চন্দ্ৰগিৰি নদী (Chandragiri River) , কৰ্ণাটকত পয়স্বিনী নদী আৰু কেৰালাত পেৰুমপুঝা নামেৰেও পৰিচিত। ১২৩ ই ভাৰতৰ কেৰালা ৰাজ্যৰ কাছৰগোড় জিলাৰ আটাইতকৈ দীঘল নদী। এই নদীখন চেম্নাডৰ এক ঐতিহাসিক সম্পদ হিচাপে পৰিগণিত। নদীখনৰ নাম মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ নামেৰে ৰখা হৈছিল।৪৫৬
নদীখন কৰ্ণাটকৰ ক’ডাগু জিলাৰ পশ্চিমঘাটত অৱস্থিত তালাকাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যৰপৰা উৎপত্তি হৈছে। ই সুলিয়া, জলচূৰ, পাৰাপ্পা, আদূৰ, চেংগালা, কাছৰগোড় আৰু চেম্নাড আদি ঠাইৰ মাজেৰে বৈ গৈ অৱশেষত আৰব সাগৰত মিলিত হয়। সুলিয়া তালুকত নদীখন ঘৰুৱা কাম-কাজ আৰু কৃষিকাৰ্যৰ বাবে এক গুৰুত্বপূৰ্ণ জলৰ উৎস। চেম্নাডক চন্দ্ৰগিৰিৰ দেশ (Land of Chandragiri) বুলি গণ্য কৰা হয়।
ইতিহাস
চন্দ্ৰগিৰি বা পেৰুমপুঝা নদীক পৰম্পৰাগতভাৱে তুলুনাডু আৰু কেৰালাৰ মালয়ালমভাষী অঞ্চলৰ মাজৰ প্ৰাকৃতিক সীমা হিচাপে গণ্য কৰা হয়।
ষোড়শ শতিকাত পৰ্তুগীজসকলে প্ৰস্তুত কৰা ভূগোলসমূহত চন্দ্ৰগিৰি নদীখনক ৰিঅ' কেংগেৰেকোৰা নামেৰে উল্লেখ কৰা হৈছিল। সেই সময়ত নদীখন “কানাৰা” প্ৰদেশ আৰু “মালাবাৰ”ৰ স্বাধীন ৰাজ্যসমূহৰ মাজৰ সীমাৰেখা হিচাপে চিহ্নিত কৰা হৈছিল। “কানাৰা” বুলিলে বৰ্তমানৰ কৰ্ণাটকৰ দক্ষিণ উপকূলীয় কন্নড়ভাষী অঞ্চলক বুজোৱা হৈছিল, যি তেতিয়া বিজয়নগৰ সাম্ৰাজ্যৰ অধীনস্থ আছিল। আনহাতে, “মালাবাৰ” নামেৰে তেতিয়াৰ কেৰালাৰ অঞ্চলসমূহক বুজোৱা হৈছিল।৭ ৮
এইদৰে চন্দ্ৰগিৰি নদীখনে ঐতিহাসিকভাৱে কেৰালাৰ মালয়ালমভাষী অঞ্চল আৰু কৰ্ণাটকৰ তুলু-কন্নড়ভাষী অঞ্চলৰ মাজত এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক আৰু ভৌগোলিক সীমাৰ ভূমিকা পালন কৰি আহিছে।
গতিপথ
চন্দ্ৰগিৰি নদীৰ উৎপত্তি কৰ্ণাটকৰ কোডাগু জিলাত, পশ্চিমঘাট পৰ্বতমালাৰ গ্ৰেটাৰ তালাকাবেৰী ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ ঢালত। উৎপত্তিস্থলৰপৰা নদীখন প্ৰথমে কৰ্ণাটকৰ মালেনাডু অঞ্চলৰ মাজেৰে বৈ যায়। এই পথে ই পুষ্পগিৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেৰে পাৰ হৈ কোডাগু আৰু দক্ষিণ কানাড়া জিলাৰ কেইবাটাও পাহাৰীয়া অঞ্চল আৰু জনবসতি অতিক্ৰম কৰে। ইয়াৰ ভিতৰত আদ্যাডকা, বিলিয়াৰ, পাৰিৱাৰকানা, পালাডকা, সুলিয়া, পিলিকোডি