অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কাছাৰগোড়

কাছাৰগোড় ভাৰতৰ কেৰালা ৰাজ্যৰ কাছাৰগোড জিলাৰ অন্তৰ্গত এখন পৌৰ চহৰ তথা প্ৰশাসনিক সদৰ। ১৯৬৬ চনত প্ৰতিষ্ঠিত এই চহৰখন জিলাখনৰ প্ৰথমখন পৌৰ চহৰ আছিল। ই কেৰালাৰ আটাইতকৈ উত্তৰ প্ৰান্তৰ জিলা আৰু ইয়াক সপ্ত ভাষা সংগম ভূমি বুলিও জনা যায়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১,৮৮১ শব্দ · ১০ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কাছাৰগোড় ভাৰতৰ কেৰালা ৰাজ্যৰ কাছাৰগোড জিলাৰ অন্তৰ্গত এখন পৌৰ চহৰ তথা প্ৰশাসনিক সদৰ।১২ ১৯৬৬ চনত প্ৰতিষ্ঠিত এই চহৰখন জিলাখনৰ প্ৰথমখন পৌৰ চহৰ আছিল।৩ ই কেৰালাৰ আটাইতকৈ উত্তৰ প্ৰান্তৰ জিলা আৰু ইয়াক সপ্ত ভাষা সংগম ভূমি বুলিও জনা যায়।৪

পশ্চিমঘাট পৰ্বতমালাৰ চহকী জৈৱ-বৈচিত্ৰ্যৰ মাজত অস্থিত এই ঠাইখন চন্দ্ৰগিৰি দুৰ্গ, আৰু বেকাল দুৰ্গ,৫ চন্দ্ৰগিৰি নদী, বুৰঞ্জীপ্ৰসিদ্ধ কোলাথিৰী ৰজাসকল, ৰাণিপুৰম পাহাৰ আৰু কোট্টানচেৰী পাহাৰৰ প্ৰাকৃতিক পৰিৱেশৰ বাবে বিখ্যাত। ইয়াৰ উপৰি ইয়াত মাদিয়ান কুলম মন্দিৰ, মধুৰ মন্দিৰ, অনন্তপুৰ হ্ৰদ মন্দিৰ আৰু মালিকদিনাৰ মছজিদৰ দৰে ঐতিহাসিক তথা ধৰ্মীয় স্থান আছে। ঐতিহাসিক এঝিমালা পাহাৰ নীলেশ্বৰমৰ কাভয়ী জলমগ্ন স্থানৰ দক্ষিণ অংশত অৱস্থিত।

কাছাৰগোড় কান্নুৰ চহৰ নিগমৰ ৯০ কিলোমিটাৰ উত্তৰত আৰু মেংগালুৰুৰ ৫০ কিলোমিটাৰ দক্ষিণত অৱস্থিত। কাছাৰগোড জিলাত কেৰালাৰ ভিতৰত সৰ্বাধিকসংখ্যক নদী (১২খন) আছে।৬ এই চহৰখন সেই মোহনাটোত অৱস্থিত য’ত জিলাখনৰ দীৰ্ঘতম নদী চন্দ্ৰগিৰি নদী আৰৱ সাগৰত পৰেহি। কাছাৰগোডত আৰিকাডি দুৰ্গ, বেকাল দুৰ্গ, চন্দ্ৰগিৰি দুৰ্গ আৰু হোসদুৰ্গ দুৰ্গকে ধৰি কেইবাটাও দুৰ্গ আছে। বেকাল দুৰ্গ কেৰালাৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সুৰক্ষিত দুৰ্গ।৭ তালকাবেৰী বন্যপ্ৰাণী অভয়াৰণ্য থকা তালকাবেৰী, য’ত ৮০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাবেৰী নদীৰ উৎপত্তি হৈছে, কেৰালা-কৰ্ণাটক সীমান্তৰ ৰাণিপুৰমৰ কাষতে অৱস্থিত।

ৰবাৰ্ট কেল্ডৱেলৰ মতে ১৯ শতিকাত মালয়ালম ভাষাৰ প্ৰচলন উত্তৰে মেংগালুৰুৰ কাষৰীয়া চন্দ্ৰগিৰী (নদী আৰু দুৰ্গ)ৰপৰা দক্ষিণে ত্ৰিবান্দ্ৰমৰ নেয়াৰ নদীলৈ আৰু পশ্চিমে মালাবাৰ উপকূলৰপৰা পূৰ্বে পশ্চিমঘাট পৰ্বতমালালৈ বিস্তৃত আছিল।৮

নামকৰণ

এই নামটো কানাড়া শব্দ ‘কাছাৰ’ অৰ্থাৎ "কুচিলা গছ" (Strychnos nux-vomica) আৰু ‘গোড়’ অৰ্থাৎ "প্ৰাচীৰ" বা "বেৰা"ৰপৰা অহা বুলি কোৱা হয়। মালয়ালম ভাষাত কাছাৰগোড়ক ‘কাঞ্জিৰাক্কোড়ু’ (অৰ্থাৎ কুচিলা গছৰ ভূমি) বুলি জনা গৈছিল। ইয়াত প্ৰচুৰ পৰিমাণে পোৱা ‘কাছাৰকা’ গছক (কানাড়া নাম) মালয়ালম ভাষাত ‘কাঞ্জিৰম’ বুলি কোৱা হয়।৯১০

১৬ শতিকালৈকে কাছাৰগোড় কুম্বলা ৰাজবংশৰ অধীনত আছিল। এই বংশটো কান্নুৰত কেন্দ্ৰস্থিত কোলাথুনাড়ু ৰাজ্যৰ কৰতলীয়া আছিল।১১ খ্ৰীষ্টীয় ১৬ শতিকাত কানাড়া ৰাজ্যসমূহে ইয়াৰ বন্দৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰিছিল।১২১৩১৪১৫

