ৱায়মিং (Wyoming; ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ পৰ্বতীয় অঞ্চলত অৱস্থিত এখন অংগৰাজ্য। ১৮৯০ চনৰ ১০ জুলাই তাৰিখে ৱায়মিঙে ৪৪ সংখ্যক অংগৰাজ্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদান কৰে।১ বৰ্তমানে ষ্টেট অব ৱায়মিং, ইকুৱেলিটি ষ্টেট১ আদি নামেৰে জনাজাত এই ৰাজ্যক যুক্তৰাষ্ট্ৰত যোগদানৰ পূৰ্বে ৱায়মিং টেৰিটটি নামেৰে জনা হৈছিল। ৱায়মিং মাটিকালিৰ ফালৰ পৰা দশম বৃহত্তম ৰাজ্য যদিও জনসংখ্যা আৰু জনঘনত্বৰ ফালৰ পৰা ৫০খন ৰাজ্যৰ ভিতৰত ক্ৰমে সৰ্বনিম্ন আৰু দ্বিতীয় সৰ্বনিম্ন ৰাজ্য। এই ৰাজ্যৰ পশ্চিমঅংশৰ তিনিভাগৰ দুভাগ পৰ্বতেৰে আবৰা। চেয়ান ইয়াৰ ৰাজধানীৰ লগতে সৰ্বাধিক জনসংখ্যাৰ চহৰ। চেয়ানৰ জনসংখ্যা প্ৰায় ৬০ হেজাৰ।
ভূগোল
অৱস্থান আৰু আকাৰ
ৱায়মিং ৪১° উত্তৰৰ পৰা ৪৫° উত্তৰ অক্ষাংশ আৰু ১০৪°৩' পশ্চিমৰ পৰা ১১১°৩' পশ্চিম দ্ৰাঘিমাংশৰ মাজৰ অৱস্থিত। ইয়াৰ আকাৰ আয়তাকৃতিৰ।২ ৱায়মিংৰ উত্তৰে মণ্টানা, পূবে চাউথ ডাকোটা আৰু নাব্ৰাস্কা, দক্ষিণে কলোৰাডো, দক্ষিণ-পশ্চিমত ইউটাহ, আৰু পশ্চিমত আইডাহো ৰাজ্য অৱস্থিত। ৯৭,৮১৪ বৰ্গ মাইল (২৫৩,৩৪৮ বৰ্গ কিমি) মাটিকালিৰে আৰু ২৩খন কাউণ্টিৰে গঠিত ৱায়মিং হৈছে আমেৰিকাৰ দশম বৃহত্তম ৰাজ্য। উত্তৰ সীমাৰ পৰা দক্ষিণ সীমালৈ ই ২৭৬ মাইল (৪৪৪ কিমি) বিস্তৃত;৩ আৰু পূব সীমাৰ পৰা পশ্চিম সীমালৈ ই দক্ষিণ প্ৰান্তত ৩৬৫ মাইল (৫৮৭ কিমি) আৰু উত্তৰ প্ৰান্তত ৩৪২ মাইল (৫৫০ কিমি) বিস্তৃত।
পৰ্বতমালা
ৱায়মিং বহুতো পৰ্বতমালাৰে গঠিত এখন বিশাল ভূখণ্ড। এই ৰাজ্যখনতে গ্ৰেট প্লেইনচ্ ৰকি পৰ্বতমালাৰ লগত লগ লাগিছেহি। ৰাজ্যখনৰ সৰ্বোচ্চতম স্থান গেনেট শৃঙ্গৰ উচ্চতা ১৩,৮০৯ ফুট (৪২০৯.১ মি)। এই শৃঙ্গ ৱাইণ্ড ৰিভাৰ পৰ্বতমালাত অৱস্থিত।
ৱায়মিঙৰ বিভিন্ন পৰ্বতমালাসমূহ হৈছে: উত্তৰ-পশ্চিমে আবচাৰোকা, আউল ক্ৰীক, গ্ৰচ ভেণ্ট্ৰে, ৱাইণ্ড ৰিভাৰ, আৰু টেটন পৰ্বতমালা; উত্তৰ-মধ্য অংশত আছে বিগ হৰ্ণ পৰ্বতমালা; উত্তৰ-পূবে ব্লেক হিলচ পৰ্বতমালা; আৰু দক্ষিণে অৱস্থিত লেৰামেই, স্নৱি, আৰু চিৰা মাড্ৰে পৰ্বতমালা।
ভূবিজ্ঞানৰ অনুসৰি দক্ষিণ-মধ্য অংশত অৱস্থিত স্নৱি পৰ্বতমালা হৈছে কলোৰাডোৰ ৰকি পৰ্বতমালাৰ সম্প্ৰসাৰিত অংশ। ইয়াক দেখাটো তেনেধৰণেই লাগে।
নদী আৰু দ্বীপসমূহ
ৱায়মিঙৰ ৭১৩.১৬ বৰ্গ মাইল (১,৮৪৭ বৰ্গ কিমি) অঞ্চল হৈছে জলভাগ, যি মুঠ মাটিকালীৰ ০.৭২%। ইয়াৰ মাজেৰে কেইবাখনো নদী বৈ গৈছে। সেইসমূহ হৈছে: য়েল্লষ্টন নদী, বিগহৰ্ণ নদী, গ্ৰীণ নদী, আৰু স্নেক নদী।
