ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হাওৰ
হাওৰ (Haor) হৈছে বাংলাদেশৰ উত্তৰ-পূব অংশৰ এক জলাশয় পৰিৱেশতন্ত্ৰ, যি বাটি বা প্লেটৰ আকৃতিৰ অগভীৰ জলভূমি, যাক বেকস্বাম্প বুলিও কোৱা হয়। বাৰিষাৰ সময়ত হাওৰে নদী আৰু খালৰ পৰা বাগৰি যোৱা পানী গ্ৰহণ কৰি বিশাল আকাৰ ধাৰণ কৰি অশান্ত জলাশয়লৈ পৰিণত হয়।
-
হাথীগুম্ফা শিলালিপি
হাথীগুম্ফা শিলালিপি হৈছে ভাৰতৰ ওড়িশাৰ ভুবনেশ্বৰৰ ওচৰৰ উদয়াগিৰি পাহাৰৰ হাথীগুম্ফা নামৰ গুহাত ব্ৰাহ্মী লিপিত খোদিত কৰা প্ৰাকৃত ভাষাত লিখা সোতৰটা শাৰীৰে গঠিত জৈন শিলালিপি। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ মাজৰ ইয়াক কলিংগ ৰাজ্যৰ জৈন ৰজা খৰাভেলাই লিপিবদ্ধ কৰিছিল।
-
ৰাগ মালকোশ
মালকোশ, যাক ৰাগ মালকোস বুলিও জনা যায়, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এটা ৰাগ। ই ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অন্যতম প্ৰাচীন ৰাগ। কৰ্ণাটক সংগীতত ইয়াৰ সমতুল্য ৰাগক হিন্দোলম বোলা হয়, যাক হিন্দুস্থানী হিন্দোলৰ সৈতে বিভ্ৰান্ত কৰিব নালাগে।
-
ৰিয়াধ
ৰিয়াধ (আৰৱী: الرياض অৰ্থ উদ্যান) চৌদি আৰৱৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ নগৰ। ই চৌদি আৰৱৰ ৰিয়াধ প্ৰান্তৰ ৰাজধানী হোৱাৰ উপৰিও নেজ্দ আৰু আল য়ামামাৰ দৰে ঐতিহাসিক ক্ষেত্ৰৰ লগতো ইয়াৰ সম্পৰ্ক আছে। সমুদ্ৰপৃষ্ঠৰ পৰা ২৫০০ ফুট উচ্চতাত আৰৱ মালভূমিত ৰিয়াধ অৱস্থিত।
-
ৰেড লাইট ডিষ্ট্ৰিক্ট
নিষিদ্ধ অঞ্চল বা সন্তুষ্টি প্ৰদানকাৰী এলাকা বা ৰেড লাইট ডিষ্ট্ৰিক্ট (Red-light district) হ’ল এটা চহৰীয়া অঞ্চল, য’ত বেশ্যাবৃত্তি আৰু যৌনতা সম্বন্ধীয় ব্যৱসায়, যেনে- যৌন বিপনী, ষ্ট্ৰিপ ক্লাব, প্ৰাপ্তবয়স্কৰ থিয়েটাৰ আদি কেন্দ্ৰীভূত হোৱা দেখা যায়।
-
ৱায়মিং
ৱায়মিং (Wyoming; ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ পৰ্বতীয় অঞ্চলত অৱস্থিত এখন অংগৰাজ্য। ১৮৯০ চনৰ ১০ জুলাই তাৰিখে ৱায়মিঙে ৪৪ সংখ্যক অংগৰাজ্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদান কৰে।
-
অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান
অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান (Assam State Zoo cum Botanical Garden) অসমৰ গুৱাহাটী মহানগৰৰ ৰাধাগোবিন্দ পথত অৱস্থিত। ই উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যিক চিৰিয়াখানা। এই চিৰিয়াখানাৰ মুঠ মাটিকালি প্ৰায় ১৭৫ হেক্টৰ। এই চিৰিয়াখানাটো গুৱাহাটীৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত অৱস্থিত।
