অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৰেড লাইট ডিষ্ট্ৰিক্ট

নিষিদ্ধ অঞ্চল বা সন্তুষ্টি প্ৰদানকাৰী এলাকা বা ৰেড লাইট ডিষ্ট্ৰিক্ট (Red-light district) হ’ল এটা চহৰীয়া অঞ্চল, য’ত বেশ্যাবৃত্তি আৰু যৌনতা সম্বন্ধীয় ব্যৱসায়, যেনে- যৌন বিপনী, ষ্ট্ৰিপ ক্লাব, প্ৰাপ্তবয়স্কৰ থিয়েটাৰ আদি কেন্দ্ৰীভূত হোৱা দেখা যায়।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৪ ৩৩২ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ
যৌনকৰ্মীসকলৰ সন্মানাৰ্থে আমষ্টাৰডামত স্থাপিত এটা ভাস্কৰ্য
যৌনকৰ্মীসকলৰ সন্মানাৰ্থে আমষ্টাৰডামত স্থাপিত এটা ভাস্কৰ্যছবি: Flickr user Romeo Reidl from Budapest, Hungary · CC BY-SA 2.0
১৯০১ চনৰ জানুৱাৰীৰ ''জাজ'' আলোচনীৰ বেটুপাতত ৰেড লাইট ডিষ্ট্ৰিক্টৰ প্ৰাৰম্ভিক উল্লেখ
১৯০১ চনৰ জানুৱাৰীৰ জাজ আলোচনীৰ বেটুপাতত ৰেড লাইট ডিষ্ট্ৰিক্টৰ প্ৰাৰম্ভিক উল্লেখছবি: Victor Gillam · Public domain

নিষিদ্ধ অঞ্চল বা সন্তুষ্টি প্ৰদানকাৰী এলাকা বা ৰেড লাইট ডিষ্ট্ৰিক্ট (Red-light district) হ’ল এটা চহৰীয়া অঞ্চল, য’ত বেশ্যাবৃত্তি আৰু যৌনতা সম্বন্ধীয় ব্যৱসায়, যেনে- যৌন বিপনী, ষ্ট্ৰিপ ক্লাব, প্ৰাপ্তবয়স্কৰ থিয়েটাৰ আদি কেন্দ্ৰীভূত হোৱা দেখা যায়। বেছিভাগ ক্ষেত্ৰতে নিষিদ্ধ এলাকাসমূহ, বিশেষকৈ মহিলাৰ বেশ্যাবৃত্তিৰ সৈতে জড়িত যদিও কিছুমান এলাকাত পুৰুষৰ বেশ্যাবৃত্তি আৰু সমকামী আস্থানো থাকিব পাৰে।১ বিশ্বৰ বহু ডাঙৰ চহৰৰ নিষিদ্ধ এলাকাসমূহে আন্তঃৰাষ্ট্ৰীয় পৰিচিতি অৰ্জন কৰিছে।২

বেশ্যালয়ৰ চিহ্ন হিচাপে ব্যৱহাৰ কৰা ৰঙা বন্তিৰ পৰা ৰেড-লাইট ডিষ্ট্ৰিক্ট শব্দটোৰ উৎপত্তি হৈছে।৩

উৎপত্তি

আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হোৱা ৱুমেনছ্ খ্ৰীষ্টান টেম্পেৰেন্স ইউনিয়নৰ সভাৰ ১৮৮২ চনৰ কাৰ্যবিৱৰণীত ৰেড লাইট ডিষ্ট্ৰিক্টৰ কথা উল্লেখ হৈছিল।৪ অক্সফৰ্ড ইংৰাজী অভিধানে ছপা ৰূপত সৰ্বপ্ৰথমে ১৮৯৪ চনৰ ওহাইঅ'ৰ চেণ্ডাস্কিৰ এখন কাকত “চেণ্ডাস্কি ৰেজিষ্টাৰ”ৰ প্ৰবন্ধত ৰেড লাইট ডিষ্ট্ৰিক্ট শব্দটো উল্লেখ হৈছিল বুলি লিপিবদ্ধ কৰিছে।৩

লেখক পল ৱেলমেনে কৈছে যে এই শব্দটো আৰু এনে ধৰণৰ অন্য শব্দবোৰ উৎপত্তি 'আমেৰিকা ওল্ড ৱেষ্ট'ৰ কানাচাচৰ ডজ চহৰত হৈছিল; যিখন চহৰত উনবিংশ শতিকাৰ সময়চোৱাত সুপৰিচিত নিষিদ্ধ অঞ্চল আৰু ৰেড লাইট হাউচ চেলুনৰো অৱস্থিতি আছিল।৫ এইটো প্ৰমাণিত হোৱা নাই যদিও এই শব্দটোৰ ব্যপক ব্যৱহাৰৰ বাবে ডজ চহৰ সম্ভৱতঃ দায়ী আছিল।৬ ব্যপকভাৱে প্ৰচলিত এক লোক ব্যুৎপত্তিবিজ্ঞানৰ সূত্ৰই দাবী কৰে যে প্ৰাৰম্ভিক যুগৰ ৰেলপথৰ শ্ৰমিকসকলে বেশ্যালয়ত প্ৰবেশ কৰাৰ সময়ত দুৱাৰমুখত তেওঁলোকে ৰঙা লণ্ঠন ৰাখি থৈছিল, যাতে সহকৰ্মীসকলে জৰুৰীকালীন অৱস্থাত তেওঁলোকক বিচাৰি পায়। কিন্তু লোকতত্ববিদ বাৰবাৰা মিকেলছনে ইয়াক ভিত্তিহীন বুলি গণ্য কৰে।৭

