অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কোট্টায়াম

কোট্টায়াম ভাৰতৰ কেৰালা ৰাজ্যৰ কোট্টায়াম জিলাত অৱস্থিত এখন চহৰ। এই চহৰখন জিলাখনৰ সদৰ ঠাই আৰু ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা প্ৰায় ১৫১ কিলোমিটাৰ উত্তৰত অৱস্থিত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি কোট্টায়ামৰ জনসংখ্যা হৈছে ১৩৬,৮১২ জন আৰু জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৪৭০ জন।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ১,৩৪২ শব্দ · ৭ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কোট্টায়াম ভাৰতৰ কেৰালা ৰাজ্যৰ কোট্টায়াম জিলাত অৱস্থিত এখন চহৰ।১২ এই চহৰখন জিলাখনৰ সদৰ ঠাই আৰু ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা প্ৰায় ১৫১ কিলোমিটাৰ উত্তৰত অৱস্থিত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি কোট্টায়ামৰ জনসংখ্যা হৈছে ১৩৬,৮১২ জন আৰু জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৪৭০ জন।৩ কোট্টায়ামক "অক্ষৰৰ চহৰ" বুলিও জনা যায়, কিয়নো মালয়ালম ভাষাৰ কেইবাখনো প্ৰথমখন দৈনিক সংবাদ পত্ৰ যেনে— দীপিকা, মালয়ালা মনোৰমা, আৰু মঙ্গলম এই কোট্টায়াম চহৰৰপৰাই আৰম্ভ হৈছিল আৰু ইয়াত ইয়াৰ মুখ্য কাৰ্যালয় আছে। লগতে ইয়াত বহুতো প্ৰকাশন গৃহ আছে।৪

ব্যুৎপত্তি

থেক্কুমকুৰ শাসকৰ ৰাজপ্ৰাসাদটো থালিয়িলকোট্টা নামৰ এটা দুৰ্গৰদ্বাৰা সুৰক্ষিত আছিল। বিশ্বাস কৰা হয় যে কোট্টায়াম নামটো মালয়ালম শব্দ কোট্টা (যাৰ অৰ্থ দুৰ্গ) আৰু আকম (যাৰ অৰ্থ ভিতৰ) এই দুয়োটাৰ সংমিশ্ৰণত আহিছে।৫ ইয়াৰ সংযুক্ত ৰূপ কোট্টায়ক্ককম (കോട്ടയ്ക്കകം) বুলি কোৱা হয়, যাৰ অৰ্থ হ’ল "দুৰ্গৰ ভিতৰত।" ৬৭৮

ইতিহাস

থেক্কুমকুৰ শাসন (১১০৩ - ১৭৫৩)

খ্ৰীষ্টীয় নৱম শতিকাৰ আৰম্ভণিৰেপৰা থেক্কুমকুৰ আৰু কোট্টায়ামৰ ইতিহাস প্ৰায় একেই আছিল। কোট্টায়াম তেতিয়া কুলশেখৰ সাম্ৰাজ্যৰ (৮০০ খ্ৰীষ্টাব্দ – ১১০৩ খ্ৰীষ্টাব্দ) অন্তৰ্গত ভেম্পোলিনাদৰ এটা অংশ আছিল। ১১০৩ চনৰ ভিতৰত ভেম্পোলিনাদ ৰাজ্যখন থেক্কুমকুৰ আৰু ৱাডাক্কুমকুৰ নামৰ দুখন ৰাজ্যত বিভক্ত হৈ পৰে। পিছৰ ৰাজ্যখন কোচিনৰ কৰতলীয়া হৈছিল।৯১০

এই ৰাজবংশৰ ৰাজপ্ৰাসাদ প্ৰথমাৱস্থাত কোট্টায়ামৰ ভেন্নিমালাত আছিল। ইয়াক থালিয়িলকোট্টা নামৰ এটা দুৰ্গই সুৰক্ষিত কৰি ৰাখিছিল। ইয়াৰ ফলত এই অঞ্চলটো দুৰ্গটোৰ নামেৰেই জনাজাত হৈ পৰিছিল। পৰৱৰ্তী সময়ত থেক্কুমকুৰৰ ৰজাসকলে কোট্টায়াম চহৰৰ উপকণ্ঠ অঞ্চল কুমৰানাল্লুৰৰ ওচৰৰ নাত্তাছেৰীলৈ নিজৰ ৰাজধানী স্থানান্তৰ কৰে। বিশ্বাস কৰা হয় যে থেক্কুমকুৰ ৰাজবংশই থাঝাথাংগাড়ীৰপৰা কোট্টায়াম শাসন কৰিছিল।

