ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বোকা চাউল
বোকা চাউল নামনি অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ কোমল চাউল। এই চাউল নিসিজোৱাকৈ খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে। কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ললে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে এই চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে। ২০১৮ চনত এই চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰে।
-
বোম্বে প্ৰেচিডেঞ্চি
বোম্বে প্ৰেচিডেঞ্চি বা বোম্বে প্ৰদেশ ( Bombay Presidency বা Bombay Province; ১৮৪৩–১৯৩৬) ভাৰতৰ এটা প্ৰশাসনিক উপখণ্ড (প্ৰদেশ) আছিল, যাক বোম্বে এণ্ড সিন্ধ বুলিও কোৱা হয়। ইয়াৰ ৰাজধানী আছিল সাতটা দ্বীপৰে নিৰ্মিত বোম্বে চহৰ। বেছিন সন্ধিৰ জৰিয়তে কোংকন অঞ্চলত মূল ভূ-খণ্ড অধিগ্ৰহণ কৰা হৈছিল।
-
বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট
বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, Jorhat) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বনপালন বিদ্যাৰ গৱেষণা কেন্দ্ৰ। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ যোৰহাট জিলাত অৱস্থিত।
-
ভাৰত অধিৰাজ্য
ডমিনিয়ন অৱ ইণ্ডিয়া, বিধিগত নাম ভাৰতীয় সংঘ, ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ ভিতৰত বিদ্যমান ব্ৰিটিছ কমনৱেলথ অৱ নেচনছৰ এক স্বতন্ত্ৰ ডমিনিয়ন। স্বাধীনতা লাভৰ আগলৈকে ভাৰতত যুক্তৰাজ্যই অনানুষ্ঠানিক সাম্ৰাজ্য হিচাপে শাসন কৰিছিল।
-
ভাৰতৰ পাৰ্বত্য ৰেলপথ
দাৰ্জিলিং হিমালয়ান ৰেল, নীলগিৰি পাৰ্বত্য ৰেল আৰু কালকা-ছিমলা ৰেল একত্ৰিতভাৱে ভাৰতৰ পাৰ্বত্য ৰেলপথ (Mountain Railways of India ) নামেৰে ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান তালিকাত অন্তৰ্ভুক্ত। ঊনবিংশ শতাব্দী আৰু বিংশ শতাব্দীৰ প্ৰথমাৰ্ধত ব্ৰিটিছ শাসনকালত ভাৰতত পাঁচটি পাৰ্বত্য ৰেলপথ আৰম্ভ হৈছিল।
-
ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ
ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ (Bhimbetka rock shelters) ভাৰতৰ মধ্যপ্ৰদেশৰ ৰাইছেন জিলাত অৱস্থিত। মধ্যপ্ৰদেশৰ ভীমবেটকাত (ভীমবৈঠক) প্ৰস্তৰ যুগৰ গুহাচিত্ৰ আৱিষ্কাৰ হৈছে। এই ভাৰতৰ সবাতোকৈ পুৰণা সভ্যতাৰ নিদৰ্শন।
-
মালাপ্পুৰম
