ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
টিপাম
টিপাম বা তিপাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহকুমাৰ টিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক গাঁও। ডিন বুৰঞ্জীৰ মতে টিপামক অসম ৰাজ্য বা মুং দুন চুন খামৰৰ দ্বিতীয় ৰাজধানী। ঐতিহাসিকভাৱে টিপামৰ নাম ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে।
-
তামুলপুৰ মহকুমা
তামুলপুৰ অসমৰ বাক্সা জিলাৰ এটা মহকুমা। চৈধ্যটা জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ তামুলপুৰ মহকুমাটি ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত। বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা তামুলপুৰৰ দূৰত্ব ৭৩ কিলোমিটাৰ।
-
দিবালোক সংৰক্ষণ সময়
দিবালোক সংৰক্ষণ সময় বা ডেলাইট চেভিং টাইম (daylight saving time), সংক্ষেপে ডিএসটি (DST) হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘণ্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূৰ্যোদয় আৰু সূৰ্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূৰ্যৰ পোহৰ পোৱাৰ সুবিধা হয়।
-
নকছাৰি
নকছাৰি যোৰহাট জিলাৰ দক্ষিণ-পূব প্ৰান্তত নগাপাহাৰৰ পাদদেশত অৱস্থিত এক অঞ্চল। গ্ৰাম্যপ্ৰধান এই ঠাইখন তিতাবৰ মহকুমাৰ অন্তৰ্গত। ১০১ নং মৰিয়নী বিধান সভা সমষ্টি তথা ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ এই অঞ্চলটো মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্ভুক্ত। নকছাৰিৰ ডাক সূচাংক হ'ল ৭৮৫৬৩৫।
-
নগা পাহাৰ
নগা পাহাৰৰ উচ্চতা প্ৰায় 3826 মিটাৰ বিশেষকৈ ভাৰত আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত। ইয়াক এক জটিল পৰ্বত আৰু পৰ্বতমালাৰ অংশ বোলা হয়। পাহাৰখন ভাৰতবৰ্ষৰ ভূখণ্ডৰ নাগালেণ্ড ৰাজ্য আৰু বাৰ্মাৰ প্ৰশাসনিক বিভাগ(বাৰ্মিজ) অন্তৰ্গত। নগা স্ব-প্ৰশাসিত অঞ্চলৰ অন্তৰ্গত ঠাইডোখৰক নগা পাহাৰ বুলি কোৱা হয়।
-
পাঞ্চাল
পাঞ্চাল উত্তৰ ভাৰতৰ এখন প্ৰাচীন ৰাজ্য আছিল। এই ৰাজ্যখন গংগা-যমুনা দোৱাবত অৱস্থিত আছিল। কান্যাকুব্জ বা কনৌজৰ আশে-পাশে থকা অঞ্চল বুলি বিশ্বাস কৰা হয়। পৰৱৰ্তী বৈদিক যুগত (প্ৰায় ১১০০–৫০০ খ্ৰীষ্টপূৰ্ব) ই প্ৰাচীন ভাৰতৰ অন্যতম শক্তিশালী ৰাজ্য আছিল তথা কুৰু ৰাজ্যৰ ঘনিষ্ঠ মিত্ৰ।
-
প্ৰাগ
প্ৰাগ (; Praha ) হৈছে চেক গণৰাজ্যৰ ৰাজধানী তথা বৃহত্তম চহৰ আৰু বোহেমিয়াৰ ঐতিহাসিক ৰাজধানী। ভ্লটাভা নদীৰ ওপৰত অৱস্থিত, প্ৰাগ চহৰত প্ৰায় ১.৪ নিযুত লোকে বসবাস কৰে। প্ৰাগ হৈছে মধ্য ইউৰোপৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰস্বৰূপ।
