অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উল্লাসনগৰ

উল্লাসনগৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত থানে জিলাৰ এখন নগৰ। ই ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা ৫৫ কিঃমিঃ দূৰৈত অৱস্থিত। ই এমএমআৰডিএ-ৰ দ্বাৰা পৰিচালিত মুম্বাই মেট্ৰ’পলিটান অঞ্চলৰ অন্তৰ্গত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ আনুমানিক জনসংখ্যা হ’ল ৫, ০৬, ০৯৮জন।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

উল্লাসনগৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত থানে জিলাৰ এখন নগৰ। ই ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পৰা ৫৫ কিঃমিঃ দূৰৈত অৱস্থিত। ই এমএমআৰডিএ-ৰ দ্বাৰা পৰিচালিত মুম্বাই মেট্ৰ’পলিটান অঞ্চলৰ অন্তৰ্গত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ আনুমানিক জনসংখ্যা হ’ল ৫, ০৬, ০৯৮জন। ১ উল্লাসনগৰ এখন পৌৰসভা নগৰ আৰু এই নামৰেই তহচিলৰ সদৰ ঠাই। কেন্দ্ৰীয় ৰেলৱে’ জ’নৰ মুম্বাই-পুনে মাৰ্গত ইয়াৰ ৰেল ষ্টেশ্যন অৱস্থিত।

ইতিহাস

স্বাধীনতাৰ পাছতেই ভাৰতৰ বিভাজন হৈ পাকিস্তানৰ গঠন হ’ল। সেই সময়ত পাকিস্তানৰ সিন্ধ প্ৰান্তৰ হিন্দু সিন্ধীসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ফলত লাখ লাখ সিন্ধী লোক শৰণাৰ্থী হৈ ভাৰতলৈ আহিছিল। তাৰে প্ৰায় এক লাখ সিন্ধী লোকক কল্যাণৰ পৰা ৫ কিঃমিঃ দূৰৈত অৱস্থিত সামৰিক শিবিৰত আশ্ৰয় দিয়া হৈছিল। পাছত ১৯৭৯ চনত সেই অঞ্চলটো মহকুমাৰূপে ঘোষিত হ’ল। এই নগৰখনৰ নামকৰণ সেই সময়ৰ গভৰ্নৰ জেনেৰেল চি ৰাজগোপালচাৰ্যৰ দ্বাৰা কৰা হৈছিল। ১৯৫৫ চনত উপনগৰীয়া ৰেল ষ্টেশ্যন নিৰ্মিত হৈছিল। ১৯৬০ চনৰ জানুৱাৰী মাহত উল্লাসনগৰ পৌৰসভাৰ গঠন হ’ল।

অৰ্থনীতি

উল্লাসনগৰত ডেনিম উৎপাদন কৰা কেইবাটাও ক্ষুদ্ৰ ব্যৱসায় আছে। কোনো কোনো উৎপাদকে ইয়াৰে পৰা বিশ্বজুৰি জিঞ্চ ৰপ্তানি কৰে। ২ আচবাবপত্ৰ, কানি-কাপোৰ আৰু বৈদ্যুতিক বজাৰৰ বাবেও ই জনাজাত। ৩ তদুপৰি উল্লাসনগৰত ছপাশাল, বস্ত্ৰশিল্প বয়ন, মিঠাই, আচবাবপত্ৰ আদিৰ দৰে কেইবাটাও ক্ষুদ্ৰ ব্যৱসায় আছে।

জনগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি উল্লাসনগৰৰ জনসংখ্যা ৫,০৬,০৯৮জন আছিল। ই মহাৰাষ্ট্ৰৰ ২২তম আৰু ভাৰতৰ ৮৮তম আটাইতকৈ ডাঙৰ নগৰ। পুৰুষ আৰু মহিলাৰ জনসংখ্যা ক্ৰমে ৫৩% আৰু ৪৭%।

শিক্ষা

এই নগৰত ১২৯খন প্ৰাথমিক বিদ্যালয়, ৫৬খন মাধ্যমিক বিদ্যালয়, ৯খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৩খন মহাবিদ্যালয় আৰু ২খন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আছে।

উল্লেখযোগ্য বাসিন্দা

▪ আশিষ চঞ্চচলানী (জনপ্ৰিয় ভাৰতীয় ইউটিউবাৰ)

তথ্যসূত্ৰ

  1. ↑ Mumbai Councils
  2. ↑ Dionne Bunsha. (17 December 2004). The States:Ulhasnagar in a new role. দ্য হিন্দু
  3. ↑ About Ulhasnagar, Introduction of Ulhasnagar, Ulhasnagar Profile. www.ulhasnagaronline.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নগৰ মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উল্লাসনগৰ” প্ৰবন্ধৰ সংশোধন ৩৮০২০৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।