ইতিহাস

প্ৰাচীন যুগ

সংগম যুগৰ প্ৰাচীন তামিল সাহিত্যসমূহত উল্লেখ আছে যে এই জিলাখনৰ অন্তৰ্গত অঞ্চলটো ‘পুঝিনাদু’ৰ অংশ আছিল। এই অঞ্চলটো কোঝিকোড়ৰ পৰা মঙলুৰুলৈকে বিস্তৃত উপকূলীয় অঞ্চলটোক লৈ গঠিত আছিল। ৰাজনৈতিকভাৱে এই অঞ্চলটো ‘এঝিমালা ৰাজ্য’ৰ অন্তৰ্গত আছিল আৰু ইয়াৰ ৰাজধানী বৰ্তমানৰ কান্নুৰ জিলাৰ এঝিমালাত আছিল। এঝিমালাৰ আটাইতকৈ বিখ্যাত ৰজাজন আছিল নান্নান, যাৰ ৰাজ্য গুডালুৰ আৰু কইম্বাটুৰৰ উত্তৰ অংশলৈকে বিস্তৃত আছিল। পূব দিশৰ মুষিকা বংশৰ অঞ্চলসমূহক (বৰ্তমানৰ ৱায়ানাড-গুডালুৰ অঞ্চল আৰু কোডাগুৰ কিছু অংশ) সামৰি লোৱা কৰ্কনাডৰ সৈতে পূঝিনাদৰ ৰাজধানী এঝিমালাত আছিল। মুষিকা ৰজাসকলক নান্নানৰ বংশধৰ বুলি গণ্য কৰা হৈছিল। ১৪ শতিকাৰ ভিতৰত মুষিকা ৰাজ্যখন কোলাথিৰীনাড আৰু ইয়াৰ শাসকসকলক কোলাথিৰী বুলি জনা গৈছিল। কোলাথুনাডু ৰাজ্য ক্ষমতাৰ শিখৰত থকাৰ সময়ত ই উত্তৰে মঙলুৰুৰ নেত্ৰাৱতী নদীৰ পৰা১৬ দক্ষিণে কোঝিকোড়ৰ কোৰাপ্পুঝা নদীলৈকে বিস্তৃত আছিল। ইয়াৰ পশ্চিমে আৰৱ সাগৰ আৰু পূব সীমান্তত কোডাগু পাহাৰ আছিল। ইয়াৰ উপৰি আৰৱ সাগৰত অৱস্থিত লাক্ষাদ্বীপৰ বিচ্ছিন্ন দ্বীপসমূহো ইয়াৰ অন্তৰ্গত আছিল।১৭

মধ্য যুগ

কাছাৰগোড়ৰ থালাংগাৰাত অৱস্থিত মালিক দিনাৰ মছজিদ ভাৰতৰ অন্যতম পুৰণি মছজিদ।
কাছাৰগোড়ৰ থালাংগাৰাত অৱস্থিত মালিক দিনাৰ মছজিদ ভাৰতৰ অন্যতম পুৰণি মছজিদ।ছবি: Prof tpms · CC BY-SA 4.0
মাইপাড়ী প্ৰসাদ
মাইপাড়ী প্ৰসাদছবি: Anilpm · CC BY-SA 4.0

মঙলুৰু চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দক্ষিণে অৱস্থিত কাছাৰগোড় পুৰণি কালত এক গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ আছিল। পুৰণি মালয়ালম ভাষাত ৰচিত সম্ভৱতঃ আটাইতকৈ পুৰণি সাহিত্যিক কৃতি ‘ৰামচৰিতম’ (খ্ৰীষ্টীয় ১২শ শতিকা) কাছাৰগোড় জিলাতে ৰচনা কৰা হৈছিল বুলি ধাৰণা কৰা হয়। কাৰণ ইয়াৰ পাণ্ডুলিপিসমূহ নিলেশ্বৰমৰ পৰা উদ্ধাৰ কৰা হৈছিল আৰু এই কবিতাত কুম্বলাৰ অনন্তপুৰ হ্ৰদ মন্দিৰৰ বিষয়ে বিতং উল্লেখ আছে।১৮ আৰৱসকলে কাছাৰগোড়ক ‘হাৰ্কৱিলিয়া’ নামেৰে জানিছিল।১২ কাছাৰগোড় চহৰত থকা মালিক দিনাৰ মছজিদ ভাৰতীয় উপমহাদেশৰ আটাইতকৈ পুৰণি মছজিদসমূহৰ ভিতৰত অন্যতম।১৯ ‘কিসসাত শকাৰৱতী ফাৰ্মাদ’ নামৰ গ্ৰন্থখনৰ মতে কোডুংগেলুৰ, কোল্লাম, মাদায়ী, বাৰকুৰ, মঙলুৰু, কাছাৰগোড়, কান্নুৰ, ধৰ্মাদম, পান্থালয়িনী আৰু চালিয়ামত থকা মছজিদসমূহ মালিক দিনাৰৰ দিনত নিৰ্মাণ কৰা হৈছিল। এইসমূহ ভাৰতীয় উপমহাদেশৰ আটাইতকৈ পুৰণি মছজিদ।২০ বিশ্বাস কৰা হয় যে মালিক দিনাৰৰ মৃত্যু কাছাৰগোড় চহৰৰ থালাংগাৰাত হৈছিল।১৯ ৯ম আৰু ১৪ শতিকাৰ ভিতৰত কেৰালালৈ অহা বহু আৰৱ পৰিব্ৰাজকে কাছাৰগোড় ভ্ৰমণ কৰিছিল, কিয়নো তেতিয়া ই এক গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ আছিল। ১৫১৪ চনত কাছাৰগোড় চহৰৰ ওচৰৰ কুম্বলা ভ্ৰমণ কৰা পৰ্তুগীজ পৰিব্ৰাজক দুৱাৰ্টে বাৰবোছাই উল্লেখ কৰিছিল যে মালদ্বীপলৈ জৰতা বা ৰছীৰ বিনিময়ত চাউল ৰপ্তানি কৰা হৈছিল।১২ বাৰবোছাৰ মতে ভাৰতৰ দক্ষিণ-পশ্চিম মলাবাৰ উপকূলৰ উত্তৰে চন্দ্ৰগিৰিৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈকে বাস কৰা লোকসকলে এক সুকীয়া ভাষা কৈছিল, যাক তেওঁলোকে ‘মালিয়ামা’ (মালয়ালম) বুলি অভিহিত কৰিছিল।২১২২