পৰ্তুগীজ আৰু ডাচসকলে এই দুয়োখন ৰাজ্যৰ সৈতে ব্যাৱসায়িক সম্পৰ্ক স্থাপন কৰিছিল। তেওঁলোকে মূলতঃ জালুক আৰু অন্যান্য মচলাৰ ব্যৱসায় কৰিছিল। ১৭৪১ চনৰ ট্ৰাভাংকোৰ-ডাচ যুদ্ধত ট্ৰাভাংকোৰ ৰাজ্যৰ হাতত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী পৰাজিত হয়। ইয়াৰ পিছত মাৰ্তণ্ড বৰ্মাৰ সামৰিক অভিযান থেক্কুমকুৰকে ধৰি উত্তৰৰ প্ৰতিৱেশী ৰাজ্যসমূহৰ বিৰুদ্ধে আগবাঢ়িছিল।

ট্ৰাভাংকোৰ শাসন (১৭৫৩ - ১৯৪৯)

যদিও থেক্কুমকুৰে ৰাজ্য ৰক্ষাৰ বাবে চেম্পাকাছেৰী আৰু ৱাডাক্কুমকুৰৰ সৈতে মিত্ৰতা কৰিছিল, তথাপি অৱশেষত সকলোবোৰ অঞ্চল ট্ৰাভাংকোৰৰ সৈতে চামিল কৰা হয়। আন এটা উৎসৰ মতে থেক্কুমকুৰৰ শাসকে ট্ৰাভাংকোৰৰ বিৰুদ্ধে প্ৰথমে কায়ামকুলাম ৰাজ্য আৰু তাৰ পিছত আম্বালপুঝা সৰু ৰাজ্যৰপক্ষ লৈছিল। আম্বালপুঝাৰ পতনৰ পিছতো থেক্কুমকুৰৰ শাসকে ট্ৰাভাংকোৰৰ সৈতে বুজা-বুজিলৈ আহিবলৈ অমান্তি হয়। ইয়াৰ বাবে ১৭৫০ চনৰ ১১ ছেপ্টেম্বৰত মাৰ্তণ্ড বৰ্মাৰ প্ৰধানমন্ত্ৰী তথা সেনাধ্যক্ষ ৰামায়্যন দালাৱাই থেক্কুমকুৰৰ ৰাজধানী দখল কৰে। অৱশেষত ১৭৫৩ চনত এই ৰাজ্যখন ট্ৰাভাংকোৰৰ সৈতে একত্ৰিত কৰা হয়।

১৯ শতিকাৰ আৰম্ভণিতে কেইবাখনো অসমান চুক্তিৰ পিছত ট্ৰাভাংকোৰ ব্ৰিটেইনৰ কৰতলীয়া ৰাজ্য হৈ পৰে। ১৮১৭ চনত চাৰ্চ মিছনেৰী ছচাইটিয়ে কেৰালাৰ প্ৰথমখন পশ্চিমীয়া শৈলীৰ মহাবিদ্যালয় হিচাপে চি এম এছ কলেজ প্ৰতিষ্ঠা কৰে। চৰকাৰী প্ৰশাসনৰ বাবে প্ৰশাসক তৈয়াৰ কৰিবলৈ ট্ৰাভাংকোৰ চৰকাৰে এই পদক্ষেপক আদৰণি জনাইছিল।১১

ত মোহনদাস কৰমচান্দ গান্ধী]]

সমসাময়িক যুগ (১৯৪৯ - বৰ্তমান)

কোট্টায়াম ট্ৰাভাংকোৰ এটা ৰাজহ বিভাগ হৈ পৰে।৭ দেৱীকুলাম নামৰ এটা পঞ্চম বিভাগ কিছুসময়ৰ বাবে আছিল যদিও পিছলৈ ইয়াক কোট্টায়ামৰ সৈতে যোগ কৰা হয়। ১৯৪৯ চনৰ জুলাই মাহত কোট্টায়াম জিলাখন আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়।১২