নাৱিকসকলে সাগৰৰ পৰা আমষ্টাৰডামলৈ উভতি অহা সময়ৰ (প্ৰায় ১৬৫০ খ্ৰী:) এটা বাখ্যা অধিক যুক্তিযুক্ত হ’ব পাৰে: উপযুক্ত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু চাফা পানীৰ পৰা বঞ্চিত, মুখমণ্ডল আৰু দেহৰ য’তে-ত’তে ফোঁহা আৰু দাগ থকা দেহোপজীৱিনী মহিলাসকলে হাতত এটা ৰঙা লণ্ঠন লৈ ফুৰিছিল, যাতে এইটো স্পষ্ট হয় যে তেওঁলোক নাবিকসকলক সন্তুষ্টি প্ৰদান কৰিবলৈ উপলব্ধ। যথেষ্ঠ দৰমহা পোৱা, দীঘলীয়া সময় সাগৰৰ বুকুত কটাই উভতি অহা নাবিকসকলে সহজে বুজি পাইছিল যে এই মহিলাসকল তেওঁলোকক সকাহ আৰু সন্তুষ্টি দিব প্ৰস্তুত। পিছৰ পৰ্যায়ত এটা ৰঙা লণ্ঠনবোৰ বেশ্যালয়ৰ ৰঙা বন্তিলৈ বিকশিত হৈছিল।

জাপানী ভাষাত নিষিদ্ধ এলাকা বুজাবৰ বাবে ব্যৱহৃত বহুতো শব্দৰ ভিতৰত এটা হৈছে “আকছেন”, (赤線), যাৰ আক্ষৰিক অৰ্থ হৈছে “ৰঙা-ৰেখা”। জাপানী আৰক্ষীয়ে বৈধ নিষিদ্ধ এলাকাবোৰ সীমা মানচিত্ৰত ৰঙা ৰেখাৰে অংকন কৰিছিল। জাপানী ভাষাত “আওছেন” (青線) বোলা শব্দটোও আছে, যাৰ আক্ষৰিক অৰ্থ- “নীলা-ৰেখা”। মানচিত্ৰত নীলা ৰেখাৰে অবৈধ নিষিদ্ধ এলাকামূহক সূচিত কৰিছিল।

১৯ শতিকাৰ আৰু ২০ শতিকাৰ আৰম্ভণিতে আমেৰিকাত আইনসংগত নিষিদ্ধ এলাকা বুজাবৰ বাবে “স্পোৰ্টিং ডিষ্ট্ৰিক্ট” শব্দটো জনপ্ৰিয় হৈ পৰিছিল। পৌৰ নিকায়সমূহে সাধাৰণতে বেশ্যাবৃত্তি নিয়ন্ত্ৰণত ৰাখিবলৈ এনে এলাকাসমূহক স্পষ্টভাৱে সংজ্ঞায়িত কৰিছিল।৮

তথ্যসূত্ৰ

  1. ↑ Caves, R. W. (2004). Encyclopedia of the City. Routledge. পৃ. 559. ISBN 9780415252256
  2. ↑ (2009-08-27). History of the Red light District « What you should know about Amsterdam. Whatyoushouldknowaboutamsterdam.WordPress .com
  3. ↑ (June 2010). Red light (2.). The Agency International
  4. ↑ (1882). Minutes of the Ninth Annual Meeting. National Woman's Christian Temperance Union. পৃ. 332, 333 & 363
  5. ↑ Wellman, Paul Iselin. (1988). The Trampling Herd: The Story of the Cattle Range in America. University of Nebraska Press. পৃ. 195. ISBN 0-8032-9723-8
  6. ↑ Barra, Allen. (2009). Inventing Wyatt Earp: His Life and Many Legends. University of Nebraska Press. ISBN 978-0803220584
  7. ↑ Barbara Mikkelson. (July 9, 2007). Red Light District. snopes.com
  8. ↑ Woolston, Howard Brown. (1921). Prostitution in the United States.. The Century Company. পৃ. 105–107. ISBN 978-0-217-03857-7

সম্পৰ্কিত শ্ৰেণী

পতিতাবৃত্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেড লাইট ডিষ্ট্ৰিক্ট” প্ৰবন্ধৰ সংশোধন ৪৪৮২৯৭ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।