
খাচী আৰু জয়ন্তীয়া পাহাৰ পূৰ্বে মূলতঃ অসম আৰু মেঘালয়ৰ অংশ হিচাপে থকা পাহাৰীয়া অঞ্চল।১ এই অঞ্চল বৰ্তমান ভাৰতীয় ৰাজ্য মেঘালয়ৰ (পূৰ্বৰ অসম) অন্তৰ্গত। পূব জয়ন্তীয়া পাৰ্বত্য জিলা, পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা, পূব খাচী পাৰ্বত্য জিলা আৰু পশ্চিম খাচী পাৰ্বত্য জিলাৰ বৰ্তমান ইয়াৰ অংশ।২
জয়ন্তীয়া পাহাৰ
মূল প্ৰবন্ধ: পূব জয়ন্তীয়া পাৰ্বত্য জিলামূল প্ৰবন্ধ: পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা
জয়ন্তীয়া পাহাৰ খাচী পাহাৰৰ পূবে অৱস্থিত। জয়ন্তীয়া জাতিৰ এলেকা (জনজাতীয় অঞ্চল) সমূহৰ বাৰজন মুখিয়ালক দলৈ (Dolloi) হয় আৰু ঠাইডোখৰকো তেওঁলোকৰ নামেৰে খাচীত KA RI KHADAR DOLLOI বা "১২জন জনজাতীয় মুখিয়ালৰ অঞ্চল" বোলা হয়।
তেওঁলোকৰ ওপৰত জয়ন্তীয়াপুৰৰ ৰজাৰ স্থান। তেওঁৰ শীতকালৰ প্ৰসাদ বৰ্তমানৰ বাংলাদেশত আৰু জহকালিৰ বাসস্থান আগৰ চুট্ংগাৰপৰা নাৰ্টিয়াংলৈ স্থানান্তৰিত কৰা হৈছে।
জয়ন্তীয়া পাহাৰ আগতে জয়ন্তীয়া পাৰ্বত্য জিলাৰ অংশ আছিল। ২০১২ চনৰ ৩১ জুলাইত ইয়াক পূব জয়ন্তীয়া পাৰ্বত্য জিলা আৰু পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাত ভাগ কৰা হৈছে।
খাচী পাহাৰ
মূল প্ৰবন্ধ: খাচী পাহাৰ
খাচী পাহাৰ গাৰো পাহাৰৰ পূবে অৱস্থিত। বিশটা ক্ষুদ্ৰ অঞ্চলৰ (hima) বা তাতোকৈ সৰু অঞ্চলৰ বাহিৰে খাচী জনজাতিৰ আন ৰাজকীয় শাসক নাই। বিভিন্ন উপায়েৰে বাছনি কৰা Siem বা Syiem নামৰ মুখিয়ালে সেইসমূহ শাসন কৰে।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ The Assam Legislative Assembly
- ↑ Integration of the North East: the State Formation Process
- ↑ Great Britain India Office. The Imperial Gazetteer of India. Oxford: Clarendon Press, 1908
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাচী আৰু জয়ন্তীয়া পাহাৰ” প্ৰবন্ধৰ সংশোধন ৬২৯৬২১ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।