ভৌগোলিক অৱস্থান

, কোট্টায়ামত তোলা কামচৰাই]]

কোট্টায়ামৰ গড় উচ্চতা সাগৰ পৃষ্ঠৰপৰা ৩ মিটাৰ।১৩ ই ইদুক্কি জিলাৰ পশ্চিমঘাট পৰ্বতমালাৰ কেইবাখনো নিজৰাৰপৰা গঠিত হোৱা মিনাছিল নদীৰ অৱবাহিকা আৰু ভেম্বনাদ হ্ৰদ জলাশয়ৰ অৱবাহিকাত অৱস্থিত। কুমাৰাকমত ভেম্বানাদ হ্ৰদত মিলিত হোৱা মিনাছিল নদীৰ অন্তৰ্দেহী মুখনিৰ কাষতে চহৰখন অৱস্থিত।

কেৰালাৰ উচ্চতাভিত্তিক স্থান বিভাজন অনুসৰি কোট্টায়ামক মধ্যভূমি অঞ্চল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ইয়াৰ সাধাৰণ মাটিৰ প্ৰকাৰ হ'ল পলসুৱা মাটি মাটি। উদ্ভিদৰাজি মূলতঃ ক্ৰান্তীয় চিৰসেউজীয়া আৰু আৰ্দ্ৰ পৰ্ণপাতি প্ৰকৃতিৰ। জিলাখনত পাহাৰ, জলাশয় আৰু ধানখেতিৰ পথাৰৰ এক সংমিশ্ৰণ দেখা যায়।১৪

কোট্টায়াম পৌৰসভাৰ অধীনৰ মাটি-কালি হ'ল ৫৫.৪০ বৰ্গ কিলোমিটাৰ। কোট্টায়াম জিলাৰ সদৰ স্থান কোট্টায়াম চহৰখন কেৰালাৰ মধ্য অংশত, মধ্য ট্ৰাভাংকুৰ অঞ্চলত অৱস্থিত। ই উত্তৰ অক্ষংশ ৯° ২৯' ৪৬" আৰু ৯° ৩৭' ৫৯" ৰ মাজত তথা পূব দ্ৰাঘিমাংশ ৭৬° ২৯' ২২" আৰু ৭৬° ৩৪' ২৪" ৰ মাজত অৱস্থিত।১৫

জলবায়ু

কোপেন জলবায়ু শ্ৰেণীবিভাজন অনুসৰি কোট্টায়ামত ক্ৰান্তীয় মৌচুমী জলবায়ু বিৰাজ কৰে।

এই জিলাৰ জলবায়ু মৃদু আৰু আনন্দদায়ক। বিষুৱ ৰেখাৰ কাষত অৱস্থান কৰাৰ বাবে কোট্টায়ামত ঋতুভিত্তিক উষ্ণতাৰ পৰিৱৰ্তন কম হয় আৰু গোটেই বছৰজুৰি মধ্যমৰপৰা উচ্চ মাত্ৰাৰ আৰ্দ্ৰতা থাকে।

কোট্টায়াম জিলাৰ দক্ষিণে পঠানমথিট্টা জিলা, পশ্চিমে আলাপ্পুয়া জিলা, উত্তৰে এৰ্ণাকুলাম জিলা আৰু পূব তথা উত্তৰ-পূবে ইদুক্কি জিলা অৱস্থিত।

কৃষি

কোট্টায়াম জিলা কেৰালাৰ প্ৰাকৃতিক ৰবৰ খেতিৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ভাৰত চৰকাৰৰ এখন বিধিগত সংস্থা ৰবৰ ব’ৰ্ডৰ মুখ্য কাৰ্যালয় কোট্টায়ামত অৱস্থিত, যি ৰবৰ উদ্যোগৰ বিকাশত প্ৰধান ভূমিকা পালন কৰে।১৬