-
বামুণী পাহাৰ
বামুণী পাহাৰ অসমৰ তেজপুৰ নগৰৰ দক্ষিণ-পূব কোণত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ পাৰত স্থিত এই পাহাৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ লগতে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি আদি আছে। ইয়াত গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নন্দীমুখ আদিও দেখিবলৈ পোৱা যায়।
-
বৈকাল হ্ৰদ
বৈকাল হ্ৰদ (о́зеро Байка́л; Байгал нуур, Байгал нуур, Baygal nuur, meaning "nature lake";) ৰাছিয়াৰ দক্ষিণ ছাইবেৰিয়াত অৱস্থিত এটা হ্ৰদ৷ ইয়াৰ উত্তৰ-পশ্চিমে Irkutsk Oblast আৰু পূব-দক্ষিণে বুৰিয়াট ৰিপাব্লিক (Buryat Republic) অৱস্থিত ৷ বৈকাল হ্ৰদ সমগ্ৰ বিশ্বৰ ভিতৰতে আয়তনৰ ফালৰ পৰা সৰ্ববৃহৎ নিৰ্মল…
-
বোধি বৃক্ষ
বোধি বৃক্ষ ভাৰতৰ বিহাৰ ৰাজ্যৰ বুদ্ধগয়াত অৱস্থিত মহাবোধি মন্দিৰ প্ৰাংগণৰ এজোপা প্ৰাচীন বিশাল আকাৰৰ আঁহত গছ। ইয়াতেই সিদ্ধাৰ্থ গৌতমে বুদ্ধত্ব লাভ কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫৩১ত ৩৫ বছৰ বয়সত সিদ্ধাৰ্থ গৌতমে এই গছজোপাৰ তলত ধ্যান কৰি বোধি বা বুদ্ধত্ব লাভ কৰিছিল। তাৰপাছত তেখেতে বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল।
-
ভাৰতৰ জিলাসমূহৰ তালিকাৰ
জিলা (ज़िला; ضلع) শব্দটোৱে ভাৰতবৰ্ষৰ ক্ষেত্ৰত এনে একোটা প্ৰশাসনিক ভৌগোলিক অঞ্চল, যিবোৰ ভাৰতৰ ৰাজ্য নাইবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ অন্তৰ্গত। জিলাসমূহ কিছুমান উপভাগত বিভক্ত কৰা হৈছে, যেনে মহকুমা আৰু নাইবা তেহচিল, গাওঁ পঞ্চায়ত ইত্যাদি।
-
ভেটিকান চিটি
ভেটিকান চিটি (Vatican City, চৰকাৰীভাৱে ভেটিকান চিটি ষ্টেট, Vatican City State) হৈছে ইটালীৰ ৰোমৰ ভিতৰত অৱস্থিত এক স্বাধীন দেশ। ভেটিকান চিটি ষ্টেট, যাক “দ্য ভেটিকান” বুলিও কোৱা হয়, লেটাৰন চুক্তিৰ মাধ্যমত ১৯২৯ চনত ইটালীৰপৰা স্বাধীন হৈছিল।
-
মাখিবাহা
মাখিবাহা (Makhibaha) অসমৰ নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰ আৰু টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও। গাঁওখনত চুবুৰীৰ সংখ্যা ২১ টা। গাওঁখনৰ জনসংখ্যা প্ৰায় ১৫,০০০। শিক্ষিতৰ হাৰ ৯০ শতাংশ। মাটিকালি প্ৰায় ২,২৪৩ বিঘা ১ কঠা ১৬ ১/২ লেচা। অতীতত এই অঞ্চলত অসংখ্য মৌ-মাখিৰ বাঁহ আছিল বাবে ঠাইখনৰ নাম মাখিবাহা হৈছিল।
-
মাদ্ৰাচ প্ৰেচিডেঞ্চি