মালাপ্পুৰম (মালাপুৰম বুলিও কোৱা হয়) হৈছে ভাৰতৰ কেৰালাৰ এখন পৌৰ চহৰ। লগতে ই ভাৰতৰ কেৰালাৰ মালাপ্পুৰম জিলাৰ সদৰ ঠাই। ২০১১ চনৰ লোকপিয়ল অনুসৰি মালাপ্পুৰম পৌৰসভাৰ মাটি-কালি 33.61 sqkm আৰু ইয়াৰ জনসংখ্যা ৬৮,১২৭ জন। ১৯৭০ চনত এই জিলাৰ প্ৰথমখন পৌৰসভা গঠন কৰা হৈছিল।
-
মাৰৱাৰ
মাৰৱাৰ (Marwar) ভাৰতৰ ৰাজস্থান ৰাজ্যৰ পশ্চিম অংশত অৱস্থিত এক সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল। ইয়াক যোধপুৰ অঞ্চল বুলিও কোৱা হয়। ৰাজস্থানৰ বিখ্যাত থৰ মৰুভূমিও এই অঞ্চলত অৱস্থিত, যি পশ্চিমে পাকিস্তানৰ সিন্ধু প্ৰদেশলৈকে বিস্তৃত। এই অঞ্চলৰ স্থানীয় ভাষাটি হʼল মাৰোৱাৰী।
-
মিথিলা (বিদেহ ৰাজ্য)
মিথিলা বা বিদেহৰাজ্য (তিৰাভুক্তি নামেৰেও জনাজাত) পৰৱৰ্তী বৈদিক ভাৰতৰ এক প্ৰাচীন ৰাজ্য আছিল ৰজা জনকৰ অধীনত এই অঞ্চলটোৱে প্ৰসিদ্ধি লাভ কৰিছিল (৮ম-৭ম শতিকা খ্ৰীষ্টপূৰ্ব)।
-
মুন্নাৰ
মুন্নাৰ (Munnar) দক্ষিণ-পশ্চিম ভাৰতৰ কেৰালা ৰাজ্যৰ ইদুক্কী জিলাত অৱস্থিত এখন চহৰ। মুন্নাৰ চহৰখন পশ্চিম ঘাট পৰ্বতমালাত সাগৰ পৃষ্ঠৰপৰা প্ৰায় ১৬০০ মিটাৰ উচ্চতাত অৱস্থিত। এই পুৰণি বাগিছা অঞ্চলটো মূলতঃ ইয়াৰ চাহ উদ্যোগৰ বাবে বিখ্যাত। বৰ্তমান ই এক আধুনিক পাহাৰীয়া চহৰ হিচাপে গঢ়ি উঠিছে।
-
মেহাৰী ইউনিয়ন
মেহাৰী বাংলাদেশৰ ব্ৰাহ্মণবাৰিয়া জিলাৰ অন্তৰ্গত কছবা উপজিলাৰ এখন ইউনিয়ন। ২০১৭ চনত বাংলাদেশ চৰকাৰে মেহাৰী ইউনিয়নক ভিক্ষাৰী-মুক্ত ঘোষণা কৰিছিল।
-
মোমল ৰাণো
মোমল ৰাণো (Momal Rano ) হৈছে সিন্ধী লোককথা আৰু ৰাজস্থানী লোককথাৰ পৰা মোমল আৰু ৰানোৰ এক ৰোমান্টিক কাহিনী। দুঃসাহসিক কৰ্ম, যাদু, পৰিকল্পনা, সৌন্দৰ্য্য, প্ৰেম, বিচ্ছেদৰ অধ্যায়, আৰু সৰ্বোপৰি ৰোমান্টিক ট্ৰেজেডীক সামৰি লোৱা বহুমুখী কাহিনী।
-
যোগীঘোপা
যোগীঘোপা হৈছে ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাত অৱস্থিত এখন সৰু চহৰ। এই অঞ্চলখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত আৰু দক্ষিণ এজিয়াৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় আৰু পৰিবহণৰ দিশত তাৎপৰ্যপূৰ্ণ স্থান প্ৰাপ্ত হৈছে।
-
শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
শিৱসাগৰ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ।
-
ৰঙানৈ
ৰঙানৈ/ৰঙানদী (Ranganoi, Ranganadi) লখিমপুৰ জিলাৰ এখন প্ৰধান নদী, সোৱণশিৰিৰ অন্যতম উপনৈ। ইয়াৰ দৈৰ্ঘ্য ১৫০ কিল'মিটাৰ।
-
ৰি-ভৈ জিলা