ৰবৰ হ'ল ইয়াৰ প্ৰধান নগদী শস্য আৰু জিলাখনে কেৰালাৰ উৎপাদনত যথেষ্ট বৰঙনি যোগায়। ভাৰতৰ প্ৰাকৃতিক ৰবৰ উৎপাদনৰ অধিকাংশই কেৰালাত উৎপাদিত হয়।১৭ ৰবৰৰ উপৰি অন্যান্য শস্যৰ ভিতৰত নাৰিকল, কল, আনাৰস, জালুক আৰু বিভিন্ন মচলা অন্তৰ্ভুক্ত। অতিৰিক্ত আয়ৰ বাবে ৰবৰ বাগিছাত শাক-পাচলি আৰু আন শস্যৰ আন্তঃখেতি কৰাত উৎসাহ দিয়া হয়।১৮

জনগাঁথনি

২০০১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি,১৯ কোট্টায়াম নগৰীয় সমষ্টিকৰণৰ জনসংখ্যা আছিল ১৭২,৮৭৮ জন, আৰু কোট্টায়াম জিলাৰ জনসংখ্যা আছিল ১,৯৭৪,৫৫১ জন। কোট্টায়াম পৌৰসভাৰ জনসংখ্যা আছিল ১৩৬,৮১২ জন। ইয়াৰ ৬০% পুৰুষ আৰু ৩৮% মহিলা। জিলাখনত জনসংখ্যা বৃদ্ধিৰ হাৰ কমাৰ দিশে আছিল।২০ কোট্টায়াম জিলা সাক্ষৰতাত প্ৰথম স্থানত আছে।৭

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি ক্ৰমে ৬.৭৩% আৰু ০.৩১% গঠন কৰিছিল।২১

সাহিত্য

জ্ঞাননিক্ষেপম কেৰালাৰ স্থানীয় লোকসকলৰদ্বাৰা প্ৰকাশিত প্ৰথমখন বাতৰি কাকত আছিল। ১৮৪৮ চনত কোট্টায়ামৰ চি এম এছ প্ৰেছৰপৰা এই কাকতখন প্ৰকাশ পাইছিল।২২ কোট্টায়ামে বহুতো বিখ্যাত লেখক, সাংবাদিক আৰু শিল্পী জন্ম দিছে। ঔপন্যাসিক মুত্তাট্টু ভাৰ্কে আৰু কবি পাল নাৰায়ণণ নায়াৰ দুয়োজনেই কোট্টায়ামৰ স্থানীয় লোক। অপৰাধ উপন্যাসৰ লেখক কোট্টায়াম পুষ্পনাথ কোট্টায়ামত বাস কৰিছিল। তেওঁ ২০১৮ চনৰ ২ মে'ত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।২৩ ভাৰতীয়-ইংৰাজী ঔপন্যাসিক অৰুন্ধতী ৰায় কোট্টায়ামৰ নিবাসী২৪ আৰু তেওঁৰ বুকাৰ বঁটা বিজয়ী অৰ্ধ-আত্মজীৱনীমূলক উপন্যাস দ্য গড অৱ স্মল থিংছ-ত কোট্টায়ামৰ আইমানমত কটোৱা শৈশৱৰ অভিজ্ঞতাৰ কথা উল্লেখ আছে। গল্পকাৰ তথা চিত্ৰনাট্যকাৰ উন্নি আৰ.-ও কোট্টায়ামৰেই। ১০০% সাক্ষৰতা লাভ কৰা কোট্টায়ামেই আছিল ভাৰতৰ প্ৰথমখন চহৰ।২৫ ট্ৰাভাংকোৰ ৰাজ্যৰ উত্তৰ বিভাগৰ দেৱান পেছকাৰ (সংগ্ৰাহক) টি ৰামা ৰাওৱে ১৮৮২ চনত কোট্টায়াম পৱ্লিক লাইব্ৰেৰী প্ৰতিষ্ঠা কৰিছিল।২৬

