অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উমাটুমনি

উমাটুমনি বা উমাবন, ব্ৰহ্মপুত্ৰ নদীৰ বিশ্বনাথ ঘাটৰ বুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰই ব-ছেৰা সোঁতাৰ সংগম স্থলত অৱস্থিত এটা প্ৰাকৃতিক নদী দ্বীপ। বিশ্বনাথ চাৰিআলি নগৰৰ পৰা দক্ষিণলৈ ৬ কি: মি: দুৰত এই উমাটুমনি বা উমাবন অৱস্থিত।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২০ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

উমাটুমনি বা উমাবন, ব্ৰহ্মপুত্ৰ নদৰ বিশ্বনাথ ঘাটৰ বুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰই ব-ছেৰা সোঁতাৰ সংগম স্থলত অৱস্থিত এটা প্ৰাকৃতিক নদী দ্বীপ। বিশ্বনাথ চাৰিআলি নগৰৰ পৰা দক্ষিণলৈ ৬ কি: মি: দুৰত এই উমাটুমনি বা উমাবন অৱস্থিত।

বৰ্ণনা

উমাটুমনিৰ প্ৰাকৃতিক সৌন্দৰ্য্য বৰ অনুপম। পুৰনি পুথি 'পীঠমালা তন্ত্ৰ'ৰ মতে উমাতুমনিত ২২খন পৱিত্ৰ থান থাকিলেও বৰ্তমান উক্ত সংখ্যক থান দেখা নাযায়। ইয়াত ১৭৪১ চনত টাই-আহোম জনগোষ্ঠী চাওফা চুতণফাই স্থাপন কৰা উমা মন্দিৰ আছে। ভগবান শিৱই নটৰাজৰূপে সতীৰ মৃতদেহ লৈ তাণ্ডৱনৃত্য কৰা সময়ত সতীৰ বাওঁ বাহু আৰু স্তন পৰা বুলি কিম্বদন্তিয়ে কয়। কথিত আছে, হৰক পতিৰূপে পাবলৈ উমাই ইয়াতে তপস্যা কৰিছিল বাবে ইয়াৰ নাম 'উমাবন' হয়। উমাই তপস্যা কৰা ঠাইতে দেৱালয় আছে। ইয়াতে উমা ভাগৱতী, মহেশ্বৰ শিৱৰ দেৱালয়, নাংগলেশ্বৰ দেৱালয়, সিদ্ধেশ্বৰ দেৱালয়আছে।

আহোম যুগত বিশ্বনাথ তীৰ্থক্ষেত্ৰক কেন্দ্ৰ কৰি যিখন নগৰ গঢ়ি উঠিছিল তাৰ নাম আছিল সলা নগৰ বা সলা বাহৰ। ব্ৰহ্মপুত্ৰ নদৰ মাজত থকা সলাটুমনি বা উমা টুমনিৰ কোঠটো শিৱ নগৰৰে দ্বিতীয়টো অংশ। পশ্চিম অংশ বাদ দি গোটেই দ্বীপটোক সামৰি এটা ট্ৰেপজিয়াম আকৃতিৰ কোঠ আছে। আনহাতে ইয়াৰ অভ্যন্তৰত 'ব' আখৰটোৰ দৰে আন এটা গড় গভীৰ পৰিখাসহ উত্তৰা-দক্ষিণাকৈ আছে। জনামতে ১৫৩১ চনত বিদেশী আক্ৰমণ প্ৰতিহত কৰিবলৈ কনচেং বৰপাত্ৰগোঁহাইৰ হতুৱাই চুহুন্মুং স্বৰ্গদেৱে এই কোঠ বন্ধাইছিল। ইয়াতেই ১৫৩২ চনত তিনিদিন তিনিৰাতি যুঁজি অসমীয়া সৈন্যই বিদেশী আক্ৰমণ প্ৰতিহত কৰিছিল।

তথ্য সংগ্ৰহ

  • 'বিশ্বনাথ-লহৰি' ২০০৬

সম্পৰ্কিত শ্ৰেণী

শোণিতপুৰ জিলাৰ পৰ্যটনস্থলীনদী দ্বীপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমাটুমনি” প্ৰবন্ধৰ সংশোধন ২৫৬৩৬২ (২৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।