ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পৰশুৰাম কুণ্ড
পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশ ৰ লোহিত জিলাত অৱস্থিত এখন প্ৰাকৃতিক পাহাৰীয়া ঠাই। আগতে ইয়াৰ নাম দেৱপানী বা ব্ৰজকুণ্ড আছিল। অঞ্চলটোত শিৱৰ এটা মন্দিৰ আছে। ইয়াতে পৰশুৰামে লোহিত নদীখন কাটি ভৈয়ামলৈ বোৱাই দিছিল বুলি প্ৰবাদ আছে।
-
ফকিৰগঞ্জ
ফকিৰগঞ্জ ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ এখন গাঁও। ই জিলা সদৰ ধুবুৰীৰ পৰা পূৱফালে ১৩ কিলোমিটাৰ দূৰত অৱস্থিত। দক্ষিণ শালমাৰাৰ পৰা ১১ কিলোমিটাৰ উত্তৰত। ৰাজ্যিক ৰাজধানী দিছপুৰৰ পৰা ১৯৬ কিলোমিটাৰ দূৰৈত অৱস্থিত।
-
বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ
বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ ( Bodo Kachari Welfare Autonomous Council) বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। ইয়াৰ স্থাপনা হৈছে ২০২০ চনত।
-
বিজয়নগৰ সাম্ৰাজ্য
বিজয়নগৰ সাম্ৰাজ্য (Vijayanagara Empire) কৰ্ণাট ৰাজ্য বুলিও জনাজাত ৷ বিজয়নগৰ মধ্যযুগৰ শেষৰ ফালে ব্যপ্ত হৈ উঠা এখন হিন্দু সাম্ৰাজ্য যিয়ে দক্ষিণ ভাৰতৰ বহু অংশ শাসন কৰিছিল। ১৩৩৬ চনত চন্দ্ৰবংশ ঠালৰ যাদৱ বংশৰ অন্তৰ্গত সংগম বংশৰ হৰিহৰ-প্ৰথম আৰু বুক্কা ৰায়-প্ৰথম ভাতৃদ্বয়ে ইয়াক প্ৰতিষ্ঠা কৰে।
-
বিহাৰ আৰু উৰিষ্যা প্ৰদেশ
বিহাৰ আৰু উৰিষ্যা (Bihar and Orissa) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল, য'ত বৰ্তমানৰ ভাৰতীয় ৰাজ্য বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ কিছু অংশ অন্তৰ্ভুক্ত হৈ আছিল। অষ্টদশ আৰু ঊনবিংশ শতিকাত ব্ৰিটিছে এই ভূখণ্ডসমূহ দখল কৰিছিল আৰু ব্ৰিটিছ ভাৰতৰ সৰ্ববৃহৎ প্ৰশাসনিক উপখণ্ড বেংগল প্ৰেচিডেঞ্চিৰ তেতিয়াৰ ভাৰতীয় অসামৰিক…
-
বৈৰাগীমঠ
বৈৰাগীমঠ ডিব্ৰুগড়চহৰৰ উপকণ্ঠত অৱস্থিত। এক সুন্দৰ আৱাসিক এলেকা হোৱাৰ ওপৰিও ইয়াত বহুতো দোকান-পোহাৰ, বজাৰ, শিক্ষানুষ্ঠান, কাৰ্য্যালয়, হোটেল -ৰেষ্টুৰেন্ট, হোষ্টেল আৰু ধৰ্মানুষ্ঠান আছে। শিক্ষা আৰু সংস্কৃতিৰ থলী হিচাপে বৈৰাগীমঠ ডিব্ৰুগড়ৰ ভিতৰতে অন্যতম।
-
বৰকলীয়া নস্কৰা
বৰকলীয়া নস্কৰা (Borokalia Nashkara) গাওঁখন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা মহুকুমাৰ অন্তৰ্গত এখন ৰাজহ গাঁও। এই গাঁওখনৰ লগত আৰু বহু কেইখন সৰু-সুৰা গাঁও জড়িত হৈ আছে। ই প্ৰায় ১০খন সৰু গাঁৱৰে গঠিত এখন ৰাজহ গাওঁ। ই নস্কৰা গাঁও পঞ্চায়তক সামৰি লয়।
