অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চম্পাৱতী নৈ

চম্পাৱতী নৈ ভাৰত উপমহাদেশৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ। চম্পাৱতী নৈৰ তিনিটা উপনৈ আছে - ভূৰ নদী (মোৰা ভূৰ নদীকে ধৰি), লোপানী আৰু ঢল পানী, যিবোৰ ভূটানৰ পাহাৰৰ পৰা উৎপত্তি হৈছে।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

চম্পাৱতী নৈ ভাৰত উপমহাদেশৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদ নদীৰ উপনৈ। চম্পাৱতী নৈৰ তিনিটা উপনৈ আছে - ভূৰ নদী (মোৰা ভূৰ নদীকে ধৰি), লোপানী আৰু ঢল পানী, যিবোৰ ভূটানৰ পাহাৰৰ পৰা উৎপত্তি হৈছে।

ভূৰ নদীৰ উৎপত্তি গুৰুংডাণ্ডোৰ পৰা অসমৰ চিৰাং জিলাৰ চিদলী তহচিলত অৱস্থিত ভূৰ গাঁৱৰ মাজেৰে বৈ গৈ অসমত প্ৰৱেশ কৰাৰ পিছত পটিয়াখোলা নামৰ এখন সৰু নদী লৈ যায়। তাৰ পিছত ভূৰ নদীখন সংকীৰ্ণ বালিচহীয়া ৰূপলৈ পৰিণত হৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈ শান্তিপুৰত উপস্থিত হয় আৰু শান্তিপুৰৰ পৰা ভূৰ নদী দক্ষিণ-পশ্চিম দিশলৈ বৈ গৈ হাণ্টুপাৰাত সোঁফালে খুংৰুং নদী লৈ বঙাল অভয়াৰণ্যত প্ৰৱেশ কৰে। বংতাল অভয়াৰণ্যৰ পিছত ভূৰ নদী বাঁহবাৰী নদী নাম লৈ দক্ষিণ দিশলৈ বৈ যায়। তাৰপিছত ভূৰ নৈয়ে শালবাৰী ভূৰপাৰৰ মাজেৰে বৈ গৈ ইয়াৰ দুয়োকাষে ফুলকুমাৰী নদীৰ পৰা দুটা উপনৈ লৈ ঢলপানী নদীৰ লগত মিলিত হয় আৰু শেষত চম্পৱতী নদীৰ নাম লয়।

ঢলপানী নদীৰ উৎপত্তিও ভূটানৰ পাহাৰৰ পৰা আৰু ভূটান-ভাৰত সীমান্তত বৈ যোৱাৰ আগতে ই দুটা উপনৈ অৰ্ণে খোলা নদী আৰু তিনিয়াবধি নদীক লগত লৈ শেষত চম্পাৱতী নদীৰ সৈতে মিলিত হয়।

চিৰাং বনাঞ্চলৰ মাজেৰে বৈ যোৱা লোপানী নদীখনে ঢলপানী নদীৰ লগত লগ পোৱাৰ আগতে ঝোৰা বিলৰ পৰা উপনৈ এটা লৈ যায়। ঢলপানী আৰু লোপানীয়ে লগ হৈ চম্পাৱতী নদীৰ নাম লয়।

৩১-চি নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ চম্পাৱতী নদীখন দুটা ভাগত বিভক্ত হৈ অৱশেষত ধুবুৰী জিলাৰ চাপৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায়।১২৩

তথ্যসূত্ৰ

  1. ↑ Ground Water Information Booklet Bongaigoan District, Assam. General Portal of Central Ground Water Board, Ministry of Jal Shakti, Department of Water Resources, Government of India
  2. ↑ A comparative geotechnical study of natural, crushed and mixture of natural and crushed river borne aggregates of the river Champabati
  3. ↑ Physiography of the Brahmaputra river system of Himalayan origin

সম্পৰ্কিত শ্ৰেণী

অসমৰ নদীব্ৰহ্মপুত্ৰ নদীৰ উপনৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চম্পাৱতী নৈ” প্ৰবন্ধৰ সংশোধন ৫৬৫৭১৪ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।