অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ফুলবাৰী

ফুলবাৰী (Phulbari) অসমৰ লখিমপুৰ জিলাৰ এখন ঠাই। প্ৰাচীন ঐতিহ্য আৰু বুৰঞ্জীৰ বহুতো গুৰুত্বপূৰ্ণ সময়, ঘটনা আদিৰ সাক্ষীৰূপে এই ফুলবাৰী অঞ্চলটো জনাজাত৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ’লহাট চাৰিআলিৰপৰা পাঁচ কিলোমিটাৰ পশ্চিম দিশে এই বৃহত্তৰ অঞ্চলটো অৱস্থিত৷ অঞ্চলটোত মুঠ ১১ খন ৰাজহ গাঁও আছে আৰু ফুলবাৰী বুলিলে…

হালনাগাদ: ১ আগষ্ট ২০২৬ ৫৮৫ শব্দ · ৩ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

ফুলবাৰী (Phulbari) অসমৰ লখিমপুৰ জিলা জিলাৰ এখন ঠাই। প্ৰাচীন ঐতিহ্য আৰু বুৰঞ্জীৰ বহুতো গুৰুত্বপূৰ্ণ সময়, ঘটনা আদিৰ সাক্ষীৰূপে এই ফুলবাৰী অঞ্চলটো জনাজাত৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ’লহাট চাৰিআলিৰপৰা পাঁচ কিলোমিটাৰ পশ্চিম দিশে এই বৃহত্তৰ অঞ্চলটো অৱস্থিত৷ অঞ্চলটোত মুঠ ১১ খন ৰাজহ গাঁও আছে আৰু ফুলবাৰী বুলিলে প্ৰায় ২০ খন মান ক্ষুদ্ৰ ক্ষুদ্ৰ সৰু-বৰ গাঁৱক সামৰি এক বৃহত্তৰ অঞ্চলক বুজোৱা হয়৷ ৰাজহ গাঁওবোৰৰ নামবোৰ হ’ল– ১ নং হাতীয়েমৰা, ২ নং হাতীয়েমৰা,১ নং বোকানদী, ২ নং বোকানদী, ২ নং ফুলবাৰী, ১ নং ধেমাগড়, ২৮৯ নং গ্ৰাণ্ট (সগৰপুৰ), গোপালপুৰ, দলপাপথাৰ আৰু ৩৪৫ নং গ্ৰাণ্ট (ভিতৰিপাম) আৰু ৩নং বগীবিল (শান্তি আশ্ৰম)৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ বসতিস্থল ফুলবাৰীত অঞ্চলত শেহতীয়াকৈ ঐতিহাসিক ভাস্কৰ্যপুঞ্জও উদ্ধাৰ কৰা হৈছে৷১

অঞ্চলটোৰ চাৰিসীমা

ফুলবাৰীৰ উত্তৰ দিশত অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলা আৰু ৰঙা সংৰক্ষিত বনাঞ্চল৷ পূৱদিশত শিঙৰা নদী আৰু নামনিৰ ফালে দ’লহাট চাহ বাগিছা৷ পশ্চিমত বৰজান অঞ্চল৷ দক্ষিণত দ’লহাট সোণাপুৰ গাঁও পঞ্চায়ত, দ’লহাট বজাৰ৷ উত্তৰে লালুক গাওঁ পঞ্চায়ত৷২

ফুলবাৰী নামৰ উৎপত্তি

ফুলবাৰী ঐতিহাসিকভাৱে প্ৰাচীন ঠাই৷ গৱেষক ভৱকান্ত নাথৰ মতে প্ৰাচীন ‘ফুলবাৰী নগৰ’ৰ সৈতে বৰ্তমানৰ ফুলবাৰী অঞ্চলৰ নিকট সম্পৰ্ক আছে৷ উক্ত প্ৰাচীন নগৰখন বৰ্তমানৰ নাৰায়ণপুৰ অঞ্চলৰ খেৰাজখাত মৌজাৰ অন্তৰ্গত পিচলা নৈৰ পাৰত আছিল৷ প্ৰাক্ বৈষ্ণৱ যুগত ই শাক্ত ধৰ্মৰ পীঠ স্থান আছিল৷ প্ৰাচীন আইনামবোৰত ফুলবাৰী আৰু পিচলা নৈৰ প্ৰসংগ আছে৷

বৰ আইয়ে পাচিছে সৰু আই আহিছে

ফুলবাৰী নগৰৰে পৰা

........................