-
বৰলীয়া নদী
বৰলীয়া নদী (ইংৰাজী: Baralia River) ভাৰতৰ অসম ৰাজ্যৰ পুঠিমাৰী নদীৰ এটা উপনৈ ৷ বৰলীয়া নদীৰ উৎপত্তি ভেৰভেৰী ভালুকমুখৰ পৰা ৰঙিয়া চহৰ, নলবাৰী জিলা আৰু তামুলপুৰ জিলাৰ মাজেৰে গৈ পুঠিমাৰী নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সংগম ঘটিছে ৷ নোনা নদী বৰলিয়া নদীৰ উপনৈ। বৰলীয়া নৈ শেষত পুঠিমাৰী নদীত গৈ পৰিছে।
-
ভল্গা নদী
ভল্গা (Volga) (Во́лга) নদী ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী। এই নদী ৰাছিয়াৰ পৰা কাস্পিয়ান সাগৰলৈ বৈ গৈছে। এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী বুলি গণ্য কৰা হয়।
-
ভাৰতপুঝা নদী
ভাৰতপুঝা ( Bharathappuzha) যাক নীলা নদী বুলিও জনা যায়, ভাৰতৰ তামিলনাডু আৰু কেৰালা ৰাজ্যৰ মাজেৰে বৈ যোৱা এখন নদী। ২০৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদীখন কেৰালাৰ মাজেৰে বৈ যোৱা নদীসমূহৰ ভিতৰত পেৰিয়াৰৰ পিছত দ্বিতীয় দীৰ্ঘতম নদী। ভাৰতপুঝা পালাক্কাঁড় গেপৰ মাজেৰে বৈ গৈছে।
-
ভিয়েনটিয়েন
ভিয়েনটিয়েন (; লাওঃ ວຽງຈັນ, Viangchan, উচ্চাৰণ [ʋíːəŋ tɕàn]) হৈছে লাওছৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। ভিয়েনটিয়েনক প্ৰশাসনিকভাৱে ৯খন চহৰত বিভক্ত কৰা হৈছে যাৰ মুঠ আয়তন মাত্ৰ প্ৰায় ৩,৯২০ বৰ্গ কিলোমিটাৰ, আৰু ই মেকং নদীৰ পাৰত, থাইলেণ্ডৰ সীমান্তৰ ওচৰত অৱস্থিত।
-
ভেম্বনাদ হ্ৰদ
ভেম্বনাদ ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদ। এইখন কেৰালা ৰাজ্যৰ আটাইতকৈ ডাঙৰ হ্ৰদ। এই হ্ৰদটোৰ মাটি-কালি ২০৩৩ বৰ্গ কিলোমিটাৰ। ইয়াৰ সৰ্বাধিক দৈৰ্ঘ্য ৯৬.৫ কিলোমিটাৰ। এই হ্ৰদটো কেৰালাৰ তিনিখন জিলাত বিস্তৃত হৈ আছে। কোট্টায়ম, বাইকম আৰু চাংগানাচেৰীত ইয়াক ভেম্বনাদ হ্ৰদ বোলা হয়।
-
মধ্য ভাৰত
মধ্য ভাৰত হৈছে মধ্যপ্ৰদেশ আৰু ছত্তীছগঢ়ক সাঙুৰি লৈ গঠিত হোৱা ভাৰতৰ এক বিশেষ ভৌগোলিক ক্ষেত্ৰ। ইন্দোৰ, মধ্যপ্ৰদেশৰ ব্যৱসায়িক ৰাজধানী, হৈছে এই ক্ষেত্ৰৰ বৃহত্তম চহৰ। আন মুখ্য চহৰবোৰৰ ভিতৰত আছে ভূপাল, ৰায়পুৰ। এই দুখন ৰাজ্যত বিভিন্ন ভাষা-ভাষীৰ আৰু ভিন্ন সাংস্কৃতিক বৈচিত্ৰ্যৰ লোক আছে।
-
মাগুৰী মতাপুং বিল
মাগুৰী মতাপুং বিল বা মাগুৰী বিল অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। ই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষত অৱস্থিত। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস।
-
মাদুৰি
