অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পেহেলগাম

পেহেলগাম (Pahalgam) ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন নগৰ। লিড্ডাৰ নদীৰ পাৰত ই কাশ্মীৰ উপত্যকাৰ উচ্চত অৱস্থিত। পেহেলগাম হৈছে অনন্তনাগ জিলাৰ এঘাৰটা তহচিলৰ ভিতৰত অন্যতম পেহেলগাম তহচিলৰ মুখ্য কাৰ্যালয়।

হালনাগাদ: ১ আগষ্ট ২০২৬ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পেহেলগাম (Pahalgam) ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন নগৰ। লিড্ডাৰ নদীৰ পাৰত ই কাশ্মীৰ উপত্যকাৰ উচ্চত অৱস্থিত। পেহেলগাম হৈছে অনন্তনাগ জিলাৰ এঘাৰটা তহচিলৰ ভিতৰত অন্যতম পেহেলগাম তহচিলৰ মুখ্য কাৰ্যালয়। অনন্তনাগৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত এই চহৰখন জনপ্ৰিয় পৰ্যটন স্থলী আৰু পাহাৰীয়া ষ্টেচন। এই চহৰখন জুলাই–আগষ্ট মাহত অনুষ্ঠিত হোৱা অমৰনাথ মন্দিৰৰ বাৰ্ষিক তীৰ্থযাত্ৰাৰ আৰম্ভণিৰ স্থান।

নামতত্ত্ব

পেহেলগাম শব্দটোৰ কাশ্মিৰী অৰ্থ হৈছে 'ভেড়াৰখীয়াৰ গাঁও'৷ Puheyl-ৰ অৰ্থ হৈছে ভেড়া আৰু gam-ৰ অৰ্থ হৈছে গাঁও৷ ১২ হিন্দু সাহিত্যত এই অঞ্চলটোক "বৈলগাঁও" অৰ্থাৎ "ম'হৰ গাঁও" বুলি উল্লেখ কৰা হৈছে৷ হিন্দু দেৱতা শিৱই অমৰনাথলৈ যোৱাৰ পথত নিজৰ ম'হটো ইয়াতে এৰি থৈ গৈছিল বুলি বুজোৱা হয়।৩৪

ভূগোল

পেহেলগাম ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত অৱস্থিত।৫৬ ই কাশ্মীৰ উপত্যকাৰ ঝেলুম নদীৰ পূব দিশত বিস্তৃত লিদ্দে উপত্যকাৰ উচ্চতাত অৱস্থিত।৭৮ লিডাৰ নদীৰ দুটা ধাৰা—পূব আৰু পশ্চিম লিডাৰ—পেহেলগামৰ ওচৰত সংযুক্ত হৈ সংকীৰ্ণ উপত্যকাটোৰ মাজেৰে আগবাঢ়ি যায়।৯ পেহেলগামত উপত্যকাটো দুটা ভাগত বিভক্ত হয়, এটা উত্তৰ-পূবে অমৰনাথলৈ আৰু আনটো উত্তৰ-পশ্চিমে আৰুলৈ।১০ এই অঞ্চলটো আগ্নেয়গিৰি আৰু চূণশিলৰ শিলৰ দ্বাৰা গঠিত আৰু ইয়াৰ মাজতে অসমতাপূৰ্ণ ৰ'চ শিল আছে।১১ এই অঞ্চলৰ গছ-গছনিত চিৰসেউজ ফাৰ আৰু পাইন আৰু স্প্ৰুচৰ দৰে কনিফেৰাছ গছ দেখিবলৈ পোৱা যায়।১২

তথ্যসূত্ৰ

  1. ↑ Ahmad 2003, পৃ. 6
  2. ↑ Betts McCulloch 2014, পৃ. 234
  3. ↑ Raina 2014, পৃ. 325
  4. ↑ Hazra 2003, পৃ. 71
  5. ↑ Pahalgam. citypopulation.de
  6. ↑ Rain Genomics – Pahalgam. Galling Rain
  7. ↑ Ahmad 2003, পৃ. 6
  8. ↑ Kaul 1990, পৃ. 31
  9. ↑ Kaul 1990, পৃ. 25
  10. ↑ Ahmad 2003, পৃ. 6
  11. ↑ Ahmad 2003, পৃ. 137
  12. ↑ Kaul 1990, পৃ. 35

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নগৰ মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেহেলগাম” প্ৰবন্ধৰ সংশোধন ৬২২২১৯ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।