শিক্ষা

১৭ শতিকাত কোট্টায়ামত এখন ডাচ স্কুল আৰম্ভ কৰা হৈছিল। এই স্কুলখন বেছিদিন চলা নাছিল। কেৰালাৰ প্ৰথমখন ইংৰাজী স্কুল আৰু ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় ১৮১৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইংলেণ্ডৰ চাৰ্চ মিছনেৰী ছচাইটিৰদ্বাৰা কৰ্ণেল জন মুন্‌ৰোৰ নেতৃত্বত ইয়াক চি এম এছ কলেজ হিচাপে স্থাপন কৰা হৈছিল।১১ বৰ্তমান চি এম এছ কলেজ কোট্টায়াম আৰু চাইৰো মলাবাৰ কেথলিক গীৰ্জাৰ সহায়ত চহৰৰপৰা ১৭ কিলোমিটাৰ দূৰৈৰ চেংগাননাছেৰীত প্ৰতিষ্ঠা হোৱা ছেইণ্ট বাৰ্চমেনছ কলেজ জিলাখনৰ শিক্ষা ক্ষেত্ৰত এক ডাঙৰ মাইলৰ খুঁটি। ইয়াৰ ফলস্বৰূপে কোট্টায়াম ১৯৮৯ চনত ১০০% সাক্ষৰতা লাভ কৰা ভাৰতৰ প্ৰথমখন চহৰ হৈ পৰে।২৭

চৰকাৰী চিকিৎসা মহাবিদ্যালয়, কোট্টায়াম কেৰালাৰ অন্যতম বিখ্যাত চিকিৎসা মহাবিদ্যালয়। ইয়াৰ উপৰি মহাত্মা গান্ধী বিশ্ববিদ্যালয়, কেৰালা কোট্টায়ামতে অৱস্থিত। কোট্টায়ামত কেইবাখনো অন্য মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আছে। ছিৰিয়াক অধ্যয়নৰ বাবে বিশ্বৰ অন্যতম বিখ্যাত প্ৰতিষ্ঠান ছেইণ্ট এফ্ৰেম ইকুমেনিকেল ৰিচাৰ্চ ইনষ্টিটিউটো ইয়াতে অৱস্থিত।২৮

ইয়াত ১৪খন অভিযান্ত্ৰিক মহাবিদ্যালয় আছে। চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় - ৰাজীৱ গান্ধী ইনষ্টিটিউট অব টেকন'লজী কোট্টায়ামৰপৰা ১৪ কিলোমিটাৰ পূবত অৱস্থিত পাম্পাডীত আছে। ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, কোট্টায়াম পালা চহৰৰ ওচৰত কোট্টায়ামৰপৰা প্ৰায় 30 কি.মি. দূৰত অৱস্থিত। ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠান (IIMC)-ৰ এটা আঞ্চলিক কেন্দ্ৰও কোট্টায়ামৰ পাম্পাডীৰ ওচৰতে আছে।

সংবাদ মাধ্যম

১৮২১ চনত ব্ৰিটিছ মিছনেৰী বেঞ্জামিন বেইলিয়ে কোট্টায়ামত কেৰালাৰ প্ৰথমটো মুদ্ৰণালয় চি.এম.এছ. প্ৰেছ স্থাপন কৰে। তেতিয়াৰেপৰা এই চহৰখনে ৰাজ্যখনৰ বাতৰি কাকত আৰু পুথি প্ৰকাশনৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে।

কোট্টায়ামৰপৰা প্ৰকাশিত মালয়ালম মনোৰমা বাতৰি কাকতখন ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা দৈনিক কাকতবোৰৰ অন্যতম।২৯ কোট্টায়ামত অৱস্থিত মনোৰমা গ্ৰুপে মনোৰমা অনলাইন, মনোৰমা নিউজ চেনেল, দ্য ৱিক আলোচনী আৰু অন্যান্য প্ৰকাশনসমূহ পৰিচালনা কৰে। কোট্টায়ামৰপৰা মাতৃভূমি, দেশভিমনি, দীপিকা, মাধ্যমিক আদি আন প্ৰধান মালয়ালম বাতৰি কাকতো প্ৰকাশ পায়। ইয়াৰ উপৰি ডি. চি. বুকছ, লাবছ ইণ্ডিয়া পাব্লিকেশ্বনছ আদি প্ৰকাশন গৃহ ইয়াতে আছে। কেৰালাত প্ৰকাশ হোৱা কিতাপৰ প্ৰায় ৭০ শতাংশ কোট্টায়ামত প্ৰকাশ হয়।৩০ ১৯৪৫ চনত কেইজনমান লেখক মিলে সাহিত্য প্ৰৱৰ্তক সমবায় সমিতি গঠন কৰিছিল।