মাদুৰি হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত জোকতলি মৌজাৰ এখন বৃহৎ গাঁও। এই গাঁওখন নাজিৰা নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত্ব অৱস্থিত।
-
মায়ং
মায়ং (Mayong), অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল৷ এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়৷ মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কি:মি: দূৰত্বত অৱস্থিত৷ এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ৷ মধ্যযুগৰ সময়ছোৱাত এই…
-
মৃত সাগৰ
মৃত সাগৰ বা ডে'ড ছী পশ্চিম এছিয়াৰ ইজৰাইল আৰু জৰ্ডানৰ সীমান্ত অৱস্থিত লুণীয়া পানীৰ হ্ৰদ। পৃথিৱীৰ বিভিন্ন জাতিৰ মাজত ‘মৃত সাগৰ’ বিভিন্ন নামেৰে পৰিচিত। আৰবী ভাষাত ইয়াৰ নাম 'বাহায়াৰেট লুট' (Buhayrat Lut), হিব্ৰু ভাষাত 'য়াম হা-মেলাহ' (Yam Ha-Melah) আৰু ৰোমান ভাষাত ই 'লাকাছ এছফালিটেছ' (Lacus…
-
মেৰাপি
মাউণ্ট মেৰাপি হৈছে ইণ্ডোনেছিয়াৰ মধ্য জাভা প্ৰদেশ আৰু যোগ্যকাৰ্টা বিশেষ অঞ্চলৰ সীমান্তত অৱস্থিত এটা সক্ৰিয় স্তৰ আগ্নেয়গিৰি। ই ইণ্ডোনেছিয়াৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰি আৰু ১৫৪৮ চনৰপৰা নিয়মিতভাৱে বিস্ফোৰণ ঘটি আছে।
-
মৈমনসিং
মৈমনসিং বিভাগ হ'ল বাংলাদেশৰ আঠটা প্ৰশাসনিক বিভাগৰ ভিতৰত অন্যতম। ইয়াৰ আয়তন ১০,৪৮৫ বৰ্গ কিলোমিটাৰ (৪,০৪৮ বৰ্গমাইল) আৰু ২০২২ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১২,২২৫,৪৯৮ জন। ইয়াৰ পূৰ্বে ঢাকা সংমণ্ডলৰ উত্তৰ অংশ গঠন কৰা জিলাসমূহৰ পৰা ২০১৫ চনত গঠন কৰা হৈছিল।
-
মোপিন উত্সৱ
মোপিন বা মপিন হৈছে অৰুণাচল প্ৰদেশত গালো জনজাতিসকলে অনুষ্ঠিত কৰা কৃষিসম্বন্ধীয় এটা উত্সৱ। গালো লোকসকল হৈছে পূৱ চিয়াং আৰু পশ্চিম চিয়াংত বসবাস কৰা এটা জনজাতি।এই উত্সৱটো গালো মাহৰ "লুমি" আৰু "লুকি"(মাৰ্চ আৰু এপ্ৰিল)ৰ সময়ত শস্য কটাৰ সময়ত অনুষ্ঠিত কৰা হয়, যিটো গালো জনজাতিসকলৰ নতুন বছৰৰ…
-
মৌছিনৰাম
মৌচিনৰাম হৈছে উত্তৰ-পূৱ ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব খাচী পাহাৰ জিলাৰ এখন নগৰ, যি শ্বিলংৰ পৰা ৬০.৯ কিলোমিটাৰ দূৰৈত অৱস্থিত। মৌছিনৰাম ভাৰতৰ ভিতৰত আটাইতকৈ অধিক বৰষুণ হোৱা ঠাই।
-
যোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
যোৰহাট জিলা অসম ৰাজ্যৰ ৩২খন জিলাৰ ভিতৰত এখন। তলত যোৰহাট জিলাৰ কেইখনমান পৰ্যটনস্থলীৰ নাম যুগুতোৱা হ’ল।
-
লুম্বিনী