-
অৰুণাচল কমলা
অৰুণাচল কমলা বা ৱাক্ৰ’ কমলা হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ কমলা টেঙা। ২০১৫ চনৰ ২৩ মাৰ্চত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে অৰুণাচল কমলাক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।
-
অৰুণাচল প্ৰদেশৰ জিলাসমূহ
অৰুণাচল প্ৰদেশ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইটানগৰ। অৰুণাচল প্ৰদেশক ১৭ খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।
-
আখ্যান
আখ্যান (Akhyan) এক পৰম্পৰাগত সঙ্গীতিক থিয়েটাৰ তথা গুজৰাটী আৰু ৰাজস্থানী কবিতাৰ এক মধ্যযুগীয় শৈলী। ভাৰতৰ ৰাজস্থান আৰু গুজৰাটত এনে ধৰণৰ আখ্যান প্ৰচলিত আছিল।
-
আভাইকি
আভাইকি (ইংৰাজী: Avaiki) হৈছে পলিনেছিয়াৰ জনগোষ্ঠীসমূহে নিজৰ পূৰ্বপুৰুষ আৰু আধ্যাত্মিক গৃহভূমি বুলি বিশ্বাস কৰা বহুতো ভূখণ্ডৰ ভিতৰত অন্যতম ভূখণ্ড। কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথাত আভাইকি কথা বৰ্ণনা কৰা হৈছে।
-
আভাটিয়া
আভাটিয়া (ইংৰাজী: Avatea) হৈছে কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীত বৰ্ণিত এক কিংবদন্তিমূলক সত্তা। কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীমতে আভাটিয়া আছিল এজন চন্দ্ৰ দেৱতা আৰু মাংগাইৰ উৎপত্তি শ্ৰুতিকথামতে দেৱতা আৰু মানুহৰ পিতৃ। আভাটিয়াক কেতিয়াবা ভাটিয়া বুলিও উল্লেখ কৰা হয়।
-
আমগুৰি
আমগুৰি (IPA: æmˈgʊərɪ) (Amguri) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন ঠাই।
-
আলাথুৰ
আলাথুৰ (Alathur) ভাৰতৰ কেৰেলাৰ পলাক্কাড জিলাৰ এখন চহৰ, তালুক আৰু গ্ৰাম পঞ্চায়ত।[ আলাথুৰ হৈছে আলাথুৰ তালুকৰ প্ৰশাসনিক সদৰ। ই জিলা সদৰ পালাক্কাডৰপৰা প্ৰায় ২৪ কিলোমিটাৰ দূৰত ৰাষ্ট্ৰীয় ঘাইপথ ৫৪৪ৰ কাষত অৱস্থিত। ভাৰতপুঝা নদীৰ এটা উপনৈ গায়ত্ৰীপুঝা নদী আলাথুৰৰ মাজেৰে বৈ গৈছে।
-
আৰুবা
আৰুবা নেদাৰলেণ্ডৰ ভিতৰৰ এখন সাংবিধানিক দ্বীপ ৰাষ্ট্ৰ; ই দক্ষিণ কেৰিবিয়ান সাগৰৰ ভেনিজুৱেলাৰ পেৰাগুয়ানা উপদ্বীপৰ পৰা ২৯ কিলোমিটাৰ (১৮ মাইল) উত্তৰত আৰু কুৰাচাওৰ পৰা ৮০ কিলোমিটাৰ (৫০ মাইল) উত্তৰ-পশ্চিমে অৱস্থিত।
-
উত্তৰ ত্ৰিপুৰা জিলা