ক্ৰীড়া

কোট্টায়ামত মাৰিয়ান ট্ৰফী, গিৰিদীপম ট্ৰফী আদি কেইবাখনো বাৰ্ষিক বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ মূল খেলপথাৰ দুখন হ'ল নেহৰু ষ্টেডিয়াম আৰু ৰাজীৱ গান্ধী ইনডৰ ষ্টেডিয়াম। এই অঞ্চলৰ এটা পুৰণি আৰু বিখ্যাত খেল হ'ল নাদান পান্থুকাভালি।

শাসন-ব্যৱস্থা

কোট্টায়াম জিলাৰ মহকুমা বা তালুকসমূহ হ'ল:

  • চংগাননাছেৰী
  • কানজিৰাপ্পল্লী
  • কোট্টায়াম
  • মিনাচিল
  • ভাইকম৩১

বিধানমণ্ডল

১৯৯৪ চনৰ কেৰালা পৌৰসভা আইন কাৰ্য্যকৰী হোৱাৰ পিছত কোট্টায়াম জিলাৰ ছখন পৌৰসভাৰ ভিতৰত কোট্টায়ামাও অন্যতম হিচাপে গঠিত হয়। প্ৰতি পাঁচ বছৰৰ মূৰত স্থানীয় চৰকাৰী নিৰ্বাচনৰ লগত সংগতি ৰাখি ৫২টা ৱাৰ্ডৰপৰা পৌৰ পৰিষদৰ সদস্যসকলক নিৰ্বাচিত কৰা হয়। পৌৰসভাৰ কাৰ্য্যবাহী প্ৰধান হ'ল সভাপতিজন।

কোট্টায়াম চহৰখন কোট্টায়াম বিধানসভা সমষ্টি আৰু কোট্টায়াম লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।

কাৰ্য্যবাহী বিভাগ

কোট্টায়াম জিলাৰ আয়ুক্তালয় কোট্টায়াম চহৰত অৱস্থিত। বৰ্তমানৰ জিলা আয়ুক্ত হ'ল শ্ৰী চেতন কুমাৰ মীনা আই.এ.এছ.। শ্ৰী এছ. শ্ৰীজিথ আই.এ.এছ.য়ে অতিৰিক্ত জিলা দণ্ডাধীশ আৰু উপায়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

জিলা আদালতকে ধৰি কোট্টায়ামৰ বহুতো প্ৰশাসনিক কাৰ্যালয় এই কালেক্টৰেট চৌহদৰ ভিতৰতে অৱস্থিত।

ন্যায়পালিকা

ভাৰতৰ বিভিন্ন ৰাজ্যৰ দিৱান হিচাপে কৰ্ণেল জন মুন্‌ৰোৰ কাৰ্য্যকালত পাঁচখন আদালত স্থাপন কৰা হৈছিল। ইয়াৰে এখন কোট্টায়াম জিলাৰ উত্তৰ-পশ্চিম অংশৰ ভাইকমত স্থাপন কৰা হৈছিল।

ট্ৰাভাংকোৰৰ মহাৰাজ শ্ৰী মূলম থিৰুনালৰ দিনত ১৯১০ চনত কোট্টায়ামত জিলা আদালত স্থাপন কৰা হয়। ২০১০ চনত এই আদালতখনে শতবৰ্ষ উদ্‌যাপন কৰে।

কোট্টায়াম চহৰত জিলা সত্ৰ ন‍‍্যায়ালয় প্ৰশাসনিক কেন্দ্ৰ হিচাপে লৈ ন্যায়ালয়ৰ জিলা সদৰ কাৰ্যালয় স্থাপন কৰা হৈছে। ন্যায় প্ৰদান ব্যৱস্থাত আঠখন মুঞ্চিফ আদালত, দহখন জুডিচিয়েল ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট আদালত, তিনিখন চাব কোৰ্ট, এখন মুখ্য জুডিচিয়েল মেজিষ্ট্ৰেট আদালত আৰু তিনিখন অতিৰিক্ত জিলা আদালত আছে। ইয়াৰ উপৰি দুখন ম'টৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণ, ভিজিলেন্স গোচৰৰ বাবে এখন বিশেষ আদালত আৰু দুখন পাৰিবাৰিক আদালতো জিলাখনত চলি আছে।