খ্ৰীষ্টীয় ১৬ শতিকালৈকে কাছাৰগোড় চহৰখন মালয়ালম ভাষাত ‘কাঞ্জিৰাক্কোড়ু’ (সম্ভৱতঃ ইয়াৰ অৰ্থ আছিল ‘কুচিলা গছৰ ভূমি’) নামেৰে জনাজাত আছিল।৯ বিজয়নগৰ সাম্ৰাজ্যৰ কৰ্ণাটকীয় বিজয়ৰ পূৰ্বে, চন্দ্ৰগিৰি নদী আৰু নেত্ৰাৱতী নদীৰ মাজত অৱস্থিত দক্ষিণ তুলুনাডু অঞ্চলত কুম্বলাৰ ‘মাইপাড়ী প্ৰসাদ’ৰ পৰা শাসন কৰা কুম্বলা ৰাজবংশও উত্তৰ মলাবাৰৰ কোলাথুনাডু ৰাজ্যৰ কৰতলীয়া আছিল।২৩ কুম্বলা ৰাজবংশৰ বংশধৰসকল মালয়ালী নায়াৰ আৰু তুলুভা ব্ৰাহ্মণৰ এক মিশ্ৰিত ৰূপ আছিল।১১ তেওঁলোকে কেৰালাৰ চেৰামান পেৰুমালসকলৰ পৰা নিজৰ উৎপত্তি হোৱা বুলিও দাবী কৰিছিল।১১ ফ্ৰান্সিছ বুচানন-হেমিল্টনে উল্লেখ কৰিছে যে কুম্বলা ৰাজবংশৰ ৰীতি-নীতিসমূহ তৎকালীন মালয়ালী ৰজাসকলৰ সৈতে একে আছিল।১১

অভ্যন্তৰীণ মতানৈক্যৰ ফলস্বৰূপে কোলাথুনাডু সাম্ৰাজ্য দহখন স্বতন্ত্ৰ সৰু ৰাজ্যত বিভক্ত হৈ পৰিছিল, যেনে— কদথনাডু (ভডকৰা), ৰন্দথৰা বা পয়ানাদ (ধৰ্মাদম), কোট্টায়াম ৰাজ্য (তালাছেৰী), নিলেশ্বৰম, ইৰুভাঝিনাদু (পানুৰ) আৰু কুৰুমব্ৰানাড আদি।২৪ মধ্যযুগৰ আৰম্ভণিতে বৰ্তমানৰ হোসদুৰ্গ তালুক (কানহাংগাড) আৰু বেল্লাৰীকুণ্ডুৰ বহু অংশ নিলেশ্বৰম ৰাজবংশৰ অন্তৰ্গত আছিল। তেওঁলোক কোলাথুনাডু আৰু কালিকটৰ জামোৰিন দুয়োৰে আত্মীয় আছিল।২৫ চন্দ্ৰগিৰি নদীৰ উত্তৰৰ অঞ্চলসমূহ (বৰ্তমানৰ মাঞ্জেশ্বৰম আৰু কাছাৰগোড় তালুক) কুম্বলা ৰাজবংশই শাসন কৰিছিল।১১

চন্দ্ৰগিৰি দুৰ্গটো কাছাৰগোড় চহৰৰ ঠিক বিপৰীতে, চন্দ্ৰগিৰি নদীৰ মোহনাৰ দক্ষিণ পাৰত নিৰ্মাণ কৰা হৈছে। কাছাৰগোড় আৰু কানহাংগাডৰ সোঁমাজত অৱস্থিত বেকলৰ পাল্লিক্কৰাত থকা বেকাল দুৰ্গটো কেৰালাৰ সৰ্ববৃহৎ দুৰ্গ। ইয়াক ১৬৫০ চনত কেলাডীৰ শিৱাপ্পা নায়কে নিৰ্মাণ কৰিছিল।২৬

ঔপনিৱেশিক যুগ

বলিয়াপৰম্ব সমুদ্ৰতীৰত সূৰ্যাস্ত
বলিয়াপৰম্ব সমুদ্ৰতীৰত সূৰ্যাস্তছবি: Ajaiprabha · CC BY-SA 4.0
১৮০৭ চনত ফ্ৰান্সিছ বুচানন-হেমিল্টনে অংকন কৰা মলাবাৰ জিলাৰ (মালয়ালম জিলা) এখন মেপ। পূৰ্বৰ ব্ৰিটিছ দক্ষিণ কানাড়া জিলাৰ চন্দ্ৰগিৰি নদীৰ দক্ষিণৰ কাছাৰগোড় তালুকৰ এটা অংশও মালয়ালম অঞ্চলত (নীলা ৰং কৰা অংশটোৰ ঠিক ওপৰত) অন্তৰ্ভুক্ত আছিল।
১৮০৭ চনত ফ্ৰান্সিছ বুচানন-হেমিল্টনে অংকন কৰা মলাবাৰ জিলাৰ (মালয়ালম জিলা) এখন মেপ। পূৰ্বৰ ব্ৰিটিছ দক্ষিণ কানাড়া জিলাৰ চন্দ্ৰগিৰি নদীৰ দক্ষিণৰ কাছাৰগোড় তালুকৰ এটা অংশও মালয়ালম অঞ্চলত (নীলা ৰং কৰা অংশটোৰ ঠিক ওপৰত) অন্তৰ্ভুক্ত আছিল।ছবি: Francis Buchanan Hamilton · Public domain

ৱেলিংটনৰ প্ৰথম ডিউক আৰ্থাৰ ৱেলছলীৰ পাৰিবাৰিক চিকিৎসক ফ্ৰান্সিছ বুচাননে ১৮০০ চনত কাছাৰগোড় ভ্ৰমণ কৰিছিল।১২ তেওঁ নিজৰ ভ্ৰমণ বৃত্তান্তত অথিৰাপৰম্বু, কাভয়ী জলমগ্ন স্থান, নীলেশ্বৰম, বেকাল, চন্দ্ৰগিৰি আৰু মাঞ্জেশ্বৰ আদি স্থানৰ তথ্য লিপিবদ্ধ কৰিছিল।১২

হোসদুৰ্গ আৰু বেল্লাৰীকুণ্ডু কোলাথুনাডুৰ (চন্দ্ৰগিৰি নদীৰ দক্ষিণে) অংশ আছিল আৰু কাছাৰগোড় তথা মাঞ্জেশ্বৰম তুলুনাডু অঞ্চলৰ (চন্দ্ৰগিৰি নদীৰ উত্তৰে) অন্তৰ্গত আছিল।২৭২৮

