দৰিকা নদী হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য নদী। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চণ্টক চাহ বাগিছাৰ পূবত থকা নগা পাহাৰৰ নামনি অংশৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে।
উৎপত্তি
দৰিকা নদীখন শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চণ্টক চাহ বাগিছাৰ পূবত থকা নগা পাহাৰৰ নামনি অংশৰ পৰা উৎপত্তি হৈছে।
গতিপথ
ইয়াৰ পৰা ওলাই চন্টক বাগিছাৰ পূবেদি বৈ গৈ শিমলুগুৰি, লখিমপুৰৰ পৰা ৩ কিঃমিঃ পূবত ধোদৰ আলিৰ পুৰণি শিলৰ সাঁকোৰ তলেদি পাৰ হৈ, চৰাইদেউৰ পাহাৰ ওলাই দিজৈখনাৰ লগ হৈ, দৰিকা নদী খনে উত্তৰমুৱাহৈ দৰিকা গাঁও পায়। ইয়াৰ পৰা উত্তৰ-পশ্চিমমুৱা হৈ নিমাইজানৰ লগ হৈ শিৱসাগৰৰ নগৰৰ পৰা ডেৰ কিঃমিঃ পূবত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হয়। তাৰ পৰা ৮ কিঃমিঃ বৈ গৈ মৰি দিলিহি নদী লগ হয়। আকৌ তাৰ পৰা ৫ কিঃমিঃ আহি দেউঘৰীয়াত দিখৌ নদী পৰা ঠাইতে একেলগে ব্ৰহ্মপুত্ৰত পৰিছেহি।
দৰিকাৰ প্ৰধান উপনদী
টিমুক নদী
শিৱসাগৰ জিলাৰ নিমনাগড় চাহবাগিছাৰ পৰা ওলোৱা নামদাং নদী খন উত্তৰ-পশ্চিম দিশত আহি নাহৰনি চাহ বাগিছা দক্ষিণে নিমনাগড় জানৰ লগ লাগি টিমুক জান নাম লয়। ইয়াৰ পৰা পশ্চিমমুৱাহৈ ৰাজগড় আলি পাৰহৈ গৌৰিজানৰ পশ্চিমলৈ আহি দৰিকা গাঁৱৰ পূবত দৰিকা নদীত পৰে।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৰিকা নদী” প্ৰবন্ধৰ সংশোধন ৫৬৫৭২৮ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।