ৰিয়াধ (আৰৱী: الرياض অৰ্থ উদ্যান) চৌদি আৰৱৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ নগৰ। ই চৌদি আৰৱৰ ৰিয়াধ প্ৰান্তৰ ৰাজধানী হোৱাৰ উপৰিও নেজ্দ আৰু আল য়ামামাৰ দৰে ঐতিহাসিক ক্ষেত্ৰৰ লগতো ইয়াৰ সম্পৰ্ক আছে। সমুদ্ৰপৃষ্ঠৰ পৰা ২৫০০ ফুট উচ্চতাত আৰৱ মালভূমিত ৰিয়াধ অৱস্থিত।
নামকৰণ
আৰৱীত ৰিয়াধৰ আক্ষৰিক অৰ্থ উদ্যান বা বাগিচা। খেজুৰ আৰু ফলৰ বাগিচাৰ বাবে ই বিখ্যাত।
ইতিহাস
১৯০২ চনত যুৱক আব্দুল আজীজে ৰিয়াধৰ নিয়ন্ত্ৰণ গ্ৰহণৰ পিছত লোহিত সাগৰ পৰ্যন্ত বিস্তৃত আৰৱ উপদ্বীপৰ বিশাল অঞ্চলৰ ওপৰত ক্ৰমান্বয়ে আধিপত্য প্ৰতিষ্ঠাৰ ভিত্তি হিচাপে ৰিয়াধক তেওঁ ব্যৱহাৰ কৰিছিল। এই অঞ্চল ১৯৩২ চনত চৌদি আৰৱীয় ৰাজতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা পায়। বৰ্তমান ৰিয়াধ অত্যাধুনিক স্থাপত্যত অগ্ৰণী আৰু এক ব্যস্ত মহানগৰী। আৰৱ উপদ্বীপৰ হজ্জযাত্ৰী সকলৰ যাত্ৰাপথত এক প্ৰাক্তন ব্যৱসায় কেন্দ্ৰ হিচাপে ৰিয়াধ বহু শতাব্দী আগৰে পৰা মানুহৰ প্ৰধান আকৰ্ষণ আছিল।
প্ৰতিষ্ঠান
ৰিয়াধত দুখন বিশ্ববিদ্যালয় আছে, চিটিজ কিং চৌদ আৰু ইমাম মোহম্মদ বিন চৌদ ইচলামিক বিশ্ববিদ্যালয়। ইয়াৰোপৰি আছে সেনা আৰু নিৰাপত্তা মহাবিদ্যালয়, তথ্য- সাংস্কৃতিক আৰু সাংস্কৃতিক কেন্দ্ৰ, খেলাধুলাৰ সুযোগ আৰু ষ্টেডিয়াম, আৰু পুথিভঁৰাল।১ ফুটবল
জলবায়ু
ৰিয়াধৰ জলবায়ু গৰমকালি মহাদেশীয়, গৰম আৰু শুষ্ক আকৌ শীতকালত মৃদুভাৱাপন্ন। গৰমত তাপমাত্ৰা ৪০ ডিগ্ৰীৰ পৰা ৪৭ ডিগ্ৰী চে. আকৌ শীতৰ সময়ত তাপমাত্ৰা শূন্যৰ তলত নামি যায়। আদ্ৰতা গড়ে ৩৫%। নবেম্বৰ আৰু মে' মাহত খুব সামান্য বৰষুণ হয়। শীতকালত বতাহ শান্ত থাকে আকৌ গৰমৰ সময়ত উত্তৰৰ ধুলিময় আৰু শুকান বতাহ বয়।
বিমানবন্দৰ
নগৰৰ পৰা ৩৫ কি.মি. উত্তৰত অৱস্থিত বাদশাহ খালিদ আন্তৰ্জাতিক বিমান বন্দৰ ৰিয়াধৰ একমাত্ৰ আন্তৰ্জতিক বিমানবন্দৰ।২
জনসংখ্যা
২০০৭ চনত ৰিয়াধৰ মুঠ জনসংখ্যা আছিল ৫৭,০০,০০০ জন। ১৯৭৪ ৰ পৰা ১৯৯২ লৈ ৰিয়াধৰ গড় বৃদ্ধিৰ হাৰ ৮.২% প্ৰতি বছৰ। ১৯৩৫ চনত চহৰ খনৰ জনসংখ্যা আছিল ৪০,০০০ জন আৰু ১৯৪৯ চনত ই ৮৩,০০০ জনলৈ বৃদ্ধি পায়। চহৰ খনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অতি উচ্চ; ১৯৬০ চনৰ ১,৫০,০০০ জনৰ পৰা বৃদ্ধি পায় ২০১০ চনত ৫ নিযুতকৈও অধিক হয়গৈ। ২০১০ চনৰ লোকপিয়ল মতে চহৰ খনৰ ৬৫% পৰিয়াল চৌদি আৰু বাকী ৩৫% পৰিয়াল হৈছে অনা-চৌদি।
দৰ্শনীয় স্থান সমূহ
- দিৰা স্কোয়াৰ
- মাসমাক দুৰ্গ
- প্ৰত্নতাত্ত্বিক আৰু নৃ-তত্ত্ব যাদুঘৰ
- মুৰাব্বা প্ৰসাদ
চিত্ৰমালা


তথ্যসূত্ৰ
- ↑ Miller, David. Saudi Arabia opens world's largest women's university. The Jerusalem Post
- ↑ Expansion to up Riyadh airport capacity to 35 m. Arab News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিয়াধ” প্ৰবন্ধৰ সংশোধন ৫০২২৪০ (৫ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।