কল্পনা দাশ (Kalpana Dash; ৭ জুলাই, ১৯৬৬ - ২৩ মে, ২০১৯) এগৰাকী ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী আছিল। তেওঁ আছিল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম গৰাকী ওড়িয়া পৰ্বতাৰোহী। ২০০৮ চনৰ ২১ মে'ত আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু নেপালৰ পাঁচজনীয়া সদস্যৰ এটা দলৰ সৈতে তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল আৰু এই অভিযানেই তেওঁৰ জীৱনৰ অন্তিমটো অভিযানত পৰিণত হয়।
ইয়াৰ পূৰ্বতে তেওঁ দুবাৰকৈ ক্ৰমে ২০০৪ আৰু ২০০৬ চনত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বতৰৰ প্ৰতিকূল পৰিস্থিতি আৰু তেওঁৰ স্বাস্থ্যৰ অৱনতিৰ বাবে এই আৰোহণ কাৰ্যত বিফল হৈছিল।১২৩৪৫৬
মৃত্যু
২৩ মে, ২০১৯ তাৰিখে, দাশে পুনৰ আন দুজন সংগীৰ সৈতে এভাৰেষ্টৰ শীৰ্ষত উপনীত হয়, কিন্তু অৱতৰণৰ সময়ত তেওঁ গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে আৰু মাউণ্ট এভাৰেষ্টৰ ঠিক ওপৰতে মৃত্যু বৰণ কৰে। ৭৮
তেওঁৰ এই অস্বাভাৱিক মৃত্যুৰ কাৰণ আছিল মাউণ্ট এভাৰেষ্টৰ শিখৰৰ ওচৰত হোৱা অস্বাভাৱিক ভিৰ। কিয়নো প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ দ্বাৰা সংকীৰ্ণ হৈ পৰা এটা ঠেক আৰোহণ বাটেৰে নেপাল চৰকাৰে অনুমতি প্ৰদানকৰা কেইবাশ পৰ্বতাৰোহীয়ে আৰোহণ কাৰ্যত অংশগ্ৰহণ কৰিছিল। ৯১০ এই আৰোহণ কাৰ্যসূচীত নেপাল, ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ পৰা কমেও ১১জন পৰ্বতাৰোহী আছিল। তেওঁলোকৰ ভিতৰত বহুতেই আছিল প্ৰবীণ পৰ্বতাৰোহী। এই সকলৰ বহুকেইজনে দাশৰ দৰে এপ্ৰিল আৰু মে ২০১৯ ৰ এই পৰ্বতাৰোহন অনুষ্ঠানটোত মৃত্যুক আঁকোৱালি ল'ব লগা হয়।১১১২ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উটাহৰ ডনাল্ড কেছ আৰু ভাৰতৰ অঞ্জলি কুলকাৰ্ণীৰো দাশৰ দৰে একেটা সপ্তাহতে মৃত্যু হৈছিল। ১৩ পৰৱৰ্তী সময়ত তেওঁৰ মৃতদেহ শ্বেৰ্পা লোক সকলে উদ্ধাৰ কৰিছিল আৰু ভাৰতলৈ লৈ আহিছিল। ১৪
অভিযান
জীৱন কালত দাশে বহু কেইটা সফল-অসফল আৰোহণ অভিযানত অংশগ্ৰহণ কৰিছিল:
২০১০ চনত উত্তৰ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ ডেনালি আৰোহণত তেওঁৰ প্ৰচেষ্টা অসফল হৈ ৰয়। আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰোৰ প্ৰায় ৫,৮৯৫ মিটাৰ উচ্চতা তেওঁ ২০১৪ চনৰ ৯ অক্টোবৰ তাৰিখে সফলতাৰে সম্পূৰ্ণ কৰিছিল। ২০১৫ চনৰ ১৬ জানুৱাৰী তাৰিখে দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ একনকাগুয়াৰ ৬,৯৬২ মিটাৰ উচ্চতালৈকে আৰোহণ কৰিবলৈ তেওঁ সক্ষম হৈছিল। ইয়াৰোপৰি একেটা বৰ্ষৰে ৩১ জুলাই তাৰিখে ইউৰোপৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰাছৰ ৫,৬৪২ মিটাৰ উচ্চতা আৰু ৩ ডিচেম্বৰ তাৰিখে অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কচিউচকোৰ ২,২২৮ মিটাৰ উচ্চতাৰ আৰোহণ কাৰ্য তেওঁ সফলতাৰে সম্পূৰ্ণ কৰিছিল।
তথ্যসূত্ৰ
- ↑ (May 22, 2008). First Oriya woman on top of world - Kalpana from Dhenkanal third time lucky to reach Mount Everest. The Telegraph (Kolkata)
- ↑ The first Odia Girl Miss Kalpana Dash reached world's highest peak the Mount Everest on 21st. May-2008.
- ↑ Everest 2008: More Aurn Trek climbers summits with 3 Sherpas. Everestnews.com
- ↑ Kalpana Dash – the First Odia to Conquer Mt. Everest
- ↑ Everest climber Kalpana Das gets warm welcome in Orissa. Thaindian.com
- ↑ (24 May 2012). Govt Apathy: Kalpana Dash resorts to Begging
- ↑ (May 24, 2019). Everest deaths: Odisha mountaineer Kalpana Das dies, traffic at summit sparks safety concerns. দ্য হিন্দু
- ↑ (May 24, 2019). Odisha's first woman mountaineer Kalpana dies. New Indian Express
- ↑ O'Grady, Siobhan. (May 25, 2019). Mount Everest has gotten so crowded that climbers are perishing in the traffic jams. Washington Post
- ↑ Smith, Saphora; McCausland, Phil. (May 26, 2019). British man and three other climbers die on Everest amid concerns about crowding near the summit. NBC News
- ↑ Zraick, Karen; Taylor, Derrick Bryson. (May 29, 2019). These Are the Victims of a Deadly Climbing Season on Mount Everest. New York Times
- ↑ Rawlinson, Kevin. (May 23, 2019). Congestion on Everest leads to backlog of climbers in 'death zone'. The Guardian
- ↑ Sharma, Bhadra; Ramzy, Austin. (May 24, 2019). Three More Die on Mount Everest During Crowded Climbing Season. New York Times
- ↑ (23 May 2019). Odisha Mountaineer Kalpana Dash Dies On Mt Everest. Odishabytes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা দাশ” প্ৰবন্ধৰ সংশোধন ৬১০৭৪৯ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।