আৰু কান্যানা উল্লেখযোগ্য। ইয়াৰ পাছত চন্দ্ৰগিৰি নদী কেৰালাত প্ৰৱেশ কৰি কাছাৰগোড জিলাৰ পূব অংশৰ পাহাৰীয়া অঞ্চলসমূহৰ মাজেৰে বৈ যায়। এই অংশত পাঞ্জিক্কাল, কোট্টিয়াডি, আধুৰ, পুৱাডকা, কোট্টামকুঝি, বেথুৰপুঝা, কুণ্ডামকুঝি, কোলাথুৰ, মুলিয়াৰ আৰু ব'ভিকানাম আদি অঞ্চল নদীখনৰ গতিপথত অৱস্থিত। ব'ভিকানামত ইয়াৰ প্ৰধান উপনৈ কুদুম্বুৰ নদী চন্দ্ৰগিৰি নদীৰ সৈতে মিলিত হয়। তাৰ পাছত নদীখন মালাবাৰ সমভূমিত প্ৰৱেশ কৰি থেক্কিল, চেংগালা, চাট্টাঞ্চাল, পেৰুম্বালা, চেমনাড আৰু কাছাৰগোডৰ মাজেৰে বৈ যায়। অৱশেষত চন্দ্ৰগিৰি নদী কাছাৰগোড চহৰৰ থালাংগাৰাত আৰৱ সাগৰত মিলিত হয়।
পৰিৱেশতন্ত্ৰ
চন্দ্ৰগিৰি নদীৰ অৱবাহিকাত পশ্চিমঘাটৰ বৈশিষ্ট্যপূৰ্ণ বিভিন্ন পৰিৱেশতন্ত্ৰ দেখা যায়। নদীখনৰ উজনি অংশত ক্ৰান্তীয় আৰ্দ্ৰ চিৰসেউজীয়া বনাঞ্চল আৰু নামনি অংশত আৰ্দ্ৰ পৰ্ণপাতী উদ্ভিদেৰে সমৃদ্ধ নদীপাৰৰ অঞ্চল বিস্তৃত হৈ আছে।৯ নদীখন তালাকাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত উৎপত্তি লাভ কৰিছে। এই অভয়াৰণ্যখন এক গুৰুত্বপূৰ্ণ জৈৱ-বৈচিত্ৰ্য অঞ্চল আৰু ইয়াত স্থানীয়ভাৱে পোৱা বহু উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি আছে। ইয়াৰ উল্লেখযোগ্য উদ্ভিদৰ ভিতৰত চিৰসেউজীয়া হোপিয়া পংগা (Hopea ponga) অন্যতম। ইয়াত সিংহ-নেজীয়া বান্দৰ, মালাবাৰ দৈত্যাকাৰ কেৰ্কেটুৱা আৰু ২৫০ৰো অধিক প্ৰজাতিৰ চৰাই পোৱা যায়। মালাবাৰ হুইছলিং থ্ৰাছ ইয়াৰ উল্লেখযোগ্য চৰাই প্ৰজাতিসমূহৰ অন্যতম।১০ নদীখনৰ নামনি অংশত কেৰালাৰ ব্ৰহ্মগিৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে ইয়াৰ সংযোগ ঘটে। এই অঞ্চল এছীয়াৰ হাতী আৰু বংগ বাঘৰ দৰে বৃহৎ স্তন্যপায়ী প্ৰাণীৰ বাসস্থান। নদীপাৰৰ জলাহভূমিত মালাবাৰ উৰণীয়া ভেকুলী(Malabar Gliding Frog) ধৰি বিভিন্ন উভচৰ প্ৰাণীও পোৱা যায়।১১
চন্দ্ৰগিৰি নদীৰ জলজ পৰিৱেশতন্ত্ৰতো যথেষ্ট জৈৱ-বৈচিত্ৰ্য দেখা যায়। ইয়াত ডেকান মহছীৰ (Tor khudree) আৰু হিল ট্ৰাউট (Lepidopygopsis গণৰ অন্তৰ্গত) আদি স্থানীয় মাছ পোৱা যায়। এই মাছসমূহে স্থানীয় মৎস্যজীৱিকা আৰু মৎস্যসম্পদৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।১২ চন্দ্ৰগিৰি নদীৰ অৱবাহিকাত বছৰি গড়ে প্ৰায় ৩,৫০০ মিলিমিটাৰ বৰষুণ হয়। বিশেষকৈ বাৰিষাকালত অধিক পৰিমাণৰ পানী প্ৰৱাহিত হোৱাৰ ফলত মাটিৰ খহনীয়া আৰু বনাঞ্চল ধ্বংসৰ আশংকা বৃদ্ধি পায়। এই সমস্যা মোকাবিলা কৰিবলৈ কেৰালা বন বিভাগে নদীপাৰৰ উদ্ভিদ ৰোপণ আৰু পৰিৱেশ-উন্নয়নমূলক কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।১৩