১৭৬৩ চনত হায়দৰ আলীয়ে ইক্কেৰী নায়কসকলৰ ৰাজধানী বেদনুৰ (বিদনুৰ) আক্ৰমণ কৰে। তেওঁৰ পুত্ৰ টিপু চুলতানে কেৰালাৰ মলাবাৰ অঞ্চলৰ বহু অংশ আক্ৰমণ কৰিছিল। ১৭৯২ চনৰ শ্ৰীৰংগপত্তনমৰ সন্ধি অনুসৰি টিপুৱে কানাড়াৰ বাহিৰে সমগ্ৰ মলাবাৰ অঞ্চল ব্ৰিটিছৰ হাতত অৰ্পণ কৰে। টিপু চুলতানৰ মৃত্যুৰ পিছতহে ব্ৰিটিছে কানাড়া দখল কৰিছিল।১২ কোৱা হয় যে ‘কিনাপুৰ মোলম’ (শ্ৰী ধৰ্ম শাস্তা মন্দিৰ) পুৰণি কেৰালাৰ ৬৪খন ব্ৰাহ্মণ গাঁৱৰ অন্যতম ‘কৰিন্থলম’ৰ অন্তৰ্গত। প্ৰথমাৱস্থাত দক্ষিণ কানাড়া জিলাক বম্বে প্ৰেছিডেন্সীৰ অধীনত ৰখা হৈছিল।২৯ পিছলৈ ১৮৬২ চনত ১৬ এপ্ৰিলত দক্ষিণ কানাড়াক মাদ্ৰাজ প্ৰেছিডেন্সীলৈ স্থানান্তৰ কৰা হয় আৰু পূৰ্বৰ বেকাল তালুকৰ ঠাইত কাছাৰগোড় তালুক গঠন কৰা হয়।২৯ কাছাৰগোড় কেৱল মেংগালুৰু তালুকৰ পিছতে দক্ষিণ কানাড়াৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যা থকা তালুক আছিল আৰু ই দ্বিতীয় বৃহত্তম তালুকো আছিল।৩০

স্বাধীনত্তোৰ যুগ

কাছাৰগোড় চহৰৰ এটা পথৰ নিৰ্দেশক বোৰ্ড
কাছাৰগোড় চহৰৰ এটা পথৰ নিৰ্দেশক বোৰ্ডছবি: ARUNKUMAR P.R · CC BY-SA 3.0

কেৰালা গঠন হোৱাৰ পূৰ্বে কাছাৰগোড় পূৰ্বৰ মাদ্ৰাজ প্ৰেছিডেন্সীৰ দক্ষিণ কানাড়া জিলাৰ এটা অংশ আছিল।৩১ অৱশ্যে খ্ৰীষ্টীয় ১৯ শতিকাত কাছাৰগোড় তালুকত এই অঞ্চলটোক দক্ষিণ কানাড়াৰপৰা পৃথক কৰি মলাবাৰ জিলাৰ সৈতে একত্ৰিত কৰাৰ বাবে বহু সংগ্ৰাম হৈছিল, কিয়নো দক্ষিণ কানাড়াৰ ভিতৰত এইটোৱেই আছিল একমাত্ৰ মালয়ালম ভাষাভাষী সংখ্যাগৰিষ্ঠ অঞ্চল। ১৯৫৬ চনৰ ১ নৱেম্বৰত ৰাজ্য পুনৰ গঠন আৰু কেৰালা প্ৰতিষ্ঠা হোৱাৰ পিছত কাছাৰগোড় কেৰালাৰ কান্নুৰ জিলাৰ অংশ হৈ পৰে।৩২ পিছলৈ প্ৰশাসনৰ সুবিধাৰ বাবে কাছাৰগোড়ক দুটা তালুকত বিভক্ত কৰা হয়— কাছাৰগোড় আৰু হোসদুৰ্গ। ১৯৮৪ চনত কাছাৰগোড়ক এখন জিলা হিচাপে ঘোষণা কৰা হয়।৩১ কেৰালাৰ সৈতে কাছাৰগোড়ক অন্তৰ্ভুক্ত কৰাটো এটা বিতৰ্কিত বিষয় হৈ আহিছে, কিয়নো ইয়াত তুলু আৰু কানাড়া ভাষা কোৱা বুজনসংখ্যক লোক আছে। ১৯৫১ চনৰ ভাৰতৰ লোকপিয়লৰ সময়ত জিলাখনৰ মাত্ৰ ৭২.০% জনসংখ্যায়হে নিজৰ মাতৃভাষা মালয়ালম বুলি বাছি লৈছিল।৩৩ ১৪.২% লোকে তুলু আৰু ৬.৩% লোকে কানাড়া ভাষা বাছি লৈছিল।৩৩ কিন্তু মন কৰিবলগীয়া যে ২০১১ চনৰ লোকপিয়লৰ প্ৰতিৱেদন অনুসৰি জিলাখনৰ মুঠ জনসংখ্যাৰ ক্ৰমে মাত্ৰ ৮.৮% আৰু ৪.২% লোকেহে তুলু আৰু কানাড়াক নিজৰ মাতৃভাষা হিচাপে কয়। ২০১২ চনত উম্মেন চান্দীৰ দ্বিতীয় চৰকাৰে কেৰালাৰ এই আটাইতকৈ উত্তৰ প্ৰান্তৰ জিলাখনৰ অনগ্ৰসৰতা আৰু সমস্যাসমূহ অধ্যয়ন কৰিবলৈ আৰু জিলাখনৰ বাবে এক বিশেষ পেকেজ প্ৰস্তুত কৰিবলৈ প্ৰাক্তন মুখ্য সচিব পি. প্ৰভাকৰণৰ নেতৃত্বত এটা আয়োগ গঠন কৰে।৩৪ ২০১৩ চনত জিলাখনত আৰু দুটা তালুক ক্ৰমে— মাঞ্জেশ্বৰম আৰু বেল্লাৰীকুণ্ডু গঠন কৰা হয়।৩৫৩১৩৩৩৫

ভূগোল

জলবায়ু

কোপেন জলবায়ু শ্ৰেণীবিভাজন অনুসৰি কাছাৰগোড় চহৰে এক উষ্ণমণ্ডলীয় মৌচমী জলবায়ু অনুভৱ কৰে। ইয়াত বাৰ্ষিক গড়ে 3825 মি.মি. বৰষুণ হয়।

নদীসমূহ

কেৰালাৰ ভিতৰত কাছাৰগোড় জিলাতে আটাইতকেই বেছিসংখ্যক নদী আছে— ১২খন।৬ এই সকলোবোৰ নদীয়েই পশ্চিম দিশলৈ বৈ যোৱা নদী।৩৬ এইসমূহৰ ভিতৰত আটাইতকৈ দীঘল নদীখন হৈছে চন্দ্ৰগিৰি নদী (১০৫ কিলোমিটাৰ দীঘল)।৩৭ কাছাৰগোড় চহৰখন চন্দ্ৰগিৰি নদীৰ মোহনা অঞ্চলত অৱস্থিত। ই থালাংগাৰাত আৰৱ সাগৰত পতিত হৈছে।৩৬ ইয়াৰ পাৰতে চন্দ্ৰগিৰি দুৰ্গ নিৰ্মাণ কৰা হৈছে। এই নদীখনৰ উৎপত্তি কোডাগুৰ (কুৰ্গ) পাত্তিমালাত হৈছে।৩৬ কেৰালাৰ আটাইতকৈ সৰু নদীখনো এই জিলাতে অৱস্থিত।