উত্তৰ ত্ৰিপুৰা জিলা উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ এখন অন্যতম জিলা। জিলাখন ১৯৭০ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হয়। এই জিলাৰ সদৰঠাই ধৰ্মনগৰ। জিলাখনৰ মুঠ মাটিকালি ১৪২২.১৯ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৪৪৪৫৭৯ জন।
-
উমাটুমনি
উমাটুমনি বা উমাবন, ব্ৰহ্মপুত্ৰ নদীৰ বিশ্বনাথ ঘাটৰ বুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰই ব-ছেৰা সোঁতাৰ সংগম স্থলত অৱস্থিত এটা প্ৰাকৃতিক নদী দ্বীপ। বিশ্বনাথ চাৰিআলি নগৰৰ পৰা দক্ষিণলৈ ৬ কি: মি: দুৰত এই উমাটুমনি বা উমাবন অৱস্থিত।
-
উল্লাসনগৰ
উল্লাসনগৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত থানে জিলাৰ এখন নগৰ। ই ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা ৫৫ কিঃমিঃ দূৰৈত অৱস্থিত। ই এমএমআৰডিএ-ৰ দ্বাৰা পৰিচালিত মুম্বাই মেট্ৰ’পলিটান অঞ্চলৰ অন্তৰ্গত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ আনুমানিক জনসংখ্যা হ’ল ৫, ০৬, ০৯৮জন।
-
কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ
কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ বা আধিকাৰিক ভাবে অসম গেছ ভিত্তিক শক্তি কেন্দ্ৰ (Assam Gas based power plant) অসমৰ ডিব্ৰুগড় জিলাৰ বকুলনিত অৱস্থিত তাপ বিদ্যুৎ কেন্দ্ৰ। এই সংযুক্ত চক্ৰ গেছ টাৰ্বাইন প্ৰকল্পটো নীপকোৰ অধীনত।
-
কল্পনা দাশ
কল্পনা দাশ (Kalpana Dash; ৭ জুলাই, ১৯৬৬ - ২৩ মে, ২০১৯) এগৰাকী ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী আছিল। তেওঁ আছিল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম গৰাকী ওড়িয়া পৰ্বতাৰোহী।
-
কাছাৰগোড়
কাছাৰগোড় ভাৰতৰ কেৰালা ৰাজ্যৰ কাছাৰগোড জিলাৰ অন্তৰ্গত এখন পৌৰ চহৰ তথা প্ৰশাসনিক সদৰ। ১৯৬৬ চনত প্ৰতিষ্ঠিত এই চহৰখন জিলাখনৰ প্ৰথমখন পৌৰ চহৰ আছিল। ই কেৰালাৰ আটাইতকৈ উত্তৰ প্ৰান্তৰ জিলা আৰু ইয়াক সপ্ত ভাষা সংগম ভূমি বুলিও জনা যায়।
-
কাঠপুতলি
কাঠপুতলি (Kathputli) ভাৰতৰ ৰাজস্থান ৰাজ্যত প্ৰচলিত পাৰম্পৰিক পুতলা নাচ অনুষ্ঠান। কাঠপুতলি পুতলা নাচৰ পুতলাবোৰ মোটা সূতা বা তাঁৰৰ সহায়ত নৃত্য কৰোৱা হয়। ই ভাৰতীয় পুতলা নাচৰ আটাইতকৈ জনপ্ৰিয় ৰূপ। সূতাৰ সহায়ত নৃত্য কৰোৱা বাবে এই পুতলাবোৰ মাত্ৰ এডাল সূতা বা তাঁৰৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰি।
-
কামিয়ানেটছ-পডিলস্কি
