আভাইকি (ইংৰাজী: Avaiki) হৈছে পলিনেছিয়াৰ জনগোষ্ঠীসমূহে নিজৰ পূৰ্বপুৰুষ আৰু আধ্যাত্মিক গৃহভূমি বুলি বিশ্বাস কৰা বহুতো ভূখণ্ডৰ ভিতৰত অন্যতম ভূখণ্ড। কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথাত আভাইকি কথা বৰ্ণনা কৰা হৈছে।
চামোয়া, হাৱাই, কুক দ্বীপপুঞ্জ
নিশ্চিত নহয় যদিও সম্ভৱতঃ ছাভাই আৰু উপোলু নামৰ চামোয়াৰ বৃহৎ দ্বীপকেই আভাইকিৰ উৎপত্তি স্থল বুলি বিশ্বাস কৰা হয়। আভাইকিৰ ভিন্নতাসমূহৰ ভিতৰত ফৰাচী পলিনেছিয়াৰ ৰাইটেয়াৰ পুৰণি নাম হাভাই; আমেৰিকাৰ বহুল পৰিচিত হাৱাই, কুক দ্বীপপুঞ্জৰ আভাইকি আৰু নিউজিলেণ্ডৰ নিউৱে আৰু হাৱাইকি উল্লেখযোগ্য।
আভাইকিৰ স্থানীয় অন্তহীন ভিন্নতা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে কুক দ্বীপপুঞ্জৰ ৰাজধানী দ্বীপ ৰাৰোটংগাৰ উত্তৰ দিশত অৱস্থিত এটা আগ্নেয়গিৰিৰ শিলক মৃত্যুৰ পিছৰ জগত বা স্বৰ্গ আভাইকিলৈ যোৱা আত্মাৰ প্ৰাচীন প্ৰস্থান বিন্দু হিচাপে সুপৰিচিত।
আচলতে প্ৰতিটো দ্বীপৰ ভাকা (vaka) বা ঙাতি (ngati) সকলৰ নিজস্ব আভাইকি বা ইয়াৰ ব্যাখ্যা দেখা পোৱা যায়। উদাহৰণস্বৰূপে, টংগা জনগোষ্ঠী ঙাটি কাৰিকা (Ngati Karika) সকলৰ বাবে হ'ব মানু'য়া দ্বীপপুঞ্জ হৈছে আভাইকি।১ টাকিটুমু জনগোষ্ঠী ঙাটি টাংগিয়া (Ngati Tangi'ia) সকলে টাহিটিক আভাইকি বুলি বিশ্বাস কৰে। অন্যহাতে ৰাইয়াটিয়াকো (Raiatea) আভাইকি বুলি গণ্য কৰা হয়।
পৌৰাণিক কাহিনী
কুক দ্বীপপুঞ্জৰ মাংগাইয়াৰ পৌৰাণিক কাহিনীত আভাইকি হৈছে "পাতাল" বা "তলৰ জগত"। ইয়াক বিশাল নাৰিকলৰ খোলাৰ ফুটা এটাৰ দৰে বৰ্ণনা কৰা হৈছে। এই নাৰিকলৰ খোলা সদৃশ বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰৰ আটাইতকৈ নিম্ন গভীৰতাত মঙহ আৰু তেজৰ অধিপতি মাতৃ দেৱী “ভাৰিমা টে টাকেৰে” (Varima te takere) বাস কৰে।২ তেওঁৰ ভূখণ্ড অতি সংকীৰ্ণ, ইমানেই যে তাইৰ আঁঠুবোৰে তাইৰ বুকু স্পৰ্শ কৰাকৈ অৱস্থান গ্ৰহণ কৰি থাকিব লগীয়া হয়, তাত আন কোনো অৱস্থানত থকা সম্ভৱ নহয়। ভাৰিমা টে টাকেৰে উত্তৰ পুৰুষৰ বাবে অতিশয় উদ্বিগ্ন আছিল। এদিন তাই গছৰ ফল চিঙাৰ দৰে তেওঁৰ সোঁফালৰ এটা অংশ ছিঙি পেলালে আৰু সেয়াই প্ৰথম মানুহ “আভাটিয়া” (Avatea) বা “ভাটিয়া” (Vatea) হৈ পৰিল।