চাৰিওফালে স্থলভাগেৰে আবৰা হোৱা স্বত্বেও ৱায়মিঙত কেইবাটাও দ্বীপ আছে। এইবোৰৰ মাজৰে ৩২টাক নামকৰণ কৰা হৈছে। এই দ্বীপবোৰ মূলতঃ য়েল্লষ্টন ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ-পশ্চিম অংশত থকা জেকচন হ্ৰদ আৰু য়েল্লষ্টন হ্ৰদত অৱস্থিত। ইয়াৰোপৰি দক্ষিণ-পশ্চিম অঞ্চলৰ গ্ৰীণ নদীতো কেইবাটাও দ্বীপ অৱস্থিত।
ৰাজহুৱা ভূমি
ৱায়মিঙৰ ৪৮% তকৈ অধিক ভূমিৰ গৰাকী আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ।৪ এই ভূমিভাগৰ পৰিমাণ হৈছে প্ৰায় ৩০,০৯৯,৪৩০ একৰ (১২১,৮০৮.১ বৰ্গ কিমি)। ইয়াৰোপৰি অতিৰিক্ত ৬% ভূমিৰ গৰাকী ৱায়মিঙৰ ৰাজ্য চৰকাৰ, যাৰ পৰিমাণ হৈছে ৩,৮৬৪,৮০০ একৰ (১৫,৬৪০ বৰ্গ কিমি)।৪
জলবায়ু
ৱায়মিঙৰ গ্ৰীষ্ম কালৰ দিনৰভাগৰ গড় উষ্ণতা ৮৫ °ফাৰেনহাইট (২৯ °ছেলছিয়াছ) আৰু ৯৫ °ফা (৩৫ °ছে)-ৰ ভিতৰত থাকে। পিছে ৰাতি ক্ষিপ্ৰ ভাবে কমি যায়। আনকি আটাইটকৈ গৰম অঞ্চলৰ উষ্ণতাও ৫০–৬০ °ফা (১০–১৬ °ছে) তলতৈ নামি যায়। আনহাতে শীত কাল ঠাণ্ডাৰ হয় যদিও ঠাই ভেদে উষ্ণতাৰ প্ৰভেদ দেখা যায়।
ৰাজ্যখনৰ নথিভুক্ত সৰ্বোচ্চত্তম তাপমাত্ৰা হৈছে ১১৪ °ফা (৪৬ °ছে) আৰু সৰ্বনিম্নত্তম তাপমাত্ৰা হৈছে −৬৬ °ফা (−৫৪ °ছে) ক্ৰমে ১২ জুলাই, ১৯৯০ চনত বেছিনত আৰু ৯ ফেব্ৰুৱাৰী, ১৯৩৩ চনত ৰিভাৰছাইডত।
জনসংখ্যা
১ জুলাই, ২০১১ ৰ অনুমান অনুসৰি ৱায়মিঙৰ জনসংখ্যা ৫৬৮,১৫৮ জন।৫ জনসংখ্যা আৰু জনঘনত্বৰ ফালৰ পৰা ইয়াৰ ৫০খন ৰাজ্যৰ ভিতৰত ক্ৰমে সৰ্বনিম্ন আৰু আলাস্কৰ পাছতে দ্বিতীয় সৰ্বনিম্ন ৰাজ্য।
ৱায়মিঙৰ লোকসকলৰ পূৰ্বপুৰুষসকল হৈছে মূলত জাৰ্মান (২৬.০%), ইংৰাজ (১৬.০%), আইৰিচ (১৩.৩%), আমেৰিকান (৬.৫%), নৰৱেজিয়ান (৪.৩%), আৰু ছুইডিছ (৩.৫%)। ৰাজ্যখনৰ ৭৯% লোকেই হৈছে খ্ৰীষ্টান ধৰ্মালম্বী, ১% হৈছে আন ধৰ্মৰ লোক, আৰু আন ১৮% লোকৰ কোনো ধৰ্ম নাই।
প্ৰশাসনিক বিভাজন
ৱায়মিং ৰাজ্যক ২৩খন কাউণ্টিত ভাগ কৰা হৈছে। তলত তালিকাত কাউণ্টিকেইখন জনসংখ্যাৰ লগত তালিকাভূক্ত কৰা হৈছে:
| ৱায়মিঙৰ কাউণ্টিসমূহ আৰু ইয়াৰ জনসংখ্যা (২০০৯ চনৰ জনগণনা)৬ | |||||
|---|---|---|---|---|---|
| স্থান | কাউণ্টি | জনসংখ্যা | স্থান | কাউণ্টি | জনসংখ্যা |
| ১ | লাৰামে কাউণ্টি | ৯১,৭৩৮ | ১৩ | কনভাৰ্চ কাউণ্টি | ১৩,৫৭৮ |
| ২ | নেটৰ’না কাউণ্টি | ৭৪,৫০৮ | ১৪ | গোছেন কাউণ্টি | ১২,৩১৯ |
| ৩ | কেম্পবেল কাউণ্টি | ৪৩,৯৬৭ | ১৫ | বিগ হৰ্ণ কাউণ্টি | ১১,৫৮১ |
| ৪ | ছুইটৱাটাৰ কাউণ্টি | ৪১,২২৬ | ১৬ | ছাবলেটে কাউণ্টি | ৮,৭৯২ |
| ৫ | ফ্ৰেমণ্ট কাউণ্টি | ৩৮,৭১৯ | ১৭ | জনচন কাউণ্টি | ৮,৫৩১ |
| ৬ | এলবানি কাউণ্টি | ৩৩,৯৭৯ | ১৮ | প্লেট কাউণ্টি | ৮,১৯৬ |
