অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চিত্ৰকূট

চিত্ৰকূট হ'ল মন্দাকিনী নদীৰ পাৰত অৱস্থিত ভাৰতৰ আটাইতকৈ প্ৰাচীন তীৰ্থস্থানসমূহৰ ভিতৰত এখন। উত্তৰ প্ৰদেশত ৩৮.২ কিঃমিঃ ক্ষেত্ৰত অৱস্থিত শান্ত আৰু সুন্দৰ চিত্ৰকূট হৈছে প্ৰকৃতি আৰু ভগৱানৰেই অনুপম দান। চাৰিওফালে বিয়পি থকা বিন্ধ্য পৰ্বতমালা আৰু বনেৰে আৱৰা চিত্ৰকূটক অনেক আশ্চৰ্য্যৰ পাহাৰ বুলি কোৱা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪২০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চিত্ৰকূট হ'ল মন্দাকিনী নদীৰ পাৰত অৱস্থিত ভাৰতৰ আটাইতকৈ প্ৰাচীন তীৰ্থস্থানসমূহৰ ভিতৰত এখন। উত্তৰ প্ৰদেশত ৩৮.২ কিঃমিঃ ক্ষেত্ৰত অৱস্থিত শান্ত আৰু সুন্দৰ চিত্ৰকূট হৈছে প্ৰকৃতি আৰু ভগৱানৰেই অনুপম দান। চাৰিওফালে বিয়পি থকা বিন্ধ্য পৰ্বতমালা আৰু বনেৰে আৱৰা চিত্ৰকূটক অনেক আশ্চৰ্য্যৰ পাহাৰ বুলি কোৱা হয়। কোৱা হয় যে ভগৱান ৰামে সীতা আৰু লক্ষ্মণৰ সৈতে বনবাসৰ চৈধ্য বৰ্ষৰ এঘাৰ বৰ্ষ চিত্ৰকুটতেই কটাইছিল। এই স্থানতেই ঋষি অত্ৰি আৰু সতী অনসূয়াই ধ্যান কৰিছিল। ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে চিত্ৰকূটতেই সতী অনসূয়াৰ ঘৰত জন্ম লৈছিল।

মুখ্য আকৰ্ষণ

কামদগিৰি

এই পবিত্ৰ পৰ্বতৰ প্ৰায় ধাৰ্মিক মহত্ব আছে। শ্ৰদ্ধালুসকলে কামদগিৰি পৰ্বতৰ ৫ কিঃমিঃৰ পৰিক্ৰমা কৰি নিজৰ মনোকামনাবোৰ পূৰ্ণ হোৱাৰ কামনা কৰে। জংঘলেৰে পৰিপূৰ্ণ এই পৰ্বতৰ তলত অধিক মঠ-মন্দিৰ বনোৱা আছে। চিত্ৰকূটৰ লোকপ্ৰিয় কামতানাথ আৰু ভৰত মিলাপ মন্দিৰো ইয়াতেই আছে।

ৰামঘাট

ৰামঘাট হ'ল সেইটো ঘাট য'ত প্ৰভু ৰামে সদায় স্নান কৰিছিল। এই ঘাটতেই ৰাম ভৰত মিলাপ মন্দিৰ আছে আৰু এই ঘাটতেই গোস্বামী তুলসীদাসৰ প্ৰতিমাও আছে। মন্দাকিনী নদীৰ পাৰত নিৰ্মিত ৰামঘাটত অনেক ধাৰ্মিক কাৰ্যকলাপ চলিয়ে থাকে। ঘাটত গেৰুৱা বস্ত্ৰ ধাৰণ কৰা সাধু-সন্তসকলে ভজন-কীৰ্তন কৰি থকা পৰিলক্ষিত হয়।

