৰেণ জিলা নাগালেণ্ডৰ একদশ জিলা৷ এই জিলা পূৰ্বৰ বৃহত্তৰ কহিমা জিলাক বিভক্ত কৰি গঠন কৰা হৈছিল৷
-
পোৱামক্কা
পোৱামক্কা (Powa Makkah) অসমৰ কামৰূপ জিলাৰ হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান। চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে গিয়াচুদ্দিন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়।
-
প্ৰাচীন গোৱা
গোৱাৰ গীৰ্জা আৰু কনভেন্টসমূহ বিশ্ব ঐতিহ্য তালিকাৰ (ii), (iv) আৰু (vi) বিভাগৰ অন্তৰ্গত ১৯৮৬ চনত ইউনেস্কোৰ স্বীকৃতি লাভ কৰে। ষোড়শ-অষ্টাদশ শতাব্দীৰ মধ্যবৰ্তী সময়ত গোৱাৰ পৰ্তুগীজ ঔপনিবেশিক শাসকসকলে এই গীৰ্জাসমূহ নিৰ্মাণ কৰে।
-
ফতেহপুৰ ছিক্ৰী
ফতেহপুৰ ছিক্ৰী ভাৰতৰ উত্তৰ প্ৰদেশৰ আগ্ৰা জিলাৰ এখন চহৰ। আগ্ৰাৰ জিলা সদৰৰ পৰা ৩৫.৭ কিলোমিটাৰ (২২.২ মাইল) দূৰত্বত অৱস্থিত। ফতেহপুৰ ছিক্ৰী ১৫৭১ চনত সম্ৰাট আকবৰে মোগল সাম্ৰাজ্যৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু ১৫৭১ চনৰ পৰা ১৫৮৫ চনলৈকে এই ভূমিকা পালন কৰিছিল, যেতিয়া পঞ্জাৱত চলোৱা অভিযানৰ বাবে আকবৰে…
-
ফুলবাৰী
ফুলবাৰী (Phulbari) অসমৰ লখিমপুৰ জিলাৰ এখন ঠাই। প্ৰাচীন ঐতিহ্য আৰু বুৰঞ্জীৰ বহুতো গুৰুত্বপূৰ্ণ সময়, ঘটনা আদিৰ সাক্ষীৰূপে এই ফুলবাৰী অঞ্চলটো জনাজাত৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ’লহাট চাৰিআলিৰপৰা পাঁচ কিলোমিটাৰ পশ্চিম দিশে এই বৃহত্তৰ অঞ্চলটো অৱস্থিত৷ অঞ্চলটোত মুঠ ১১ খন ৰাজহ গাঁও আছে আৰু ফুলবাৰী বুলিলে…
-
বাংলাদেশৰ জাতীয় পতাকা
বাংলাদেশৰ জাতীয় পতাকা সেউজীয়া আয়তক্ষেত্ৰৰ মাজত ৰঙা বৃত্তৰে গঠিত। সেউজীয়া ৰং বাংলাদেশৰ সেউজীয়া প্ৰকৃতি তথা তাৰুণ্যৰ প্ৰতীক আৰু বৃত্তৰ ভিতৰত থকা ৰঙা ৰং উদীয়মান সূৰ্য আৰু স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া লোকসকলৰ তেজৰ প্ৰতীক।
-
বালিপৰা
বালিপৰা অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি অঞ্চল। ভৌগোলিক দৃষ্টিকোণেৰে চাবলৈ গ’লে ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ ঠিক সোঁমাজতে বালিপৰা অঞ্চলটোৰ অৱস্থিতি। জিলাৰ সদৰ চহৰ তেজপুৰৰ পৰা বালিপৰাৰ দূৰত্ব ২৩ কিলোমিটাৰ।