কামিয়ানেটছ-পডিলস্কি (ইউক্ৰেইনীয়ান: Кам'янець-Подільський; পোলিশ: Kamieniec Podolski) হৈছে পশ্চিম ইউক্ৰেইনৰ স্মোট্ৰিচ নদীৰ পাৰত অৱস্থিত এখন চহৰ। ই চহৰখন চ্চাৰ্নিভট্সিৰ উত্তৰ-পূব দিশত অৱস্থিত।
-
কুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহ
কুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহ দিল্লীৰ দক্ষিণাঞ্চলত অবস্থিত। লাল বেলেপাথৰেৰে নিৰ্মিত এই মিনাৰটোৰ উচ্চতা ৭২.৫ মিটাৰ (২৩৮ ফুট)। মিনাৰৰ পাদদেশৰ ব্যাস ১৪.৩২ মিটাৰ (৪৭ ফুট) আৰু শীৰ্ষঅংশৰ ব্যাস ২.৭৫ মিটাৰ (৯ ফুট)। ত্ৰয়োদশ শতাব্দীৰ প্ৰথম ভাগত এই মিনাৰৰ নিৰ্মাণকাৰ্য সমাপ্ত হয়।
-
কেট্টুভাল্লাম
কেট্টুভাল্লাম (Kettuvallam) ভাৰতৰ কেৰালা ৰাজ্যত বহুলভাৱে ব্যৱহৃত একপ্ৰকাৰৰ হাউচবোট বা নাওঘৰ। এইবোৰৰ কাঠৰ নাৱৰ তলি বা খোলাটোৰ ওপৰত খেৰৰ চালি থাকে। পৰম্পৰাগত কেট্টুভাল্লামসমূহ প্ৰধানকৈ কেৰালা পৰ্যটনৰ প্ৰসাৰৰ বাবে ব্যৱহাৰ কৰা হয়।
-
কেলগেৰী
কেলগাৰী কানাডাৰ আলবাৰ্টা প্ৰদেশৰ আটাইতকৈ ডাঙৰ চহৰ। ২০২১ চনৰ হিচাপত এই চহৰখনৰ জনসংখ্যা ১,৩০৬,৭৮৪ আৰু মহানগৰীৰ জনসংখ্যা ১,৪৮১,৮০৬, যাৰ ফলত কেলগাৰী কানাডাৰ তৃতীয় বৃহত্তম চহৰ আৰু পঞ্চম বৃহত্তম মহানগৰ।
-
কৈহাটী
কৈহাটী (Koihati) ভাৰতৰ অসম ৰাজ্যৰ নলবাৰী জিলাৰ অন্তৰ্গত এখন সৰু গাঁও। গাঁওখনৰ এটা অংশক সৰু কৈহাটী (স্থানীয় ভাষাত 'সৰ কৈহাটী') আৰু আনটো অংশক বৰ কৈহাটী বোলা হয়।
-
কোট্টায়াম
কোট্টায়াম ভাৰতৰ কেৰালা ৰাজ্যৰ কোট্টায়াম জিলাত অৱস্থিত এখন চহৰ। এই চহৰখন জিলাখনৰ সদৰ ঠাই আৰু ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা প্ৰায় ১৫১ কিলোমিটাৰ উত্তৰত অৱস্থিত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি কোট্টায়ামৰ জনসংখ্যা হৈছে ১৩৬,৮১২ জন আৰু জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৪৭০ জন।
-
কোডুংগাল্লুৰ
কোডুংগাল্লুৰ (মালয়ালম: [koɖuŋːɐlːuːr]; পূৰ্বতে ক্ৰাংগানোৰ (ইংৰাজী:Cranganore), ক্ৰাংগানোৰ (পৰ্তুগীজ:Cranganor), মহোদয়াপুৰম, শ্বিংলি, ভাঞ্চি আৰু মুজিৰিছ/মুচিৰি/মুয়ৰিকোডে) নামেৰেও জনাজাত ভাৰতৰ কেৰেলা।
-
খাচী আৰু জয়ন্তীয়া পাহাৰ
খাচী আৰু জয়ন্তীয়া পাহাৰ পূৰ্বে মূলতঃ অসম আৰু মেঘালয়ৰ অংশ হিচাপে থকা পাহাৰীয়া অঞ্চল। এই অঞ্চল বৰ্তমান ভাৰতীয় ৰাজ্য মেঘালয়ৰ (পূৰ্বৰ অসম) অন্তৰ্গত। পূব জয়ন্তীয়া পাৰ্বত্য জিলা, পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা, পূব খাচী পাৰ্বত্য জিলা আৰু পশ্চিম খাচী পাৰ্বত্য জিলাৰ বৰ্তমান ইয়াৰ অংশ।