ৰি-ভৈ (Ri Bhoi) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ নংপ'হত অৱস্থিত। এই জিলাখনৰ আয়তন ২,৩৭৮ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ২,৫৮,৮৪০জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ ভিতৰত দক্ষিণ গাৰো পাৰ্বত্যৰ পিচতে দ্বিতীয়খন সৰ্বনিম্ন জনবহুল জিলা আছিল।
-
আইজল জিলা
আইজল জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম। জিলাখনৰ উত্তৰে ক’লাশিব জিলা, পশ্চিমে মামিত জিলা, দক্ষিণে চাৰছিপ জিলা, দক্ষিণ-পশ্চিমে লুংলে জিলা আৰু পূবে ছাম্ফাই জিলা। জিলাখনৰ মাটিকালি হৈছে ৩,৫৭৭ বৰ্গ কিলোমিটাৰ (১,৩৮১ বৰ্গমাইল)। জিলাখনৰ মুখ্য কাৰ্যালয় মিজোৰামৰ ৰাজধানী আইজল চহৰ।
-
ইডুক্কি জিলা
ইডুক্কি জিলা (মালয়ালম: ഇടുക്കി) হৈছে দেশৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত ভাৰতীয় ৰাজ্য কেৰালাৰ ১৪খন জিলাৰ ভিতৰত অন্যতম। ই কেৰালাৰ সৰ্ববৃহৎ জিলা আৰু কেৰালাৰ পশ্চিমঘাট পৰ্বতমালাৰ ইলাচী পাহাৰৰ মাজত অৱস্থিত। ইডুক্কি জিলাত দুখন পৌৰ চহৰ আছে – কাট্টাপ্পানা আৰু থডুপূজা, আৰু লগতে পাঁচখন তালুক আছে।
-
ইথিঅ'পিয়া
ইথিঅ'পিয়া হৈছে আফ্ৰিকা মহাদেশৰ পূব-উত্তৰ অংশত অৱস্থিত এখন দেশ। ই আফ্ৰিকাৰ আটাইতকৈ জনবহুল অভ্যন্তৰীণ দেশসমূহৰ ভিতৰত এটা আৰু অঞ্চলটোৰ এক প্ৰাচীনতম সভ্যতাৰ জন্মভূমি। ইথিঅ'পিয়াৰ মুঠ ভূমি প্ৰায় ১,১০৪,৩০০ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ১১৫.৯ মিলিয়ন (২০২৩) বুলি ধৰা হয়।
-
ইয়াংগুন অঞ্চল
ইয়াংগুন অঞ্চল (ရန်ကုန်တိုင်းဒေသကြီး; পূৰ্বতে ৰেংগুন বিভাগ আৰু ইয়াংগুন বিভাগ) ম্যানমাৰৰ এটা প্ৰশাসনিক অঞ্চল। মধ্য ম্যানমাৰত অৱস্থিত এই বিভাগটোৰ উত্তৰ আৰু পূবে বাগো অঞ্চল, দক্ষিণে মাৰ্টাবান উপসাগৰ আৰু পশ্চিমে আয়েয়াৰৱাডী অঞ্চল।
-
কুমেৰু
পৃথিবীৰ দক্ষিণ ভাগে অৱস্থিত যি স্থানত পৃথিৱীৰ আহ্নিক গতিৰ অক্ষ ভূপৃষ্ঠকে ছেদ কৰে, সেই স্থান হল পৃথিৱীৰ কুমেৰু বা দক্ষিণ মেৰু বা ভৌগোলিক দক্ষিণ মেৰু। কুমেৰু এন্টাৰ্কটিকা মহাদেশত অৱস্থিত পৃথিৱীৰ দক্ষিণতম বিন্দু। এই স্থান পৃথিৱীৰ উত্তৰ প্ৰান্তত অৱস্থিত সুমেৰুৰ ঠিক বিপৰীতে অবৱস্থিত।
-
কৃষ্ণা নদী
কৃষ্ণা নদী হৈছে ডেক্কান মালভূমিৰ ভাৰতৰ ভিতৰতে গংগা আৰু গোদাবৰী নদীৰ পিছত তৃতীয় দীঘল নদী। ইয়াৰ উপৰি ভাৰতৰ পানীৰ প্ৰৱাহ আৰু নদীৰ অৱবাহিকাৰ ক্ষেত্ৰতো গংগা, সিন্ধু আৰু গোদাৱৰীৰ পিছত চতুৰ্থ বৃহত্তম। কৃষ্ণাবেনি বুলিও কোৱা এই নদীখন ১৪০০ কিলোমিটাৰ (৮৭০ মাইল) দীঘল আৰু মহাৰাষ্ট্ৰত ২৮২ কিলোমিটাৰ বৈ যায়।
