পেৰেণ জিলা নাগালেণ্ডৰ একদশ জিলা৷ এই জিলা পূৰ্বৰ বৃহত্তৰ ক’হিমা জিলাক বিভক্ত কৰি গঠন কৰা হৈছিল৷
ইতিহাস
পেৰেণ জিলা পূৰ্বতে ক’হিমা জিলাৰ এটা মহকুমা আছিল৷ ২০০৩ চনৰ ২৪ অক্টোবৰত এই জিলাক এক পৃথক জিলা হিচাপে স্বীকৃতি দিয়া হয়৷১
ভৌগোলিক অৱস্থান
পেৰেণ জিলাৰ পশ্চিমে অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা আৰু উত্তৰ-পূব দিশত ডিমাপুৰ জিলা অৱস্থিত৷ এই জিলাৰ পূবে ক’হিমা জিলা আৰু দক্ষিণে মণিপুৰ ৰাজ্য৷
পেৰেণ জিলাৰ সদৰঠাই নিউ পেৰেণ (New Peren)৷ এই জিলাৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ৮০০ মিটাৰৰ পৰা ২৫০০ মিটাৰ পৰ্যন্ত৷ পেৰেণ জিলাৰ মূল নগৰ অঞ্চলসমূহ হৈছে টেনিং (Tening), জালুকী (Jalukie) আৰু পেৰেণ৷
পেৰেণ জিলাৰ মূল নদী আৰু উপনৈবোৰ হ’ল Tepuiki, Mbeiki, Ntanki, Mungleu, Tesanki, Nguiki, Nkwareu, Techauki, Ngungreu, Tahaiki আৰু Duilumreu (Tepuiki নৈৰ উপনৈ)৷
পেৰেণ জিলাৰ সৰ্বোচ্চ উচ্চতাৰ পৰ্বতটো হৈছে মাউন্ট পাউনা (Mt. Paona) যি সাগৰ পৃষ্ঠৰ পৰা ২৫০০ মিটাৰ উচ্চতাত অৱস্থিত৷ এই পৰ্বত নাগালেণ্ডৰ তৃতীয় উচ্চতম পৰ্বত৷
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি পেৰেণ জিলাৰ মুঠ জনসংখ্যা ৯৪,৯৫৪ জন।২ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৬৷২ পেৰেণ জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৭ গৰাকী৷২ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৯%।২
পেৰেণ জিলাৰ সংখ্যাগৰিষ্ঠ লোক জেলিয়াং (Zeliang) আৰু কুকী (Kuki) জনজাতিৰ লোক৷
জৈৱবৈচিত্ৰ্য
পেৰেণ জিলাত ইনটাংকি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত৷ এই উদ্যানে জিলাখনৰ ২০২ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে৷
তথ্যসূত্ৰ
- ↑ District Census Handbook - Peren. 2011 Census of India. Directorate of Census Operations, Nagaland
- ↑ (2011). District Census 2011. Census2011.co.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেৰেণ জিলা” প্ৰবন্ধৰ সংশোধন ২৬৮৬৭৩ (২৩ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।