৩৪ তেওঁ দেৱতা আৰু মানুহৰ পিতৃ হৈ পৰিল। নিউজিলেণ্ডৰ নৃতত্ত্ববিদ পিটাৰ বাকে আভাইকি সম্পৰ্কে ইয়াতকৈ কম ৰহস্যময় ব্যাখ্যা আগবঢ়াইছে। তেওঁৰ মতে "যেতিয়া টাংগি'য়া টাহিটিৰ পৰা ৰাৰোটংগালৈ আহিছিল, তেতিয়া তেওঁ লগত কিছুমান "মানহুনে" (সাধাৰণ ব্যক্তি) লৈ আহিছিল। যিহেতু তেওঁলোকৰ সামাজিক মৰ্যাদা বৃদ্ধিৰ কোনো সম্ভাৱনা নাছিল, সেয়েহে ৰংগীৰ নেতৃত্বত নতুন জীৱন যাপনৰ বাবে তেওঁলোকৰ কিছুমানে মাংগায়ালৈ (Mangaia) প্ৰব্ৰজন কৰিছিল। ৰাৰোটংগাৰ প্ৰতি তেওঁলোকৰ বিৰোধিতাই তেওঁলোকক তেওঁলোকৰ উৎপত্তিস্থল লুকুৱাই ৰাখিবলৈ আৰু এক আধ্যাত্মিক গৃহভূমি আভাইকিৰ পৰা উৎপত্তি হোৱা বুলি উদ্ভাৱন কৰিবলৈ বাধ্য কৰাইছিল।"৫
ছলমন দ্বীপপুঞ্জৰ সৈতে সম্পৰ্ক
ছলমন দ্বীপপুঞ্জক বেছিভাগেই মেলেনেছিয়া বুলি গণ্য কৰে যদিও ৰেনেল আৰু বেলোনা হৈছে পলিনেছিয়ান প্ৰদেশ। এই প্ৰদেশখন ৰেনেল দ্বীপ, বেলোনা দ্বীপ আৰু জনবসতিহীন ইণ্ডিপেন্সেবল ৰিফেৰে গঠিত।
স্থানীয় লোকে ৰেনেল দ্বীপক “MUNGAVA” (মুংগাভা) বুলি কয় আৰু তেওঁলোকে বেলোনা দ্বীপক “MUNGIKI” (মুংগিকি) বুলি কয়। তাৰ পিছত তেওঁলোকে প্ৰতিটো দ্বীপৰ শেষৰ তিনিটা আখৰ একত্ৰিত কৰি AVAIKI (আভাইকি) নামৰ এটা শব্দ উলিয়াই আনে। যদি স্থানীয় কোনোবাই মূৰ্খালি কৰে তেন্তে তেওঁক ‘That’s the Avaiki way’ বুলি কোৱা হয়। এই নামকৰণৰ আন এটা উদাহৰণ প্ৰদেশখনৰ নাম চিনাক্তকৰণৰ দ্বাৰাও প্ৰমাণিত হ'ব পাৰে, ৰেনেল আৰু বেলোনাৰ সংমিশ্ৰণ ঘটোৱা ৰেনবেল। হোনিয়াৰাৰ পৰা প্ৰদেশখনলৈ সংযোগ ঘটোৱা ফেৰীখনৰ নামো এম. ভি. ৰেনবেল।
ৰেনেল দ্বীপত আভাইকি নামৰ ৰাগবী আৰু নেটবলৰ দল এটাও আছে।
তথ্যসূত্ৰ
- ↑ "Ko te papa ariki teia mei Avaiki mai, mei roto ia papa" Genealogies and Historical Notes from Rarotonga, Part 1. Journal of the Polynesian Society vol 1. p. 64-75, 1892
- ↑ E.R. Tregear, Maori-Polynesian Comparative Dictionary (Lyon and Blair: Lambton Quay), 1891
- ↑ Myth: a handbook by William G. Doty; p. 52-53
- ↑ Gill (1876), p. 1-3
- ↑ Peter Buck, "Mangaian Society" in "Bulletin of the Bishop Museum", Honolulu, 1934
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আভাইকি” প্ৰবন্ধৰ সংশোধন ৪১৪৯৪০ (২৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।