অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

প্ৰাচীন গোৱা

গোৱাৰ গীৰ্জা আৰু কনভেন্টসমূহ বিশ্ব ঐতিহ্য তালিকাৰ (ii), (iv) আৰু (vi) বিভাগৰ অন্তৰ্গত ১৯৮৬ চনত ইউনেস্কোৰ স্বীকৃতি লাভ কৰে। ষোড়শ-অষ্টাদশ শতাব্দীৰ মধ্যবৰ্তী সময়ত গোৱাৰ পৰ্তুগীজ ঔপনিবেশিক শাসকসকলে এই গীৰ্জাসমূহ নিৰ্মাণ কৰে।

হালনাগাদ: ২৬ জুলাই ২০২৪ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গোৱাৰ গীৰ্জা আৰু কনভেন্টসমূহ বিশ্ব ঐতিহ্য তালিকাৰ (ii), (iv) আৰু (vi) বিভাগৰ অন্তৰ্গত ১৯৮৬ চনত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ স্বীকৃতি লাভ কৰে। ষোড়শ-অষ্টাদশ শতাব্দীৰ মধ্যবৰ্তী সময়ত গোৱাৰ পৰ্তুগীজ ঔপনিবেশিক শাসকসকলে এই গীৰ্জাসমূহ নিৰ্মাণ কৰে। সকলোবোৰৰ ভিতৰত গুৰুত্বপূৰ্ণ গীৰ্জাটি হল বোম যীশুৰ গীৰ্জা (Basilica of Bom Jesus)। চেন্ট ফ্ৰান্সিস-জেভিয়াৰ (St. Francis Xavier) সমাধি এই গীৰ্জাতেই অৱস্থিত। গোৱাৰ এই স্মাৰকসমূহ "প্ৰাচ্যৰ ৰোম" নামে পৰিচিত। কেথলিক মিশ্যনেৰীসকলৰ দ্বাৰা প্ৰতিষ্ঠিত এই স্মাৰকসমূহ এছিয়াৰ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ এক নিদৰ্শন। প্ৰায় ৬০টা গীৰ্জা ইয়াত প্ৰতিষ্ঠিত হয়। ইয়াৰ মাজত 'গোৱা ভেলহা' চহৰত বিদ্যমান সাতটি স্মাৰক হ'ল- চেন্ট কেথেৰিনৰ চাপেল, য়্যাচিচিৰ চেন্ট ফ্ৰান্সিসৰ গীৰ্জা আৰু কনভেন্ট, দ্য কেথেড্ৰেল, বোম যীশুৰ গীৰ্জা, চেন্ট গেগ্টান আৰু ইয়াৰ চেমিনাৰী, আওয়াৰ লেডি অফ্ দা ৰোজাৰি আৰু চেন্ট অগাস্টাইন কনভেন্ট। এই সকলোবোৰ ১৫৭২ চনত নিৰ্মিত হয়। এই স্মাৰকসমূহ এছিয়াৰ ম্যানুলিন (Manueline), ম্যানাৰিস্ট (Mannerist) আৰু ব্যাৰোক (Baroque) স্থাপত্যশৈলীৰ অনুৰূপ। স্মাৰকসমূহ স্থানীয় চূণশিল আৰু বেচাল্টৰ এক সংমিশ্ৰণত প্লাষ্টাৰ কৰা। সেয়ে ইয়াৰ বগা ৰঙটোৱে এক অনন্য শোভা প্ৰদৰ্শন কৰে৷১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Churches and Convents of Goa. UNESCO
  2. ↑ Churches and Convents at Goa: World Heritage List N0. 232. UNESCO

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰভাৰতৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাচীন গোৱা” প্ৰবন্ধৰ সংশোধন ৪২৬৮৫৪ (২৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।