অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অৰুণাচল প্ৰদেশৰ জিলাসমূহ

অৰুণাচল প্ৰদেশ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইটানগৰ। অৰুণাচল প্ৰদেশক ১৭ খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অৰুণাচল প্ৰদেশ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইটানগৰ। অৰুণাচল প্ৰদেশক ১৭ খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।১

ইতিহাস

১৯৬৫ চনৰ ১ ডিচেম্বৰ তাৰিখে সেইসময়ৰ নেফা (North-East Frontier Agency)-ক পাঁচখন জিলাত ভাগ কৰা হৈছিল। সেইকেইখন আছিল: কামেং জিলা, সোৱণশিৰি জিলা, ছিয়াঙ জিলা, লোহিত জিলা, আৰু টিৰাপ জিলা।

১৯৮০ চনৰ ১৩ মে’ত সোৱণশিৰি জিলা দুভগত বিভক্ত হয়: নামনি সোৱণশিৰি জিলা আৰু উজনি সোৱণশিৰি জিলা। সেইসময়ৰ সোৱণশিৰি জিলাৰ দাপৰিজো মহকুমাক লৈ উজনি সোৱণশিৰি জিলা গঠিত হয় আৰু বাকীঅংশৰে গঠন হয় নামনি সোৱণশিৰি জিলা।

১৯৮০ চনৰে ১ জুনত লোহিত জিলাক দুভগত বিভক্ত কৰা হয়: লোহিত জিলা আৰু দিবাং উপত্যকা জিলা। একেদিনাখনেই ছিয়াং জিলাকো দুভাগত ভাগ কৰা হয়: পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলা। লগতে কামেং জিলাৰ চেপ্লা আৰু ব’মডিলা মহকুমাক লৈ ক্ৰমে পূব কামেং জিলা আৰু পশ্চিম কামেং জিলাৰ গঠন কৰা হয়।

১৮৮৪ চনৰ ৬ অক্টোবৰত পূব কামেং জিলাৰ পৰা টাৱাং জিলা পৃথক হৈ যায়। ১৯৮৭ চনত সেই সময়ৰ টিৰাপ জিলাক দুভাগত ভাগ কৰি বৰ্তমনৰ টিৰাপ জিলা আৰু চাংলাং জিলাৰ গঠন কৰা হয়। ১৯৯২ চনৰ ২২ চেপ্টেম্বৰত সেইসময়ৰ নামনি সোৱণশিৰি জিলাক পুনৰ দুভাগত ভাগ কৰি নামনি সোৱণশিৰি জিলা আৰু পাপুমপাৰে জিলাৰ গঠন কৰা হয়। ২০০০ চনৰ জুন মাহত নামনি সোৱণশিৰি জিলাৰ পৰা পুনৰ এখন নতুন জিলা কুৰুং কুমেইৰ গঠন কৰা হয়। ২০০১ চনৰ ১৬ ডিচৰম্বৰত দিবাং উপত্যকা জিলাৰ অংশৰ পৰা নামনি দিবাং উপত্যকা জিলাৰ গঠন কৰা হয়। ১৬ ফেব্ৰুৱাৰী ২০০৪ তাৰিখে লোহিত জিলাৰ একাংশৰ পৰা অঞ্জাও জিলাৰ গঠন কৰা হয়।

প্ৰশাসন

জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।

জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে পৰিচালনা কৰে।

জিলাসমূহ

বৰ্তমান, অৰুণাচল প্ৰদেশ ১৭ খন জিলাৰে গঠিত। এই জিলাসমূহত ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বাস কৰে। জিলাসমূহ হৈছে২:

ক’ডজিলাসদৰজনসংখ্যা (২০১১)৩মাটিকালি (বৰ্গ কিমি)জনঘনত্ব (প্ৰতি বৰ্গ কিমি)ৱেবছাইটমানচিত্ৰ
AJঅনজৌ জিলা (Anjaw)হাৱাই Hawai২১,০৮৯৬,১৯০৩lohit.nic.inAnjaw in Arunachal Pradesh (India).svg
CHচাংলাং জিলা (Changlang)চাংলাং১৪৭,৯৫১৪,৬৬২২৭changlang.nic.in
EKপূব কামেং জিলাছেপ্পা৭৮,৪১৩৪,১৩৪১৪eastkameng.nic.in
ESপূব ছিয়াং জিলাপাছিঘাট৯৯,০১৯৪,০০৫২২eastsiang.nic.in
ELলোহিত জিলা (Lohit)তেজু১৪৫,৫৩৮২,৪০২১৩lohit.nic.in
লংডিং জিলা (Longding)লংডিং----------
LBনামনি সোৱণশিৰি জিলাজিৰ’৮২,৮৩৯৩,৪৬০২৪lowersubansiri.nic.in
PAপাপুমপাৰে জিলায়ুপিয়া১৭৬,৩৮৫২,৮৭৫৪২papumpare.nic.in
TAটাৱাং জিলা (Tawang)টাৱাং চহৰ৪৯,৯৫০২,০৮৫১৯tawang.nic.in
TIটিৰাপ জিলা (Tirap)খ’নছা১১১,৯৯৭২,৩৬২৪২tirap.nic.in
UDনামনি দিবাং উপত্যকা জিলাৰ’য়িং৫৩,৯৮৬৩,৯০০১৪roing.nic.in
USউজনি ছিয়াং জিলা Upper Siangয়িংকিয়ং৩৩,১৪৬৬,১৮৮৫uppersiang.nic.in
UBউজনি সোৱণশিৰি জিলাদাপ’ৰিজ’৮৩,২০৫৭,০৩২৮--
WKপশ্চিম কামেং জিলাব’মডিলা৮৭,০১৩৭,৪২২১০westkameng.nic.in
WSপশ্চিম ছিয়াং জিলা (West Siang)আলং১১২,২৭২৮,৩২৫১২westsiang.nic.in
উজনি দিবাং উপত্যকা জিলাআনিনি৭,৯৪৮৯,১২৯১--
কুৰুং কুমেই জিলা (Kurung Kumey)ক’ল’ৰিয়াং৮৯,৭১৭৮,৮১৮১০--

তথ্যসূত্ৰ

  1. ↑ Arunachal Pradesh at a glance. Arunachal Pradesh State Govenment
  2. ↑ At a glance. Government of Arunachal Pradesh website
  3. ↑ (2010 - 2011). Distribution of Population, Decadel Growth Rate, Sex-Ration and Population Density. The Registrar General & Census Commissioner, India, New Delhi-110011

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ জিলাসমূহঅৰুণাচল প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাচল প্ৰদেশৰ জিলাসমূহ” প্ৰবন্ধৰ সংশোধন ৩৭৯৮৩৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।