অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পাটাছাৰকুছি

পাটাছাৰকুছি অসমৰ বজালী জিলাত অৱস্থিত এখন চহৰ।

হালনাগাদ: ৩ মে’ ২০২৬ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পাটাছাৰকুছি অসমৰ বজালী জিলাত অৱস্থিত এখন চহৰ।

ভূগোল

চহৰখন সমুদ্ৰপৃষ্ঠৰ পৰা ৪৫ মিটাৰ উচ্চতাত অৱস্থিত।১

অৱস্থান

অসমৰ নৱগঠিত বজালী জিলাৰ(অভিবক্ত বৰপেটা) পূব প্ৰান্তত এই চহৰখন অৱস্থিত। ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ পাটাছাৰকুছিৰ পৰা আৰম্ভ হৈ ভাৰত-ভূটান সীমান্ত দাওধৰাত শেষ হয়। ই কালদিয়া নদীৰ পাৰত অৱস্থিত। পাটাছাৰকুছি চহৰৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈ গৈছে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটোক আচলতে গোহাঁই কমল আলী বুলি কোৱা হৈছিল, যিটো কোচ ৰাজ্যৰ বীৰ চিলাৰায় ৰ সেনাপতি গোহাঁই-কমলে নিৰ্মাণ কৰিছিল।

উৎপত্তি

পাটাছাৰকুছি, নামটো পাটশৰ কুছি বা ৰজাৰ প্ৰসাদ পৰা আহিছে যিয়ে বহুদিনৰ পৰাই বজালী পৰগনাৰ প্ৰশাসনিক কেন্দ্ৰ আছিল। ১৫৪৮ খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণে বজালী পাৰগোনাৰ পুৰোচত্তম দেৱ চৌধুৰী (বজেইলা চৌধুৰী) ক মুখ্য প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি দিয়ে। পাছলৈ আহোম আৰু মোগল ৰজাসকলেও পাটাছাৰকুছিক প্ৰশাসনিক কেন্দ্ৰ কৰি লৈছিল। শেহতীয়াকৈ প্ৰশাসনিক কেন্দ্ৰটো সদৰ(পূৰ্বে মহকুমা) কেন্দ্ৰ হিচাপে পাঠশালালৈ স্থানান্তৰ কৰা হৈছিল।

ঠাইখনৰ ইতিহাস

১৯৩৫ চনত প্ৰয়াত হৰেন্দ্ৰ নাথ শৰ্মা আৰু প্ৰয়াত হৰেশ্বৰ দেৱ চৌধুৰীয়ে অন্যতম পুৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয় পাটাছাৰকুছি বিদ্যাপীঠ স্থাপন কৰিছিল। প্ৰয়াত শৰ্মাদেৱে আছিল বিদ্যালয়খনৰ প্ৰথম অধ্যক্ষ (সেই সময়ৰ প্ৰধানশিক্ষক)। ১৯৬০ চনত বিদ্যালয়খনে কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাৰে উচ্চতৰ মাধ্যমিক শ্ৰেণী মুকলি কৰে। পাটাছাৰকুছি চহৰখন কালদিয়া নদীৰ পাৰত স্থাপন কৰা হৈছে। ১৯ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছে চৰকাৰে এটা ডাক বাংলো (ডাক মানুহ আৰু চৰকাৰী বিষয়াৰ বাবে জিৰণি ঘৰ) আৰু এটা থানা (পুলিচ ষ্টেচন) স্থাপন কৰে। বজালী চক্ৰৰ এইখনেই আছিল একমাত্ৰ থানা। ১৮৬২ চনত এই অঞ্চলৰ অন্যতম পুৰণি প্ৰাথমিক বিদ্যালয় পাটাছাৰকুছি নিম্ন বুনিয়াদী বিদ্যালয়(প্ৰাথমিক) স্থাপিত কৰা হয়। ১৯৭৬ চনলৈকে পাটাছাৰকুছিত প্ৰাগজ্যোতি কলেজ নামৰ ডিগ্ৰী মহাবিদ্যালয় এখনে অঞ্চলখনটোৰ শিক্ষাৰ হাৰ উন্নত কৰাত সহায় কৰিছিল। পিছলৈ মহাবিদ্যালয়খনৰ স্থান আৰু নাম সলনি কৰি নিৰ্মল হালৈ মহাবিদ্যালয কৰা হয়।

শৈক্ষিক প্ৰতিষ্ঠান

  1. নিৰ্মল হালৈ মহাবিদ্যালয়২
  2. পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  3. পাটাছাৰকুছি বালিকা বিদ্যাপীঠ
  4. বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়৩
  5. জ্ঞানপীঠ জাতীয় বিদ্যালয়
  6. জ্ঞানদ্বীপ একাডেমী
  7. শঙ্কৰদেৱ শিশু নিকেতন
  8. ৬২ নং পাটাছাৰকুছি প্ৰাথমিক বিদ্যালয়
  9. নিউ ভিছন বিদ্যালয়
  10. জেনিথ একাডেমী

সাংস্কৃতিক শিক্ষানুষ্ঠান

  1. বজালী আৰ্ট একাডেমী (নলবাৰী আৰ্ট স্কুলৰ সৈতে সংযুক্ত)
  2. সৃষ্টি বিকাশ কেন্দ্ৰ
  3. জ্ঞানপীঠ সংগীত বিদ্যালয় (ভাটখণ্ডে সংগীত বিদ্যালয়, লক্ষ্ণৌৰ সৈতে সংযুক্ত)
  4. সুধাকণ্ঠ সংগীত বিদ্যালয় (ভাটখণ্ডে সংগীত বিদ্যালয়, লক্ষ্ণৌৰ সৈতে সংযুক্ত)

তথ্যসূত্ৰ

  1. ↑ Detailed map of Patacharkuchi and near places
  2. ↑ NHCollege. NHCollege1
  3. ↑ Bajali TT College. Bajali TT College 1

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাটাছাৰকুছি” প্ৰবন্ধৰ সংশোধন ৬০৪২৪৮ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।