অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আভাটিয়া

আভাটিয়া (ইংৰাজী: Avatea) হৈছে কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীত বৰ্ণিত এক কিংবদন্তিমূলক সত্তা। কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীমতে আভাটিয়া আছিল এজন চন্দ্ৰ দেৱতা আৰু মাংগাইৰ উৎপত্তি শ্ৰুতিকথামতে দেৱতা আৰু মানুহৰ পিতৃ। আভাটিয়াক কেতিয়াবা ভাটিয়া বুলিও উল্লেখ কৰা হয়।

হালনাগাদ: ২৭ মাৰ্চ ২০২৪ ৪০২ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

আভাটিয়া (ইংৰাজী: Avatea) হৈছে কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীত বৰ্ণিত এক কিংবদন্তিমূলক সত্তা। কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীমতে আভাটিয়া আছিল এজন চন্দ্ৰ দেৱতা আৰু মাংগাইৰ উৎপত্তি শ্ৰুতিকথামতে দেৱতা আৰু মানুহৰ পিতৃ। আভাটিয়াক কেতিয়াবা ভাটিয়া বুলিও উল্লেখ কৰা হয়। আভাটিয়াৰ আক্ষৰিক অৰ্থ হৈছে 'দুপৰীয়া' বা 'পোহৰ'।১২ তেওঁৰ চকু দুটাক ক্ৰমে সূৰ্য্য আৰু চন্দ্ৰ বুলি ভবা হৈছিল;৩ তেওঁক পোহৰৰ দেৱতা বুলিও জনা গৈছিল।৪

পৌৰাণিক কাহিনী

কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথা মতে বিশ্বব্ৰহ্মাণ্ডক এটা বিশাল নাৰিকলৰ খোলাৰ দৰে বুলি ধাৰণা কৰা হৈছিল, এই কাল্পনিক খোলাটোৰ ভিতৰৰ অংশটো আভাইকি, তলৰ জগত আৰু খোলাৰ বাহিৰৰ ফালটো মৰ্ত্যলোকৰ ওপৰৰ জগত হিচাপে কল্পনা কৰা হৈছিল। বিভিন্ন গভীৰতাত বিভিন্ন স্তৰ থাকে, যিবোৰে ইটোৱে সিটোৰ লগত সংযোগ হৈ কৰে। এই নাৰিকলৰ খোলাটোৰ একেবাৰে তলৰ এটা বিন্দুলৈকে ক্ষীণ হৈ যোৱা এটা ডাঠ কাণ্ড থাকে, যিয়ে সকলো বস্তুৰ আৰম্ভণিক প্ৰতিনিধিত্ব কৰে। ইয়াৰে আভাইকি নামৰ আটাইতকৈ তলৰ অংশত, য’ত খোলাটোৰ কাষবোৰ প্ৰায় লগ হয়, তাত মঙহ আৰু তেজৰ অধিপতি এগৰাকী দেৱী বাস কৰে।৫ সেই দেৱীৰ নাম হৈছে “ভাৰিমা-টে-টাকেৰে” (Varima te takere)। তেওঁৰ শৰীৰৰ পৰা ছটা সন্তানৰ সৃষ্টি কৰিছিল। তেওঁৰ শৰীৰৰ সোঁফালৰ পৰা তিনিটা আৰু বাওঁফালৰ পৰা তিনিটা সন্তান গছৰ পৰা ফল চিঙাৰ দৰে চিঙি পৰিছিল। ইয়াৰে প্ৰথমজন আছিল আভাটিয়া, পৃথিৱীৰ প্ৰথম মানুহ, যাক চন্দ্ৰ দেৱতা হিচাপে ধৰা হৈছিল। ডাঙৰ হৈ অহাৰ লগে লগে তেওঁ উলম্বভাৱে এটা সংকৰ সত্তাত বিভক্ত হৈ পৰিল; তেওঁৰ শৰীৰৰ সোঁফালৰ অৰ্ধাংশৰ পৰা মানুহ আৰু বাওঁফালৰ অৰ্ধাংশৰ মাছৰ সৃষ্টি হয়।৬৭