ৰাজনীতি

থুৰুভঞ্চুৰ ৰাধাকৃষ্ণণ, কোট্টায়ামৰ বৰ্তমানৰ বিধায়ক
থুৰুভঞ্চুৰ ৰাধাকৃষ্ণণ, কোট্টায়ামৰ বৰ্তমানৰ বিধায়কছবি: Augustus Binu : flickr · CC BY-SA 3.0

কোট্টায়ামৰ প্ৰধান ৰাজনৈতিক দলসমূহ হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ (INC), ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সিষ্ট) (CPI(M)), ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু কেৰালা কংগ্ৰেছ। কোট্টায়ামত শ্ৰমিক ইউনিয়নৰ আন্দোলনসমূহো অতি জনপ্ৰিয়।

কোট্টায়ামৰ বৰ্তমানৰ বিধায়কজন হ'ল থুৰুভঞ্চুৰ ৰাধাকৃষ্ণণ।৩২ তেখেতে ২০১১ চনৰপৰা এই সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আহিছে।৩৩ তেওঁ কেৰালা বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ পদতো অধিষ্ঠিত।

বৰ্ষএ চি নংসমষ্টিৰ নামশ্ৰেণীবিজয়ীলিংগদলভোটৰাণাৰ আপলিংগদলভোট
১৯৫৭৪১কোট্টায়ামজি ই এনভাস্কৰন নায়াৰ পি.এমচি পি আই২৩০২১গোবিন্দন নায়াৰ এম. পি.এমআই এন চি২০৭৫০
১৯৬০৪১কোট্টায়ামজি ই এনএম. পি. গোবিন্দন নায়াৰএমআই এন চি২৯০২০এন. ৰাঘৱ কুৰুপএমচি পি আই২৭৮৬৩
১৯৬৫৮৪কোট্টায়ামজি ই এনএম. কে. জৰ্জএমচি পি আই (এম)১৭৮৮০এম. পি. গোবিন্দন নায়াৰএমআই এন চি১৪৩৯৬
১৯৬৭৮৪কোট্টায়ামজি ই এনএম. কে. জৰ্জএমচি পি এম২৫২৯৮এম. পি. গোবিন্দন নায়াৰএমআই এন চি১৬১৮৮
১৯৭০৮৪কোট্টায়ামজি ই এনএম. থমাছএমচি পি এম২৬১৪৭কে. জৰ্জ থমাছএমএন চি অ'১৪১৯০
১৯৭৭৯০কোট্টায়ামজি ই এনপি. পি. জৰ্জএমচি পি আই৩৫৬৮৩এম. থমাছএমচি পি এম৩২১০৭
১৯৮০৯০কোট্টায়ামজি ই এনকে. এম. আব্ৰাহামএমচি পি এম৩৭৫৮৮পি. বি. আৰ. পিল্লাইএমজে এন পি২৫৬২৪
১৯৮২৯০কোট্টায়ামজি ই এনএন. শ্ৰীনিবাসনএমআই এন ডি৩৮৮৮৬কে. এম. আব্ৰাহামএমচি পি এম৩৩৫৪৮
১৯৮৭৯০কোট্টায়ামজি ই এনটি. কে. ৰামকৃষ্ণনএমচি পি এম৫৫২২২থুৰুভঞ্চুৰ ৰাধাকৃষ্ণণএমআই এন চি৪৫৮৯৬
১৯৯১৯০কোট্টায়ামজি ই এনটি. কে. ৰামকৃষ্ণনএমচি পি এম৫৪১৮২চেৰিয়ান ফিলিপএমআই এন চি৫১০০০
১৯৯৬৯০কোট্টায়ামজি ই এনটি. কে. ৰামকৃষ্ণনএমচি পি এম৫২৬০৯মোহন শংকৰএমআই এন চি৪৫৫৪৫
২০০১৯০কোট্টায়ামজি ই এনমাৰ্চি ৰবিএফআই এন চি৫৭৭৯৫বৈকম বিশ্বনএমচি পি এম৪৫৯৫৪
২০০৬৯০কোট্টায়ামজি ই এনভি. এন. বাশৱনএমচি পি আই (এম)৪৭৭৩১অজয় থৰাইলএমআই এন চি৪৭২৪৯
২০১১৯৭কোট্টায়ামজি ই এনথুৰুভঞ্চুৰ ৰাধাকৃষ্ণণএমআই এন চি৫৩৮২৫ভি. এন. বাশৱনএমচি পি এম৫৩১১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kottayam · India, Map, History, & Facts · Britannica. ://britannica.com
  2. ↑ Kottayam, Kottayam Hotels, Kottayam Kerala, Hotels in Kottayam, Kottayam Hotel, Kottayam India, Kottayam RealEstate. ://kottayam.com
  3. ↑ Kottayam District Population Census 2011 - 2021 - 2025, Kerala literacy sex ratio and density. www.census2011.co.in
  4. ↑ City of Letters. Official Website of Kottayam
  5. ↑ Kottayam etymology
  6. ↑ (3 April 2020). About Kottayam. Kottayam