পিচলা ঘাটতে আইয়ে পানী তোলে

চকুৰি গোপিনীক লৈ

উক্ত ফুলবাৰী নগৰতে ফুলবাৰী দ’ল আছিল৷ উল্লেখযোগ্য যো ফুলবাৰী দ’লকে লোকিকভাৱে মাঘনোৱা দ’ল বুলিও জনা গৈছিল৷ ইয়াত বৰ কালিকা গোঁসানীৰ বিগ্ৰহ আছিল৷ আসাম গেজেটিয়াৰৰ মতে ‘ফুলবাৰী দ’ল স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৭০৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰি উলিয়াইছিল আৰু ৫২৩ বিঘা, চাৰিকটা, ওঠৰ লেচা নিষ্পেখেৰাজ মাটি দেৱালয়ৰ নামত উছৰ্গা কৰিছিল৷ সাঁচিপতীয়া পুথিমতে– উক্ত ফুলবাৰী দেওঘৰৰ দ’ল ওখকৈ ৩২ হাত, বেঢ়ে ৭০ হাত, ডাঠ ৪/১২ হাত, গহ্বৰ ১২/১২ হাত, পোত ৭ হাত৷ ইয়াত যম, সম, গৰক আৰু ফুলবাৰীয়া নামৰ চাৰিটা পূজক ঠাকুৰ পৰিয়াল আছিল৷ তেওঁলোকৰ লগত কিছুমান পাইক নিযুক্ত হৈছিল৷’৩

মানৰ আক্ৰমণত মান সেনাই এই দ’লৰ ধন-সম্পত্তি লুট কৰি ইয়াতে শিবিৰ পাতি মন্দিৰৰ ভিতৰত গৰু কাটি মন্দিৰ অসুচি কৰিছিল৷ ফলত ইয়াৰ দেৱী বিগ্ৰহ আঁতৰাই নি কলাবাৰী অঞ্চলৰ বিলত লুকুৱাই থোৱা হৈছিল ৷ পৰৱৰ্তীকালত সেই দেৱী বিগ্ৰহ উদ্ধাৰ কৰি কলাবাৰীত ‘বৰ গোসাঁনী থান’ পুনৰ নিৰ্মাণ কৰা হ’ল৷ ৪ মুঠতে ক’ব পাৰি মানৰ আক্ৰমণত ফুলবাৰী দেৱালয় বৰ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল; ফলত ইয়াৰ দেৱী বিগ্ৰহ কেৱল স্থানান্তৰ হোৱাই নহয় ইয়াত নিত্য পূজা সেৱাৰো বিলুপ্তি ঘটিল৷ লাহে লাহে ফুলবাৰী নগৰ আৰু ফুলবাৰী দেৱালয়ৰো প্ৰাধান্যতা নোহোৱা হ’ল৷ তাৰ ফলত পূজা-অৰ্চনা কৰা ঠাকুৰ পৰিয়ালকেইটাও বহু প্ৰকাৰে অভাৱগ্ৰস্থ হৈ থান-বান দিব ধৰিলে৷ সেইৰূপে ওপৰোক্ত ‘ফুলবৰীয়া ঠাকুৰ’ পৰিয়ালৰ এটা ঠাল আহি উত্তৰ নাওবৈচাৰ ভৰলুৱা অঞ্চলত বাস কৰিছিলহি৷ উল্লেখ্য যে, যিহেতু উক্ত পৰিয়ালটো উপৰোক্ত ফুলবাৰী দেৱালয়ৰ ফুলবৰীয়া ঠাকুৰ বংশৰ বংশধৰ আৰু তেওঁলোক উক্ত ফুলবাৰী নগৰৰ পৰাই আহিছিল৷ সেইৰূপে তেওঁলোক সবাৰে মাজত ‘ফুলবৰীয়া গোসাঁই’ নামে অভিহিত হৈছিল৷ তেওঁলোকে এই অঞ্চললৈ আহি ইয়াতো ফলে-ফুলে সুশোভিত এখন আশ্ৰম সদৃশ ঘৰ-দুৱাৰ পাতি লৈছিল আৰু পূৰ্বৰ তান্ত্ৰিক প্ৰথাৰে ধৰ্ম ধৰি অতি নিমাখিত অৱস্থাৰে কাল যাপন কৰিছিল৷ জনশ্ৰুতি মতে– উক্ত ফুলবৰীয়া গোসাঁই আৰু তেওঁলোকে পাতি লোৱা ফলে-ফুলে সুশোভিত বাৰীখনৰ পৰাই ঠাইখনৰ নাম ‘ফুলবাৰী’ হৈছে৷ ৫

