অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উত্তৰ ত্ৰিপুৰা জিলা

উত্তৰ ত্ৰিপুৰা জিলা উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ এখন অন্যতম জিলা। জিলাখন ১৯৭০ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হয়। এই জিলাৰ সদৰঠাই ধৰ্মনগৰ। জিলাখনৰ মুঠ মাটিকালি ১৪২২.১৯ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৪৪৪৫৭৯ জন।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

উত্তৰ ত্ৰিপুৰা জিলা উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ এখন অন্যতম জিলা। জিলাখন ১৯৭০ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হয়। এই জিলাৰ সদৰঠাই ধৰ্মনগৰ। জিলাখনৰ মুঠ মাটিকালি ১৪২২.১৯ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৪৪৪৫৭৯ জন।

ইতিহাস

পূৰ্বতে উত্তৰ ত্ৰিপুৰাৰ বৰ্তমানৰ ভূখণ্ড ত্ৰিপুৰা প্ৰিন্সলী ষ্টেটৰ অন্তৰ্ভুক্ত আছিল। ১৯৪৯ চনৰ ৯ ছেপ্টেম্বৰত এই ৰাজ্যখন ভাৰতৰ সৈতে লগ লাগে। ১৯৭০ চনৰ ১ ছেপ্টেম্বৰত উত্তৰ ত্ৰিপুৰা জিলা সৃষ্টি কৰা হয়। ১৯৯৫ চনৰ ১৪ এপ্ৰিলত এই জিলাৰ একাংশ পৃথক কৰি ধলাই জিলা গঠন কৰা হয়। ২০১২ চনৰ ২১ জানুৱাৰীত কৰা বিভাজনৰ পিছত ত্ৰিপুৰাত মুঠতে আঠখন জিলা হয়গৈ।

প্ৰশাসনিক বিভাগ

উত্তৰ ত্ৰিপুৰা জিলাৰ তিনিটা মহকুমা আছে আৰু মহকুমাকেইটা আঠটা ব্লকত বিভক্ত।

নামসদৰ ঠাইব্লকভৌগোলিক অৱস্থান
ধৰ্মনগৰধৰ্মনগৰপানীসাগৰ, কদমতলাNorth Tripura Subdivisions Dharmanagar.png
কৈলাচাহাৰকৈলাচাহাৰ (Kailashahar)গড় নগৰা, কুমাৰঘাটNorth Tripura Subdivisions Kailashahar.png
কাঞ্চনপুৰকাঞ্চনপুৰদাচদা (Dasda), পিচাৰথল (Pecharthal) দমচেৰা (Damcherra) জমপুই হিল (Jampui Hill)North Tripura Subdivisions Kanchanpur.png

সমষ্টি

উত্তৰ ত্ৰিপুৰা জিলাত মুঠতে এঘাৰটা বিধানসভাৰ সমষ্টি আছে- পবিয়াচৰা ( Pabiachhara), ফটিকৰয় (Fatikroy), চণ্ডীপুৰ (Chandipur), কৈলাচহৰ (Kailasahar), কদমতলা-কুৰ্ত্তী (Kadamtala-Kurti), বাগবাছা (Bagbassa), ধৰ্মনগৰ (Dharmanagar), যুৱৰাজনগৰ (Jubarajnagar), পানীসাগৰ (Panisagar),পেঞ্চাৰথল (Pencharthal) আৰু কাঞ্চনপুৰ (Kanchanpur)

উত্তৰ ত্ৰিপুৰা জিলা পূব ত্ৰিপুৰা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ ত্ৰিপুৰা জিলাৰ মুঠ জনসংখ্যা ৪৪৪৫৭৯ জন। এই জিলাৰ সাক্ষৰতাৰ হাৰ ৯৭.২২% য’ত পুৰুষৰ হাৰ ৯৭.৩৪% আৰু মহিলাৰ ৯৬.৭৯%। এই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬৭ গৰাকী।

জৈৱবৈচিত্ৰ্য

১৯৮৮ চনত উত্তৰ ত্ৰিপুৰা জিলাৰ ০.৮৫ বৰ্গ কিলোমিটাৰ লৈ ৰ’ৱা বন্যপ্ৰাণী অভয়াৰণ্য (Rowa Wildlife Sanctuary) সৃষ্টি কৰা হয়।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Indian Ministry of Forests and Environment. Protected areas: Tripura

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ ত্ৰিপুৰা জিলা” প্ৰবন্ধৰ সংশোধন ৩৮০১৭০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।