ছান ৰাজ্য (မိူင်းတႆး, Möng Tai; ရှမ်းပြည်နယ်, ) হৈছে ম্যানমাৰৰ এখন প্ৰশাসনিক বিভাগ। ছান ৰাজ্যৰ উত্তৰে চীন (য়ুন্নান)ৰ সৈতে, পূৱে লাউচ (লুং নামথা আৰু বোকেও প্ৰদেশৰ সৈতে) আৰু দক্ষিণে থাইলেণ্ড (চিয়াং ৰাই, চিয়াং মাই আৰু মে হঙ চন প্ৰদেশৰ সৈতে) আৰু পশ্চিমে ম্যানমাৰৰ পাঁচটা প্ৰশাসনিক বিভাগৰ সৈতে সংযোগ আছে। ১৫৫,৮০০ কিমি2 বিস্তৃত, ম্যানমাৰৰ ১৪ খন প্ৰশাসনিক বিভাগৰ ভিতৰত মাটিকালি অনুসাৰে ছান ৰাজ্য আটাইতকৈ ডাঙৰ। মানসকলে টাই জনগোষ্ঠীৰ বাবে ব্যৱহাৰ কৰা নাম "টাই-য়াই জনগোষ্ঠী"ৰ পৰা ৰাজ্যৰ নামটোৰ উৎপত্তি হৈছে। ছান জনগোষ্ঠী হৈছে এই অঞ্চলৰ বহু সংখ্যক নৃগোষ্ঠীৰ ভিতৰত প্ৰধান। ছানলেণ্ড মূলত গ্ৰাম্য অঞ্চল, ইয়াত তিনি দুখন বৃহৎ চহৰ আছে: লাচিঅ, কেঙতুং আৰু ৰাজধানী টংগী।১ছান ৰাজ্যত বহু নৃগোষ্ঠী বাস কৰে।
নাম আৰু ব্যুৎপত্তি
মু'ঙ টাই (ছান: မိူင်းတႆး) হৈছে এই অঞ্চলৰ স্থানীয় নাম। ই ম্যানমাৰৰ ছান ৰাজ্যৰ উপৰিও ম্যানমাৰৰ বাহিৰত থকা টাই জনগোষ্ঠীয় গোটৰ অধিবাসী অঞ্চলসমূহৰ ক্ষেত্ৰত ব্যৱহৃত এটা শব্দ। মু'ঙ (မိူင်း)ৰ অৰ্থ হৈছে দেশ বা ৰাজ্য, যিটো টাই ভাষাসমূহত অন্যান্য দেশৰ নামৰ আগত ব্যৱহৃত হয়, উদাহৰণস্বৰূপে, মু'ঙ মান (ম্যানমাৰ)।২
ছান পী (ရှမ်းပြည်) মান ভাষাৰ চিয়াম নামৰ পৰা উদ্ভৱ হোৱা এই শব্দটো, থাইলেণ্ডৰ পুৰণি নাম। পী মানে হৈছে মান ভাষাত দেশ। সেইদৰে ছান পীৰ অৰ্থ হৈছে ছান ৰাজ্য বা ছানলেণ্ড। আনুষ্ঠানিকভাৱে, ইংৰাজীত এই অঞ্চলক ছান ষ্টেট আৰু মান ভাষাত ছান পীনে বুলি কোৱা হয়, কিন্তু কথোপকথনত নে শব্দটো সাধাৰণতে বাদ পৰে।
পৰিবহণ
বিমানবন্দৰসমূহ
- হেহো বিমানবন্দৰ
- লাচিঅ' বিমানবন্দৰ
- টাচিলেক বিমানবন্দৰ
- কেংটুং বিমানবন্দৰ
- ম'মেইক বিমানবন্দৰ
- মুং টন বিমানবন্দৰ
- মুং সত বিমানবন্দৰ
- নানছাং বিমানবন্দৰ
- নামটু বিমানবন্দৰ
পথসমূহ
ৰাষ্ট্ৰীয় ঘাইপথ ৪
তথ্যসূত্ৰ
- ↑ Shan: largest cities and towns and statistics of their population. World Gazetteer
- ↑ SEALang Shan Dictionary. SEALang
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছান ৰাজ্য” প্ৰবন্ধৰ সংশোধন ৪৩৩২৬১ (২৫ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।