অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জম্মু আৰু কাশ্মীৰ (দেশীয় ৰাজ্য)

জম্মু আৰু কাশ্মীৰ অথবা কাশ্মীৰ আৰু জম্মু (Jammu and Kashmir) ১৮৪৬ চনৰ পৰা ১৮৫৮ চনলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে সহযোগী মিত্ৰতাত আবদ্ধ এখন দেশীয় ৰাজ্য আছিল। ১৮৫৮ চনৰ পৰা ১৯৪৭ চনৰ ভাৰত বিভাজনলৈকে আৰু এক বিবাদিত অঞ্চলত পৰিণত হোৱা লৈকে ব্ৰিটিছ মুকুটৰ সৰ্বোচ্চতা বা সংৰক্ষণৰ অধীনত আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪২৬ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জম্মু আৰু কাশ্মীৰ অথবা কাশ্মীৰ আৰু জম্মু (Jammu and Kashmir)১ ১৮৪৬ চনৰ পৰা ১৮৫৮ চনলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে সহযোগী মিত্ৰতাত আবদ্ধ এখন দেশীয় ৰাজ্য আছিল। ১৮৫৮ চনৰ পৰা ১৯৪৭ চনৰ ভাৰত বিভাজনলৈকে আৰু এক বিবাদিত অঞ্চলত পৰিণত হোৱা লৈকে ব্ৰিটিছ মুকুটৰ সৰ্বোচ্চতা বা সংৰক্ষণৰ২৩ অধীনত আছিল। বৰ্তমান চীন, ভাৰত আৰু পাকিস্তান তিনিখন দেশৰ দ্বাৰা পূৰ্বৰ এই দেশীয় ৰাজ্যৰ ভূমিখণ্ড প্ৰশাসিত হয়।৪৫৬ প্ৰথম ইংগ-শিখ যুদ্ধৰ পিছত এই ৰাজ্যখনৰ সৃষ্টি হৈছিল। যুদ্ধৰ ক্ষতিপূৰণ হিচাপে কাশ্মীৰ উপত্যকা৭ শিখসকলৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাঢ়ি লৈছিল আৰু তাৰ পিছত জম্মুৰ ৰজা গুলাব সিঙক ৭৫ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰি দিছিল।

ভাৰত বিভাজন আৰু ভাৰতৰ ৰাজনৈতিক একীকৰণৰ সময়ত ৰাজ্যৰ শাসক হৰিসিংহই নিজৰ ৰাজ্যখনৰ ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱাত পলম কৰিছিল। কিন্তু ৰাজ্যখনৰ পশ্চিমৰ জিলাসমূহত হোৱা বিদ্ৰোহৰ পিছত পাকিস্তানৰ সমৰ্থনত চুবুৰীয়া উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ পৰা অহা আক্ৰমণকাৰীৰ আক্ৰমণৰ ফলত ১৯৪৭ চনৰ ২৬ অক্টোবৰত হৰি সিঙে ভাৰতত যোগদান কৰে;৮৯ যাৰ বিনিময়ত ভাৰতীয় সামৰিক বাহিনীক পাকিস্তান সমৰ্থিত শক্তিক প্ৰতিহত কৰিবলৈ কাশ্মীৰলৈ লৈ যোৱা হয়।[9] তথাপিও বৰ্তমান আজাদ কাশ্মীৰ আৰু গিলগিট-বাল্টিস্তান নামেৰে জনাজাত পশ্চিম আৰু উত্তৰ জিলাসমূহ পাকিস্তানৰ নিয়ন্ত্ৰণলৈ যায়১০ আৰু দেশীয় ৰাজ্যখনৰ বাকী থকা ভূখণ্ড ভাৰতৰ নিয়ন্ত্ৰণত থাকে। এই অংশটোৱে পিছলৈ ভাৰত প্ৰশাসিত জম্মু আৰু কাশ্মীৰ ৰাজ্যত পৰিণত হয়।১১ ভাৰত আৰু পাকিস্তানে ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাত নিয়ন্ত্ৰণ ৰেখাৰে অঞ্চলটোৰ প্ৰশাসনৰ বিভাজন কৰি যুদ্ধবিৰতি ঘোষণা কৰে। এই নিয়ন্ত্ৰণ ৰেখা অস্থায়ী আছিল যদিও, সেয়া এতিয়াও বাহাল আছে।১২১৩