মাদ্ৰাচ প্ৰেচিডেঞ্চি বা মাদ্ৰাচ প্ৰদেশ (Madras Presidency বা Madras Province) ব্ৰিটিছ ভাৰতৰ এক উপবিভাগ (প্ৰদেশ) আছিল, যাক অধিকাৰিকভাবে ফ’ৰ্ট চেণ্ট জৰ্জ প্ৰেচিডেঞ্চি বুলি কোৱা হৈছিল আৰু পিছলৈ ভাৰতৰ ডমিনিয়ন হৈছিল।
-
মানালী
মানালী ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ কুল্লু জিলাৰ কুল্লু চহৰৰ ওচৰৰ এখন ৰিজ'ৰ্ট চহৰ। এই চহৰখন বিয়াছ নদীৰদ্বাৰা গঠিত কুল্লু উপত্যকাৰ উত্তৰ মূৰত অৱস্থিত। ৰাজ্যৰ ৰাজধানী চিমলাৰপৰা প্ৰায় ২৭০ কিলোমিটাৰ (১৭০ মাইল) উত্তৰে আৰু ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰপৰা ৫৪৪ কিলোমিটাৰ (৩৩৮ মাইল) উত্তৰ-পূবে কুল্লু…
-
মানৱ ভূগোল
ভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়।
-
মৌজা
বাংলাদেশ, পাকিস্তান আৰু ভাৰতৰ কিছু অংশত মৌজা হৈছে একপ্ৰকাৰৰ প্ৰশাসনিক জিলা, যিটো এটা নিৰ্দিষ্ট ভূমি অঞ্চলৰ সৈতে মিল খায় যাৰ ভিতৰত এটা বা ততোধিক বসতি থাকিব পাৰে। ২০ শতিকাৰ আগতে এই শব্দটোৱে পৰগনা বা ৰাজহ জিলাৰ ঠিক তলত থকা ৰাজহ সংগ্ৰহৰ এককক বুজাইছিল।
-
যন্তৰ মন্তৰ (জয়পুৰ)
যন্তৰ মন্তৰ ৰাজস্থানৰ জয়পুৰৰ প্ৰতিষ্ঠাপক ৰাজপুত ৰজা ছাৱাই জয় সিংহই নিৰ্মাণ কৰিছিল। ইয়াত ১৯টা জ্যোতিৰ্বিজ্ঞানৰ যন্ত্ৰ একেলগ কৰা আছে। ১৭৩৪ চনত এই কীৰ্তিচিহ্ন নিৰ্মাণ সম্পূৰ্ণ হয়। ইয়াত বিশ্বৰ আটাইতকৈ ডাঙৰ শিলৰ সূৰ্য্যঘড়ী আছে আৰু ই ইউনেস্কোৰ দ্বাৰা স্বীকৃত বিশ্ব ঐতিহ্য ক্ষেত্ৰ।
-
যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’
যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’ (Jorehaut Provincial Railway, চমুকৈ JPR) ব্ৰিটিছ অসমৰ শিৱসাগৰ জিলাৰ আৰু বৰ্তমানৰ যোৰহাট জিলাৰ এটা ২ ফুট বহল নেৰ’গজ ৰেলসেৱা আছিল। প্ৰথমে ককিলামুখ ট্ৰামৱে নামকৰণ কৰা এই ৰেলসেৱাৰ নাম পিছলৈ ককিলামুখ ষ্টেট ৰে’লৱে’, যোৰহাট ষ্টেট ৰে’লৱে’ আৰু যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’ হৈছিল।
-
লক্ষীপুৰ
লক্ষীপুৰ (IPA: ˈlækɪˌpʊə) (Lakhipur) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন ঠাই।
-
লীলাবাৰী বিমানবন্দৰ
লীলাবাৰী বিমানবন্দৰ ভাৰতৰ অৰুণাচল প্ৰদেশৰ নিকটবৰ্তী অসম ৰাজ্যৰ লখিমপুৰ জিলাত অৱস্থিত এটি আন্তৰাজ্যিক বিমানবন্দৰ। এই বিমনন্দৰৰ দ্বাৰা অসম আৰু অৰুণাচল প্ৰদেশ ৰাজ্যলৈ বিমানসেৱা উপলব্ধ হয়। বিমান বন্দৰটো উত্তৰ লখিমপুৰ নগৰৰ পৰা ৭ কিলোমিটাৰ দূৰৈত অৱস্থিত।
-
শিমলুগুৰি, লখিমপুৰ
শিমলুগুৰি হৈছে ভাৰতৰ অসম ৰাজ্যৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ এখন গাঁও তথা গাঁও পঞ্চায়ত অঞ্চল। বৃহত্তৰ ৰাজগড় অঞ্চলৰ ই কেন্দ্ৰস্থল।