| ৭ | ছেৰিডান কাউণ্টি | ২৯,১৬৩ | ১৯ | ৱাছাকি কাউণ্টি | ৭,৯১১ |
| ৮ | পাৰ্ক কাউণ্টি | ২৭,৯৭৬ | ২০ | ৱেষ্টন কাউণ্টি | ৭,০০৯ |
| ৯ | উইণ্টা কাউণ্টি | ২০,৯২৭ | ২১ | ক্ৰুক কাউণ্টি | ৬,৬৫৩ |
| ১০ | টেটন কাউণ্টি | ২০,৭১০ | ২২ | হট স্প্ৰিংচ্ কাউণ্টি | ৪,৫৯০ |
| ১১ | লিংকন কাউণ্টি | ১৬,৯৯৫ | ২৩ | নিওব্ৰাৰা কাউণ্টি | ২,৩৬৬ |
| ১২ | কাৰ্বন কাউণ্টি | ১৫,৭২০ | ৱায়মিং ৰাজ্যৰ মুঠ | ৫৪৪,২৭০ |
নগৰ আৰু চহৰ

ৱায়মিং ৰাজ্যত ৯৮খন নগৰপালিকা আছে।
| + ৱায়মিঙৰ ১০খন আটাইটকৈ জনবসতীপূৰ্ণ নগৰ আৰু চহৰ৭ | |||
| স্থান | নগৰ/চহৰ | কাউণ্টি | জনসংখ্যা |
|---|---|---|---|
| ১ | চেয়ান | লাৰামে কাউণ্টি | ৫৯,৪৬৬ |
| ২ | কেচপাৰ | নেটৰ’না কাউণ্টি | ৫৫,৩১৬ |
| ৩ | লাৰামে | এলবানি কাউণ্টি | ৩০,৮১৬ |
| ৪ | জিলেট | কেম্পবেল কাউণ্টি | ২৯,০৮৭ |
| ৫ | ৰক স্প্ৰিংচ্ | ছুইটৱাটাৰ কাউণ্টি | ২০,৯০৫ |
| ৬ | ছেৰিডান | ছেৰিডান কাউণ্টি | ১৭,৪৬১ |
| ৭ | গ্ৰীণ ৰিভাৰ | ছুইটৱাটাৰ কাউণ্টি | ১২,১৪৯ |
| ৮ | ইভানষ্টন | উইণ্টা কাউণ্টি | ১১,৭৮১ |
| ৯ | ৰিভাৰটন | ফ্ৰেমণ্ট কাউণ্টি | ১০,০৩১ |
| ১০ | জেকচন | টেটন কাউণ্টি | ৯,৮০৬ |
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ "General Facts about Wyoming", wyoming.gov, Retrieved on July 2, 2008
- ↑ Willam J. Gribb. Databases and Algorithms to Determine the Boundary of Wyoming. University of Wyoming, Department of Geography
- ↑ আৰ্কাইভ কপি
- ↑ MainEnvironment.org Public Land Ownership by State, 1995 Main Environment.org
- ↑ (December 2011). Annual Estimates of the Resident Population for the United States, Regions, States, and Puerto Rico: April 1, 2010 to July 1, 2011. 2011 Population Estimates. United States Census Bureau, Population Division
- ↑ (March 16, 2006). Table 1: Annual Estimates of the Population for Counties of Wyoming: April 1, 2000 to July 1, 2009. 2009 Population Estimates. U.S. Census Bureau, Population Division
- ↑ (June 20, 2006). Table 4: Annual Estimates of the Population for Incorporated Places in Wyoming, Listed Alphabetically: April 1, 2000 to July 1, 2008. 2008 Population Estimates. U.S. Census Bureau, Population Division
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱায়মিং” প্ৰবন্ধৰ সংশোধন ৬২৫৮৩৪ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।