উপনৈসমূহ
চন্দ্ৰগিৰি নদীয়ে ক’ডাগুৰ পশ্চিমঘাটৰপৰা উৎপত্তি হৈ কাছাৰগোড জিলাৰ মাজেৰে বৈ বহুতো উপনৈ লাভ কৰে। তলৰ তালিকাখনত চৰকাৰী নথি-পত্ৰত উল্লিখিত চন্দ্ৰগিৰি নদীৰ সকলো প্ৰধান আৰু সৰু উপনৈৰ তালিকা দিয়া হৈছে।
| উপনৈ | দৈৰ্ঘ্য (কিলোমিটাৰ) | উৎপত্তি | সংগম | তথ্যৰ উৎস |
|---|---|---|---|---|
| কুডুম্বুৰ নদী | ৪৮ | ব্ৰহ্মগিৰি পাহাৰ, কোদাগু | Left bank at Bovikanam (east of Chattanchal) | ১৪১৫ |
| কুপ্পাম নদী | ২২ | তালাকাবেৰী বন্যপ্ৰাণী অভয়াৰণ্য, কোদাগু | চেমনাদৰ ওচৰত, কাছাৰগোড | ১৬ |
| শ্বিৰিয়া নদী | ২৮ | কাছাৰগোডৰ শিৰিয়াৰ ওচৰৰ পশ্চিম ঘাট পৰ্বত | থালাংগাৰা মোহনাটোৰ ওচৰত | ১৭ |
| কুডলু হোল | ১৮ | পাট্টিঘাট সংৰক্ষিত বনাঞ্চল, কোদাগু | কুডলু গাঁৱৰ ওচৰত, কাছাৰগোড | ১৮ |
| পুনকোঠ হোল | ১২ | সম্পাজে ৰেঞ্জ, দক্ষিণ কানাড়া | পুনকোথৰ ওচৰত, চুলিয়া তালুক | ১৯ |
| পুনকোঠ হোল | ১৫ | পুষ্পগিৰি বন্যপ্ৰাণী অভয়াৰণ্য | কন্যানাৰ ওচৰত,কাছাৰগোড | ২০ |
| কলনাদ হোল | ~১০ | কলনাদ গাঁৱৰ পাহাৰ, কাছাৰগোড | কলনাদৰ ওচৰত,হোছদুৰ্গ তালুক | ২১ |
| পেৰুভাঞ্জে হোল | ~৮ | পেৰুভাঞ্জে সংৰক্ষিত বনাঞ্চল, চুলিয়া | পেৰুভাঞ্জেৰ ওচৰত, কাছাৰগোড সীমান্ত | ২২ |
| আদ্যনাদকা নুল্লাহ | ~৬ | আদ্যনাদকা গাঁও, কাছাৰগোড | আদ্যনাদকাৰ ওচৰত, বাঁওফালৰ পাৰ | ২৩ |
| চলিংগল নুল্লাহ | ~৫ | চলিংগল পাহাৰ, হোছদুৰ্গ | চলিংগলৰ ওচৰত, সোঁফালৰ পাৰ (Right bank) | ২৪ |
কুদুম্বুৰ নদী হৈছে চন্দ্ৰগিৰি নদীৰ আটাইতকৈ দীঘল আৰু গুৰুত্বপূৰ্ণ উপনদী। বাৰিষাৰ শীৰ্ষ সময়ত ই চন্দ্ৰগিৰি নদীৰ মুঠ জলপ্ৰৱাহৰ প্ৰায় ২৫% যোগান ধৰে। ২৫ সৰু সৰু নলা আৰু ঋতুভিত্তিক জলধাৰা এই নদী অৱবাহিকাত বহুতো আছে, যদিও চৰকাৰী নথি-পত্ৰত সেইবোৰ পৃথকভাৱে মানচিত্ৰত দেখুওৱা হোৱা নাই।
তথ্যসূত্ৰ
- ↑ S. Jayashanker. (2001). Temples of Kasaragod District. Controller of Publications. পৃ. 4
