ভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভাষা ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়।
পৰিসৰ
মানুহৰ ক্ৰিয়া কলাপ,অৰ্হতা আৰু ধ্যান -ধাৰণা প্ৰভৃতিৰ লগত প্ৰাকৃতিক পৰিৱেশৰ আন্তঃসম্পৰ্ক আৰু সকলোধৰণৰ মানৱীয় ক্ৰিয়াকাণ্ডৰ ক্ষেত্ৰীয় তথা কালানুক্ৰমিক লক্ষণসমূহ মানৱ ভূগোলৰ পৰিসৰৰ অন্তৰ্ভুক্ত।
দাৰ্শনিক দৃষ্টিভংগী
মানৱ ভূগোলৰ মুখ্য দৃষ্টিভংগী দুটা হ'ল
পৰিৱেশ নিৰ্ণয়বাদ
নিৰ্ণয়বাদৰ মতে, প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা জীৱজগত নিয়ন্ত্ৰিত হৈ আছে। প্ৰাকৃতিক পৰিৱেশ অঞ্চলভেদে ভিন ভিন হোৱাৰ বাবেই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ কৰ্মৰাজীতো ভিন্নতা দেখা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূগোলবিদ এলেন চাৰ্চিল চেম্পলে এই মতবাদ প্ৰৱৰ্তন কৰিছিল। মেকিণ্ডাৰ,ডেভিচ, ৰবাৰ্ট মিল আদি অন্য ভূগোলবিদ সকলেও এই মতবাদ সমৰ্থন কৰিছিল।
সম্ভাব্যবাদ
সম্ভাব্যবাদৰ মতে,মানুহে পৃথিৱীত নিজৰ বাঞ্ছিত পৰিৱেশ নিজেই গঢ় দিব পাৰে। নিজৰ সুবিধাৰ্থে মানুহে প্ৰাকৃতিক পৰিৱেশৰ সাল সলনি কৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। ঘৰ-দুৱাৰ, ৰাস্তা,দলং,খেতিপথাৰ,উদ্যোগ-প্ৰতিষ্ঠান, যান-বাহন আদি সকলোবোৰ এই সম্ভাব্যতাৰ ফলাফল। ফ্ৰান্সৰ ভূগোলবিদপল-ভিডেল-ডি-লা-ব্লাচি সম্ভাব্যবাদৰ প্ৰৱৰ্তক আছিল। মূলত দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা এই মতবাদে গা কৰি উঠিছিল।
এই দুটা দৃষ্টিভংগীৰ উপৰিও নৱ্যনিৰ্ণয় বাদ নামেৰে অন্য এটা দৃষ্টিভংগী গ্ৰীফিট টেইলৰ নামৰবৃটিশ ভূগোলবিদ এজনে প্ৰৱৰ্তন কৰিছিল। তেওঁৰ মতে প্ৰকৃতিপ্ৰদত্ত সম্ভাৱনাৰ পৰিসৰতহে মানুহে নিজ সামৰ্থৰে পৰিৱেশৰ সাল-সলনি কৰিব পাৰে। প্ৰকৃতিৰ অনিষ্ট ঘটিলে মানুহৰ উন্নতিতো অন্তৰায় ঘটে।
মানৱ ভূগোলৰ প্ৰধান শাখা উপশাখা সমূহ
জনসংখ্যা ভূগোল
ভূগোলৰ যি শাখাত কোনো এখন ঠাই বা ৰাষ্ট্ৰৰ জনসংখ্যা, জনসংখ্যাৰ গাঠনি, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ, জন্ম-মৃত্যুৰ হাৰ, লিংগ অনুপাত, সাক্ষৰতা আদিবোৰ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰা হয়, ভূগোলৰ সেই শাখাটোকে জনসংখ্যা ভূগোল বোলে।
পৌৰ ভূগোল
ভূগোলৰ এই শাখাত নগৰ-মহানগৰ আদিৰ বিভিন্ন দিশ, যেনে- নগৰীয়া অঞ্চলৰ জনগাঁথনি, জনসংখ্যা, ঘনত্ব, বিতৰণ, নগৰ পৰিচালনা, উন্নয়নৰ পৰিকল্পনা, আদিৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে পুংখানুপুংখ ভাৱে অধ্যয়ন কৰে, ভূগোলৰ সেই শাখাটোক পৌৰ ভূগোল বা নগৰীয়া ভূগোল বোলে।
অৰ্থনৈতিক ভূগোল
সমাজ ভূগোল
ৰাজনৈতিক ভূগোল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ ভূগোল” প্ৰবন্ধৰ সংশোধন ৬১৩৪৮১ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।