জানকী কুণ্ড

ৰামঘাটৰ পৰা ২ কিঃমিঃ দূৰত মন্দাকিনী নদীৰ পাৰত জানকী কুণ্ড অৱস্থিত। জনকৰ পুত্ৰী হোৱা কাৰণে সীতাক জানকী বুলি কোৱা হয়। কোৱা হয় যে জানকীয়ে ইয়াত স্নান কৰিছিল। জানকী কুণ্ডৰ সমীপত ৰাম জানকী ৰঘুবীৰ মন্দিৰ আৰু সংকটমোচন মন্দিৰ আছে।

স্ফটিক শিলা

জানকী কুণ্ডৰ পৰা কিছু দূৰত মন্দাকিনী নদীৰ পাৰত স্ফটিক শিলা অৱস্থিত। কোৱা হয় যে এই শিলাতেই সীতাৰ ভৰিৰ চিন মুদ্ৰিত আছে। এই শিলাত ৰাম আৰু সীতাই বহি চিত্ৰকূটৰ সুন্দৰতা উপভোগ কৰিছিল।

মন্দাকিনী নদীৰ পাৰত অনসূয়া আশ্ৰম
মন্দাকিনী নদীৰ পাৰত অনসূয়া আশ্ৰমছবি: LRBurdak at en.wikipedia · CC BY-SA 3.0

অনসূয়া অত্ৰি আশ্ৰম

স্ফটিক শিলাৰ পৰা প্ৰায় ৪ কিঃমিঃ দূৰত ঘন বনেৰে আৱৰা অনসূয়া অত্ৰি আশ্ৰম অৱস্থিত। এই আশ্ৰমতেই অত্ৰি মুনি, অনসূয়া, দত্তাত্ৰেয় আৰু দুৰ্বাশা মুনিৰ প্ৰতিমা স্থাপিত আছে।

গুপ্ত গোদাৱৰী

নগৰৰ পৰা ১৮ কিঃমিঃ দূৰত গুপ্ত গোদাৱৰী অৱস্থিত। ইয়াত দুটা গুহা আছে। এটা গুহা বহল তথা ওখ। প্ৰৱেশদ্বাৰ সংকীৰ্ণ হোৱা হেতু ইয়াত সহজতে প্ৰৱেশ কৰাৰ অসুবিধা হয়। গুহাৰ অন্তত এটা সৰু নদী আছে যাক গোদাৱৰী নদী বুলি কোৱা হয়। দ্বিতীয় গুহাটো দীঘল আৰু সংকীৰ্ণ যাৰ ফলত সদায় পানী প্ৰবাহিত হৈ থাকে। কোৱা হয় যে এই গুহাৰ শেষত ৰাম আৰু লক্ষ্মণে সভা পাতিছিল।

হনুমান ধাৰা

হনুমান ধাৰাত অৱস্থিত মন্দিৰ
হনুমান ধাৰাত অৱস্থিত মন্দিৰছবি: Arghyashonima · CC BY-SA 3.0

পাহাৰৰ শীৰ্ষত অৱস্থিত হনুমান ধাৰাত হনুমানৰ এটা বিশাল মূৰ্তি আছে। মূৰ্তিৰ সন্মূখৰ পুখুৰীত নিজৰাৰ পৰা পানী পৰি থাকে। কোৱা হয় যে এই ধাৰা শ্ৰীৰামে লংকা দহন কৰি অহা হনুমানৰ আৰামৰ বাবে নিৰ্মাণ কৰিছিল। পাহাৰৰ শীৰ্ষত "সীতা পাকঘৰ" আছে। ইয়াৰ পৰা চিত্ৰকূটৰ সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰি।

ভৰতকূপ

কোৱা হয় যে ভগৱান ৰামৰ ৰাজ্য অভিষেকৰ কাৰণে ভৰতে ভাৰতৰ গোটেই নদীসমূহৰ পানী একত্ৰিত কৰি ইয়াত ৰাখিছিল। অত্ৰি মুনিৰ পৰামৰ্শমতে ভৰতে পানী এটা কূপত ৰাখিছিল। এই কূপেই ভৰত কূপ নামেৰে জনাজাত।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পৰ্যটনস্থলীভাৰতৰ নগৰ মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰকূট” প্ৰবন্ধৰ সংশোধন ৩৮০৮৩০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।