-
শিলিগুড়ি
শিলিগুড়ি পশ্চিমবংগৰ এখন প্ৰধান চহৰ যিয়ে চুবুৰীয়া জিলাৰ ৰাজধানী জলপাইগুড়িৰ সৈতে "টুইন চিটি" গঠন কৰে। ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ দাৰ্জিলিং আৰু জলপাইগুড়ি জিলাৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ আছে এই চহৰখন। "উত্তৰ-পূব ভাৰতৰ দুৱাৰ" নামেৰে জনাজাত, শিলিগুড়ি চৰকাৰী ভাষা বাংলা।
-
শিৱসাগৰ পুখুৰী
স্বৰ্গদেও শিৱসিংহৰ ৰাজত্ব কালত তেওৰ দ্বিতীয় গৰাকী কুৱৰীয়ে বৰৰজাৰ ৰাজদণ্ড হাতত লৈ সাগৰ সদৃশ শিৱসাগৰ পুখুৰী খন্দোৱাৰ কাৰ্য আৰম্ভ কৰিছিল৷ ১৬৫৫ শকৰ ১৮ জেঠত খনন আৰম্ভ হোৱা এই পুখুৰীৰ খনন সম্পূৰ্ণ হৈছিল একেটা বৰ্ষৰ ৬ বহাগত৷ পুখুৰীটোৰ সম্পূৰ্ণ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লেচা৷ পুখুৰীটো আয়তকাৰ৷…
-
সেনাপতি জিলা
সেনাপতি জিলা (Pron:/ˌseɪnəˈpʌti/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷
-
হাউলী
হাউলী (IPA:ˈhaʊlɪ) (Howli) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঠাই।
-
হিমবাহ
thumb|উত্তৰ পাকিস্তানৰ Baltoro হিমবাহ হিমবাহ ( Glacier) নদী আৰু বতাহৰ নিচিনাকৈ হিমবাহো ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা এটা প্ৰধান কাৰক। হিমবাহেও ক্ষয়,পৰিবহণ আৰু অৱক্ষেপনৰ দ্বাৰা ভূ-পৃষ্ঠৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে।
-
ৰংপুৰ (আহোম ৰাজধানী)
ৰংপুৰ (চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) ইংৰাজী ভাষা:Rangpur,) আছিল আহোম ৰাজ্যৰ চতুৰ্থ ৰাজধানী, যি স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৭০৭ চনত "মেটেকা" নামৰ ঠাইত স্থাপন কৰিছিল। বৰ্তমানে এই ঠাইটো শিৱসাগৰ চহৰৰ এখন অংশ।
-
ৰাগ কাফী
কাফী হৈছে হিন্দুস্থানী শাস্ত্ৰীয় সংগীতৰ এটা ৰাগ। ই কৰ্ণাটকী সংগীতত খৰহাৰপ্ৰিয়া আৰু পশ্চিমীয়া সংগীতত ডৰিয়ান মোডৰ সৈতে সমপৰিমাণ। বিষ্ণু নাৰায়ণ ভাটখাণ্ডেই অধিকাংশ ৰাগক দহটা ঠাটত শ্ৰেণীবিভাগ কৰিছিল। কাফী ঠাট ইয়াৰ ভিতৰৰ এটা। ৰাগ কাফী হৈছে ইয়াৰ ঠাটৰ মুখ্য ৰাগ।
-
ৰাজশাহী
ৰাজশাহী বাংলাদেশৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যবাহী মহানগৰ। ৰাজশাহী আয়তনৰফালৰপৰা বাংলাদেশৰ ৪ৰ্থ আৰু জনসংখ্যাৰফালৰপৰা ৪ৰ্থ বৃহত্তম মহানগৰ। ৰাজশাহী চহৰ পদ্মা নদীৰ পাৰত অৱস্থিত। ই ৰাজশাহী বিভাগৰ বিভাগীয় চহৰ। ৰাজশাহী চহৰৰ ওচৰত প্ৰাচীন বাংলাৰ কেইবাখনো ৰাজধানী চহৰ অৱস্থিত।