কিছুমান পৰম্পৰাগত গীতত দেৱতা সকলক "ভাটিয়াৰ সন্তান" বুলি কোৱা হয়। ৰাৰোটংগাত একেটা চুটি বাক্যাংশ ব্যৱহাৰ কৰা হৈছে: আইটুটাকি আৰু আটিউত সম্পূৰ্ণ ৰূপ "আভাটিয়া" ব্যৱহাৰ কৰা হয়, যেনে- “কিয়া কাকা টে মাটা অ আভাটিয়া নুই” (kia kakā te mata o Avatea Nui) অৰ্থাৎ এতিয়াও আভাইকি বা পাতালৰ আন্ধাৰ আৰু অন্ধকাৰৰ বিপৰীতে “যেতিয়া মহান আভাটিয়াৰ চকু খোলা থাকে” অৰ্থাৎ “যেতিয়া সূৰ্য্য সম্পূৰ্ণ উজ্বল হৈ থাকে”।৮

মাংগাইয়ান শ্ৰুতিকথাত ভাটিয়াৰ সপোনত এগৰাকী ধুনীয়া মহিলাই তেওঁৰ ওচৰলৈ আহে, আৰু তেওঁ নিশ্চিত যে মহিলা গৰাকী পাতালৰ পৰা তেওঁৰ কাষলৈ আহিছিল, কিন্তু যেতিয়া তেওঁ সাৰ পায় তেতিয়া তেওঁ সুন্দৰীজনীক কেতিয়াও বিচাৰি নাপায়। তেওঁ সাঁচি থোৱা কটা নাৰিকলৰ টুকুৰাবোৰ ইফালে সিফালে ছঁতিয়াই দিয়ে, আৰু, শেষত, তেওঁ দেখা পায় যে সুস্বাদু খাদ্যৰ বাবে সুন্দৰ হাত এখন আগবাঢ়ি আহিছে। ভাটিয়াই সুন্দৰীক ধৰি পেলায় আৰু জানিব পাৰে যে সুন্দৰীৰ নাম পাপা (Papa)। ভাটিয়াই পাপাক বিয়া কৰায়। তেওঁলোকৰ যমজ পুত্ৰ টাংগাৰোয়া (Tangaroa) আৰু ৰংগোৰ (Rongo) জন্ম হয়। ৰংগোৰ পত্নীৰ পৰা টাভাকে (Tavake) নামৰ এগৰাকী কন্যাৰ জন্ম হয়। টাভাকেই ৰংগী (Rangi), মকোইৰো (Mokoiro) আৰু আকাটাউইৰাক (Akatauira) জন্ম দিয়ে। ৰংগীয়ে পাতালৰ পৰা মংগাইয়াক (Mangaia) ওপৰলৈ টানি আনে, আৰু দ্বীপটোৰ প্ৰথম ৰজা হিচাপে পৰিচিত হয়। তেওঁৰ পত্নীৰ নাম টে-পো-টাটাংগো (Te-po-tatango)।৯

তথ্যসূত্ৰ

  1. ↑ Cook Islands Maori Dictionary; p.91
  2. ↑ Edward Tregear. (1891). Maori-Polynesian Comparative Dictionary. Lyon and Blair. পৃ. 168
  3. ↑ William Wyatt Gill. (1876). Myths and Songs from the South Pacific. Henry S. King & Co. পৃ. 44
  4. ↑ William Wyatt Gill. (1979). Cook Islands Custom. Institute of Pacific Studies. পৃ. 23
  5. ↑ Hiroa, Te Rangi. (1934). Mangaian Society: Creation myth. পৃ. 10
  6. ↑ Myth: a handbook by William G. Doty; p. 52-53
  7. ↑ Gill (1876), p. 1-3
  8. ↑ Gill (1876), p. 18
  9. ↑ Tregear (1891), p. 392

সম্পৰ্কিত শ্ৰেণী

কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আভাটিয়া” প্ৰবন্ধৰ সংশোধন ৪১৫০৫৯ (২৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।