লুম্বিনী (लुम्बिनी, আক্ষৰিক ভাৱে ‘মৰম লগা’) নেপালৰ লুম্বিনী প্ৰদেশৰ ৰূপংদেহি জিলাৰ এখন নগৰ আৰু বৌদ্ধ তীৰ্থস্থান। বৌদ্ধ পৰম্পৰা অনুসৰি এই স্থানতে খ্ৰীষ্টপূৰ্ব ৫৬৬ৰ আশে-পাশে ৰাণী মায়াদেৱীৰ গৰ্ভত সিদ্ধাৰ্থ গৌতমৰ জন্ম হৈছিল।
-
শোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
শোণিতপুৰ জিলা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ সদৰ ঠাই তেজপুৰ। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।
-
শ্বিলং বিমানবন্দৰ
শ্বিলং বিমানবন্দৰ হৈছে ভাৰতৰ শ্বিলং, মেঘালয়ৰ উমৰৈ নামৰ ঠাইত অৱস্থিত এটা বিমানবন্দৰ। যি শ্বিলঙৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত অৱস্থিত।
-
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা (Gurdwara Sri Guru Tegh Bahadur Sahib) অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন শিখ সকলৰ গুৰুদ্বাৰা। শিখ সকলৰ প্ৰথম গুৰু, গুৰু নানক দেৱ ১৫০৫ খ্ৰীষ্টাব্দত ঢাকাৰ পৰা অসমলৈ আহোঁতে এই স্থানত তেওঁ শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিল।
-
শ্ৰী সূৰ্য পাহাৰ
শ্ৰী সূৰ্য পাহাৰ (Sri Surya Pahar) গোৱালপাৰা নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দক্ষিণ-পূব আৰু ইয়াৰ ওচৰতে বঙাইগাঁও জিলা। গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ উত্তৰ-পশ্চিমত, ভাৰতৰ অসমৰ এখন উল্লেখযোগ্য স্থান।
-
সেৱাগ্ৰাম
সেৱাগ্ৰাম (অৰ্থ "এক সেৱাৰ নগৰ") হৈছে ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰৰ এখন নগৰ। ই আছিল ১৯৩৬ চনৰ পৰা ১৯৪৮ চনত মহাত্মা গান্ধীৰ মৃত্যুলৈকে তেওঁৰ আশ্ৰম আৰু বাসস্থান।
-
সোণ বিল
সোণবিল( হ্ৰদ ) এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাহভূমি৷ এই হ্ৰদটো অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত আৰু ই ভাৰত তথা দক্ষিণ অসমৰ বৃহত্তম জলাভূমি৷ এই হ্ৰদটোৰ বিশেষত্ব হ’ল শীত কালত এটি সম্পূৰ্ণ কৃষি ভূমিলৈ পৰিণত হয় আৰু ইয়াত ধান খেতি (বৰো ধান) কৰা হয়৷ শীতকালৰ পিছত মাৰ্চ মাহৰ পৰা এই কৃষি ভূমিত লাহে লাহে…
-
স্বৰাজ ভৱন, এলাহাবাদ
স্বৰাজ ভৱন হ'ল এলাহাবাদত অৱস্থিত এটা ঐতিহাসিক ভৱন তথা সংগ্ৰহালয়। ইয়াৰ প্ৰকৃত নাম আনন্দ ভৱন আছিল। জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৱে এই ঐতিহাসিক ভৱন নিৰ্মাণ কৰিছিল। ১৯৩০ চনত মতিলাল নেহৰুৱে এই ভৱনটো দেশৰ নামত সমৰ্পণ কৰি দিছিল। পাছলৈ ইয়াত কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয় বনোৱা হয়।