+কাছাৰগোড়ৰ নদীসমূহ৩৬
নদীউৎসদৈৰ্ঘ্য (কিলোমিটাৰ)
মুঠনৌ-পৰিবহণযোগ্য
1মাঞ্জেশ্বৰ নদীকদন্দূৰ পাহাৰ১৬৩
2উপ্পলা নদীকুডিপাডি পাহাৰ, বীৰকাম্বা৫০অপ্ৰযোজ্য
3শিৰীয়া নদীকনকাড পাহাৰ, আনেগুণ্ডি সংৰক্ষিত বনাঞ্চল৬১৫
4কুম্বলা নদীয়েদানাদ১১৩
5মোগ্ৰাল নদীকনলুৰ, কাৰডকা সংৰক্ষিত বনাঞ্চল৩৪অপ্ৰযোজ্য
6চন্দ্ৰগিৰি নদীপট্টি বনাঞ্চল, তালকাবেৰী বন্যপ্ৰাণী অভয়াৰণ্য১০৫১৩
7কালনাড নদীচেট্টিয়াঞ্চল৮অপ্ৰযোজ্য
8বেকল নদীকানীয়াদকা১১অপ্ৰযোজ্য
9চিত্তৰি নদীকুণ্ডিয়া২৫অপ্ৰযোজ্য
10নীলেশ্বৰম নদী (তেজস্বিনী নদী)কিনানুৰ, তালকাবেৰী বন্যপ্ৰাণী অভয়াৰণ্য৪৭১১
11কাৰিয়াংগোড নদীপদিনলকাড, কুৰ্গ পাহাৰ৬৪২৪
12কাভয়ী নদীচীমেনী২৩১০

বিজ্ঞান আৰু গৱেষণা

জিলাখনত অৱস্থিত কেৰালা কেন্দ্ৰীয় বিশ্ববিদ্যালয়।
জিলাখনত অৱস্থিত কেৰালা কেন্দ্ৰীয় বিশ্ববিদ্যালয়।ছবি: Vijayanrajapuram · CC BY-SA 4.0
১৯১৬ চনত কাছাৰগোড়ত অৱস্থিত কেন্দ্ৰীয় ৰোপণ শস্য গৱেষণা প্ৰতিষ্ঠান, প্ৰতিষ্ঠা হৈছিল।
১৯১৬ চনত কাছাৰগোড়ত অৱস্থিত কেন্দ্ৰীয় ৰোপণ শস্য গৱেষণা প্ৰতিষ্ঠান, প্ৰতিষ্ঠা হৈছিল।ছবি: Pmecell · CC BY-SA 4.0
১৯৫৭ চনত প্ৰতিষ্ঠা হোৱা চৰকাৰী মহাবিদ্যালয় কাছাৰগোড়।
১৯৫৭ চনত প্ৰতিষ্ঠা হোৱা চৰকাৰী মহাবিদ্যালয় কাছাৰগোড়।ছবি: Vijayanrajapuram · CC BY-SA 4.0

কাছাৰগোড় জিলাখন কান্নুৰ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰাধিকাৰৰ অধীনত আছিল। ইয়াত কেন্দ্ৰীয় ৰোপণ শস্য গৱেষণা প্ৰতিষ্ঠান অৱস্থিত। এই প্ৰতিষ্ঠানটো প্ৰথমতে ১৯১৬ চনত নাৰিকল গৱেষণা কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।৩৮ ই ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনস্থ ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাৰ এটা অংশ।৩৯ প্ৰতিষ্ঠানটোৰ মতে কেৰালা ৰাজ্যখন "দেশৰ প্ৰধান নাৰিকল উৎপাদনকাৰী অঞ্চলসমূহৰ কেন্দ্ৰবিন্দুত অৱস্থিত।" ইয়াৰ উপৰি ইয়াত ইণ্ডিয়ান ছচাইটি ফৰ প্লেণ্টেশ্যন ক্ৰপছৰ কাৰ্যালয়ো আছে। এই সংস্থাই ‘জাৰ্ণাল অব প্লেণ্টেশ্যন ক্ৰপছ’ প্ৰকাশ কৰে আৰু এই বিষয়ত সন্মিলনৰো আয়োজন কৰে।৪০ কাছাৰগোড়ৰ পেৰিয়া পাহাৰত কেৰালা কেন্দ্ৰীয় বিশ্ববিদ্যালয় অৱস্থিত।

  • কাছাৰগোড়ত অৱস্থিত কেন্দ্ৰীয় ৰোপণ শস্য গৱেষণা প্ৰতিষ্ঠান ১৯১৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল।৪১
  • চৰকাৰী মহাবিদ্যালয় কাছাৰগোড় ১৯৫৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল।
  • কেৰালা কেন্দ্ৰীয় বিশ্ববিদ্যালয় ২০০৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল।৪২৪৩
  • মালিকদিনাৰ ইনষ্টিটিউট অব মেনেজমেণ্ট ষ্টাডিজ কাছাৰগোড়ৰ সীথামগোলীত অৱস্থিত।৪৪
  • লাল বাহাদূৰ শাস্ত্ৰী অভিযান্ত্ৰিক মহাবিদ্যালয় কাছাৰগোড় ১৯৯৩ চনত প্ৰতিষ্ঠা কৰা হৈছিল।
  • খানছা ৱুমেনছ কলেজ ফৰ এডভান্সড ষ্টাডিজ, কাছাৰগোড়
  • জামিয়া ছা আদিয়া আৰ্টছ এণ্ড ছায়েন্স কলেজ, কাছাৰগোড়
  • শৰাফ আৰ্টছ এণ্ড ছায়েন্স কলেজ, পদন্না
  • জয়নব মেমৰিয়েল বি.এড° চেণ্টাৰ, কাছাৰগোড়
  • পিপলছ আৰ্টছ এণ্ড ছায়েন্স কলেজ, মুন্নাড, কাছাৰগোড়
  • ক'-অপাৰেটিভ আৰ্টছ এণ্ড ছায়েন্স কলেজ, বাডিয়াডকা, কাছাৰগোড়
  • ছেইণ্ট গ্ৰেগৰিয়াছ কলেজ অব ইঞ্জিনিয়াৰিং, পেৰ্লা, কাছাৰগোড়