জম্মু আৰু কাশ্মীৰৰ প্ৰধানমন্ত্ৰীসকল

#নামযোগদানঅৱসৰ
১ৰাজা ছাৰ দলজিৎ সিং১৯১৭১৯২১
২ৰাজা হৰি সিং১৯২৫১৯২৭
৩ছাৰ এলবিয়ন বেনাৰ্জীজানুৱাৰী ১৯২৭মাৰ্চ ২০২৯
৪জি.ই.চি. ৱেকফিল্ড১৯২৯১৯৩১
৫হৰিকৃষ্ণণ কৌল১৪১৯৩১১৯৩২
৬এলিয়ট জেমছ্ ড’ৱেল কলভিন১৪১৯৩২১৯৩৬
৭ছাৰ বাৰজৰ জে দালাল১৯৩৬১৯৩৬
৮ছাৰ গোপালস্বামী আয়েংগাৰ১৯৩৭জুলাই ১৯৪৩
৯কৈলাশনাথ হকচাৰজুলাই ১৯৪৩ফেব্ৰুৱাৰী ১৯৪৪
১০ছাৰ বি এন ৰওফেব্ৰুৱাৰী ১৯৪৪২৮ জুন ১৯৪৫
১১ৰামচন্দ্ৰ কাক২৮ জুন ১৯৪৫১১ আগষ্ট ১৯৪৭
১২জনক সিং১১ আগষ্ট ১৯৪৭১৫ আক্টোবৰ ১৯৪৭
১৩মেহেৰ চান্দ মহাজন১৫ অক্টোবৰ ১৯৪৭৫ মাৰ্চ ১৯৪৮
১৪শ্বেখ আব্দুলা৫ মাৰ্চ ১৯৪৮৩ আগষ্ট ১৯৫৩

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ (1908). Kashmir and Jammu. Imperial Gazetteer of India. Secretary of State for India in Council: Oxford at the Clarendon Press. পৃ. 71–
  2. ↑ Sneddon, Christopher. (2021). Independent Kashmir: An incomplete aspiration. Manchester University Press. পৃ. 12–13
  3. ↑ Ganguly, Sumit; Hagerty, Devin T. (2005). Fearful Symmetry: India-Pakistan Crises in the Shadow of Nuclear Weapons. University of Washington Press, and Oxford University Press. পৃ. 22. ISBN 0-295-98525-9
  4. ↑ Kashmir: region, Indian subcontinent. Encyclopædia Britannica Quote: "Kashmir, region of the northwestern Indian subcontinent. It is bounded by the Uygur Autonomous Region of Xinjiang to the northeast and the Tibet Autonomous Region to the east (both parts of China), by the Indian states of Himachal Pradesh and Punjab to the south, by Pakistan to the west, and by Afghanistan to the northwest. The northern and western portions are administered by Pakistan and comprise three areas: Azad Kashmir, Gilgit, and Baltistan, ... The southern and southeastern portions constitute the Indian state of Jammu and Kashmir. The Indian- and Pakistani-administered portions are divided by a "line of control" agreed to in 1972, although neither country recognizes it as an international boundary. In addition, China became active in the
  5. ↑ (2006). Encyclopedia Americana. Scholastic Library Publishing. পৃ. 328. ISBN 978-0-7172-0139-6 C. E Bosworth, University of Manchester Quote: "KASHMIR, kash'mer, the northernmost region of the Indian subcontinent, administered mostly by India, partly by Pakistan, and partly by China. The region has been the subject of a bitter dispute between India and Pakistan since they became independent in 1947"
  6. ↑ Osmańczyk, Edmund Jan. (2003). Encyclopedia of the United Nations and International Agreements: G to M. Taylor & Francis. পৃ. 1191–. ISBN 978-0-415-93922-5 Quote: "Jammu and Kashmir: Territory in northwestern India, subject to a dispute between India and Pakistan. It has borders with Pakistan and China."
  7. ↑ Panikkar, Gulab Singh 1930, পৃ. 111–125
  8. ↑ 1st Edition Cold War in the High Himalayas The USA, China and South Asia in the 1950s By S. Mahmud Ali Copyright 1999( When tribal Pathan militias from Pakistan's North-West Frontiers joined Sudhan Pathan rebels fighting for freedom, Hari Singh fled to Jammu and reportedly signed a letter of accession to India.) Page 19
  9. ↑ (7 July 2010). Q&A: Kashmir dispute - BBC News. BBC News
  10. ↑ Schofield, Victoria. (May 6, 2003). Kashmir in Conflict. I. B.Tauris & Co Ltd. পৃ. xii. ISBN 1 86064 898 3
  11. ↑ Bose, Sumantra. (2003). Kashmir: Roots of Conflict, Paths to Peace. Harvard University Press. পৃ. 32–37. ISBN 0-674-01173-2
  12. ↑ (1998-07-20). History, People, Conflict, Map, & Facts. Encyclopedia Britannica
  13. ↑ Ceasefire violations in Jammu and Kashmir - A line on fire
  14. ↑ Copland, Ian. (1981). Islam and Political Mobilization in Kashmir, 1931–34. Pacific Affairs. পৃ. 228–259

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ দেশীয় ৰাজ্যজম্মু আৰু কাশ্মীৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জম্মু আৰু কাশ্মীৰ (দেশীয় ৰাজ্য)” প্ৰবন্ধৰ সংশোধন ৬৩২৬৭৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।