-
কেপ টাউন
কেপ টাউন হৈছে দক্ষিণ আফ্ৰিকাৰ অন্যতম ডাঙৰ মহানগৰ আৰু দেশখনৰ ৰাজধানী। ই দেশখনৰ বিধানসভা আৰু চৰকাৰী কাৰ্যালয়ৰ কেন্দ্ৰস্থল। কেপ টাউন আফ্ৰিকা মহাদেশৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে জনাজাত।
-
কেবেক
কেবেক (Québec,; Quebec) কানাডাৰ আয়তনৰ ভিত্তিত সৰ্ববৃহৎ প্ৰদেশ। Central Canadaত অৱস্থিত এই প্ৰদেশটো দেশখনৰ একমাত্ৰ ফৰাচীভাষী সংখ্যাগৰিষ্ঠ প্ৰদেশ, য’ত কেবেক ফৰাচী ভাষাভাষী লোকসকল বাস কৰে।
-
কৰ্কট ক্ৰান্তি
কৰ্কট ক্ৰান্তি (Tropic of cancer) প্ৰতি বছৰ ২১ জুনৰ দিনা পৃথিৱীৰ যিবোৰ বিন্দুত সূৰ্যৰশ্মি লম্বভাৱে পৰে, সেই বিন্দুবোৰ সংযোগী ৰেখা; ২৩ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষৰেখা। ইয়েই সূৰ্যৰ উত্তৰায়ণৰ শেষ সীমা। ভাৰতৰ প্ৰায় সোঁমাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।
-
খুমটাই
গোলাঘাট নগৰৰ পৰা প্ৰায় ১৮ কি মি উত্তৰ পশ্চিমত “খুমটাই” অৱস্থিত। ইয়াৰ পূবে ঢেকিয়াল মৌজা, পশ্চিমত মহুৰা মৌজা, উত্তৰে ৰঙা মাটি মৌজা আৰু দক্ষিণ দিশত মৰঙী মৌজা। খুমটাইৰ মাজেৰেই পাৰ হৈ গৈছে ইতিহাস প্ৰসিদ্ধ ধোদৰ আলি (১ নং ৰাজ্যিক ঘাইপথ)।
-
চান্দেল জিলা
চান্দেল জিলা (Pron:/ˌtʃænˈdɛl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ নচৰ লোকপিয়ল অনুসৰি তামেংলং জিলাৰ পিছতেই চান্দেল মণিপুৰৰ আটাইতকৈ জনবসতিপূৰ্ণ জিলা৷
-
চিন ৰাজ্য
চিন ৰাজ্য (ချင်းပြည်နယ်) হৈছে পশ্চিম ম্যানমাৰৰ এখন ৰাজ্য। চিন ৰাজ্যৰ পূবে সাগাইং বিভাগ আৰু মাগৱে বিভাগ, দক্ষিণে ৰাখাইন ৰাজ্য, পশ্চিমে বাংলাদেশৰ চট্টগ্ৰাম বিভাগ, আৰু পশ্চিমে ভাৰতৰ মিজোৰাম আৰু উত্তৰে মণিপুৰ ৰাজ্য। ২০১৪ চনৰ লোকপিয়ল অনুসৰি চিন ৰাজ্যৰ জনসংখ্যা প্ৰায় ৪ লাখ ৭৮ হাজাৰ ৮০১ জন।
-
চেনাব নদী
চেনাব নদী (Chenab River) হৈছে ভাৰত আৰু পাকিস্তানত প্ৰবাহিত এক মুখ্য নদী, আৰু ই পঞ্জাব অঞ্চলৰ ৫খন মুখ্য নদীৰ ভিতৰত এখন। ই ভাৰতৰ হিমাচল প্ৰদেশৰ লহোৱাল আৰু স্পিতি জিলাৰ হিমালয়ৰ পৰা আৰম্ভ হৈ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলৰ মাজেৰে পাকিস্তানৰ পঞ্জাবৰ সমভূমিলৈ প্ৰবাহিত হয় আৰু শেষত সিন্ধু নদীত মিলিত হয়।
-
জাঁজী
জাঁজী (Jhanji) শিৱসাগৰ জিলাৰ জাঁজী নদীৰ পাৰত অৱস্থিত এখন গাঁও আৰু এটা সৰু অৰ্ধ-নগৰীয় অঞ্চল। জাঁজী নদীয়ে শিৱসাগৰ আৰু যোৰহাট জিলাক বিভক্ত কৰিছে।