যাতায়াত

ভাৰতৰ পশ্চিম উপকূলক মুম্বাইৰপৰা কন্যাকুমাৰীৰ সৈতে সংযোগ কৰা ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথ জিলাখনৰ উপকূলীয় অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে। এই পথে মাঞ্জেশ্বৰ, উপ্পলা, কুম্বলা, কাছাৰগোড়, উদমা, বেকল, কানহাংগাড, নীলেশ্বৰম আৰু ত্ৰিকৰিপুৰ আদি প্ৰধান উপকূলীয় চহৰসমূহক সংযোগ কৰিছে।৪৫৪৬৪৭ এই ঘাইপথটোৱে থালপ্পাডী হৈ জিলাখনত প্ৰৱেশ কৰে আৰু পায়্যানুৰ হৈ বাহিৰ ওলায়। কাছাৰগোড় আৰু কানহাংগাডৰপৰা আৰম্ভ বা শেষ হোৱা কিছুমান কেৰালাৰ ৰাজ্যিক ঘাইপথো আছে।৪৮ কাছাৰগোড়ৰ প্ৰধান জিলা পথসমূহৰ মুঠ দৈৰ্ঘ্য প্ৰায় ১৪৬০ কিলোমিটাৰ। জিলাখনৰ প্ৰতি ১০,০০০ লোকৰ বিপৰীতে প্ৰায় ১১.২ কিলোমিটাৰ পথ আছে।৪৯ কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগমৰ (কেএছআৰটিচি) সেৱা পৰিচালনাৰ বাবে জিলাখনত বাছ আস্থান আছে।৫০ জিলাখনৰ উপকূলীয় অঞ্চলৰ মাজেৰে ৰেলপথ পাৰ হৈ গৈছে। কাছাৰগোড় ৰেল ষ্টেচন দক্ষিণ ৰেল মণ্ডলৰ পালক্কাদ ৰেল সংমণ্ডলৰ অন্তৰ্গত মঙলুৰু-শ্বোৰানুৰ পথত অৱস্থিত।৫১ কেৰালাৰ ১৩টা সৰু বন্দৰৰ ভিতৰত তিনিটা বন্দৰ ক্ৰমে— মাঞ্জেশ্বৰ, কাছাৰগোড় আৰু নীলেশ্বৰম এই জিলাতে অৱস্থিত।৫২ ইয়াৰ নিকটৱৰ্তী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰসমূহ মঙলুৰু (৬৫ কিলোমিটাৰ দূৰত) আৰু কান্নুৰত (১১০ কিলোমিটাৰ দূৰত) অৱস্থিত।

জনগাঁথনি

২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি কাছাৰগোড় পৌৰসভাৰ মুঠ জনসংখ্যা আছিল ৫৪,১৭২ জন, যাৰ ভিতৰত ২৬,৩১৯ জন পুৰুষ আৰু ২৭,৮৫৩ গৰাকী মহিলা আছিল। কাছাৰগোড় পৌৰসভাখন 16.69 বৰ্গ কি.মি. এলেকাত বিস্তৃত হৈ আছে আৰু ইয়াত ১০,২০২টা পৰিয়ালে বসবাস কৰে। প্ৰতি ৫ বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৩৫টা ৱাৰ্ডত পৌৰসভাখনক বিভক্ত কৰা হৈছে। জিলাখনৰ লিংগ অনুপাত আছিল ১০৫৮ গৰাকী মহিলা (প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে), যিটো ৰাজ্যিক গড় ১০৮৪ তকৈ কম। ০-৬ বছৰ বয়সৰ শিশুৰ সংখ্যা আছিল ৭,২৩৪ জন (১৩.৪%), যাৰ ভিতৰত ৩,৭১৬ জন ল'ৰা আৰু ৩,৫১৮জনী ছোৱালী আছিল। কাছাৰগোড় চহৰৰ সাক্ষৰতাৰ হাৰ আছিল ৯৪.৭৬%, যিটো ৰাজ্যিক গড় ৯৪% তকৈ বেছি। পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৬.৫% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৯৩.১% আছিল।৫৩

ৰাজনীতি

ৰ প্ৰশাসনিক সদৰ হিচাপে কাম কৰে।]]

কাছাৰগোড় পৌৰসভাৰ বৰ্তমানৰ পৌৰ অধ্যক্ষ হৈছে আইইউএমএল (IUML)-ৰ অধিবক্তা ভি. এম. মুনীৰ আৰু উপাধ্যক্ষ হৈছে চামছীদা ফিৰোজ।৫৪

প্ৰধান ৰাজনৈতিক দলসমূহ হৈছে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ, চিপিআই(এম), ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ, চিপিআই আৰু বিজেপি। উত্তৰ কাছাৰগোড় অঞ্চলত আইইউএমএল-ৰ প্ৰভাৱ বেছি আৰু ইয়াৰ পিছতে বিজেপিৰ স্থান। আনহাতে দক্ষিণ অংশত চিপিআই(এম)-ৰ প্ৰভাৱ সৰ্বাধিক। কাছাৰগোড় বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে এন. এ. নেল্লিক্কুন্নু। এই সমষ্টিটো কাছাৰগোড় লোকসভা সমষ্টিৰ অন্তৰ্গত। ২০১৯ চনৰ নিৰ্বাচন অনুসৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য ৰাজমোহন উন্নীতান কাছাৰগোড়ৰ বৰ্তমানৰ সাংসদ।৫৫

জিলাখনৰ মাঞ্জেশ্বৰম তালুকত কানাড়া ভাষাক ভাষিক সংখ্যালঘুৰ মৰ্যাদা প্ৰদান কৰা হৈছে।৫৬

