অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শিমলুগুৰি, লখিমপুৰ

শিমলুগুৰি হৈছে ভাৰতৰ অসম ৰাজ্যৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ এখন গাঁও তথা গাঁও পঞ্চায়ত অঞ্চল। বৃহত্তৰ ৰাজগড় অঞ্চলৰ ই কেন্দ্ৰস্থল।

হালনাগাদ: ৪ নৱেম্বৰ ২০২৪ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শিমলুগুৰি হৈছে ভাৰতৰ অসম ৰাজ্যৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ এখন গাঁও তথা গাঁও পঞ্চায়ত অঞ্চল। বৃহত্তৰ ৰাজগড় অঞ্চলৰ ই কেন্দ্ৰস্থল। অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এই গাওঁখনৰ পশ্চিমে শোণিতপুৰ জিলা, উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে ঢলপুৰ আৰু পূবে ৰঙটি অঞ্চল।

জনবসতি

মূলতঃ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষী লোকৰ বসতি প্ৰধান শিমলুগুৰিত বড়ো, মিচিং আৰু নেপালী ভাষী লোকো বাস কৰে। এই গাঁৱত বাস কৰা প্ৰধান সম্প্ৰদায় সমূহ হৈছে- আহোম, বড়ো, নেপালী, মিচিং জনগোষ্ঠী, চাহ জনগোষ্ঠী, বঙালী, বিহাৰী, মাৰোৱাৰী ইত্যাদি। বঙালী, বিহাৰী আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকল ব্যৱসায় সূত্ৰে ইয়ালৈ আহি পাচত নিগাজিকৈ থিতাপি লয়। ধৰ্মীয় ভিত্তিত এই গাঁৱৰ প্ৰধান ধৰ্ম দুটা হৈছে- হিন্দু আৰু খ্ৰীষ্টিয়ান। অন্য ধৰ্মৰ লোকৰ সংখ্যা নগণ্য।

পৰিবহণ

স্থলপথ

শিমলুগুৰি গাঁওখন উত্তৰ লখিমপুৰ চহৰৰ পৰা প্ৰায় ৬৪ কিলো মিটাৰ আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰায় ১০ কিলো মিটাৰ নিলগত অবস্থিত। এই পথচোৱা গড়কপ্তানী বিভাগৰ পথেৰে সংযুক্ত।

ৰেলপথ

ইয়াৰ নিকটবৰ্তী ৰেল আস্থান হৈছে পথালি পাহাৰ।

বিমানপথ

ইয়াৰ নিকটবৰ্তী বিমান বন্দৰ হৈছে লীলাবাৰী।

উল্লেখযোগ্য প্ৰতিষ্ঠান

  • শিমলুগুৰি উচ্চত্তৰ মাধ্যমিক বিদ্যালয়
  • ৰাজগড় মহাবিদ্যালয়
  • শংকৰদেৱ শিশু বিদ্যা নিকেতন
  • ব্ৰহ্মপুত্ৰ একাডেমি ইংৰাজী মাধ্যম বিদ্যালয়

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁওনাৰায়ণপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিমলুগুৰি, লখিমপুৰ” প্ৰবন্ধৰ সংশোধন ৪৪২৭৩৯ (৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।