অৰুণাচল কমলা বা ৱাক্ৰ’ কমলা হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ সুমথিৰা টেঙা। ২০১৫ চনৰ ২৩ মাৰ্চত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে১ অৰুণাচল কমলাক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।২ উত্তৰ-পূব ক্ষেত্ৰীয় কৃষি বিপনণ নিগম লিমিটেডে ভৌগোলিক স্বীকৃতি পঞ্জীয়কৰ ওচৰত দাখিল কৰা প্ৰতিবেদন অনুসৰি এই কমলাবিধৰ বিশেষত্ব হৈছে ইয়াৰ টেঙা-মিঠা সোৱাদ আৰু ৰসৰ প্ৰাচুৰ্য। অৰুণাচল প্ৰদেশৰ মুঠ টেঙাজাতীয় ফল উৎপাদনৰ ৯০ শতাংশই হৈছে অৰুণাচল কমলা।১
অৰুণাচল কমলাৰ গছসমূহ গুল্মজাতীয় আৰু ই প্ৰায় ৩-ৰ পৰা ৬ মিঃ পৰ্যন্ত ওখ হয়। এজোপা পূৰঠ গছত বছৰি গড়ে ২০০-ৰ পৰা ৩০০-টালৈকে ফল লাগে। ইয়াৰ বাকলিৰ ঘনত্ব মজলীয়া আৰু পকিলে টেঙাসমূহৰ বৰণ সুমথিৰা হৈ পৰে। নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ফলসমূহ গছৰ পৰা ছিঙি অনা হয়।১
বৈশিষ্ট্যসমূহ
বৃদ্ধি, গঠনমূলক-ৰাসায়নিক বৈশিষ্ট্য আৰু সোৱাদৰ ফালৰ পৰা অৰুণাচল কমলা আন কমলা টেঙাসমূহতকৈ ভিন্ন হয়। ইয়াৰ বিশেষত্বসমূহ এনেধৰণৰ:১
- অৰুণাচল কমলাৰ বাকলি আন কমলাৰ দৰে আটিল নহয় বাবে গুচাবলৈ সহজ।
- নাগপুৰৰ কমলাকে ধৰি অন্যান্য কমলাটেঙাতকৈ আয়তন অনুসৰি ইয়াৰ ৰসৰ পৰিমাণ অধিক।
- মুঠ দ্ৰৱীভূত উপাদান বা টিএছএছৰ পৰ্যাপ্ত পৰিমাণ আৰু ন্যূনতম এচিডিটিয়ে ইয়াক অনন্য টেঙা-মিঠা সোৱাদযুক্ত কৰি তোলে।
- এই কমলাসমূহ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা হয় আৰু ইয়াত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয়।
গঠনমূলক-ৰাসায়নিক বৈশিষ্ট্য

| + পূৰ্ণাংগ ফল একোটাৰ গঠনমূলক-ৰাসায়নিক বৈশিষ্ট্য১ | ভিত্তি/উপাদান | পৰিমাণ |
| গড় ওজন (গ্ৰাম) | ১৪২ | |
| গড় আকাৰ (মিঃমিঃ) | ৬৫ | |
| একোটা ফলত থকা ৰসৰ গড় পৰিমাণ (গ্ৰাম) | ৬৪.৪৯ | |
| একোটা ফলৰ ওজনৰ অনুপাতে (w/w) ৰসৰ পৰিমাণ (%) | ৪৬.৫৩ | |
| বাকলিৰ ঘনত্ব (মিঃমিঃ) | ২.৪১ | |
| মুঠ দ্ৰৱীভূত উপাদানৰ পৰিমাণ (টিএছএছ) (%) (w/w) | ১০.৭ | |
| এচিডিটি (এনহাইড্ৰেছ চাইট্ৰিক এচিডৰ ৰূপত) (%) (w/w) | ০.১৮ | |
| এস্ক’ৰ্বিক এচিড (মিঃগ্ৰাঃ/১০০ মিঃলিঃ ৰস) | ২৫ |
তথ্যসূত্ৰ
- ↑ (March 23, 2015). Arunachal Orange. Geographical Indication Registry
- ↑ (May 21, 2015). Arunachal Wakro orange gets GI registration. Business Line. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাচল কমলা” প্ৰবন্ধৰ সংশোধন ৩৬৬৭৯৭ (২২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।