অনগ্ৰসৰতা

কাছাৰগোড় জিলা কেৰালাৰ একেবাৰে উত্তৰ প্ৰান্তৰ জিলা। ই ৰাজ্যৰ দক্ষিণ প্ৰান্তত অৱস্থিত ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা বহু দূৰত অৱস্থিত। মাঞ্জেশ্বৰম চহৰখন ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা প্ৰায় ৬০০ কিলোমিটাৰ উত্তৰত, মঙলুৰুৰপৰা প্ৰায় ৩০ কিলোমিটাৰ দক্ষিণত, প্ৰতিৱেশী ৰাজ্য কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰপৰা প্ৰায় ৩৫০ কিলোমিটাৰ পশ্চিমে আৰু মুম্বাই চহৰৰপৰা প্ৰায় ৯৫০ কিলোমিটাৰ দক্ষিণে অৱস্থিত। ২০১২ চনত উম্মেন চান্দীৰ দ্বিতীয় চৰকাৰে কেৰালাৰ এই আটাইতকৈ উত্তৰ প্ৰান্তৰ জিলাখনৰ অনগ্ৰসৰতা আৰু সমস্যাসমূহ অধ্যয়ন কৰিবলৈ আৰু জিলাখনৰ বাবে এক বিশেষ পেকেজ প্ৰস্তুত কৰিবলৈ প্ৰাক্তন মুখ্য সচিব পি. প্ৰভাকৰণৰ নেতৃত্বত এটা আয়োগ গঠন কৰে।৩৪ ২০১৩ চনত জিলাখনত মাঞ্জেশ্বৰম আৰু বেল্লাৰীকুণ্ডু নামৰ আৰু দুটা তালুক গঠন কৰা হয়।৩৫ ইয়াৰ পূৰ্বে জিলাখনত মাত্ৰ দুটাহে তালুক আছিল। চান্দীৰ দ্বিতীয় চৰকাৰৰ দিনতে চীমেনীত গেছভিত্তিক বিদ্যুৎ প্ৰকল্প স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল।৫৭ ২০১৩ চনত ৰাজ্যৰ সকলো ১৪খন জিলাতে অন্ততঃ এখনকৈ চৰকাৰী চিকিৎসা মহাবিদ্যালয় থকাটো নিশ্চিত কৰাৰ নতুন চৰকাৰী নীতিৰ অংশ হিচাপে কাছাৰগোড় জিলাৰ বাবে এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ অনুমোদন জনোৱা হৈছিল।৫৮৫৯

পৰ্যটন

  • অনন্তপুৰ হ্ৰদ মন্দিৰ
  • আৰিকাডি দুৰ্গ
  • বেকাল দুৰ্গ৬০
  • চন্দ্ৰগিৰি দুৰ্গ৬১
  • এদায়ীলাক্কাড দ্বীপ৬২
  • কানৱা তীৰ্থ সমুদ্ৰতীৰ
  • কাপ্পিল সমুদ্ৰতীৰ৬৩
  • কোট্টানচেৰী পাহাৰ
  • মালিকদিনাৰ মছজিদ
  • মাইপাড়ী প্ৰসাদ৬৪
  • নীলেশ্বৰম মোহনা সমুদ্ৰতীৰ
  • আৰ লেডী অব ছৰ’জ গীৰ্জা
  • পাল্লিক্কৰা সমুদ্ৰতীৰ
  • ৰাণিপুৰম পাহাৰীয়া স্থান
  • বলিয়াপৰম্ব দ্বীপ

কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তি

  • অম্বিকাসুতন মাংগাদ – মালয়ালম লেখক
  • অনিল কুম্বলে – প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ, প্ৰশিক্ষক আৰু ধাৰাভাষ্যকাৰ
  • আৰ্য – ভাৰতীয় অভিনেতা
  • আচিফ কোট্টায়িল – ভাৰতীয় ফুটবলাৰ
  • বেল্লীকোথ ৰঘুনাথ শেনয় – ভাৰতীয় অৰ্থনীতিবিদ
  • ডি. কে. চৌতা – ভাৰতীয় ব্যৱসায়ী
  • ই. চন্দ্ৰশেখৰন – কেৰালাৰ মন্ত্ৰী
  • কে. কে. বেণুগোপাল – ভাৰতৰ এটৰ্নী জেনেৰেল
  • কানায়ী কুঁহিৰমন – ভাৰতীয় শিল্পী
  • কাব্য মাধৱন – ভাৰতীয় অভিনেত্ৰী
  • কায়্যাৰ কিণ্হাণ্ণা ৰায় – ভাৰতীয় স্বাধীনতা সংগ্ৰামী
  • মহিমা নম্বিয়াৰ – ভাৰতীয় অভিনেত্ৰী
  • মিৰশ্বাদ মিচু – ভাৰতীয় ফুটবল গ’লৰক্ষক
  • মহম্মদ ৰফী – ভাৰতীয় ফুটবলাৰ
  • মহম্মদ আজহাৰুদ্দিন – ভাৰতীয় ক্ৰিকেটাৰ
  • পি. কুঁহিৰমন নায়াৰ – মালয়ালম কবি
  • পল্লথডকা প্ৰমোদা কুমাৰী – বিজ্ঞানী
  • প্ৰকাশ বাৰে – অভিনেতা
  • ৰূপেশ শেট্টী – কানাড়া আৰু তুলু চলচ্চিত্ৰ জগতৰ অভিনেতা, মঙলুৰুৰ ৰেডিঅ’ জকিপ্ৰসিদ্ধ আৰু মডেল
  • সন্তোষ এচিক্কানম – মালয়ালম চুটিগল্প লেখক
  • ছাৰা আবুকাৰ – কানাড়া লেখিকা
  • সত্য – ভাৰতীয় অভিনেতা
  • বৈশাখন – মালয়ালম চলচ্চিত্ৰ পৰিচালক

অধিক পঢ়িক

সাধাৰণ

  • Chandran, VP. (2018). Mathrubhumi Yearbook Plus - 2019. P. V. Chandran, Managing Editor, Mathrubhumi Printing & Publishing Company Limited, Kozhikode
  • Manorama Yearbook 1995 (Malayalam Edition) .
  • Manorama Yearbook 2003 (English Edition) .

