অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দেউৰী স্বায়ত্বশাসিত পৰিষদ

দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্ত্বশাসিত অঞ্চলৰ পৰিষদ। দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ত্ব শাসনৰ বাবে অসম চৰকাৰে ২০০৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৭ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে।

হালনাগাদ: ৬ জুন ২০২৫ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্ত্বশাসিত অঞ্চলৰ পৰিষদ। দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ত্ব শাসনৰ বাবে অসম চৰকাৰে ২০০৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৭ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে। দেউৰী জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়নৰ বাবে এই পৰিষদে কাম কৰে।

ইয়াৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া ভৈৰব দেউৰী১ আৰু পৰিষদৰ মুখ্য কাৰ্যালয় লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভীমবৰ দেউৰী নগৰত অৱস্থিত।

যোৰহাট, মাজুলী, নগাঁও, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, শোণিতপুৰ আৰু লখিমপুৰ জিলাৰ কিছু কিছু অংশৰে দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ গঠিত। এই অঞ্চলত বাস কৰা দেউৰী জনগোষ্ঠীৰ লোকৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগৰ অন্তত এই পৰিষদ গঠন কৰা হৈছিল।

এই পৰিষদৰ প্ৰথম পৰিষদীয় সাধাৰণ নিৰ্বাচন ২০১৩ চনত হৈছিল।২

ইতিহাস

২০০৫ চনত অসম চৰকাৰ আৰু দেউৰী জনগোষ্ঠীৰ প্ৰতিনিধি সকলৰ মাজৰ চুক্তি অনুসৰি দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰা হৈছিল। দেউৰী জনজাতী অধ্যুষিত অঞ্চলৰ স্বায়ত্ত্ব শাসনৰ বাবে এই পৰিষদ গঠন কৰা হৈছিল।৩ ২০০৭ চনত পৰিষদৰ প্ৰথম নিৰ্বাচন হৈছিল।

গঠন

স্বায়ত্ত্বশাসিত পৰিষদ

দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ২০ গৰাকী। ইয়াৰে ১৮ গৰাকী সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। বাকী দুগৰাকী অসম চৰকাৰে মনোনীত কৰে। মুঠ সদস্যপদৰ ৯খন এখন অনুসূচীত জনজাতিৰ আৰু ৩খন মহিলাৰ বাবে সংৰক্ষিত। পৰিষদৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া মাধৱ দেউৰী।৪

গাঁও পৰিষদ

পৰিষদৰ অন্তৰ্ভুক্ত গাঁও সমূহত একোখনকৈ গাঁও পৰিষদ আছে। প্ৰতিখন গাঁও পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ১০ গৰাকী। ইয়াৰে ন্যূনতম পাঁচ গৰাকী সদস্য দেউৰী সমাজৰ লোক আৰু এগৰাকী মহিলা হোৱা বাঞ্ছনীয়। প্ৰতিখন গাঁও পৰিষদৰ এজন অধ্যক্ষ থাকে।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.dacassam.org.in/members-of-dac/
  2. ↑ Assam tribal council polls today amid bandh call, Indian Express
  3. ↑ আৰ্কাইভ কপি
  4. ↑ আৰ্কাইভ কপি
  5. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ প্ৰশাসন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেউৰী স্বায়ত্বশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৫১৫৬৫৮ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।