  7. ↑ Kurien, Lucyamma. (May 2000). The structure and functioning of gram sabhas: a study focussed on the district of Kottayam. Mahatma Gandhi University. পৃ. 116–206
  8. ↑ Kottayam District
  9. ↑ P. Shungoonny Menon - A HISTORY OF TRAVANCORE - First edition: 1878, New edition: 1983, Page 130, 131 -
  10. ↑ K.N Gopala Pillai Kuruppum Veettil. (1948). Thekkumkur Rani (Queen of Thekkumkur). The Hindustan Publishing House, Trivandrum, Publisher: Thomas George BA. পৃ. 224–
  11. ↑ (4 January 2005). Setting standards of excellence: UGC recognition has added to CMS College's list of merits.. দ্য হিন্দু
  12. ↑ Kottayam District, Government of Kerala
  13. ↑ Kottayam Travel Guide: Useful information to visit Kottayam. 8 Reviews
  14. ↑ (2025-06-24). Kottayam · India, Map, History, & Facts · Britannica. www.britannica.com
  15. ↑ Kottayam Municipality
  16. ↑ Rubber Board. Rubber Board
  17. ↑ Vijayalekshmi, P J. (2022). Natural Rubber Production in Kerala. International Journal of Social Science and Economic Research
  18. ↑ (8 August 2025). Farmers swap rubber for exotic fruits, chasing higher profits. Mongabay
  19. ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India
  20. ↑ Chattopadhyay, Srikumar. (2006). Striving for Sustainability: Environmental Stress and Democratic Initiatives in Kerala. Concept Publishing. পৃ. 157. ISBN 9788180692949
  21. ↑ Kottayam Municipality City Population Census 2011-2021
  22. ↑ official website of Information and Public Relation Department
  23. ↑ (2018-05-02). Malayalam detective fiction writer Kottayam Pushpanath passes away. The New Indian Express
  24. ↑ (2023-10-11). From the India Today archives (1997) · Arundhati Roy: The princess of prose. India Today
  25. ↑ (3 April 2020). About District. Government of Kerala
  26. ↑ About Us – Kottayam Public Library
  27. ↑ KPM Basheer. (1 July 2014). City of letters sets itself a new milestone. BusinessLine
  28. ↑ SEERI – Home Page
  29. ↑ 2019 Highest Circulated Dailies, Weeklies & Magazines amongst Member Publications (across languages) Audit Bureau
  30. ↑ Official website of the Kottayam District
  31. ↑ Government of Kerala
  32. ↑ Assembly Constituencies - Corresponding Districts and Parliamentary Constituencies. Kerala. ভাৰত নিৰ্বাচন আয়োগ
  33. ↑ Assembly Constituencies - Corresponding Districts and Parliamentary Constituencies. Kerala. ভাৰত নিৰ্বাচন আয়োগ

সম্পৰ্কিত শ্ৰেণী

কেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোট্টায়াম” প্ৰবন্ধৰ সংশোধন ৬৩০১২১ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।