- ↑ Adoor K. K. Ramachandran Nair. (1986). Kerala State Gazetteer. State Editor, Kerala Gazetteers. পৃ. 9
- ↑ Namboothiri Rulers (Naaduvaazhikal). www.namboothiri.com
- ↑ (2011-10-01). District Census Handbook - Kodagu District 2011. Directorate of Census Operations-Karnataka
- ↑ (2011-10-01). District Census Handbook - Dakshina Kannada District 2011. Directorate of Census Operations-Karnataka
- ↑ (2011-10-01). District Census Handbook - Kasaragod District 2011. Directorate of Census Operations-Kerala
- ↑ João de Barros (1552) Decadas da Asia, Dec. I, Bk.9, ch.1, p.296
- ↑ Duarte Barbosa (c.1518) Book of Duarte Barbosa, 1918 trans., v.1, p.196
- ↑ Forest Types in Kerala. Kerala Forest Department, Government of Kerala
- ↑ Talakaveri Wildlife Sanctuary. Department of Forest, Government of Karnataka
- ↑ Brahmagiri Wildlife Sanctuary. Kerala Forest Department, Government of Kerala
- ↑ Rivers of Kerala - Aquatic Biodiversity. Environmental Information System, Kerala State Council for Science, Technology and Environment
- ↑ Eco-Development Committees. Kerala Forest Department, Government of Kerala
- ↑ About District. Kasaragod District Administration
- ↑ Mogral, Chandragiri and Chittari Rivers. KERENVI
- ↑ About District. Kasaragod District Administration
- ↑ River System. IDRB, Govt. of Kerala
- ↑ River System. IDRB, Govt. of Kerala
- ↑ River Systems of Karnataka. Water Resources Dept., Karnataka
- ↑ Mogral, Chandragiri and Chittari Rivers. KERENVI
- ↑ About District. Kasaragod District Administration
- ↑ River Systems of Karnataka. Water Resources Dept., Karnataka
- ↑ Kasaragod District Panchayat Profile. Local Self Government Dept., Kerala
- ↑ Kasaragod District Panchayat Profile. Local Self Government Dept., Kerala
- ↑ Mogral, Chandragiri and Chittari Rivers. KERENVI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰগিৰি নদী” প্ৰবন্ধৰ সংশোধন ৬৩৪৩১৭ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।