ভৌগোলিক অৱস্থান

ফুলবাৰীৰ ভৌগোলিক অৱস্থান হৈছে (অক্ষাংশ আৰু দ্ৰাঘিমাংশ)। ৬ সাগৰ পৃষ্ঠৰ পৰা ফুলবাৰীৰ গড় উচ্চতা হৈছে ১০২ মিটাৰ.

ৰাজনৈতিক

ফুলবাৰী লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত। আৰু নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত৷৭

ফুলবাৰীৰ শৈক্ষিক স্থানসমূহ

ফুলবাৰীত ১৯৫১ চনত বেতবাৰী অঞ্চলত প্ৰথমখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়৷ বিদ্যালয়খনৰ নাম ‘ফুলবাৰী প্ৰাথমিক বিদ্যালয়’৷ ইয়াৰ পৰৱৰ্তী সময়ত বহুবোৰ শিক্ষাপিৰতিষ্ঠান অঞ্চলটোত গঢ় লৈ উঠে৷ তলত এইসমূহ উল্লেখ কৰা হ’ল-

কলেজ

  • উত্তৰ পূৰ্বাঞ্চল কলেজ৷ (প্ৰতিষ্ঠা-১৯৮)

হায়াৰছেকেণ্ডৰী

  • ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (বেতবাৰী, প্ৰতিষ্ঠা-১৯৯৭) এইখন প্ৰথমতে ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয় হিচাপে ১৯৬১ চনত প্ৰতিষ্ঠা কৰা হৈছিল৷ পৰৱৰ্তী সময়তহে হায়াৰছেকেণ্ডৰীলৈ উন্নীত কৰা হয়৷

উচ্চ মাধ্যমিক বিদ্যালয়

  • শাস্ত্ৰী স্মৃতি উচ্চ ইংৰাজী বিদ্যালয় (দ’লহাট বজাৰ, প্ৰতিষ্ঠা-১৯৭৮)
  • পূব ফুলবাৰী উচ্চ ইংৰাজী বিদ্যালয় (পূব ফুলবাৰী, প্ৰতিষ্ঠা-১৯৮৩)
  • ফুলবাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয় (কমলপুৰ, প্ৰতিষ্ঠা-১৯..)
  • কৃষ্ণপুৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় (দলপা পথাৰ, প্ৰতিষ্ঠা-১৯৬৭)

তথ্যসূত্ৰ

  1. ↑ ভৱকান্ত নাথ, প্ৰবন্ধৰ নাম-ফুলবাৰীৰ ঐতিহ্য, উদীয়মান স্মৃতিগ্ৰন্থ, ফুলবাৰী, ২০২৩, পৃষ্ঠা-১৪
  2. ↑ উপলব্ধি, হীৰক জয়ন্তী মহোৎসৱ, ফুলবাৰী দুৰ্গোৎসৱ সমিতি, সম্পাদক- দিলীপ শৰ্মা, পৃষ্ঠা-৮৮
  3. ↑ পবিত্ৰ অসম, পৃঃ১১,১২, ডঃ মহেশ্বৰ নেওগ
  4. ↑ পবিত্ৰ অসম, পৃঃ১১,১২
  5. ↑ ভৱকান্ত নাথ, প্ৰবন্ধৰ নাম-ফুলবাৰীৰ ঐতিহ্য, উদীয়মান স্মৃতিগ্ৰন্থ, ফুলবাৰী, ২০২৩, পৃষ্ঠা-১৩
  6. ↑ Falling Rain Genomics, Inc - Bihpuria
  7. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুলবাৰী” প্ৰবন্ধৰ সংশোধন ৬২২২৪০ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।