ইতিহাস

ভাষা

জিলা লোকপিয়ল হাতপুথি

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Overview · About Kasaragod · Investment Opportunities · Business Opportunities · Travel and Tourism · BRDC · Kerala. Invest in Kasaragod
  2. ↑ Kasargod. Incredible India
  3. ↑ കാസർകോട്. കാസർകോട്
  4. ↑ Cazrod - the land of seven languages. invest kerala. Government of Kerala
  5. ↑ (2012). Draft Map. keralaczma.gov.in
  6. ↑ Rivers in Kasargod. Kerala Tourism
  7. ↑ Bekal Fort - largest and best preserved forts in Kerala · Kerala Tourism. www.keralatourism.org
  8. ↑ Caldwell, Robert. (1998). A Comparative Grammar of the Dravidian Or South-Indian Family of Languages. Asian Educational Services. পৃ. 6, 16, 17–19, 20, 21–25, 31. ISBN 978-81-206-0117-8
  9. ↑ S. Muhammad Hussain Nainar. (1942). Tuhfat-al-Mujahidin: An Historical Work in The Arabic Language. University of Madras. পৃ. 97
  10. ↑ About District · Website of Kasargod · India
  11. ↑ Sreedhara Menon, A. (2007). A Survey of Kerala History. DC Books. ISBN 9788126415786
  12. ↑ Kasaragod History. Government of Kerala
  13. ↑ Steever, Sanford B. (15 April 2015). The Dravidian Languages. Taylor & Francis. পৃ. 158–159. ISBN 9781136911644
  14. ↑ Bhat, N. Shyam. (1998). South Kanara, 1799-1860, A Study in Colonial Administration and Regional Response. Mittal Publications. পৃ. 6. ISBN 9788170995869
  15. ↑ Caldwell, Robert. (1998). A Comparative Grammar of the Dravidian Or South-Indian Family of Languages. Asian Educational Services. পৃ. 31. ISBN 9788120601178
  16. ↑ Sreedhara Menon, A. (2007). Kerala Charitram. DC Books. পৃ. 175. ISBN 978-8126415885
  17. ↑ District Census Handbook, Kasaragod (2011). Directorate of Census Operation, Kerala. পৃ. 9
  18. ↑ Aadyakla Malayala kavitha
  19. ↑ Pg 58, Cultural heritage of কেৰালা: an introduction, A. Sreedhara Menon, East-West Publications, 1978
  20. ↑ Prange, Sebastian R. Monsoon Islam: Trade and Faith on the Medieval Malabar Coast. Cambridge University Press, 2018. 98
  21. ↑ Barbosa, Duarte. (1989). The Book of Duarte Barbosa: An Account of the countries bordering on the Indian Ocean and their inhabitants (Volume 2). Asian Educational Services. পৃ. 1–7. ISBN 9788120604476
  22. ↑ Barbosa, Duarte; Dames, Mansel Longworth. (1918). The Book of Duarte Barbosa: An Account of the countries bordering on the Indian Ocean and their inhabitants - Volume I. indianculture.gov.in. Asian Educational Services. পৃ. 194–198
  23. ↑ M. Vijayanunni. 1981 Census Handbook- Kasaragod District. Directorate of Census Operations, Kerala
  24. ↑ Logan, William. (2010). Malabar Manual (Volume-I). Asian Educational Services. পৃ. 631–666. ISBN 9788120604476
  25. ↑ The Hindu staff reporter. (21 November 2011). Neeleswaram fete to showcase its heritage. The Hindu
  26. ↑ (12 August 2019). A Portion of Kasaragod's Bekal Forts Observation Post Caves in. The Hindu
  27. ↑ Buchanan, Francis Hamilton. (1807). A Journey from Madras Through the Countries of Mysore, Canara, and Malabar. Cadell
  28. ↑ M., Amruth. (2004). Forest-Agriculture Linkage and its Implications on Forest Management: A study of Delampady panchayat
  29. ↑ M. Vijayanunni. 1981 Census Handbook- Kasaragod District. Directorate of Census Operations, Kerala. পৃ. 11
  30. ↑ Government of Madras. (1953). 1951 Census Handbook- South Canara District. Madras Government Press
  31. ↑ About Kasaragod – Government Polytechnic College, Kasaragod
  32. ↑ Kasargod After District Formation. Kasargod District
  33. ↑ J. I. Arputhanathan. (1955). South Kanara, The Nilgiris, Malabar and Coimbatore Districts (Village-wise Mother-tongue Data for Bilingual or Multilingual Taluks). Madras Government Press
  34. ↑ Roy Mathew. (24 May 2012). Commission to draw up package for Kasaragod. The Hindu
  35. ↑ (21 March 2013). 12 new taluks to be formed in Kerala. The Hindu
  36. ↑ Government of India. (2014–15). District Census Handbook - Kasaragod (Part-A) 2011. Directorate of Census Operations, Kerala
  37. ↑ Rivers, Kasaragod, Kerala, India. Kerala Tourism - Bekal
  38. ↑ CPCRI 🌴. cpcriagribiz.in
  39. ↑ About Institute. CPCRI.in. Central Plantation Crops Research Institute
  40. ↑ Indian Society for Plantation Crops. indsocplantationcrops.in. Indian Society for Plantation Crops
  41. ↑ Central Plantation Crops Research Institute(CPCRI). cpcri
  42. ↑ Description on official website
  43. ↑ Prospectus of Central University of Kerala
  44. ↑ Archived copy
  45. ↑ All new national highways to be made of concrete: Nitin Gadkari. timesofindia-economictimes
  46. ↑ (27 August 2017). National Highway work gains speed in Kerala
  47. ↑ Home. OnManorama
  48. ↑ Economic review 2015
  49. ↑ Government of Kerala. (2021). Economic Review 2020 - Volume I. Kerala State Planning Board
  50. ↑ All about KSRTC. Keralartc.com
  51. ↑ SALIENT FEATURES OF PALGHAT DIVISION. sr.indianrailways.gov.in/. Southern Railway
  52. ↑ Chandran 2018, পৃ. 424
  53. ↑ Kerala, Directorate of Census Operations. District Census Handbook, Kasaragod. Directorate of Census Operations, Kerala. পৃ. 86,87
  54. ↑ Kasaragod Municipality Election (2020). lsgkerala.gov.in
  55. ↑ Kasaragod Parliament Constituency. Kerala. Election Commission of India
  56. ↑ Kasargod: Success for Kannadigas - Manjeshwar gets linguistic minority status. www.daijiworld.com
  57. ↑ (26 August 2013). Kerala to get three gas-based power projects. Projects Today
  58. ↑ Special Currespondent. (4 May 2019). MCI recognition for Manjeri medical college. The Hindu
  59. ↑ Staff Reporter. (2 September 2013). A new government medical college in Kerala after 31 years. The Hindu
  60. ↑ Simran Gill. (14 June 2020). 5 Lesser Known Forts in India. Outlook India
  61. ↑ Divakaran, Kattakada. (2005). Kerala Sanchaaram. Z Library. পৃ. 925
  62. ↑ (2015). Proposal Submitted to Government of India: Integrated Coastal Zone Management. sisem.in. Government of Kerala. পৃ. 60
  63. ↑ Vishnu Mohan. (27 July 2020). 6 Lesser-Known Places in Kerala for a Weekend Break. Outlook India
  64. ↑ Giridhar Khasnis. (17 May 2015). Finding everland. Deccan Herald

সম্পৰ্কিত শ্ৰেণী

কেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাছাৰগোড়” প্ৰবন্ধৰ সংশোধন ৬৩৬৯১৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।